অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰাজোল মীন সমবায় সমিতি ব্যতিক্ৰমী প্ৰয়াস

বৰাজোল মীন সমবায় সমিতি ব্যতিক্ৰমী প্ৰয়াস

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৱৰ্তী বৰাজোল(নোনাপাৰ)মীন সমবায় সমিতি ৰাজ্যৰ মীনখণ্ডৰ এটা পৰিচিত নাম। সমিতিখনে প্ৰমাণ কৰি দিছে যে সমূহীয়া দৃষ্টিভংগীৰে মীন পালন কৰি অতিকৈ অনগ্ৰসৰ অঞ্চল এটাৰো অৰ্থনৈতিক তথা সামাজিক উন্নতি প্ৰশস্ত কৰি ধৰাতেই সৰগ ৰচিব পাৰি। সেয়ে কিছুদিন আগলৈকে অৰ্থনৈতিকভাৱে অতিকৈ অনগ্ৰসৰ বৰাজোলবাসী আজি প্ৰকৃতাৰ্থত ৰাজ্যবাসীৰ বাবে এক অনুকৰণীয় আদৰ্শ। উভতি যাওঁ ২০০৭ চনলৈ। স্থানীয় উচ্চ শিক্ষিত যুৱক জাহিৰ চৌধুৰী, জেহিৰুল ইছলাম, জামাল আলী আদিয়ে সিদ্ধান্ত ল’লে চাকৰিৰ মহঙা বজাৰত মৰুভূমিত মৰীচিকা খেদাৰ লেখীয়াকৈ চাকৰিৰ পিছত দৌৰাতকৈ মীনভিত্তিক কাম-কাজত জড়িত হৈ স্বনিয়োজিত হ’ব। এনে সিদ্ধান্তৰে তেওঁলোকে পোনতে খুব কম মূলধনী বিনিয়োগেৰে প্ৰায় ২০ বিঘা জলকালি বিশিষ্ট ১০টা পুখুৰী খান্দি পোনা প্ৰতিপালনত মনোনিৱেশ কৰে। বিজ্ঞানৰ স্নাতক জাহিৰৰ মীন বিজ্ঞান সম্পৰ্কে কিছু পুথিগত ধাৰণা আছিল যদিও নাছিল কোনো ব্যৱহাৰিক অভিজ্ঞতা। সি যি নহওক তেওঁলোকে দেশৰ অন্যতম অগ্ৰণী প্ৰগতিশীল মীনপালক নানাকাৰভায়ৰাৰ দেৱজিৎ বৰ্মনৰ দিহামৰ্মে তেওঁৰ পৰা ভ্ৰূণ পোনা আনি পোনা প্ৰতিপালন আৰম্ভ কৰে। পোনা প্ৰতিপালন কৰি আঙুলি জোখলৈ পৰ্যবসিত কৰি বিপণন কৰাত লাগিল তেওঁলোক। কাৰিকৰী দিহা-পৰামৰ্শ তথা বিপণনৰ ক্ষেত্ৰতো সহযোগিতা কৰিলে দেৱজিতে। প্ৰথম পদক্ষেপতে অপ্ৰত্যাশিত লাভৰ মুখ। ইমান কম কষ্ট আৰু ইমান ন্যূনতম মূলধনী বিনিয়োগেৰে এই সফলতা তেওঁলোকৰ বাবে আছিল সপোনৰো অগোচৰ। ইতিমধ্যে তেওঁলোকক কাৰিকৰীভাৱে উদ্ধুদ্ধ কৰি ন উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে মীন বিষয়া ড° সঞ্জয় শৰ্মাই। পৰৱৰ্তী সময়তো পোনা প্ৰতিপালন, বছৰেকীয়া পোনা উৎপাদন আৰু মীন পালনেৰে জয়যাত্ৰা অব্যাহত ৰাখে জাহিৰ বাহিনীয়ে। কৰ্মক্ষেত্ৰ সম্প্ৰসাৰণ কৰি যায় প্ৰতিবছৰৰ লাভৰ ধন বিনিয়োগেৰে। এওঁলোকক দেখি স্থানীয় গাওঁবাসীয়েও ক্ৰমে এটা-দুটাকৈ পুখুৰী খান্দি মীন পালনত জড়িত হয়। সকলোৰে মাৰ্গদৰ্শক তথা পৰামৰ্শদাতা হ’ল জাহিৰ, জেহিৰুল আৰু জামাল। তাৰ পিছত সকলোৱে ক্ৰমে ক্ৰমে ন ন পুখুৰী খান্দি মীন পালনত জড়িত হ’ল। প্ৰায় ৪০০ বিঘা জলকালিৰে আৱৰা ১২০টা পৰিয়ালৰ গাঁওখন এক মীন উৎপাদনক্ষম অঞ্চললৈ ৰূপান্তৰিত হ’ল। এইবাৰ তেওঁলোকে গাঁওবাসীক সংগঠিত কৰি গঠন কৰে ‘বৰাজোল নোনাপাৰ মীন সমবায় সমিতি’। তাৰ বাবে যাৱতীয় পঞ্জীয়ন আদিও কৰি ল’লে। পুখুৰীবোৰ ব্যক্তিগত, কিন্তু তেওঁলোকৰ কাম-কাজ সমূহীয়া। ইয়ে তেওঁলোকৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ শক্তিশালী কৰাটো সহায় কৰে। কম দিনৰ ভিতৰতে সমগ্ৰ অঞ্চলটো অৰ্থনৈতিকভাৱে উপকৃত হ’ল। অৰ্থনৈতিক স্বচ্ছলতাই সকলোকে নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়। বৰ্তমান তেওঁলোক পোনা প্ৰতিপালন, বছৰেকীয়া পোনা উৎপাদন আৰু বিক্ৰীযোগ্য মাছ উৎপাদনত জড়িত হৈ আছে। সচৰাচৰ ৰৌ, বাহু, মিৰিকা, ছিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, কমন কাৰ্প, কুঢ়ি, মালিৰ উপৰি চিতল, আঁৰি, মাগুৰ, কাৱৈ আদি মাছৰো পোনা তেওঁলোকে প্ৰতিপালন কৰে। গুণগত মানত আপোচ নকৰে বাবে প্ৰয়োজন সাপেক্ষে তেওঁলোকে ভ্ৰূণ পোনা আনিবলৈ কলকাতা পৰ্যন্ত যায়। তদুপৰি পোনা তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ঠাইতেই যোগান ধৰে। তেওঁলোকৰ কাম-কাজত আছে যথেষ্ট স্থানীয় পটভূমি সাপেক্ষ উদ্ভাৱনী চিন্তা। উদাহৰণস্বৰূপে স্থানীয় নৈৰ শীতল পানী বোৱাই আনি পোনা প্ৰতিপালনত ব্যৱহাৰ কৰে বাবে পৰ্যবসন খৰতকীয়া হয়। তদুপৰি গুৱাহাটীৰপৰা কম দামতে পেলনীয়া গোমধানৰ গুৰি সংগ্ৰহ কৰি খলিহৈ আদিৰ লগত মিহলাই কম খৰছতে মাছৰ খাদ্য প্ৰস্তুত কৰে। যিসকল গাঁওবাসীৰ পুখুৰী খন্দাৰ বাবে ভূমিৰ অভাৱ, তেওঁলোকে সামগ্ৰী ক্ৰয়, মৎস্য বিপণন, পৰিচালনা আদিত জড়িত হৈ থাকে। অৰ্থাৎ গাঁৱৰ প্ৰত্যেকজনেই জড়িত মীন পালনৰ লগত। বৰ্তমান বছৰেকত প্ৰায় ৫০-৬০ কুইণ্টল বিক্ৰিযোগ্য মাছ আৰু মাহেকত(ঋতুকালীন) ৫০ কুইণ্টলমান পোনা বিক্ৰী কৰে সমিতিখনে। সমিতিখনৰ বাবে বৰ্তমান অতি প্ৰয়োজন হৈ পৰিছে এখন বিপণন বাহনৰ। নিজাকৈ চীন দেশীয় আৰ্হিৰ পোনা উৎপাদন কেন্দ্ৰ এটা স্থাপন কৰাৰো মন তেওঁলোকৰ। সমিতিখনে জনোৱা মতে, নলবাৰী জিলা মীন বিভাগ তথা জিলা বিষয়া ভানু বৰায়ো তেওঁলোকক সততে সহযোগিতা কৰি আহিছে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate