মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে আদৰ্শ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে আদৰ্শ

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে আদৰ্শ

অসমত ক্ষুদ্ৰ চাহ খেতিয়ে বৃহৎ চাহ উদ্যোগৰ তুলনাত শেহতীয়াকৈ উন্নতি লাভ কৰিছে। ২০১১ চনৰ এক তথ্য মতে, অসমত ৬৮,৪৬৫ জন ক্ষুদ্ৰ চাহ খেতিয়ক আছে। ২০১০ চনৰ তথ্য মতে, ভাৰতীয় চাহ ব’ৰ্ডৰ পঞ্জীয়নভূক্ত মাত্ৰ ৪,৫৬১ জন ক্ষুদ্ৰ চাহ খেতিয়কহে অসমত আছে। অসমৰ প্ৰায় ৯ লাখ লোক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত হৈ আছে। তদুপৰি তথ্য মতে, ১৯৭৮ চনত ১৬ জন ক্ষুদ্ৰ চাহ খেতিয়ক অসমত থকাৰ বিপৰীতে মাটিৰ পৰিমাণ আছিল ৬০.৮৩৬ হেক্টৰ, ১৯৮৩ চনত ২৭৯ জনৰ বিপৰীতে ক্ষুদ্ৰ চাহ খেতি কৰা মাটিৰ পৰিমাণ আছিল ২২৫৪.৮৭১ হেক্টৰ। ১৯৮৮ চনত ৮৭৫ জনৰ বিপৰীতে ৩৩৫৯.৬৩৭ হেক্টৰ, ১৯৯৩ চনত ৪৫৯৪ জনৰ বিপৰীতে মাটিৰ পৰিমাণ আছিল ১৪০৫১.৮৩৮ হেক্টৰ, ১৯৯৮ চনত ১৬,৭৫৯ জনৰ বিপৰিতে মাটিৰ পৰিমাণ ৪১,৪২৩.৩০৩ হেক্টৰ, ২০০৩ চনৰ ৪৫,৪৪৪ জনৰ বিপৰিতে ৮৯৩৩৪.২১৭ হেক্টৰ, ২০০৮ চনত ৬৭,৪৬৩ জনৰ বিপৰীতে ১১৮০৫৮.৩০৪ হেক্টৰ মাটিত অসমত ক্ষুদ্ৰ চাহ খেতি কৰা হৈছিল। তাৎপৰ্যপূৰ্ণ যে ১৯৭৮ চনত মাত্ৰ ১৬ জন ক্ষুদ্ৰ চাহ খেতিয়কৰ বিপৰীতে ২০১১ চনত ৬৮,৪৬৫ জন ক্ষুদ্ৰ খেতিয়কলৈ বৃদ্ধি পোৱাটো এক শুভ লক্ষণ। ১৯৮৭ চনত অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা গঠন হয়। অসমৰ মুঠ চাহ উৎপাদনৰ ২৯ শতাংশ এই ক্ষুদ্ৰ চাহ বাগিচাৰপৰা আহে। অসমৰ ক্ষুদ্ৰ চাহ খেতিৰ ক্ষেত্ৰখনত নগাঁও জিলা তেনেই চালুকীয়া হৈ আছে। তৎসত্ত্বেও ভাৰতীয় চাহ ব’ৰ্ডৰ তথ্য মতে, নগাঁও জিলাত ৮৯৮ জন ক্ষুদ্ৰ চাহ খেতিয়ক আছে। চৰকাৰৰ বিশেষ সহায়ৰ অবিহনেই নগাঁও জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ইজনে-সিজনৰ সমস্যাবোৰ অনুসন্ধান কৰি সততা, দায়বদ্ধতা,নিষ্ঠা আৰু শৃংলাবদ্ধভাৱে সেইবোৰ সমাধান কৰি আহিছে। ২০০৫ চনৰ ২৭ মাৰ্চত নগাঁৱৰ কেইজনমান ক্ষুদ্ৰ চাহ খেতিয়ক লগ হৈ ‘সেউজজ্যোতি’ নামেৰে এটা ক্ষুদ্ৰ চাহ খেতিয়কৰ আত্মসহায়ক গোট গঠন কৰে। বৰ্তমান এই গোটটোৰ সদস্যসংখ্যা ৫০ জনৰো অধিক। ব্যক্তিগতভাৱে প্ৰতিজন সদস্যৰে ক্ষুদ্ৰ চাহ বাগিচা আছে। সামগ্ৰিকভাৱে এই ৫০ জন সদস্যৰ ১০০০ হেক্টৰৰো অধিক মাটিত ক্ষুদ্ৰ চাহ বাগিচা আছে।

সেউজজ্যোতিৰ প্ৰতিজন সদস্যই চাপানালাস্থিত মাটিয়াপাহাৰ চাহ বাগিচাৰ কলঘৰত ব্যক্তিগতভাৱে কেঁচাপাত যোগান ধৰে। সেউজজ্যোতিৰ প্ৰতিজন শিক্ষিত সদস্যই কেঁচাপাতৰ গুণগত মানৰ প্ৰতি সম্পূৰ্ণ সচেতন। সেউজজ্যোতিৰ মূল মন্ত্ৰ হ’ল গুণগত মানক অভ্যাসত পৰিণত কৰা। ফলত মাটিয়াপাহাৰ চাহ বাগিচা যোৱা প্ৰায় এদশক ধৰি নগাঁও জিলাৰ ভিতৰত গুণগত মানৰ ভিত্তিত প্ৰথম স্থানত আৰু ৰাজ্যখনৰ ভিতৰত পঞ্চম স্থানত (২০১৪ বৰ্ষ) আছে।

সেউজজ্যোতি আৰু মাটিয়াপাহাৰ চাহ বাগিচা একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি আৰু এটা সুস্ংহত, শৃংখলাবদ্ধ দল হিচাপে কাম কৰাত বিশ্বাসী। নগাঁও জিলাৰে নহয়, অসমৰ ভিতৰতে  সেউজজ্যোতি একমাত্ৰ আত্মসহায়ক গোট, যাৰ প্ৰতিজন সদস্যৰেই মাটিয়াপাহাৰ চাহ বাগিচাত যোগান ধৰা সমুদায় কেঁচাপাতৰ গুণগত মান চোৱাৰ আৰু নিন্মমানৰ বুলি পতিয়ন গ’লে ঘূৰাই দিয়াৰ অধিকাৰ আছে।

উল্লেখযোগ্য যে সেউজজ্যোতি এনে এটি আন্তসহায়ক গোট, যাৰ নিজা মাটিত নিজা কাৰ্যালয় আছে, যি যোৱা কেইবাবছৰ ধৰি কেঁচাপতৰ সৰ্বোচ্চ মূল্য (২০১২ চনত ২৪.৩৫ টকা, ২০১৩ চনত ২৬.৫০ টকা, ২০১৪ চনত ২৯.৫০ টকা) লাভ কৰি আছে। এইটোৱেই হ’ল ভাৰতীয় চাহ ব’ৰ্ডে প্ৰয়োগ কৰা ‘প্ৰাইচ শ্বেয়াৰিং স্কিম’ৰ নিয়ম মানি চলা একমাত্ৰ পঞ্জীয়নভূক্ত আত্মসহায়ক গোট, যি ইয়াৰ ইচ্ছুক সদস্যক ৫০ শতাংশ সেউজজ্যোতিৰ খৰচৰে দেশৰ বিভিন্ন ঠইলৈ ভ্ৰমণলৈ নিয়ে।

ভাৰতীয় চাহব’ৰ্ডৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে ৰাজ সাহায্য লাভ কৰা আঁচনিৰ অধীনত সেউজজ্যোতিয়ে ২০০৭ চনত দুখন পাত কঢ়িওৱা গাড়ী, নাইলন বেগ, প্লাষ্টিক কেৰেট, পাত জোখা যন্ত্ৰ, কেঁচাপাতৰ ছাঁ ঘৰ আদিৰ বাবদ মুঠ ৮,২৬,৬৬৭.০০ টকা ৰাজ সাহায্য লাভ কৰিছে।পুঁজিৰ অভাৱত সেউজজ্যোতিৰ সদস্যসকলে বাগিচাখনৰ কাম-কাজ সময়মতে কৰিব নোৱাৰি আশা কৰা ধৰণে সুফল লাভ কৰা নাছিল। তাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰপৰা সেউজজ্যোতিৰ ইচ্ছুক সদস্যসকলক ত্ৰিদলীয় চুক্তিৰ সুবিধাৰে মাত্ৰ কেঁচাপাত উৎপাদনৰ ওপৰত ভিত্তি কৰি ৩,০০,০০০.০০ টকালৈকে কামৰ মূল ধন হিচাপে ঋণৰ ব্যৱস্থা কৰি দিয়া হৈছে।

সেউজজ্যোতিৰ সদস্যসকল অকল চাহ খেতিতেই মানোনিবেশ কৰি থকা নাই, ইয়াৰ লগতে সদস্যসকলে মীন পালন, নাৰ্চাৰী, কাঠফুলা, ছাগলী পালন, হোটেল ব্যৱসায়, চন্দন গছ ৰোপণ আদি অন্যান্য ব্যৱসায়ত জড়িত। গোটটোৰ দুজনমান প্ৰকৃতিপ্ৰেমী সদস্যই প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিভিন্ন কৰ্মত জড়িত হৈ জাতীয় স্তৰত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

কেনেদৰে উন্নতমানৰ কেঁচাপাত উৎপাদন কৰিব পাৰি আৰু উচিত মূল্য কিদৰে পাব পাৰি সেই বিষয়ে জানিবলৈ সেউজজ্যোতি আৰু মাটিয়াপাহাৰ চাহ বাগিচালৈ অসমৰ বিভিন্ন ঠাইৰপৰা বহু ক্ষুদ্ৰ চাহ খেতিয়ক আহিছে আৰু সেউজজ্যোতিৰ সদস্যসকলে তেওঁলোকক সৰ্বতোপ্ৰকাৰে দিহা-প্ৰৰামৰ্শ আৰু সহায়-সহযোগিতা আগবঢ়াইছে। সেউজজ্যোতিৰ সদস্যসকলে তেওঁলোকৰ বাগিচাসমূহৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ ৰাইজৰ মাজত পৰিবেশ সচেতনতা বৃদ্ধিৰ বাবে অসম চৰকাৰৰ সামাজিক বনানিকৰণ বিভাগ আৰু ডব্লিউ ডব্লিউ এফৰ সহযোগত বিভিন্ন সজাগতা সভা অনুস্থিত কৰিছে আৰু বিভিন্ন ফল-মূল, ভেষজ গছ-গছনি ৰোপণ কৰিছে।

সেউজজ্যোতিৰ কৰ্ম পদ্ধতিত উৎসাহিত হৈ বহুকেইজন ক্ষুদ্ৰ চাহ খেতিয়ক মাটিয়াপাহাৰ চাহ বাগিচাত কেঁচাপাত দিবলৈ আগবাঢ়ি আহিল। তেওঁলোককো উন্নতমানৰ কেঁচাপাত উৎপাদন কৰিবলৈ দিহা-পৰামৰ্শ দি উৎসাহ দিছে সেউজজ্যোতিৰ সদস্যসকলে।

সেউজজ্যোতিৰ প্ৰতিজন শিক্ষিত সদস্যই অনুভৱ কৰে যে অকল চাহ খেতি আৰু চাহ খেতিয়কসকলেই আৰ্থ-সামাজিকভাৱে উন্নতি কৰিলে নহ’ব, বিভিন্ন খেতি আৰু খেতিয়কসকলো আগবাঢ়িব লাগিব। তেতিয়াহে সমাজৰ উন্নতি সম্ভৱ হ’ব। সেই উদ্দেস্য আগত ৰাখি সেউজজ্যোতিৰ নিজা কাৰ্যলয় ভৱনতে ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়ন কেন্দ্ৰ এটি গঠন কৰাৰ প্ৰচেষ্টা হতত লোৱা হৈছে। তদুপৰি গৃহটিৰ শেহতীয়া চাহ, কৃষি তথ্য প্ৰযুক্তি আৰু অন্যান্য বিষয়ত জ্ঞান লাভ কৰিব পৰাকৈ ইণ্টাৰনেট সা-সুবিধাযুক্ত এটা তথ্য কেন্দ্ৰ মুকলি কৰাৰ কথা চিন্তা কৰা হৈছে। এই ভৱনটো ক্ষুদ্ৰ চাহ খেতিয়কৰ যোগাযোগ শিবিৰ হিচাপেও ব্যৱহাৰ কৰা হ’ব।

গুণগত মানক অভ্যাসত পৰিণত কৰা মূলমন্ত্ৰৰে দীক্ষিত সদস্যৰে গঠিত সেউজজ্যোতিক সকলো ফালৰে পৰা জাকতজিলিকা আত্মসহায়ক গোট হিচপে জিলিকাই তোলা আৰু ক্ষুদ্ৰ চাহ খেতিৰ মানচিত্ৰত নগাঁও জিলাক উজলাই তোলাটোৱেই সেউজজ্যোতিৰ প্ৰতিজন সদস্যৰ লক্ষ্য।

তাৎপৰ্যপূৰ্ণ যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক চৰকাৰে যেনেদৰে সহায় কৰিব কৰিব লাগিছিল, তেনেদৰে সহায় কৰা নাই। মাটিৰ সমস্যা, অৰ্থৰ সমস্যা, কাৰিকৰী সমস্যা, কেঁচা চাহপাত বিক্ৰীৰ সমস্যা আদি বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত কৰি থকাৰ পিছতো ক্ষুদ্ৰ চাহ খেতিয়কসকলে সমস্যাবোৰৰ বিৰুদ্ধে যুঁজ দি ক্ষুদ্ৰ চাহ খেতিক বৃহৎ চাহ উদ্যোগৰ দৰে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিশেষ অংশ ৰুপে গঢ়ি তোলাৰ চেষ্টা চলাই আহিছে। ‘সেউজজ্যোতি’ আত্মসহায়ক গোটৰ দৰে আন বহুতো গোটে ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত হৈ স্বাৱলম্বি হোৱাৰ লক্ষ্য বান্ধি লৈছে।

লিখক: চন্দনজ্যোতি বৰা।

 

3.01470588235
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top