অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেৰাগাঁও পথাৰ কৃষিপাম সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

পেৰাগাঁও পথাৰ কৃষিপাম সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

নৈ পৰীয়া মাটিত সমবায় ভিত্তিক খেতি কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বৰপেটা জিলাৰ সৰভোগৰ এখন ভিতৰুৱা গাঁও পেৰাগাঁও পথাৰৰ বাসিন্দাসকলে। পেৰাগাঁও পথাৰত ৩০ জন সদস্যৰে ১৯৯০ চনতে গঠন হৈছিল পেৰাগাঁও পথাৰত ৩০ জন সদস্যৰে ১৯৯০ চনতে গঠন হৈছিল পেৰাগাঁও পথাৰ কৃষিপাম সমবায় সমিতি। গাঁওখনৰ মাজেৰে বৈ যোৱা ট্ৰেক্টৰে খুন্দা বা উল্টে খুন্দা নৈয়ে পলস পেলাই সাৰুৱা কৰি তোলা প্ৰায় ৮০ বিঘা মাটিত এই সমবায়খনে কৃষিকাৰ্য আৰম্ভ কৰিছিল। বৃটিছৰ ৰাজত্ব থকাৰ সময়ত বেঁকী নলঝাৰ নৈৰ বাঢ়নী পানী বৈ যোৱাৰ বাবে খান্দি নলাটোৱে কালক্ৰমত উল্টে খুন্দা নৈত পৰিণত হয় বুলি প্ৰবাদ আছে। নৈয়ে মুকলি কৰি থৈ যোৱা মাটিবোৰত কোনো বহিৰাগত লোকে আহি যাতে বসবাস কৰিব নোৱাৰে, তাৰ বাবে গাঁওবাসীয়ে এই সমবায়ৰ জৰিয়তে সেই মাটি নিজৰ হাতত ৰাখি ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰে। ইমান বছৰে সমবায়ৰ লোকসকলে ৬০ বিঘা মাটিত বাৰিষাৰ পাচলি-জিকা, ভোল, কোমোৰা, পানীলাউ, লেচেৰা মাহৰ (বৰপতি) খেতি কৰি আহিছিল। কিন্তু এইবেলি দুই ব’হাগত তেওঁলোকে ২০ বিঘা মাটিত বৃক্ষৰোপণৰ প্ৰাৰম্ভিক কাম হিচাপে ১২০ টা বিজুলী বাঁহৰ গোঁজ ৰোপণ কৰে। মুঠ ৩০০ জোপা বাঁহ ৰোপণ কৰাৰ উপৰি এই বিশ বিঘা মাটিত গমাৰি, চেগুন, কদম, তিতাচঁপা আদি গছ ৰোপণ কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে। সমবায়খনৰ বৰ্তমানৰ সভাপতি দিলীপ বৰ্মণ আৰু সম্পাদক চবিন বৰ্মন। তেওঁলোকে ৩০ জন সদস্যৰ মাজত গাইপতি দুই বিঘাকৈ মাটি ভগাই দি ৬০ বিঘা মাটিত পাচলিৰ খেতি কৰে। সমবায়ৰ সংবিধান মতে, সেই দুই বিঘা মাটিত খেতি কৰাৰ বাবদ মাটিৰ মূল্য হিচাপে বছৰি ২০০ টকাকৈ প্ৰতিজন সদস্যই জমা দিব লাগে। সেই ধন সমবায়ৰ নামত ভাৰতীয় ষ্টেট বেংকৰ কামাৰগাঁও শাখাত থকা নিজা একাউন্টত জমা থয়। প্ৰয়োজন সাপেক্ষে সেই পুঁজিৰ ধন বিভিন্ন কামত খৰচ কৰা হয়। সমবায়ৰ প্ৰতিজন সদস্য কৃষিজীৱি হোৱা বাবে তেওঁলোকে সপ্তাহৰ দেও, সোম আৰু বুধবাৰেহে সমবায়ৰ খেতিত কাম কৰে। সপ্তাহৰ বাকীকেইদিন নিজৰ খেতিপথাৰত কাম কৰে। উদ্যানশস্যৰ উপৰি ব্যক্তিগতভাৱে তেওঁলোকে ধান আৰু মৰাপাটৰ খেতি কৰে। আনহাতে, সমবায়ৰ মাটিত বেছিকৈ জিকাৰ খেতি কৰে, কিয়নো জিকাৰ লগত একেলগে তলত লেচেৰা মাহৰ খেতি কৰিব পাৰি। কিন্তু উল্টে খুন্দা নৈৰ পাৰৰ সেই বিস্তীৰ্ণ ভূমিত খৰালি কালত কোনো ধৰণৰ খেতি কৰা সম্ভৱ নহয়। মাত্ৰ ছমাহ খেতি কৰাৰ সুযোগ পালেও তেওঁলোক লাভান্বিত হয়। কাৰণ বাৰিষাৰ সময়ত পথাৰত পানী জমা হোৱাৰ ফলত অন্যান্য কৃষকসকলে সৰহকৈ পাচলি খেতি কৰিব নোৱাৰে। কিন্তু সমবায়ৰ মাটি ওখ হোৱা বাবে তাত পানী জমা নহয় আৰু বাৰিষাৰ খেতি যথেষ্ট ভাল হয়। সমবায়ৰ খেতিপথাৰত উৎপাদিত পাচলি সৰভোগ, ভুলুকাডোবাত সাপ্তাহিক বজাৰৰ উপৰি বৰপেটাৰোডৰ পাইকাৰী বজাৰলৈ বিক্ৰীৰ বাবে নিয়া হয়। সমবায়খনৰ সদস্য প্ৰফুল্ল কুমাৰ দাসে জনোৱা মতে, পেৰাগাঁও পথাৰত পাঁচ বছৰ আগলৈ বিদ্যুৎ সংযোগ হোৱা নাছিল। সেয়ে গাঁৱৰ অশিক্ষিত লোকসকল অকল পৰম্পৰাগত পদ্ধতিৰে খেতি কৰিছিল। এতিয়া খেতিৰ দিহা-পৰামৰ্শৰ বাবে তেওঁলোকে নিকটৱৰ্তি কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰাৰ লগতে দূৰদৰ্শনত প্ৰতিদিনে কৃষি দৰ্শন কাৰ্যসূচী চায়।

লেখিকা: প্ৰীতিষা গোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate