অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুগা পালন সমস্যা আৰু সম্ভাৱনা

মুগা পালন সমস্যা আৰু সম্ভাৱনা

একো একোখন দেশৰ পাৰিপাৰ্শ্বিক অৱস্থা ঘাইকৈ নিৰ্ভৰ কৰে দেশখনৰ ভৌগলিক অৱস্থাৰ ওপৰত।কৃষিভিত্তিক উদ্যোগসমূহৰ প্ৰানস্বৰুপ পাৰিপাৰ্শ্বিক সন্তলনৰ বাবে প্ৰ্কৃতিৰ ওপৰতে নিৰ্ভৰ কৰি চলিবলগিয়া হোৱা দেশ এখনত বৃহৎ উদ্যোগৰ কল্পনা কৰাটো দিবাস্বপ্ন বুলিয়েই কব লাগিব।তেনেবোৰ দেশত কুটীৰ শিল্পই বিশেষ ভূমিকা গ্ৰহন কৰি অহা দেখা যায়।অসমতো ইতিহাসে ঢ়ুকি নোপোবা দিনৰেপৰা কেতবোৰ কুটীৰ শিল্পই গা কৰি উঠিছিল।শুৱালকুচিৰ বস্ত্ৰ উদ্যোগ কৰঙাৰ কমাৰ উদ্যোগ,সৰ্থেবাৰীৰ কাঁহ-পিতলৰ উদ্যোগ আদিৰ দৰেই মুগা শিল্পয়ো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।তাৰ দ্বাৰাই নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লগতে তেঁওলোকে প্ৰয়োজনীয় মুগা বস্ত্ৰখনো নিজেই বৈ-কাটি লৈ আহিছে।

কিন্ত এই মুগা উদ্যোগ শেহতীয়াভাৱে কিছু স্ংকটৰ পৰা পৰিলক্ষিত হৈছে।অসমৰ বিশেষকৈ উজনিলৈ চাহ,আৰু তেল উদ্যোগৰপৰা হোবা প্ৰ্দূষনে বায়ু,পানী দূষিত কৰিছে।ফলত একালৰ শইচে-মৎস্যে নদন-বদন এই ৰাজ্যখনৰপৰা ইতিমধ্যে বহুত সম্পদ হেৰাই গৈছে।মুগা শিল্পৰ ওপৰতো ইয়াৰ প্ৰ্ভাৱ নপৰাকৈ থকা নাই।বায়ু প্ৰ্দুষনৰ ফলত বিভিন্ন বেমাৰ হৈ সততে পলুবোৰ মৃত্যুমুখত পৰে।ইফালে এই কুটিৰ শিল্পবিধ সম্পুৰ্ণৰুপে নিৰ্ভৰ কৰে প্ৰাকৃতিক বাতাবৰন ওপৰত।ধুমুহা,শিলাবৃষ্টি,অতিবৃষ্টি আদি প্ৰাকৃতিক দুৰ্যোগসমূহে এই শিল্পবিধৰ বিস্তৰ ক্ষতিসাধন কৰে।তদুপৰি সমসাময়িক অন্যান্য সৰু-বৰ উদ্যোগৰ পাৰ্শ্বক্ৰিয়াৰো এই পুৰাতন কুটীৰ শিল্পৰ প্ৰ্তি ভাবুকিৰ সৃষ্টি কৰিছে।ফলত মুগাৰ উৎপাদন হ্ৰাস পাইছে আৰু পালকসকল আৰ্থিক লোকচানৰ সন্মুখীন হবলগীয়া হৈছে।এনে অৱস্থাত তেওঁলোকে মূৰে-কপালে হাত দি বহি থকাৰ বাদে আন উপায় বিচাৰি নোপোবা হৈছে।এনে অৱস্থাত তেওঁলোকে মূৰে কপালে হাত দি বহি থকাৰ বাদে আন উপায় বিচাৰি নোপোবা হৈছে।সম্প্ৰ্তি ইয়াৰ আটাইতকৈ ভয়ংকৰ দিশটো হৈছে উঠি অহা চামৰ শিল্পটোৰ প্ৰ্তি সৃষ্টি হোৱা বৈৰাগ্য।নহবইবা কিয়?এক-ডেৰমাহ সময় মুগাবাহৰ লগত দুই-তিনিজন লোকে খটাৰ পিছতো উৰ্পাজন যদি শূন্যৰ ঘৰত থাকে,তেন্তে পালকসকল নিৰুৎসাহ হোৱাটো তেনেই স্বাভাবিক।আনহাতে পুহিবৰ বাবেও সবল মুগাৰ সচঁ বিচাৰি ঘুৰি ফুৰিবলগিয়া হয় বুলি পালকসকলৰপৰা এক অভিযোগ সততে শুনা যায়।অভিযোগটো তেনেই উলাই কৰিব পৰা বিধৰ নহয়।তদুপৰি মুগা খোলাৰপৰা উৎপাদিত সূতা বা কাপোৰৰ বজাৰখনৰ সীমাৱদ্ধতাৰ কথাও নথকা নহয়।বজাৰ সীমাবদ্ধ হলে সামগ্ৰীৰ চাহিদা কমি যায় অৰু উৎপাদকে উচিত মূল্যৰপৰা বঞ্চিত হবলগীয়া হয়।এনেধৰনৰ অনেক সমস্যাৰ সন্মুখীন হৈ আহিছে আমাৰ মুগা পালকসকলে।

এতিয়া প্ৰ্শ্ন হল-এই সমস্যাবোৰৰ একো সমাধান নাই নেকী?মুগা পালকসকলে সহায় হতাশাকে বুকুত সাৱটি লৈ থাকিব লাগিব নেকি?এই প্ৰ্শ্নৰ উত্তৰ নিৰাশজনক নহয়।মুগা পালকসকলৰ বাবে সুখবৰ যে কেন্দ্ৰিয় ৰেচম পৰিষদে ইতিমধ্যে মুগাৰ প্ৰ্ধান খাদ্য-বৃক্ষ চোমগছৰ উন্নত প্ৰ্জাতি উদ্ভাৱন কৰিছে আৰু এছ-৩ আৰু এছ-৬ বুলি নামকৰন কৰিছে।এইবিধ চোমগছৰ পাত মুগা পলুবে খাই ভাল পায় আৰু মুগআ বাহ সফল হয়।পৰিষদে ইয়াৰ পুলিও বিতৰন কৰি আহিছে।আমি ওপৰত কৈ আহিছো যে বায়ু প্ৰ্দুষনৰ ফলত মুগাৰ বিভিন্ন বেমাৰে দেখা দিয়ে।বেমাৰ দেখা দিয়াৰ পিছত মুগাবাহ ৰক্ষা কৰা কঠিন হৈ পৰে।এনে কেতবোৰ বেমাৰৰ ক্ষেত্ৰত পৰিষদে প্ৰ্তিষেধক ব্যৱস্থাও উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে।তদুপৰি খাদ্য-বৃক্ষৰ বেমাৰ নিৰাময়তো বহু পদ্ধতি উদ্ভাৱন কৰিছে।

গুৰুত্বপূৰ্ন কথাটো হল-মুগা শিল্পৰ চৰকাৰী আন্ত-গাঁঠনিসমূহ তেনেই কম নহয়।অসম চৰকাৰৰ ৰেচম বিভাগৰ উপৰি কেন্দ্ৰিয় ৰেছম বিভাগৰ উপৰি কেন্দ্ৰিয় ৰেছম পৰিষদে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কাম কৰি আছে।লাহদৈগড়ত কেন্দ্ৰিয় মুগা এৰী গবেষনা আৰু প্ৰ্শিক্ষন প্ৰ্তিষ্ঠান বকোত আঞ্চলিক মুগা গবেষনা কেন্দ্ৰৰ উপৰি লখিমপুৰত অনুসন্ধান বিকাশ কেন্দ্ৰ,তিতাবৰত ক্ষেত্ৰ গৱেষনাগাৰ আৰু নাৰায়নপুৰত আৰু হাঁহিমত বীজ উৎপাদন কেন্দ্ৰ প্ৰ্তিষ্ঠা কৰা হৈছে।মেঘালয়তো ভালেকেইটা এনে কেন্দ্ৰ আছে।

কিন্ত এতিয়া প্ৰ্শ্ন হল যে ইমানবোৰ আন্ত:গাঠনি আৰু সা-সুবিধা থকাৰ পিছতো মুগা শিল্পৰ উন্নয়ন বা পালকসকলে কিবা লাভ হৈছেনে?একে আষাৰতে হৈছে বুলি কব নোবাৰি।এতিয়া মুগা পালকসকলক প্ৰয়োজন হৈছে উন্নত মানৰ মুগা সচঁ,ভিন ভিন বেমাৰৰপৰা মুগা পলুক ৰক্ষা কৰাৰ বিজ্ঞানসন্মত পদ্ধতি আৰু সম্যক জ্ঞান,উন্নত মানৰ খাদ্য-বৃক্ষ,খাদ্য-বৃক্ষৰ উন্নত কৃষি পদ্ধতি,বিভিন্ন ৰোগৰপৰা খাদ্য-বৃক্ষ প্ৰ্তিৰক্ষা ব্যৱস্থাৰ উপযুক্ত শিক্ষা আদি।তদুপৰি এখন উপযুক্ত বজাৰৰো আৱশ্যকতাক নুই কৰিব পৰা নাযায়।গতিকে উল্লিখিত আন্ত:গাঁথনিবোৰৰ লগত জড়িত বিজ্ঞানী তথা বিশেষজ্ঞ আৰু প্ৰ্মটাৰসকলে উৎপাদকসকলৰ সমস্যাৰো সৈতে জোটঁ বান্ধি এক শক্তিশালি সমন্বয় গঢ়ি তোলাৰ অতি প্ৰয়োজন হৈ পৰিছে।তদুপৰি মুগা পালকসকলক চৰকাৰৰ খৰচত নিয়মীয়াকৈ প্ৰ্শিক্ষন দিয়াৰ ব্যৱস্থাও কৰিব লাগে।ইয়াৰ মাধ্যমৰে মুগা শিল্পৰ উন্নয়ন সম্ভৱপৰ হৈ উঠিব।

ভৰত সন্দিকৈ

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate