অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীটনাশক দ্ৰব্যৰ মাত্ৰা নিৰ্দ্ধাৰণ আৰু মিশ্ৰণ তৈয়াৰ

কীটনাশক ৰাসায়নিক দ্ৰব্যৰ মাত্ৰা নিৰ্দ্ধাৰণ আৰু পানীত ইয়াৰ মিশ্ৰণ তৈয়াৰ কৰোতে তলৰ কথা কেইটা মন কৰিব :

  • মাত্ৰা নিৰ্দ্ধাৰণ বা মিশ্ৰণ তৈয়াৰ কৰা সময়ত দ্ৰব্যখিনি যাতে কৰ্মীজনৰ গাৰ ছালত নালাগে তাৰ বাবে বিশেষ ধৰণৰ পোচাক আৰু ৰবৰৰ হাত মোজা পিন্ধিব লাগে ৷ ছাল বা কাপোৰত দ্ৰব্যৰ টোপাল পৰি দাগ বা চেকা লাগিলে সৰহীয়া পানীৰে ধুই পেলাব ৷ দ্ৰব্য কেনেবাকৈ চকুত লাগিলে কমেও  দহ মিনিট সময়লৈ পানী মাৰি ধুই থাকিব ৷ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ পাছত হাত দুখন ভালদৰে ধুই পেলাব ৷
  • কৰ্মীজনৰ কীটনাশক দ্ৰব্যৰ ওপৰত প্ৰাথমিক চিকিৎসাৰ জ্ঞান থকা উচিত ৷
  • ৰাসায়নিক দ্ৰব্যৰ বটল বা পেকেটৰ ওপৰত থকা লেবেলত কোম্পানীয়ে উল্লেখ কৰা মতে সুৰক্ষা ব্যৱস্হা গ্ৰহণ কৰক৷
  • ঘৰৰ চৌহদৰ ভিতৰত, ঘৰচীয়া জীৱ-জন্তু থকা ঠাইত বা চৌহদৰ ওচৰে-পাজৰে কীটনাশক দ্ৰব্যৰ জোখ-মাপ লোৱা আৰু মিহলোৱা কাম নকৰিব৷
  • ল’ৰা-ছোৱালী আৰু পোহনীয়া জীৱ-জন্তুৰ পৰা কীট-নাশক দ্ৰব্য আতঁৰাই ৰাখক৷
  • জীৱ-জন্তুৱে খোৱা পানীত যাতে কীটনাশক দ্ৰব্য মিহলি হ’ব নোৱাৰি, তাৰ বাবে সাৱধান হওঁক৷
  • জোখ-মাপৰ বাবে নিখুঁত আৰু উপযুক্ত সজুলি ব্যৱহাৰ কৰিব৷ তৰল দ্ৰব্যৰ বাবে দাগ কটা জগ্ আৰু গুড়ি দ্ৰব্যৰ বাবে ৰোকনি বা ডাঙৰ চামুচ ব্যৱহাৰ কৰিব পাৰে৷ কীটনাশক দ্ৰব্যৰ পেকেট বা বটলৰ লেবেলত ওজনৰ পৰিমান লিখা থাকিলে সেই মতেও দ্ৰব্য ব্যৱহাৰ কৰাত সুবিধা হয়৷ খালী হাতেৰে দ্ৰব্য নুলিয়াব৷ ব্যৱহাৰ কৰা জগ্ বা চামুচ ইত্যাদি আন কামত নলগাব আৰু সেইবোৰ সদায় বেলেগে ৰাখিব৷
  • কীটনাশক দ্ৰব্যৰ মিশ্ৰণ তৈয়াৰ কৰিবলৈ ডাঙৰ বাল্টি নাইবা খোলা মুখৰ ড্ৰাম ব্যৱহাৰ কৰিব৷ ভালদৰে মিহলাবৰ বাবে এডাল শকত গোটা বা বঠা আকাৰৰ মাৰি ল’ব লাগে৷ মিহলোৱাৰ সময়ত হাতখন দ্ৰব্যৰ মিশ্ৰণত সুমুৱাই নিদিব৷
  • মিশ্ৰণ তৈয়াৰ কৰাৰ সময়ত ছিটিকনি নপৰাকৈ যাতে দ্ৰব্য ঢালিব পাৰে, তাৰ বাবে চুপিৰ ব্যৱহাৰ কৰিব আৰু তাৰ পাছত চুপিটো ভালদৰে ধুই ল’ব৷
  • তৰল কীটনাশক দ্ৰব্য টিউবৰ সহায়ত বা মুখেৰে কেতিয়াও নুশুহিব৷
  • গুড়ি বা তৰল কীটনাশক দ্ৰব্য যাতে বাষ্প হৈ উৰি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব৷
  • ব্যৱহাৰ কৰাৰ পাছত স্প্ৰেয়াৰ মেচিনটো ভালদৰে ধুব লাগে৷ ধোৱা-পখলা কৰা পানীখিনি গোটাবৰ বাবে মাটিত গাঁত এটা খান্দি লব৷ এনে ধৰণৰ গাঁত, বসবাস কৰা ঘৰ, পানী খোৱা পুখুৰী, পানী যোৱা নলা, শাক-পাচলি আৰু ফল-মূলৰ ঠাইৰ পৰা যথেষ্ট আতঁৰত খান্দিব লাগে৷ গাঁতটোত এই পানী গোটোৱাৰ পাছত মাটিৰে ভালদৰে পুতি পেলাব৷
  • কীটনাশক দ্ৰব্য জোখ-মাপ আৰু মিশ্ৰণৰ বাবে ব্যৱহাৰ কৰা পাত্ৰ বা সজুলি অন্য কামত ব্যৱহাৰ নকৰিব৷
  • ব্যৱহাৰ কৰাৰ পাছত বাকী থকা কীটনাশক দ্ৰব্যখিনি একেটা পেকেট, বটল বা পাত্ৰত ভালদৰে বন্ধ কৰি থব৷ বাকী থকা কীটনাশক দ্ৰব্যৰ মজুতকৰণত পানী খোৱা বটল বা অন্য খাদ্য বস্তু ৰখা পাত্ৰ কেতিয়াও ব্যৱহাৰ নকৰিব৷
  • ঘৰৰ পৰা যথেষ্ট দূৰত গাঁত এটা খান্দি প্ৰয়োজন নোহোৱা অৱশিষ্ট কীটনাশক দ্ৰব্যখিনি পাত্ৰৰে সৈতে গাঁতটোত পেলাই পুতি দিয়াৰ ব্যৱস্হা কৰিব৷

স্প্ৰে’য়াৰ মেচিনৰ প্ৰয়োগ, ব্যৱহাৰ, মেৰামতি আৰু লবলগীয়া যতন

স্প্ৰে’য়াৰ মেচিনৰ পৰা ফলপ্ৰসু স্প্ৰে’ কাৰ্য্য পাবলৈ মন কৰিবলগীয়া কথা কেইটা হ’ল

  • উপযুক্ত স্প্ৰেয়াৰ ব্যৱহাৰৰ লগতে যদিহে তেনে মেচিন আগতে ব্যৱহাৰ কৰা হৈছে, তেন্তে শতকৰা ০.৫ ভাগ শক্তিৰ কাপোৰ ধোৱা চ’ডাৰ দ্বাৰা প্ৰথমে পৰিষ্কাৰ কৰি পাছত ভাল পানীৰে ধুই ল’ব ৷
  • দিনটোৰ কাৰ্য্য শেষ কৰাৰ লগে লগে স্প্ৰেয়াৰ মেচিনটো পৰিষ্কাৰ পানীৰে ধুব লাগে ৷
  • কিছুদিন ব্যৱহাৰ নকৰাকৈ স্প্ৰে’য়াৰ মেচিনটো ৰাখিব লগা হ’লে ধুওঁতে বিশেষ সাৱধান হ’ব লাগে যাতে ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট মেচিনৰ গাত লাগি নাথাকে ৷ অৱশিষ্টবোৰ ক্ৰমে  জমা হব দিলে অলপ দিনৰ ভিতৰতে মামৰে ধৰি তাৰ কোনো কোনো অংশ বিকল হৈ পৰাৰ আশংকা কৰা হয় ৷
  • একেটা স্প্ৰেয়াৰ মেচিনেৰে কীটনাশক আৰু অপতৃণনাশক দ্ৰব্য প্ৰয়োগ নকৰিব ৷ এই দুই ভিন্ন দ্ৰব্যৰ বাবে বেলেগ বেলেগ স্প্ৰেয়াৰ মেচিন ব্যৱহাৰ কৰিব ৷
  • পথাৰত স্প্ৰে’ কৰিবলৈ যোৱাৰ আগতে স্প্ৰে’য়াৰ মেচিনৰ প্ৰয়োজনীয় ৱাচাৰ, নয’ল, হ’জ ক্লিপ, বেটাৰী, স্পাৰ্ক প্লাগ, স্কু-ড্ৰাইভাৰ, স্পেনাৰ আৰু প্লায়াৰ্চ ইত্যাদি মেচিনটোৰ সৈতে নিব লাগে ৷ মেচিনৰ এই সজুলিবোৰ পথাৰত হঠাতে আৱশ্যক হব পাৰে ৷
  • ফুটা ওলোৱা স্প্ৰে’য়াৰ মেচিন ব্যৱহাৰ নকৰাই ভাল ৷ এনে মেচিনৰ পৰা কৰ্মীজনৰ গাৰ ছালত কীটনাশক দ্ৰব্য লাগি যোৱাৰ আৰু শস্য নষ্ট হোৱাৰ সম্ভাৱনা বেছি ৷
  • উচ্চ মানদণ্ডৰ স্প্ৰে’য়াৰ মেচিন ব্যৱহাৰ কৰক ৷ নিম্নমানৰ মেচিনৰ পৰা উপকাৰতকৈ বেছি অপকাৰ যেনে শস্য নষ্ট, সময় আৰু অৰ্থৰ ক্ষতি হোৱাৰ আশংকা থাকে ৷

কীটনাশক দ্ৰব্যৰ নিৰাপদ প্ৰয়োগ

  • কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ আগতে উপযুক্ত প্ৰশিক্ষণৰ আৱশ্যক ৷
  • সৰু ল’ৰা-ছোৱালীক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব নিদিব ৷ এনে মৰাত্মক দ্ৰব্য সৰু ল’ৰা-ছোৱালীয়ে চুব নোৱাৰাকৈ ঘৰৰ পৰা আতঁৰত সুৰক্ষিত কৰি থব লাগে ৷
  • পথাৰত আন কাম কৰি থকা কৰ্মীসকলক দ্ৰব্য প্ৰয়োগৰ সময়ত সেই ঠাইৰ পৰা আতঁৰাই পঠাব৷
  • আৱশ্যকীয় পৰিমাণৰ খোৱা পানী, হাত মোচা কাপোৰ, চাবোন আদি মজুত ৰাখিব লাগে ৷
  • কীটনাশক দ্ৰব্যৰ বটল বা পেকেটৰ ওপৰত থকা লেবেলত উল্লেখ কৰা মতে দ্ৰব্যৰ মাত্ৰা, সুৰক্ষা পোচাক ইত্যাদি সৰ্ম্পকে নিদেৰ্শনা মানি চলা উচিত ৷
  • কীটনাশক দ্ৰব্যৰ মিশ্ৰণ তৈয়াৰ আৰু প্ৰয়োগ কৰাৰ সময়ত বিশেষ ধৰণৰ পোচাক পিন্ধিব লাগে৷ কাম শেষ হোৱাৰ লগে লগে পোচাকটো পৰিষ্কাৰ পানীত ধুব লাগে ৷ পাতল আৰু প্ৰায় সৰ্বশৰীৰ ঢাক খোৱা পোচাক পিন্ধাটো বাঞ্চনীয় ৷
  • বতাহ বলি থকা সময়ত কীৱনাশক দ্ৰব্য প্ৰয়োগ নকৰিব ৷
  • জলবায়ু আৰু বতাহৰ গতিবিধিৰ ওপৰত বিশেষকৈ বতাহ কোন দিশে বলে, সেয়া লক্ষ্য কৰক ৷ দ্ৰব্য প্ৰয়োগৰ সময়ত জোৰেৰে বতাহ বলিলে দ্ৰব্যখিনি উৰুৱাই নি এক বিপদজনক অৱস্হাৰ সৃষ্টি কৰিব ৷ যিহেতু এইদৰে উৰুৱাই নিয়া কীটনাশক দ্ৰব্যখিনি স্প্ৰেয়াৰ মেচিন কঢ়িয়াই নিয়া কৰ্মীজনৰ নাকে-মুখে সুমাব ৷ তাৰোপৰি অন্যান্য শস্য, পানী, জীৱ-জন্তু আৰু ওচৰে পাজৰে থকা ঘৰতো কীটনাশক দ্ৰব্য পৰিব পাৰে ৷
  • কীটনাশক দ্ৰব্য প্ৰয়োগ এনে ধৰণে কৰক যাতে  বতাহে দ্ৰব্য খিনি কৰ্মীজনৰ গাৰ পৰা আতঁৰলৈ কঢ়িয়াই নিয়ে ৷ কৰ্মীজনৰ গাৰ দিশত বতাহ চলাচল কৰিলে দ্ৰব্য প্ৰয়োগ ততালিকে বন্ধ কৰিব৷
  • প্ৰায়বোৰ কীটনাশক দ্ৰব্য সহজে পানীত উটি যায় ৷ সেয়েহে বতাহ-বৰষুণ নোহোৱা ফৰকাল বতৰতহে দ্ৰব্য প্ৰয়োগৰ কাম কৰিব লাগে ৷ কীটনাশক দ্ৰব্যৰ প্ৰয়োগ ৰাতিপুৱা বা আবেলিৰ ভাগতহে কৰিব লাগে ৷
  • মুখেৰে ফুৱাই বন্ধ হৈ থকা নয’লবোৰ চাফা কৰিবলৈ চেষ্টা নকৰিব ৷ এনে ধৰণৰ নয’ল জোৰেৰে পানী মাৰি বা ঘাঁহ-বনৰ ঠাৰিৰে খুচি চাফা কৰিব লাগে ৷
  • পাত চিঙা চাহ গছত কীটনাশক দ্ৰব্যৰ প্ৰয়োগ পাত ছিঙাৰ পিছদিনা কৰিব লাগে ৷
  • কৰ্মীজনে কীটনাশক দ্ৰব্য বা স্প্ৰে’য়াৰ মেচিনটো আনৰ তত্বাৱধানত নিদিয়াকৈ এইবোৰ অকলে এৰি অন্য ঠাইলৈ গুচি যোৱা অনুচিত৷
  • কীটনাশক দ্ৰব্যৰ পাত্ৰবোৰ খোলা অৱস্হাত নাৰাখিব ৷
  • খালী বটল, পেকেট আৰু অৱশিষ্ট দ্ৰব্যৰ অংশ একেলগে গোটাই নিৰাপদ দূৰত্বত পুতি পেলোৱাৰ ব্যৱস্হা কৰিব ৷
  • পথাৰত কীটনাশক দ্ৰব্য প্ৰয়োগৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে কোনো মানুহ বা জীৱ-জন্তু যাতে পথাৰলৈ যাব নোৱাৰে তাৰ বাবে সাৱধান হোৱা আৱশ্যক ৷
  • বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য কেতিয়া প্ৰয়োগ কৰা হৈছিল সম্পূৰ্ণ বিৱৰণী ৰাখিব ৷

পূৰ্ব প্ৰতিকাৰ

কীটনাশক দ্ৰব্যৰ বিষয়ে ব্যৱহাৰিক জ্ঞান নাথাকিলে ইহঁতে মাৰাত্মক পৰিস্হিতিৰ সৃষ্টি কৰিব পাৰে ৷ সেয়েহে এনে দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত আগতীয়া প্ৰতিকাৰৰ ব্যৱস্হা গ্ৰহণ কৰা নিত্যান্ত আৱশ্যক ৷ মানুহৰ শৰীৰত কীটনাশক দ্ৰব্যৰ প্ৰবেশ তিনি প্ৰকাৰে হব পাৰে:

ছালৰ সংস্পৰ্শলৈ আহিলে

কীটনাশক দ্ৰব্যৰ দ্বাৰা সংঘটিত হোৱা বিষক্ৰিয়াৰ এটা মূল কাৰণ হৈছে ইয়াৰ ছালৰ লগত হোৱা সংস্পৰ্শ ৷ বতাহত উৰি অহা, কাপোৰ-কানিত লাগি থকা আৰু একে লেঠাৰিয়ে ভালেখিনি সময় দ্ৰব্য প্ৰয়োগৰ কাম কৰি থাকিলে ই ছালৰ সংস্পৰ্শলৈ আহি বিষক্ৰিয়া ঘটায় ৷ কীটনাশক ৰাসায়নিক পদাৰ্থই সাজ-পোছাক ভেদ কৰি সহজে আমাৰ ছালত প্ৰবেশ কৰে ৷ মানৱ শৰীৰৰ চকু, মুখ, হাত আৰু যৌনাংগসমুহ অতি স্পৰ্শকাতৰ আৰু সহজভেদ্য হোৱাৰ বাবে কীটনাশক দ্ৰব্যৰ দ্বাৰা আক্ৰান্ত হয় ৷ গৰমৰ প্ৰকোপত শৰীৰৰ পৰা ওলোৱা ঘামে সহজে কীটনাশক দ্ৰব্য শোষণ কৰে ৷

কীটনাশক দ্ৰব্য মুখেদিও সোমাব পাৰে

  • কীটনাশক দ্ৰব্য স্পৰ্শ কৰা হাতেৰে একো বস্তু নাখাব আৰু ধুমপান নকৰিব ৷
  • খোৱা পানীৰ বটল বা খাদ্যবস্তু থোৱা পাত্ৰত কীটনাশক দ্ৰব্য নাৰাখিব ৷ কিনোতে এনে দ্ৰব্যৰ লগত পোৱা পাত্ৰতে ইয়াক ভৰাই আলমাৰিত তলা মাৰি বন্ধ কৰি ৰাখিব লাগে ৷
  • কীটনাশক দ্ৰব্য খাদয় বস্তুৰ লগত জমা বা এঠাইৰ পৰা অন্য ঠাইলৈ নিয়া-মেলা নকৰিব ৷ অন্যথা খাদ্যবস্তুৰ দ্বাৰা শৰীৰত বিষক্ৰিয়া সংঘটিত হব পাৰে ৷
  • এন্দুৰ নিগনি আদি মাৰিবলৈ ব্যৱহাৰ কৰা দৰৱৰ টোপ বা কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা শস্যৰ বীজবোৰ খাদ্য বস্তুৰ পৰা আতঁৰাই ৰাখিব ৷

শ্বাস-প্ৰশ্বাসৰ জৰিয়তে

  • স্প্ৰে’ কৰোতে সৃষ্টি হোৱা কুৱঁলিসদৃশ কীটনাশক দ্ৰব্যৰ টোপালবোৰ যাতে শ্বাস-প্ৰশ্বাস লওঁতে কৰ্মীজনৰ চকু মুখত সোমাব নোৱাৰে, তাৰ প্ৰতি সাৱধান হ’ব ৷ প্ৰয়োজন হ’লে ‘ৰেচ্পিৰেটৰ’ৰ ব্যৱহাৰ আৰু উপযুক্ত বতাহ চলাচলৰ ব্যৱস্হা কৰিব ৷

কীটনাশক দ্ৰব্যৰ বিষক্ৰিয়া

  • সাধাৰণতে নাক, চকু বা ডিঙি অঞ্চলত অসহ্য পোৰণি অনুভৱ কৰাটোৱেই বিষক্ৰিয়াজনিত প্ৰধান লক্ষণ বুলিব পাৰি ৷
  • কীটনাশক দ্ৰব্য মুখত সোমালে বমি ভাব, তলপেটৰ বিষ অঅৰু পেট চলা অসুখ হয় ৷
  • কীটনাশক দ্ৰব্য নাকেৰে শুঙিলে বা নিশ্বাসতো বিষক্ৰিয়া সংঘটিত কৰিব পাৰে ৷

প্ৰাথমিক চিকিৎসা

  • কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা সময়ত কৰ্মীজন আগৰে পৰা সাধাৰণ জ্বৰ বা অসুখত ভুগি থাকিব পাৰে ৷ সেয়েহে চিকিৎসা কৰাৰ আগতে কীটনাশক দ্ৰব্যৰ বিষক্ৰিয়াৰ ফলতহে যে এনে অসুখ হৈছে, সেই কথা নিশ্চিতভাৱে জানি লোৱা প্ৰয়োজন ৷ ৰোগীজনক সেই সময়ত মদ, কফি, গাখীৰ বা চাহ পান কৰিব নিদিব ৷ ৰোগীজনৰ ওচৰত কোনো ধৰণৰ চিঞৰ-বাখৰ নকৰিব, তেওঁক অলপো কষ্ট নোপোৱাকৈ অতিমাত্ৰা তাপ আৰু ঠাণ্ডাৰ পৰা আতঁৰাই ৰাখিব আৰু ততালিকে চিকিৎসাৰ ব্যৱস্হা কৰিব ৷
  • ৰোগীজনৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ যোৱাৰ উপক্ৰম হ’লে তেওঁৰ ডিঙি আৰু বুকুৰ ওপৰত পিন্ধা কাপোৰ ঢিলা কৰি দিব আৰু ততালিকে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্হা কৰিব ৷
  • কীটনাশক দ্ৰব্যই গাৰ ছালত বিষক্ৰিয়া ঘটালে চাবোন ঘহিঁ প্ৰচুৰ পৰিমানৰ পানীৰে ভালকৈ ধুব লাগে ৷ এনে দ্ৰব্য লাগি থকা সাজ-পোচাক তৎক্ষণাত গাৰ পৰা সোলোকাই দিব আৰু পোচাকৰ তলত থকা ছাল অংশ পানীৰে ধুব ৷ ছাল ছিগি এৰাই গ’লে ডাক্তৰৰ পৰামৰ্শ লওঁক ৷
  • কীটনাশক দ্ৰব্যই চকুত বিষক্ৰিয়া ঘটালে ঠাণ্ডা আৰু পৰিষ্কাৰ পানীৰে কমেও দহ মিনিট সময় ভালদৰে ধুব ৷ অসহনীয় পোৰণি হ’লে ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাওঁক ৷

স্বাস্থ্যনীতি সম্বন্ধীয় কথা

  • কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা প্ৰতিজন মানুহে স্বাস্হ্য সম্পৰ্কীয় কিছু কথা মানি চলাতো প্ৰয়োজন
  • যি কোনো খাদ্য বা পানী খোৱাৰ আগতে হাত মুখ  পৰিষ্কাৰ পানীত ভালদৰে ধুব লাগে  ৷ আনকি ধুমপান কৰাৰ আগতেও হাত-মুখ ধুই লোৱা আৱশ্যক ৷
  • কীটনাশক দ্ৰব্য প্ৰয়োগৰ সময়ত বস্তু খোৱা নিষেধ ৷ ধুমপানো কৰিব নালাগে ৷
  • মুখ মণ্ডল বা শৰীৰৰ আন অংশৰ ছালত হাত বা মোজা নলগাব ৷
  • খোলাৰ আগতে হাত মোজা ধুই লব ৷
  • কীটনাশক দ্ৰব্য প্ৰয়োগ কাৰ্য্য সম্পূৰ্ণ কৰি উঠি গাটো চাবোনেৰে ভালদৰে ধুব ৷ পিন্ধা কাপোৰ কানি আৰু বিশেষ পোচাকবোৰ প্ৰতিবাৰ প্ৰয়োগৰ দিনা ধুবলৈ নাপাহৰিব ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate