অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সঠিক বিত্তীয় পৰিকল্পনা

সঠিক বিত্তীয় পৰিকল্পনা

উৎপল বৰবৰা আৰু অনুৰাধা বৰবৰা দুয়ো পতি-পত্নী। দুয়ো নিজৰ পছন্দমতে বিয়া কৰিছে। প্ৰথমে ঘৰৰ মানুহে অৰ্থাৎ কন্যা ঘৰৰ মনুহে, বিয়াখনৰ আয়োজন ভালপোৱা নাছিল। কিন্তু পিছলৈ মানি ল’লে। মানি নল’লে আজি কালি উপাই নাই। বিয়া যেতিয়া কৰিবই বাধা দি লাভ কি? অসমীয়া সমাজ অতি ভদ্ৰ সমাজ, উত্তৰ ভাৰতৰ দৰে সন্মানীয় মৃত্যু (honour killing)ৰ বেওৱাজ নাই। গতিকে উৎপল আৰু অনুৰাধাৰ ধুমধামেৰে বিয়া হ’ল। বিয়া হ’ল হয় কিন্তু স্ংসাৰ চলে কেনেকৈ? দৰাৰ অৰ্থাত্ৎ উত্ৎপলৰ সৰু চাকৰি। নামত অফিচাৰ, এটা সৰু প্ৰিণ্টিং প্ৰেছৰ। মাহে দৰমহা পায় ১১ হাজাৰ টকা ।অনুৰাধাই সেই অনুপাতে বেছি দৰমহা পায়। বি এচ চি, বি এড পাছ। স্কুলৰ শিক্ষক। নতুন চাকৰি। মাত্ৰ তিনিমাহ হৈছে-তেওঁৰ দৰমহা ২৩,০০০ টকা।

দুয়োৰে চকুত এখন সুখী স্ংসাৰৰ সপোন। বিয়া হোৱা এবছৰ হৈছে। এতিয়াও ল’ৰা-ছোৱালি হোৱা নাই। ডাক্তৰৰমতে আৰু চাৰিমাহ পিছতে দুয়ো সন্তানৰ মুখ দেখিব।বিয়াৰ এই এবছৰতে গম পাইছে-তেওঁলোকৰ সকলো সপোন যেন দিঠকত সহজতে পৰিণত নহ’ব, সোনকালে ।দুয়ো ঠিক কৰিলে এজন বিশেষজ্ঞৰ ওচৰলৈ যোৱা হওক-ব্যক্তিগত বিত্তীয় পৰামৰ্শ ল’বলৈ।

তৌফিক হুছেইন বৰুৱাই কৈছিল-ব্যক্তিগত বিত্তীয় পৰিকল্পনা কৰিব পাৰিলে জীৱন যাত্ৰাৰ পৰিকল্পনা হৈ যায় নিয়াৰিকৈ। মানুহ সুখত থাকিব পাৰে। দুয়ো বৰুৱাৰ ওচৰলৈ গৈ ক’লে-‘আমি বহুত আশা কৰি আপোনাৰ ওচৰলৈ আহিছো। আমাক বিত্তিয় পৰিকল্পনা এটা কৰি দিয়ক।’ উৎপল আৰু অনুৰাধাই ক’লে।

: বিত্তীয় পৰিকল্পনা কৰিব পাৰিম যদিহে তোমালোকৰ সম্পূৰ্ণ আৰ্জন, সম্পূৰ্ণ সম্পদ অৰ্থাৎ মাটি-বাৰি আৰু সম্পুৰ্ণ ঋণৰ হিচাপ দিয়া। দ্বিতীয়তে লাগিব বৰ্তমান হাতত থকা বিনিয়োগৰ হিচাপ। শেহত মাহেকীয়া খৰচৰ হিচাপ। তদুপৰি লাগিব তোমালোকৰ জীৱনৰ পৰা প্ৰত্যাশা কি? প্ৰথমে কোৱা আয়-ব্যয় আৰু সঞ্চয়ৰ হিচাপ।

অনুৰাধা আৰু উৎপলে তৌফিক হুছেইন বৰুৱাক হিচাপ দিলে এইদৰে।

মাহে বৰ্তমান আয়-উত্ৎপলৰ ১১ হেজাৰ, অনুৰাধৰ ২৩ হেজাৰ। খৰচৰ হিচাপ-স্ংসাৰ চলোৱা খৰচ ১০ হেজাৰ, দেউতাকক দিয়ে হাত খৰচ মাহে ১,০০০ টকা। বেংকত জমা থয় মাহে এহেজাৰ টকা ৰেকাৰিং ডিপোজিটত। স্বামী-স্ত্ৰীৰ হাত খৰচ দুহেজাৰকৈ চাৰি হেজাৰ টকা। মুঠ খৰচ ১৬ হেজাৰ টকা। হাতত থাকি যায় ১৮ হেজাৰ টকা।

তেওঁলোকে এটা ঘৰ কিনিব খোজে, এখন গাড়ী লোৱাৰ ইচ্ছা। বছৰত এবাৰ ফুৰাৰ ইচ্ছা। বিদেশ ভ্ৰমনৰ ইচ্ছা। তাতোকৈ ডাঙৰ হৈছে সন্তানক ভাল শিক্ষাৰ ব্যৱস্থা।

তৌফিক হুছেইন বৰুৱাই খুৱ মনোযোগেৰে উৎপল আৰু অনুৰাধাৰ আশা-আকাংক্ষাবোৰ শুনিলে। হাতত পোৱা টকা পইচাখিনিৰ হিচাপো ল’লে। তাৰ পিছত মাথোন এটা প্ৰশ্ন কৰিলে-তোমালোকৰ বৰ্তমান সময়ত কোনো ধাৰ, দেনা কিবা আছে নেকি?

: নাই। কাৰো পৰা ঋণ লোৱা নাই। বিয়াৰ সময়ত একলাখ টকা বন্ধু এজনৰ পৰা লৈছিলো।যোৱা মাহত সেই ধাৰ শেষ হৈ গ’ল। এতিয়া কাৰো ওচৰত আমি ধৰুৱা নহয়।

: খুব ভাল কথা।কিবা বীমা আছে নেকি?

: আছে, তিনিটা আছে।এটা ইউলিপ, এটা এনডাউমেন্ট প’লিচি ২৫ বছৰৰ বাবে, এটা মানিবেক পলিচি। প্ৰত্যেকৰ বীমা মূল্য ১.৫০ লাখকৈ ৪ লাখ ৫০ হেজাৰ। তিনিওটাৰ মুঠ প্ৰিমিয়াম ২ হেজাৰ মাহেকত। অনুৰধাহঁতে উত্তৰ দিলে।

তোমালোকে জীৱনটো গঢ়ি তুলিবলৈ সুন্দৰ সময় পাইছা। এতিয়াৰ পৰা জীৱনটো পৰিকল্পনা কৰি ল’লে তোমলোকৰ জীৱন সুন্দৰ হৈয়ে থাকিব। মনত ৰাখিবা বৰ্তমান যুগৰ তুলনাত তোমালোকৰ আৰ্জন তোমালোকৰ হাবিয়াহ অনুযায়ী কম। এটা ভাল দিশ আছে-যে তোমালোকৰ ধাৰ-দেনা নাই।

এতিয়া স্ংসাৰ চলোৱাৰ খৰচ বাদ দিলে তোমালোকৰ হাতত থাকে ১৮ হেজাৰ টকা। তাৰো পৰা জীৱন বীমাৰ খৰছ বাদ দিলে থাকিব ১৬ হেজকাৰ টকা।

তোমালোকৰ প্ৰথম কাম হ’ব এটা বিপদ-আপদৰ সময়ৰ ফাণ্ড অৰ্থাত এমাৰজেন্সি ফাণ্ড তৈয়াৰ কৰা। যিহেতু তোমালোকৰ দুয়োৰে আয় মাহে ৩৪ হেজাৰ টকা।প্ৰথমে এই ফাণ্ডটো এমাহৰ দৰমহাৰ সমান কৰা উচিত। এই টকাত হাত দিবা যদিহে অতি প্ৰয়োজন হয়। মাহে তিনি হেজাৰকৈ বেংকত থৈ গ’লে ৩৬ হেজাৰ টকা হ’ব। ই হ’ব বিপদৰ সময়ৰ বান্ধৱ।ল’ৰা-ছোৱালী হ’লে লাগিব। অসুখ-বিসুখত লাগিব। পি পি এফ কৰিবা। সেই টকা প্ৰথমে ল’ৰা-ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে লাগিব।

দ্বিতীয়তে তোমাৰ যিখিনি বীমা আছে সেইখিনিৰ ভিতৰত ইউলিপ ফাণ্ডটো ন’হলেও চলিব। কিন্তু এতিয়াই সেইটো বন্ধ নকৰিবা। প্ৰচুৰ লোকচান হ’ব। পাঁচ বছৰৰ পিছত ফাণ্ডটো বন্ধ কৰিব পাৰা। বাকী দুটা ফাণ্ড চলাই যোৱা। ইয়াৰ উপৰি এটা নতুন টাৰ্মড বীমা কৰা। যিহেতু তোমাৰ বয়স কম-টাৰ্মড পলিচি ল’লে বছৰত দহ লাখ টকাৰ বাবে হয়তো তিনিহেজাৰ মানহে পৰিব।অৰ্থাত মাহে ২৫০ টকা হ’ব। এতিয়াই স্বেয়াৰ বজাৰত সোমাব নালাগে। দৰমহা বাঢ়িলে পাঁচ বছৰ পিছত ইনডেস্ক ফাণ্ডত ধন খটুৱাব পাৰিবা।

১৩ হেজাৰৰ পৰা ২৫০ টকা বাদ দিলে হাতত থাকিব ১২,৭৫০ টকা। এই টকাৰ পৰা মাহে ২,৭৫০ টকাকৈ পি পি এফত জমাই যাব পাৰা অনুৰাধাই। এই ফাণ্ডত খটুৱাবৰ বাবে ৮০ চি ধাৰাৰ সুবিধা পোৱা যাব। অৰ্থাৎ অনুৰাধাৰ পোৱা দৰমহাৰ পৰা আয়কৰ কমি যাব একে অনুপাতে। তোমালোকে আৰ্থিক অৱস্থা ভাল হ’লে আৰু বয়স ৩০ বছৰ হ’লে এটা পেন্সন আচনি ল’বা।

যদি লক্ষ্য কৰা তোমাৰ হাতত থাকিল প্ৰায় ১২ হেজাৰ টকা। এই টকাৰে তুমি ঘৰ কিনিবলৈ ইচ্ছা কৰিলে ঋণ পাবা মাথোন দহ লাখ টকা। ১০ লাখ টকাত মাথোন নিচেই সৰু ঘৰ পাবা। এই সময়ত গাড়ী কিনাৰ প্ৰয়োজনীয়তা নাই। বৰ্ং এইন টকাখিনিৰে ৰেকাৰিং ডিপোজিত আঁচনিত থোৱা যাতে কেইবছৰমানত তুমি এটা মোটা টকা সঞ্চয় কৰিব পাৰিবা-প্ৰথম অশ্ংটো দিবৰ বাবে। এতিয়া মাথোন এটা স্বাস্থ্য বীমা কৰা। কামত অহিব।

লিখক: গৌতম প্ৰসাদ বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate