অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এতিয়া ক’ত টকা সঞ্চয় কৰা উচিত হ’ব

এতিয়া ক’ত টকা সঞ্চয় কৰা উচিত হ’ব

পুৱাই খোজকাঢ়ি আহি, ঘৰত প্ৰাণায়াম কৰিবলৈ ওলাওতেই টেলিফোনটো বাজি উঠিল….

: হেলৌ।– সুপ্ৰভাত।

: মই গুৱাহাটীৰ পৰা কৈছো…..

: কোন বাৰু?

: মই বুলু মোহন…… চিনি পাইছেনে?

: অ’ বীমা কোম্পানীৰ…...চিনি নাপাম কিয়? আগতেও টেলিফোন কৰিছিল। কি খবৰ কওক।

: খবৰ বেয়া…..।

: কি হ’ল? হঠাৎ…..।

: বেংকৰ সুদবোৰ দেখোন কমি গ’ল। এতিয়া কোনো বেংকতে সুদ ৮ শতাংশ বেছি নাই। বৰং বিখ্যাত বেংকবোৰত ৭.৮ শতাংশ হে দিয়ে।

: এৰা। প্ৰবীণ নাগৰিকসকলৰ বাবে দুৰ্যোগৰ কথা। কিন্তু আপোনাক দীৰ্ঘম্যাদৰ বাবে টকা থ’বলৈ কোৱা নাছিলো নেকি? মই সুধিলো।

: আপুনি পৰামৰ্শ তেনেকৈয়ে দিছিল। জানো মোৰ কি হ’ল। টকা এবছৰৰ বাবেহে থ’লো। এতিয়া সময় পূৰ্ণ হ’বৰ হ’ল। খবৰ কৰি দেখিলো- বেংকৰ সুদ একেবাৰে কমি গ’ল? এতিয়া কি কৰো উপায় এটা দিয়ক…….।

বুলু মোহন এইক্ষেত্ৰত অকলশৰীয়া নহয়। বহুতো প্ৰবীণ হাজৰিকাৰ একেই অৱস্থা। শ্ৰীমতী মোহনে ভাল চাকৰি কৰি আহিছিল-ইন্সিওৰেন্স কোম্পানীত। তেওঁ অৱসৰ ল’লে-৬০ বছৰত। অৱসৰৰ সময়ত প্ৰভিডেন্ট ফাণ্ড, ছুটীৰ টকা, গ্ৰেচুইটিৰ টকা ইত্যাদি পালে। তেওঁ সংসাৰৰ খৰচ চলাবলৈ কিছু টকা বেংকত ফিক্সড ডিপ’জিট কৰিছিল। সেই ডিপ’জিট কম দিনৰ বাবে কৰাৰ বাবে এতিয়া মনত সংশয় হৈছে- ক’ত থ’লে ভাল ৰিটাৰ্ন পাব। বহুতো মানুহৰ একেই সমস্যা এতিয়া। বহুতো টেলিফোন পাইছো-বছৰৰ শেষত কি কৰা উচিত।

মোৰ প্ৰথম পৰামৰ্শ: বেছি সুদ দিয়ে বুলি নজনা-নুশুনা নামৰ সংস্থাত টকা জমা নথ’ব। অৰ্থাৎ অচিন কাঠৰ থোৰা নলগাব।

২) অৱসৰ কালত লক্ষ্য ৰাখিব- কম সুদ পালেও নামী-দামী বেংকতহে টকা জমা থ’ব। যেনে-ষ্টেট বেংককে আদি কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চৰকাৰী বেংকত। বেচৰকাৰী বেংকতো থ’ব পাৰে-যেনে ষ্টেট বেংককে আদি কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰকাৰী বেংকত। বেচৰকাৰী বেংকতো থ’ব পাৰে- যেনে- এইচ ডি এফ চি বেংক, আই চি আই চি আই বেংক, এক্সিছ বেংক, আই ডি এফ চি বেংক, পেটাক মহেন্দ্ৰ বেংক ইত্যাদি।

৩) বৰ্তমান সময়ত ফিক্সড ডিপ’জিটৰ সুদৰ হাৰ প্ৰায় সকলো বেংকত কমি আহিছে। একমাত্ৰ বন্ধন বেংকত সুদ এতিয়া ৯ শতাংশ হৈ আছে। বন্ধন বেংক নতুন বেংক। ব্যৱসায় ভাল কৰিবৰ বাবে প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত ৯ শতাংশ সুদ দিছে। অইন কোনো বেংকত ইমান বেছি সুদ নাই। প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত, গুৱাহাটীত বন্ধন বেংকৰ শাখা কৰিছে। এই বেংকক বিশ্বাস কৰিব পাৰে।

৪) যদিও ভাল ভাল বেংকত সুদৰ হাৰ এতিয়া বেছ কম- আপোনালোকে পোষ্ট অফিচৰ সুদ বেছি- এই ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পসমূহত টকা খটুৱাব পাৰে।

৫) ষ্টেট বেংক আৰু অন্যান্য কিছু বেংকত- প্ৰবীণ নাগৰিক সঞ্চয় আঁচনি পাব। ইয়াত সুদৰ হাৰ ৯.৩ শতাংশ। এই আঁচনিত সৰ্বমুঠ ১৫ লাখ টকা থ’ব পাৰে- পাঁচ বছৰৰ বাবে। এই আঁচনিত টকা খটুৱাক-পাঁচ বছৰৰ বাবে।

৬) ‘এল আই চি’ ৰ পেন্সন প্ৰকল্পতো (জীৱন বীমা নিগমৰ পেন্সন প্ৰকল্পত) টকা খটুৱাব পাৰে ৯ শতাংশ সুদত-পোন্ধৰ বছৰৰ বাবে। প্ৰতিমাহে, তিনিমাহে, ছমাহে বা বছৰত এবাৰ সুদ ল’ব পাৰে আপোনাৰ ইচ্ছা অনুসাৰে।

প্ৰবীণ নাগৰিকসকলে মিউচুৱেল ফাণ্ডৰ কৰ্পৰেট বণ্ড ফাণ্ডতো থ’ব পাৰে। তিনি বছৰৰ বাবে টকা থ’ব লাগিব। অন্তত: ৯ ১/২ ৰ পৰা ১০ শতাংশ লৈ ৰিটাৰ্ন পাব পাৰে। যিখিনি মানুহে শংকাবোধ কৰে-বেংকত টকা থওক-মিউচুৱেল ফাণ্ডত নথ’ব। যিখিনি মানুহে সাহস কৰে তেওঁলোকে থ’ব পাৰে।

লিখক: গৌতম প্ৰসাদ বৰুৱা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate