অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰষুণ জলসিঞ্চনৰ পানীয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা

বৰষুণ জলসিঞ্চনৰ পানীয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা

 

কৃষকসকলে প্ৰাণঢালি কৃষিভূমিত নামি পৰা পৰিলক্ষিত হৈছে। বহু সেউজীয়া আশা লৈ শাওণমহীয়া পথাৰত ব্যস্ত হৈ পৰিছে হালোৱা- ৰোৱণীৰ উপৰি কৃষক পৰিয়ালৰ প্ৰতিজন সদস্য। অধিক ধান উৎপাদনৰ লক্ষৰে ৰ’দ, বতাহ, বৰষুণ আৰু পোক-পতংগ, জোক-মহৰ আক্ৰমণ নেওচি কেৱল পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল। উল্লেখ্য যে টংলা জলসিঞ্চন সংমণ্ডলৰ অধীনত পাঁচখন বৃহৎ, ১১খন মজলীয়া আঁচনিৰ লগতে ২৪২ খন ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ জৰিয়তে ৮.১ লাখ হেক্টৰ কৃষিভূমিত গঢ়ি তুলিছে জলসিঞ্চনৰ ব্যৱস্থা।

ৰাজ্য চৰকাৰ, এ আই বি পি, টি এছ পি, নাবাৰ্ড আৰু এ এছ চি এছৰ অধীনত বৰ টংলা, কদা বিল, জীংগা বিল, আমগুৰি, ঘামেইকুছি, আমগুৰি, টেউনি, সোনাই, গৰগেল্লা মাজৰ চুবা, গেৰুৱা, কুকুৰ ভূকা, কুয়া বিল, গোঁহাই হোলা, কলবাৰী বান্ধ, বঁটামাৰী, ৰামবড়ী, লিচিং, ডিমাকুছি, টিক্‌লী চুবা, চন্দনা, ভেৰগাঁও, দেৱাগুৰি, গেলাচুবা, কুন্দৰ বিল, মহলীয়াপাৰা, নেপালপাৰা, বামুণজুলি, তদুপৰি ১০০ টাৰো অধিক সৰু-বৰ প্ৰকল্প বান্ধ আৰু ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ কাম দ্ৰুত গতিত চলি আছে। টংলা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা নুৰ ৰহমানে জানিবলৈ দিয়ামতে, জিলাখনৰ ইতিমধ্যে ১০২ টা বান্ধ আৰু ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ কাম সম্পূৰ্ণ হৈছে আৰু বিভাগটোৱে সামৰি লোৱা জিলাখনৰ প্ৰতিৰো কৃষিভূমিত পানী যোগান ধৰিবলৈ আঁচনি গ্ৰহণ কৰা হৈছে। ৮০ শতাংশ কৃষকৰ মুখত হাঁহি বিৰিঙাবলৈ লক্ষ্য বান্ধি জিলাখনত জলসিঞ্চন বিভাগে আঁচনি যুগুতাব বুলিও কাৰ্যবাহী অভিযন্তাজনে জানিবলৈ দিছে। উল্লেখ্য যে জিলাখনৰ কৃষিখণ্ডত আওপুৰণি পদ্ধতি কিছু পৰিমাণে লাঘৱ কৰি প্ৰযুক্তি নিৰ্ভৰ টেক্টৰ, লোহাৰ নাঙল আদি ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া হৈছে। এনেদৰে বুকুত অলেখ হেঁপাহ লৈ কঠীয়া ৰোপণ কৰি জিলাখনৰ কৃষকসকলে সেউজীয়া কৰি তুলিছে শাওণমহীয়া কৃষিভূমি। কৃষকৰ মাজলৈ আহিছে সম্প্ৰতি কেৱল অধিক উৎপাদনৰ নিশ্চয়তা।

লিখকঃ বাপন শৰ্মা, টংলা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate