অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলা সুৰক্ষাৰ বিষয়ে

মহিলা সুৰক্ষাৰ বিষয়ে

প্ৰযুক্তিবিদ্যাৰ ফালৰ পৰা আমি যিমানেই বিকশিত হও লাগে, কিন্তু আমাৰ সামাজিক বান্ধোন সিমানেই ঢিলা হৈ পৰিছে। মহিলা সকলৰ প্ৰতি বাঢ়ি অহা অপৰাধে এই কথাকে দৰ্শায় যে আমাৰ সমাজ এতিয়াও সম্পূৰ্ণৰুপে বিকশিত হোৱা নাই। ঘৰ অত্যহবা বাহিৰত মহিলাসকল ক’তো সুৰক্ষিত নহয়। লাগে মহিলা গৰাকী কোনো পথৰ দাতিত ৰৈ থাকক অথবা এগৰাকী বিমান পৰিচাৰিকাই হওক। কেতিয়াবা অসত চাৱনি, অসত ভাষাৰে জোকোৱা অথবা কেতিয়াবা জানিশুনি শৰীৰত স্পৰ্শ কৰি নাৰী জাতিক প্ৰতি সময়তে অসুৰক্ষাৰ ভাব অনুভৱ কৰাই থাকে।

সেয়ে পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা কৰ্মস্থলীৰ মহিলাৰ ওপৰত হোৱা যৌন উতপীড়ন ৰোধ কৰিবৰ বাবে এখন আইনৰ প্ৰস্তাৱ ৰখা হৈছে, য’ত মন্ত্ৰী মণ্ডলীয়ে সন্মতিও প্ৰদান কৰিছে।

এই বিধেয়কৰ মুখ্য উদ্দেশ্য হ’ল- প্ৰতি বৰ্গ, প্ৰতি বয়সৰ আৰু প্ৰতি স্তৰৰ মহিলাৰ বাবে সুৰক্ষিত পৰিৱেশৰ সৃষ্টি কৰা। ইয়াৰ ভিতৰত ঘৰুৱা বনকৰা মহিলা সকলো অন্তৰ্ভুক্ত আছে।

তদুপৰি ব্যক্তিগত, চৰকাৰী আৰু স্ংঘঠিত আৰু অস্ংগঠিত ক্ষেত্ৰত কাম কৰা মহিল্লা সকলকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। এই বিলৰ নিয়মৰ ভিতৰত এতিয়া প্ৰতি নিয়োগকৰ্তাই এখন কমিটিও গঠন কৰা অনিবাৰ্য হব। যি কমিটিয়ে অনুষ্ঠান/প্ৰতিষ্টঃানটোৰ অন্তৰ্গত হোৱা সকলো অনৈতিক ঘটনা ওপৰত সিদ্ধান্ত ল’ব।

যদি কোনো স্ংস্থা বা প্ৰতিষ্ঠানে যৌন উতপীড়ন বিষয়ত অহা আপত্তি নিবাৰণৰ বাবে আভ্যন্তৰীণ কমিটি গঠন নকৰে তেতিয়া তেওঁ পঞ্চাশ হাজাৰ টকালৈ জৰিমনা ভৰিব লগা হ’ব, যদি ইয়াৰ পিছতো সমিতি গঠন কৰা নহয়, তেতিয়া এই জৰিমনা এক লাখ টকালৈ বৃদ্ধি পাব।

এই কমিটিৰ মুখ্য কাম হ’ব যে বিচাৰ প্ৰক্ৰিয়াত যদি  বিলম্ব হয়, তেতিয়াপ্ৰয়োজন অনুসৰি তেওঁলোকে পীড়িত মহিলাগৰাকীক কোনো বেলেগ বিভাগলৈ বদলী হোৱাৰ অথবা মিমাংসা নোহোৱালৈকে ছুটি লোৱাৰ পৰামৰ্শ দিব পাৰে।

  • বিষয়টো নিৰীক্ষণৰ সময়ত কমিটিয়ে মহিলাগৰাকীক নোসোধাকৈ নিজৰ সুবিধামতে তেওঁক অন্য বিভাগলৈ বদলি কৰিব নোৱাৰে।
  • যদি পিড়িত মহিলাই নিজে সেই সময়ত কামলো আহিব নিবিচাৰে তেতিয়া তেওঁ কেছ জিকাৰ পিছত সেই সময়ছোৱাক বিশেষ চুটি বুলি গণ্য কৰা হ’ব।
  • পীড়িত মহিলাগৰাকীয়ে নিজৰ আপত্তি নিজৰ আপত্তি লিখিত ৰুপতকমিটিক দিব লাগিব আৰু যদি মহিলাগৰাকীয়ে নিজে আগ্ৰহ কৰে, তেতিয়া কমিটিয়ে আইনী প্ৰ্ক্ৰিয়া নিৰীক্ষণ  হোৱাৰ আগতে দুয়ো পক্ষৰে নিজৰ সন্মতি সাপেক্ষে সমস্যাৰ সমাধান কৰিব পৰে।
  • এই কমিটিয়ে নিজৰ অভিযোগনামা কমিটি, নিয়োগকৰ্তা অথবা ডিষ্ট্ৰক্ট অফিচাৰৰ ল্গতে সকলো সম্বন্ধিত পক্ষকে দিব।
  • যদি আৰোপ সঠিক পোৱা যায় তেতিয়া হ‘লে পীড়ীত মহিলা গৰাকীক জৰিমনা দিব লাগিব।
  • এই বিধেয়ক সকলো মহিলা কৰ্মচাৰীক সুৰক্ষা প্ৰদান কৰে, লাগে তেওঁ স্থায়ী নিযুক্তিপ্ৰাপ্ত হওঅক অথবা অস্থায়ী নিযুক্তিপ্ৰাপ্ত প্ৰাপ্ত কৰ্মচাৰী হওক।
  • যদি কোনো মহিলা কৰ্মচাৰীৰ আপত্তি মিছা প্ৰমাণ অয়, তেতিয়া তেওঁৰ ওপৰত আইনী প্ৰক্ৰিয়া চলিব পাৰে।
  • মহিলাৰ সুৰক্ষাৰ বাবে এনে আইনৰ প্ৰয়োজনীয়তা বহুদিনৰে পৰা আছিল। কাৰণ বলপ্ৰয়োগ, বলাতকাৰ, যৌন শোষণৰ দৰে ঘটনাবোৰৰ আইনী প্ৰক্ৰিয়া শেষ হোৱাকৈ বহুদিন ধৰি বাট চাব লগা হয়। তাৰ ফলত দোষীজনে মুক্তাভাৱে ঘুৰা-ফুৰা কৰিব পাৰে। মহিলা স্ংগঠনসমূহে এই বিধেয়কক স্বাগতম জনাই এক বিশ্বাসত উপনীত হৈছে যে ইয়াৰ দ্বাৰা কৰ্মৰত মহিলাসকলে এক সুৰক্ষিত পৰিৱেশ পাব। আনফালে এই বিধেয়কৰ বিৰুদ্ধেও বহু লোক সৰৱ হৈ উঠিছে। পুৰুষ স্ংগঠনসমূহ আৰু বহূ পুৰুষে ইয়াৰ অসত প্ৰয়োগ হ’ব বুলি ভাবিছে।
  • এই সন্দৰ্ভত গুৱাহাটী উচ্চ্চ ন্যায়ালয়ৰ অধিবক্তা এজনে জনায় যে এই কথা সত্য যে আমি মহিলসকল সুৰক্ষিত হোৱাটো বিচাৰো। তেওঁলোকৰ ওপৰত যিকোনো প্ৰকাৰৰ নিৰ্যাতনেই নিন্দনীয়।

কিন্তু প্ৰায়েই এনেকুৱাও হয় যে আইনী প্ৰক্ৰিয়া আৰু তাৰ প্ৰয়োগৰ ওপৰত বহু কথা আহি পৰে, যিবোৰৰ ওপৰত বিচাৰ কৰা খুবেই প্ৰয়োজনীয়। কাৰণ ইয়াৰ আগতো আমি যঔতুক বিৰোধী আইনৰ অসত প্ৰয়োগ দেখিছো। যিসকল মহিলাক প্ৰকৃততেই এই আইনৰ প্ৰয়োজন, তেওঁলোকে এই আইনৰ লাভৰ পৰা বঞ্চিত হ’ব লগা হয় আৰু আন বহু লোকে ইয়াৰ অসত প্ৰয়োগ কৰি সমস্যাক অধিক জটিল কৰি তোলে। তদুপৰি মহিলাসকলকো এই বিধেয়কে এটা দিশত বিপদত পেলাব পাৰে। কৰণ এতিয়া এনে এক পৰ্যায় চলি আছে যে মহিলা কৰ্মচাৰীক অধিক অগ্ৰাধিকাৰ দিয়া হয়। কাৰণ তেওঁলোক নিজৰ কৰ্মৰ প্ৰতি অধিক সমৰ্পিত। তেনেস্থলত পুৰুষ মুৰব্বীয়ে তেওঁলোকক নিয়োগ কৰিবলৈ ইতস্তত: কৰিবও পাৰে। আনহাতে কোনো মহিলা যি যোগ্য নহয় আৰু যোগ্য পুৰুষ এজনে যদি যোগ্যতাৰ ভিত্তিত প্ৰমোচন পায় তেতিয়া মহিলাগৰাকীয়ে নিজৰ কৰ্মকৰ্তাৰ ওপৰত অশ্লীল ব্যৱহাৰৰ আৰোপ লগাই আইনৰ অসত্ প্ৰয়োগ কৰিব পাৰে। এনেদৰে এই বিধেয়ক এখন অসফল বিধেয়ক হৈ পৰিব।

আনহাতে এই বিধেয়কৰ পক্ষপাতিত্ব কৰাসকলে ক’ব বিচাৰে যে এই বিধেয়কে মহিলাসকলক নিৰ্ভয়ে কাম কৰাৰ সাহস দিব আৰু যিকোনো আইনক তাৰ অসত প্ৰয়োগ হোৱাৰ ভয়ত বিৰোধিতা কৰা অনুচিত।

মুনমী বৰঠাকুৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate