মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / অসমীয়াৰ কৃষি কাৰ্য্যৰ সঁজুলি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়াৰ কৃষি কাৰ্য্যৰ সঁজুলি

অসমীয়াৰ কৃষি কাৰ্য্যৰ সঁজুলি

অতীজৰে পৰাই অসমীয়া মানুহ খেতিৰ লগত জড়িত হৈ আহিছে। কিন্তু কালৰ সোঁতত যেন বহু অসমীয়াৰ এতিয়া কৃষি-কৰ্মৰ প্ৰতি অনীহাহে হৈছে; আৰু এই অনীহাৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক নৱপ্ৰজন্মৰ বহুতেই আজিও খেতি বা খেতিৰ লগত জড়িত সা-সঁজুলিৰ বিষয়ে অজ্ঞ হৈয়ে আছে। সেয়ে এই লেখাটি আগবঢ়ালোঁ। আশাকৰো ৰাইজৰ সহায় হ’ব।

নাঙল আৰু যুঁৱলি

খেতিয়কৰ আৰু খেতিৰ প্ৰধান আহিলা হৈছে নাঙল আৰু যুঁৱলি। এই নাঙল জামুক, পমা, নাইবা সোণাৰু গছৰে তৈয়াৰ কৰা হয়। পাৰিলে গছৰ কিছু বেকা অংশ পালে সাজিবলৈ সুবিধা হয়, গছৰ গা-ডোখৰৰ ৬ ফুটমান অংশ কাটি আনি তাক ছাচ, দা বা হাতোৰাহীৰে চাঁচি চাঁচি নাঙলৰ আকৃতি দিয়া হয়। নাঙলৰ হাতেৰে ধৰা অংশটোক কুটী বুলি কোৱা হয়। মাটি চহাবলৈ ব্যৱহাৰ কৰা অংশত এটুকুৰা লোৰ সংযোগ কৰা হয় যাক কোৱা হয় ফাল বুলি। ফাল খনৰ কিছু ওপৰত এটা ফুটা কৰি তাত বাঁহৰ গুৰি সহিতে ৭ ফুটমান দৈর্ঘ্যৰ এটা বাঁহৰ ইহ লগোৱা হয়। ইহৰ আগফালে কেইটামান খাজ কাটি ৰখা হয়, সেই খাজত যুঁৱলি খন ৰছীৰে বান্ধিব পাৰি।

প্ৰায় ৬ ফুটমান দৈর্ঘ্যৰ এটুকুৰা ভলুকা বাঁহ দুই মূৰে গাঁঠিৰে সৈতে কাটি যুঁৱলি তৈয়াৰ কৰা হয়। যুঁৱলিৰ দুয়োটা মূৰত গৰুৰ ডিঙি সোমাব পৰাকৈ জোখেৰে দুটা ফুটা (ইপাৰ সিপাৰকৈ কৰা খোলনি) কৰি সেই ফুটাৰে দুটা বাঁহৰ খুটি সুমুৱাই দিয়া হয় যাতে গৰুৰ ডিঙিটো ইফালে-সিফালে লৰচৰ নকৰে। যুঁৱলিৰ সোঁ-মাজতে আৰু দুটা সৰু ফুটা কৰি সৰু সৰু দুডাল বাঁহৰ শলা লগাই দিয়া হয়, তাৰ তলেদি নাঙলৰ ইহটো দি ৰছীৰে বান্ধি দিয়া হয়।

নাঙল আৰু যুঁৱলি তৈয়াৰ হোৱাৰ পাছত বলধ গৰু দুটাৰ কান্ধত যুঁৱলিৰ দুই মূৰ লগাই বান্ধি দি হালোৱাই নাঙলৰ কুটীত ধৰি পথাৰত ঘূৰাই ঘূৰাই হাল বায়। হাল বোৱাৰো নিয়ম আছে। এপাক এপাক কৈ এটা নিদিষ্ট অংশ চহোৱা শেষ হ’লে সেই অংশক এটা আউচ বুলি কোৱা হয়। এডৰা মাটি এবাৰ চহোৱা হ’লে এচাহ মৰা হ’ল বুলি কোৱা হয়। এইদৰে এডৰা মাটি কেইবা চাহো মাৰিলেহে মাটিশৰা খেতিৰ বাবে উপযুক্ত হৈ উঠে।

মৈ


তিনি ফাল ৭ ফুটমান দৈর্ঘ্যৰ বাঁহক পথালিকৈ ৰাখি মাজত খোলনি কৰি ২/৩ ফুট দৈর্ঘ্যৰ ৪ডোখৰ বাঁহক সংযোগ কৰি তৈয়াৰ কৰা হয় মৈ। দেখিবলৈ মৈ ধেনুভৰীয়া আকৃতিৰ। হাল মৰাৰ শেষত পথাৰৰ ডাঙৰ ডাঙৰ চপৰাবোৰ (মাটি ডাঙৰ অংশ) ভাঙিবলৈ মৈ ব্যৱহাৰ কৰা হয়। যুঁৱলিৰ পৰা নাঙল সোলকাই মৈখন দীঘল দুডাল ৰছীৰে যুঁৱলিৰ লগত সংযোগ কৰি দিয়া হয়। হালোৱাই মৈৰ মাজৰ থিয় বাঁহৰ পাত দুডোখৰত ভৰি দি থিয় হৈ গৰু হালক নিৰ্দ্দেশ দি আগুৱাই লৈ যায়।

কোৰ

লোৰে তৈয়াৰী এখন ৬ ইঞ্চিমান দৈর্ঘ্যৰ এটা মূৰত ধাৰ থকা সঁজুলি, ইয়াৰ ওপৰৰ ফালে এটা বাঁহৰ বা কাঠৰ নাল লগোৱা হয়। কোৰেৰে পথাৰৰ আলিবোৰৰ পাৰবোৰ কাটি কাটি ঘাঁহ থকা অংশ আঁতৰাই পেলাই পুনৰ নতুনকৈ আলি দিয়া হয়, যাতে আলিবোৰ সমান আৰু পোনহৈ পৰে আৰু আলিৰ মাজেদি যাতে খেতিৰ লাগতিয়াল পানী বাহিৰলৈ ওলাই যাব নোৱাৰে।

লাহনি

পানী সিঁচা কাৰ্য্যত ব্যৱহাৰ কৰা এবিধ সঁজুলি। তেলৰ টিন বা আন টিনৰ ২ফুটমান কাটি এটা মূৰত বাঁহৰ নাল এটা লগাই আৰু আনটো মূৰত পথালিকৈ বাঁহৰ শলা এডাল লগাই টিন ডোখৰ আৰু নালৰ মাজত সংযোগ কৰি ৰখা হয়। খেতিৰ মাটি উপযুক্ত পানীৰে পৰিপূর্ণ কৰিবলৈ ওচৰৰ পানী থকা অংশৰ পৰা পানী সিঁচা কামত লাহনিৰ ব্যৱহাৰ কৰা হয়।

ওখোন

আগলি বাঁহৰ ৫ফুটমান আৰু সেই বাঁহৰ আগভাগত লাগি থকা আখি এটাৰ ৬ ইঞ্চি মান ৰাখি (বাঁহ গছৰ গাঁঠি) কাটি লোৱা হয় আৰু সেই আগবাঁহ ডোখৰৰ গোটেই গাটো কটাৰী বা দা-ৰে চাঁচি নিমজ কৰি লোৱা হয়। গাঁঠি অংশ ৰছী বা তাঁৰেৰে বান্ধি জুইত কিছু সময় সেকি ধেনু আকৃতিৰ কৰি লোৱা হয়। সাধাৰণতে মৰণা মৰাৰ সময়ত মৰণাৰ খেৰবোৰ জোকাৰিবলৈ বা গোটাবলৈ ওখোন ব্যৱহাৰ কৰা হয়। ঠাই বিশেষে এই সঁজুলিবোৰৰ নাম ভিন ভিন হ’ব পাৰে।

বিৰিয়া

এফাল ভলুকা বাঁহ, দুই মূৰ জোঙা কৰি চাঁচি লৈ নিমজ কৰা হয়, মাজৰ অংশটি দুই মূৰতকৈ কিছু বহল আকাৰৰ কৰা হয়, যাতে কান্ধত ল’বলৈ সুবিধা হয়। এই বিৰিয়া পথাৰৰ পৰা ধানৰ মুৰিয়া (ধানৰ একোটা মুঠা)বোৰ দুই মূৰত খোঁচ মাৰি চিলাই, কান্ধত লৈ কঢ়িওৱা কামত ব্যৱহাৰ কৰা হয়। দুই মূৰত অতি কমেও ৫টাকৈ ১০টামান মুৰিয়া কঢিয়াই আনিব পাৰি।

হোলোঙা

বিৰিয়া আৰু হোলোঙাৰ ব্যৱহাৰ প্ৰায় একেই। পাৰ্থক্য মাথোঁ এটাই— বিৰিয়া এফাল বাঁহেৰে তৈয়াৰ কৰা হয় আৰু হোলোঙা গোটা জাতি বাঁহেৰে তৈয়াৰ কৰা হয়।

কাঁচি

লোৰে তৈয়াৰী এবিধ সঁজুলি। ইয়াক ধান কটা কামত ব্যৱহাৰ কৰা হয়। দেখিবলৈ কাঁচিখন সাইলাখ কাঁচি জোনটোৰ দৰেই । সাধাৰণতে কমাৰেহে কাঁচি, কোৰ, নাঙলৰ ফাল আদি তৈয়াৰ কৰিব পাৰে। কাঁচিৰ এটা ফালে সৰু, বেকা আগৰ পৰা গুৰিলৈকে অসংখ্য ধাৰ থকা দাঁত থাকে যিয়ে ধান সহজে কটাত সহায় কৰে। গুৰিৰ অংশটো কিছু জোঙা কৰা থাকে যাতে তাত হাতেৰে ধৰিব পৰাকৈ এটা নাল লগাবলৈ সুবিধা হয়। সাধাৰণতে কাঠৰ নাল লগোৱা হয়। নালটো হাতৰ মুঠিৰ জোখেৰে কাটি লৈ এটা মূৰত বেৰি (লোৰ আঙঠি সদৃশ)লগোৱা হয় যাতে নালটো ফাটি নাযায়। বেৰি নালৰ মূৰত লগোৱা হ’লেই কাঁচিৰ জোঙা অংশটি জুইত গৰম কৰি গৰমে গৰমে সেইটো বেৰিৰ মাজেৰে নালটোত সুমুৱাই দিয়া হয় ।

লিখক: নিতুল বৰা।

3.0987654321
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top