অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সামৰ্থ আহৰণ

৩.১ আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে জিলা আঁচনি সমন্বয়ক আৰু আঁচনি বিষয়াক প্ৰয়োজনীয় কৰ্মচাৰী তথা কাৰিকৰী সহযোগিতা আগবঢ়োৱাটো এই আইনে ৰাজ্য চৰকাৰৰ বাবে বাধ্যতামূলক কৰিছে।

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আগবঢ়োৱা এটা প্ৰশাসনীয় গঠন পদ্ধতি ৰাজ্যবোৰে নিজস্ব পটভূমি অনুসৰি গ্ৰহণ কৰিব পাৰে। জিলা, ব্লক আৰু গাঁও পঞ্চায়ত পৰ্যায়ত ব্যৱস্থাপনা সহযোগৰ বাবে ভাৰত চৰকাৰে সম্পূৰ্ণ পুঁজি যোগান ধৰিব লাগিব।

৩.১.১ গ্ৰাম ৰোজগাৰ সহায়ক

ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত পৰ্যায়ত লক্ষণীয় হাৰত আনুষ্ঠানিক দায়বদ্ধতাৰ প্ৰয়োজন। এই সকলোবোৰ গাঁও পঞ্চায়তৰ দ্বাৰা যথাযথভাৱে ৰূপায়িত কৰাটো নিশ্চিতকৰণৰ বাবে প্ৰতিখন গাঁও পঞ্চায়ততে একোজন ‘নিয়োগ নিশ্চিত সহায়ক’ নিযুক্তিৰ পৰামৰ্শ দিয়া হৈছে। এই নিয়োগ নিশ্চিত সহায়কজনক ‘গ্ৰাম ৰোজগাৰ সহায়ক’ বুলিও ক’ব পাৰি অথবা স্থানীয় ভাষা অনুসৰি সমপৰ্য্যায়ৰ আন নামো দিব পাৰি। গ্ৰাম ৰোজগাৰ সহায়ক কামৰ বিষয়ে পৰিশিষ্ট এ-৪ ত উল্লেখ কৰা হৈছে। গ্ৰাম ৰোজগাৰ সহায়ক (জি আৰ এছ) আৰু পঞ্চায়ত সচিবৰ পাৰ্থক্যৰ বিষয়ে স্পষ্ট ৰূপত নিৰ্দেশিত কৰা উচিত। গ্ৰাম ৰোজগাৰ সহায়ক হ’ল এনৰেগাৰ অধীনৰ এক উৎসৰ্গিত কৰ্মচাৰী। জি আৰ এছ ৰ খৰছেই হ’ল এনৰেগাৰ অধীনত প্ৰশাসনীয় ব্যয়ৰ প্ৰথম মাচুল। আৰম্ভণি কৰিবলৈ প্ৰতিখন গাঁও পঞ্চায়ততে এজনকৈ জি আৰ এছ থাকিব লাগে। জি আৰ এছৰ দক্ষতা সন্দৰ্ভত আঁচনি বিষয়া আৰু জিলা আঁচনি সমন্বয়কৰ দ্বাৰা বাৰ্ষিক পৰ্যালোচনা চলাব লাগিব। আৰু তাৰ ভিত্তিত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

৩.১.২ আঁচনি বিষয়া

ব্লক পৰ্যায়ত আঁচনি বিষয়া নিযুক্তি দিব লাগে। আঁচনি বিষয়াজন খণ্ড উন্নয়ন বিষয়াৰ তলৰ পৰ্য্যায়ৰ হ’ব নোৱাৰিব। আঁচনি বিষয়াজন পূৰ্ণকালীন উৎসৰ্গিত বিষয়া হ’ব আৰু তেওঁক বিভাগীয় বিষয়াৰ মাজৰ পৰা বাছনি কৰিব পাৰে অথবা ডেপুটেছনত আনিব পাৰে। ঠিকাভিত্তিত নতুন নিযুক্তিও দিব পাৰি। আঁচনি বিষয়াৰ দায়িত্ব খণ্ড উন্নয়ন বিষয়াই আঁতৰাই দিব পাৰে। তেনে অৱস্থাত আন এজন ব্যক্তিক অতিৰিক্ত আঁচনি বিষয়া হিচাপে নিযুক্তি দিব পাৰি। আঁচনি বিষয়াৰ দৰমহাৰ বাবদ ব্যয় হ’ল চাৰি শতাংশ প্ৰশাসনীয় ব্যয়ৰ ওপৰত এক (নন-নিগ’ছিয়েবল) মাচুল। ব্লক পৰ্যায়ত আঁচনি কাৰ্যকৰীকৰণৰ বাবে সহযোগী কৰ্মচাৰীবৃন্দ হ’ব লাগিব মোতায়েন যোগ্য কৰ্মীবৃন্দ। তেওঁলোকক ব্লক আৰু গাঁও পঞ্চায়ত পৰ্যায়ত নিয়োজিত কৰিব লাগিব। অভিযন্তা, ডাটা এন্ট্ৰি অপাৰেটৰ আৰু গাণনিকৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগিব। গুৰুত্বপূৰ্ণ বিষয় যেনে কাম, তথ্য প্ৰযুক্তি আৰু হিচাপৰ ক্ষেত্ৰত সহযোগী কৰ্মচাৰীৰ জৰিয়তে জিলা আঁচনি সমন্বয়কক সহায় কৰিব লাগে।

৩.১.৩ নিয়োগ নিশ্চিত আয়ুক্ত

আইনখনৰ উদ্দেশ্য সাধনৰ বাবে প্ৰয়োজনীয় সকলো কামৰ সম্পাদন নিশ্চিত কৰাৰ দায়িত্বৰে ৰাজ্য চৰকাৰে এজন বিষয়াক ৰাজ্যিক গ্ৰাম্য নিয়োগ নিশ্চিত আয়ুক্ত পদবী অৰ্পণ কৰিব। উক্ত বিষয়াজন পদমৰ্যাদাত এজন আয়ুক্ততকৈ নিম্ন খাপৰ হ’ব নোৱাৰিব। এই আয়ুক্তজনে এছ ই জি চি ৰ সদস্য সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব পাৰে আৰু জিলা আঁচনি সমন্বয়কৰ সিদ্ধান্ত অথবা কামৰ বিৰুদ্ধে জনোৱা আবেদনৰ শুনানি গ্ৰহণৰ দায়িত্বৰ কৰ্তৃত্ব তেওঁক দিয়া হ’ব পাৰে। সমস্যা সমাধান, সামাজিক হিচাপ পৰীক্ষণ, তথ্য জনাৰ অধিকাৰ সম্পৰ্কীয় আবেদনকে ধৰি ৰাজহুৱা দায়বদ্ধতা আৰু স্বচ্ছতাৰ ব্যৱস্থাসমূহ নিশ্চিত কৰাৰ নিৰ্দেশো তেওঁক দিয়া হ’ব পাৰে। তেনেদৰে এনৰেগা শ্ৰমিক আৰু সামূহিক দাবী গুৰুত্ব সহকাৰে ল’বলৈও তেওঁক নিৰ্দেশ দিয়া হ’ব পাৰে।

৩.২ এনৰেগাৰ প্ৰচাৰ

৩.২.১ আইনখনৰ অধীনত লাভ কৰা অধিকাৰৰ বিষয়ে জনসাধাৰণক জ্ঞাত কৰোৱা, আইন আৰু আঁচনি সম্পৰ্কীয় তথ্যৰ ফলপ্ৰসু প্ৰচাৰৰ বাবে তথ্যৰ জৰিয়তে সজাগতা সৃষ্টি, শিক্ষা আৰু প্ৰচাৰ (আই ই চি) অত্যন্ত দৰকাৰী।

৩.২.২ সজাগতা সৃষ্টিৰ বাবে প্ৰতিখন ৰাজ্যই ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন (এনৰেগা) ৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী প্ৰকাশ কৰিবলৈ তথ্য শিক্ষা প্ৰচাৰ (আই ই চি) ৰ ব্যাপক পদক্ষেপ গ্ৰহণ কৰিব। এই ক্ষেত্ৰত পঞ্জীয়ন প্ৰক্ৰিয়া, নিয়োগৰ চাহিদা, নিবনুৱা ভাট্টা, সমস্যা সমাধান আৰু সামাজিক হিচাপ পৰীক্ষণ আদিৰ দৰে পদ্ধতিসমূহ মানি চলিব লাগিব।

৩.২.৩ আই ই চিয়ে শ্ৰমিক, গ্ৰামাঞ্চলীয় পৰিয়াল তথা পি আৰ আইক লক্ষ্য হিচাপে লোৱাৰ লগতে বঞ্চিত এলেকা আৰু উপান্ত সম্প্ৰদায়বোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। ৰাজ্য চৰকাৰে এখন আই ই চি আঁচনি প্ৰস্তুত কৰাৰ লগতে জনসাধাৰণক নিজৰ প্ৰয়োজন বিচাৰি উলিওৱাৰ লগতে নিজৰ প্ৰাপ্য দাবী কৰিবলৈ সহায়ক হোৱাকৈ প্ৰচাৰ সামগ্ৰী প্ৰস্তুত কৰিব লাগিব।

৩.২.৪ বিশেষকৈ দুৰ্গম এলেকা, অনুসূচিত জাতি/জনজাতি বসতি প্ৰধান এলেকাক সামৰি তথ্যৰ ব্যাপক প্ৰচাৰত গুৰুত্ব দিব লাগিব। তথ্যৰ প্ৰচাৰৰ বাবে টিভি, ৰেডিঅ’, চলচিত্ৰ, স্থানীয় সংবাদ পত্ৰকে ধৰি ছপা মাধ্যম, পুস্তিকা আদিৰ সহায় ল’ব লাগিব।

আইনখনৰ পৰিচিতিৰ আগতেই ব্যাপক প্ৰচাৰ চলাব লাগিব যদিও এই আইনখনক ‘জনসাধাৰণৰ আইন’ ত পৰিণত কৰাৰ বাবে ৰূপায়ণ প্ৰক্ৰিয়াতো প্ৰচাৰক অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰা হ’ব। এই আইনৰ অধীনত কিমান সংখ্যক লোকে কাম কৰিবলৈ বিচাৰে আৰু পঞ্জীয়ন তথা কামৰ বাবে আবেদন জনায় তাৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰচাৰ প্ৰক্ৰিয়াৰ কাৰ্যকাৰিতা। তদুপৰি প্ৰতিটো পৰ্যায়তে স্থানীয় জনসমষ্টিৰ সক্ৰিয় অংশগ্ৰহণ, সমস্যাৰ যথাযথ সমাধান, গাঁওসভাৰ দ্বাৰা অনুসন্ধানমূলক সামাজিক হিচাপ পৰীক্ষণ আৰু তথ্য জনাৰ অধিকাৰৰ ব্যাপক ব্যৱহাৰ আদি হ’ল সফল প্ৰচাৰৰ নিদৰ্শন।

৩.৩ আইনখনৰ লগত জড়িত থকা গুৰুত্বপূৰ্ণ সংস্থা আৰু অনুষ্ঠান সমূহৰ প্ৰশিক্ষণৰ ব্যৱস্থা

৩.৩.১ এই আইনৰ অধীনত নিজস্ব দায়িত্ব পালনৰ বাবে সকলো গুৰুত্বপূৰ্ণ সংস্থাকে প্ৰশিক্ষণ দিব লাগে। গাঁও পঞ্চায়ত, অন্যান্য পি আৰ আই, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি ৰূপায়ণত জড়িত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিভাগীয় বিষয়াৰ উপৰি স্থানীয় সমিতি, অনুসন্ধান, নিৰীক্ষণ আৰু সামাজিক হিচাপ পৰীক্ষণৰ বাবে গঠিত গোট আদি ইয়াৰ অন্তৰ্ভুক্ত হ’ব।

আইনখন আৰু নীতি-নিৰ্দেশনাৰ সৈতে সংগতি থকা মূল বিষয়বোৰৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে প্ৰাথমিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। এইক্ষেত্ৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদনকাৰী বিশেষকৈ জিলা আঁচনি সমন্বয়ক, আঁচনি বিষয়া আৰু পি আৰ আইক অগ্ৰাধিকাৰ দিব লাগিব। প্ৰশিক্ষণৰ এখন কেলেণ্ডাৰ প্ৰস্তুত কৰাৰ লগতে বিভিন্ন অংশীদাৰৰ বাবে বিষয়বস্তু আৰু প্ৰক্ৰিয়া সম্বলিত প্ৰশিক্ষণ পাঠ্যক্ৰম যুগুত কৰিব লাগিব।

৩.৩.২ উক্ত আইনৰ অধীনত নিজস্ব দায়িত্ব পালনৰ ক্ষেত্ৰত বিভিন্ন সংস্থাক সহায় কৰাৰ উপৰি ফলপ্ৰসু পৰিকল্পনা, কামৰ ব্যৱস্থাপনা, ৰাজহুৱাভাৱে প্ৰকাশ কৰা সামাজিক হিচাপ পৰীক্ষণ আৰু ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ প্ৰয়োগৰ বাবে প্ৰয়োজনীয় যোগ্যতাকো প্ৰশিক্ষণ কাৰ্যসূচীয়ে অগ্ৰাধিকাৰ দিয়া উচিত।

উৎস: অসম চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate