অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা

অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা

মাছ প্ৰকৃতিৰ অনুপম সৃষ্টি। মাছৰ প্ৰাণচাঞ্চল্য তথা ইহঁতৰ বৰ্ণময় চৰিত্ৰই সদায়েই মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। খ্ৰীষ্টপূৰ্ব ৭৮ চনতে চীনা লোক সকলে কাঁচৰ পাত্ৰত ৰঙীন মাছ ৰাখি ইয়াৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিছিল। ক্ৰমশঃ সংস্কৃতিত পৰিণত হোৱা চীনা লোক সকলৰ এই ৰুচি লাহে লাহে পশ্চিমৰ দেশ সমূহলৈও বিয়পি পৰে। ভাৰতবৰ্ষাতো মাছৰ ঐতিহাসিক আৰু মহাকাব্যিক তাৎপৰ্য আছে।

একুৱাৰিয়ামত ৰখা মাছবোৰ সাধাৰণতে উজ্জ্বল ৰং-বিৰঙৰ হয় বাবে ইহঁতক আলংকাৰিক মাছ বুলি কোৱা হয়। এই মাছবোৰ সাধাৰণতে শান্ত স্বভাৱৰ আৰু প্ৰাকৃতিক খাদ্যৰ লগতে কৃত্ৰিম খাদ্য গ্ৰহণ কৰিব পৰা চৰিত্ৰৰ হয়। অৱশ্যে সকলো ক্ষেত্ৰতে ৰঙচঙীয়া নহ’লও কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য সম্পন্ন যেনে, দেখিবলৈ আচহুৱা (গংগাটোপ), জাকপাতি খাদ্য খোৱা (পুঠি, ডঁৰিকণা), পোন হৈ থকা (শিঙি, মাগুৰ), কাজিয়া কৰি ভালপোৱা (বেতা), সদায় সচল অৱস্থাত থকা (চেঙা) মাছো আজিকালি আলংকাৰিক মাছ হিচাপে জনপ্ৰিয় হৈ পৰিছে।

পৃথিৱীৰ মুঠ জলভাগৰ ০.১ শতাংশতকৈও কম অলৱণীয় পানীত বিশ্বৰ আলংকাৰিক মাছৰ বজাৰ মূল্য (প্ৰায় ৪৯০০ কোটি টকা)ৰ সিংহ ভাগে উৎপাদন কৰা হয়। লৱণীয় পানীত ভিন্ন আকাৰৰ ৰঙ চঙীয়া মাছ উপলব্ধ হয় যদিও এনেবোৰ মাছ একুৱাৰিয়ামত বেছি দিনলৈ ৰাখিব পৰা নাযায়। এনেবোৰ মাছৰ পৰিচৰ্যাও যথেষ্ট ব্যয় বহুল। সেয়েহে অলৱণীয় পানীৰ মাছৰ চাহিদাই বিশ্বজুৰি সৰ্বাধিক।

ভাৰতত প্ৰায় দুশ প্ৰজাতিৰ আলংকাৰিক মাছ পোৱা যায় আৰু এইবোৰৰ শতকৰা ৯৫ ভাগ কলকাতাৰ পৰা ৰপ্তানি হয়। ইয়াৰ উপৰিও চেন্নাই, মুম্বাই, কোচি আদিৰ পৰাও আলংকাৰিক মাছ ৰপ্তানি কৰা হয়। কলকাতাৰ পৰা ৰপ্তানি হোৱা প্ৰায় ভাগ আলংকাৰিক মাছেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ।

প্ৰাকৃতিক জল ৰাশিৰে পৰিপূৰ্ণ অসম মৎস্য আবাদৰ ক্ষেত্ৰত এখন চহকী ৰাজ্য। ৰাজ্য খনৰ বিভিন্ন জল-উৎসত প্ৰচুৰ পৰিমাণে থলুৱা আলংকাৰিক মাছ পোৱা যায়। এতিয়া লৈকে অসমত চিনাক্ত হোৱা ২১৭ বিধ মাছৰ প্ৰজাতিৰ ভিতৰত প্ৰায় ৫০ বিধ মাছৰ আলংকাৰিক মূল্য আছে বুলি ঠাৱৰ কৰা হৈছে আৰু ইয়াৰ প্ৰায় কুৰিটা প্ৰজাতি ৰাষ্ট্ৰীয় বজাৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৃত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা থকা অসমৰ কেই বিধমান থলুৱা মাছ এনে ধৰণৰ :

কিন্ত দুৰ্ভাগ্য বশতঃ এনেবোৰ থলুৱা মাছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলংকাৰিক মাছ হিচাপে যিমান প্ৰচাৰ পাব লাগিছিল সেয়া হৈ নুঠাত এনে অমূল্য মাছবোৰ মানুহৰ খাদ্য হিচাপে অতি কম মূল্যত বিক্ৰী হৈ আছে। উদাহৰণ স্বৰুপে, সাপ মূৰীয়া মাছ যেনে- গৰকা, চেঙা (Channa barca), পখৰা চেঙেলী (Channa orientails/bleheri) আদিৰ একো একোটাৰেই আন্তঃৰাষ্ট্ৰীয় মূল্য ৫০-১০০ ডলাৰ পৰ্যন্ত হয়। ঠিক তেনেদৰে তোৰা, বামি আদিৰ দৰে মাছৰো আলংকাৰিক মাছ হিচাপে চাহিদা আৰু যথেষ্ট বেছি। পখৰা বটিয়া (গেঠু) মাছৰ আন্তঃৰাষ্ট্ৰীয় মূল্য সময় ভেদে ভিন ভিন হয় যদিও এনেবোৰ মাছৰ মূল্য সাধাৰণ খোৱা মাছৰ বজাৰ মূল্যতকৈ ২০-৩০ গুণৰো অধিক।

স্থানীয় নাম

বৈজ্ঞানিক নাম

ম্ব্যৱসায়িক নাম

চেলকনা

Salmostoma phulo

Chela

বেডিছ

Badis assamensis

Shacra baril

ঘিলা চন্দা

Osteobrama cotio cotio

Cotio

জেলিয়াচ পুঠি

Puntius gelius

Gelius barb

গেঠু

Botia Dario

Necktie loach

বাঁহপটিয়া

Ailia coila

Gangetic ailia

সুন্দৰী মাছ

Batasio batasio

Assamese batasio

কেয়াকাটা

Gagata cenia

Yellow catfish

তিনকোটিয়া

Conta conta

Sucker catfish

নাংৰা

Nangra assamensis

Assamese Nangra

ওপৰচকুৱা

Aplocheilus panchax

Green Panchax

ৰান্ধনি বেছা

Badis badis

Dware chameleon fish

কাঠ বেছা

Ctenops nobils

Noble fish

গৰকা, চেঙা

Channa barca

Barca snake head

পখৰা চেঙেলী

Channa orientalis

Spotted snake head

তোৰা

Macrognathus aral

Peacock eel

বামি

Mastacembelus armatus

Tyre track spiny eel

ক’লা ডঁৰিকণা

Parluciosoma damiconius

Blackline rosbora

গেদগেদী

Nandus nandus

Mottled perch

গঙাটোপ

Etraodon cutcutia

Puffer fish

থলুৱা আলংকাৰিক মাছৰ প্ৰজনন আৰু ব্যৱসায়িক উৎপাদন কেন্দ্ৰ স্থাপনৰ সৈতে জড়িত হৈ থকা এটি উল্লেখযোগ্য সংস্থা হ’ল ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰ্যালয়ৰ অধীনৰ সাগৰীয় পণ্য ৰপ্তানি প্ৰাধিকৰণ। উত্তৰ-পূৰ্বাঞ্চলত সাগৰীয় পণ্যৰ সম্ভাৱনা নাই যদিও অকল থলুৱা আলংকাৰিক মাছৰ প্ৰাচুৰ্যৰ প্ৰতি লক্ষ্য ৰাখি এই মাছৰ উৎপাদন আৰু বিপণনৰ পথ সুচল কৰিবলৈ সংস্থাটোৱে গুৱাহাটীত এটি উপ-আঞ্চলিক কেন্দ্ৰ স্থাপন কৰিছে। আলংকাৰিক মাছৰ ব্যৱসায়ৰ প্ৰসাৰ ঘটাবলৈ এই প্ৰাধিকৰণে হাতত লোৱা কেই খনমান উল্লেখযোগ্য আঁচনিৰ ভিতৰত প্ৰতিটো কাৰ্যক্ষম প্ৰজনন গোটলৈ ৫০ শতাংশ ৰাজ সাহায্য প্ৰদান, ৰপ্তানিৰ সৈতে জড়িত সংস্থালৈ ৰাজ সাহায্য, জাপানৰ বাহিৰে অন্য এছিয়াৰ দেশ সমূহলৈ বিমান খৰচৰ ক্ষেত্ৰত বিশেষ ৰেহাই, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশ গ্ৰহণৰ বিশেষ সুবিধা আদি।

অসম চৰকাৰৰ মীন বিওভাগেও ৰাজ্য খনত উপলব্ধ আৰু ৰাষ্ট্ৰীয় বজাৰত সমাদৃত থলুৱা আলংকাৰিক মাছৰ প্ৰজননৰ বাবে অসম কৃষি সামৰ্থ বৰ্দ্ধক প্ৰকল্পৰ জৰিয়তে কামৰুপ জিলাৰ মিৰ্জাৰ ওচৰৰ আমৰঙাত এটি আলংকাৰিক মাছ প্ৰজনন কেন্দ্ৰ স্থাপন কৰিছে। ইতিমধ্যে এই কেন্দ্ৰত থলুৱা মাছৰ প্ৰজাতিৰ প্ৰজনন কৌশলৰ সৰলী কৰণ কৰা হৈছে। যিহেতু থলুৱা ভাবে উপলব্ধ আলংকাৰিক মাছবোৰ প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰি থাকিলে এই মাছৰ সংখ্যা দ্ৰুত হাৰত কমি অহাটো নিশ্চিত, সেয়েহে এনে মাছৰ প্ৰজাতি বিশেষে প্ৰজনন কৌশল উদ্ভাৱন কৰি ইয়াৰ সম্প্ৰসাৰণৰ যোগেৰে নিবনুৱা যুৱক-যুৱতীৰ স্বনিয়োজনৰ ব্যৱস্থা কৰিব পৰা যায়। ঘৰৰ চৌহদত অতি কম পৰিসৰতে একে খিনিও পানীকে বাৰে বাৰে ব্যৱহাৰ কৰি আলংকাৰিক মাছ উৎপাদন কেন্দ্ৰ স্থাপন কৰিব পাৰি বাবে ঘৰৰ মহিলা সকলকো এনে লাভ জনক ব্যৱসায়ৰ প্ৰতি উৎসাহী কৰি তুলিব পৰা যায়। অৱশ্যে বজাৰৰ চাহিদাৰ প্ৰতি দৃষ্টি ৰাখি থলুৱা আলংকাৰিক মাছৰ লগতে বিদেশী আলংকাৰিক মাছৰো যৌথ প্ৰজনন কেন্দ্ৰ স্থাপন অধিক লাভ জনক বুলি পৰিগণিত হৈছে।

লেখক: ড° সঞ্জয় শৰ্মা আৰু ধ্ৰুৱজ্যোতি শৰ্মা, অসম কৃষি সামৰ্থ বৰ্দ্ধক প্ৰকল্পৰ মীন সমন্বয়ক আৰু অসম চৰকাৰৰ মীন সঞ্চালকায়ৰ মীন বিষয়া

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate