মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / অসমৰ কৃষিখণ্ড: ইতিহাস আৰু পৰম্পৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ কৃষিখণ্ড: ইতিহাস আৰু পৰম্পৰা

অসমৰ কৃষিখণ্ড: ইতিহাস আৰু পৰম্পৰা

অসমৰ কৃষিখণ্ডৰ ইতিহাস আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে এই ভূ-খণ্ডটোত বাস কৰা শতাব্দী প্ৰাচীন বিভিন্ন জাতি-জন গোষ্ঠীৰ জীৱন গাঁথা। কেনেকুৱা পৰিবেশৰ মাজেৰে এই জাতি বা জন গোষ্ঠী সমূহে আহি এই ভূ-খণ্ডত প্ৰৱেশ কৰিছিলহি তাৰ উৱাদিহ ল’বলৈ আশ্ৰয় ল’ব লগীয়া হয় নৃতত্ব, পুৰাতত্ব, ভূগোল, বুৰঞ্জীৰ বিশাল জ্ঞান ভাণ্ডাৰৰ ওচৰত। সমল বিচাৰি নিৰ্ভৰ কৰিব লগীয়া হয় ধান আৰু প্ৰকাৰ ভেদে ইয়াৰ ব্যৱাহাৰ, পাট-মুগা-এড়ি সুতাৰ বস্ত্ৰ আৰু এনে জাতীয় কৃষি খণ্ডৰ কেই পদ মান সামগ্ৰীৰ বাণিজ্যৰ ওপৰত।

পৰিৱৰ্তিত পৰিস্থিত এই বিশাল ভূ-খণ্ডৰ ৰুপান্তৰৰ মাজেৰে সৃষ্টি হয় প্ৰথমে কামৰুপ, পাছৰ এচোৱা সময়ত প্ৰাগজ্যোতিষপুৰ; সাম্প্ৰতিক সময়ৰ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ভগ্নী ৰাজ্য। এই ভূ-খণ্ডৰ প্ৰথম অধিবাসী সম্ভৱতঃ নৱপ্ৰস্তৰ যুগৰ নিষাদ তথা মহাভাৰত যুগৰ কিৰাট সকল। পাছত যোগ হয় উত্তৰ দিশৰ হোৱাংহো আৰু ইয়াংজে কিয়াং উপত্যকাৰ পৰা অহা তিব্বতীয় বৰ্মন সকল, ইউৰোপৰ পৰা অহা স্কাইথিয়-আল্পাইন-নৰ্ডিক শ্ৰেণীৰ আৰ্য সকল, আফ্ৰিকাৰ পৰা আৰৱ তথা বংগৰ, উপকূলেৰে আগবাঢ়ি অহা নেগ্ৰিটো আৰু নিগ্ৰ’ইট সকল, উত্তৰৰ হিমালয় অতিক্ৰমী অহা শক আৰু হুন সকল, পশ্চিমৰ খাইবাৰ গিৰি পথেৰে গংগা-যমুনা-গোদাবৰী উপত্যকা দখলৰ পাছত প্ৰৱেশ ঘটা পাঠান-মোগল সকল আৰু পূৱ দিশৰ বিশাল পাটকাই পৰ্বত মালা নেওচি অহা টাই-আহোম সকল।

একালৰ বৃহত্তৰ অসম খনৰ চাৰিটা মূল মানৱ গোষ্ঠী দ্ৰাৱিড়, মংগোলীয়, অষ্ট্ৰিক আৰু আৰ্য সকলৰ সভ্যতাৰ সংমিশ্ৰিত ৰুপ এটাৰ আলমতেই আজি গঢ় লৈ উঠিছে অসমৰ সাংস্কৃতিক সমন্বয়। অষ্ট্ৰ’লয়ড, মংগোলীয় আৰু ক’কেচীয় তেজৰ সংমিশ্ৰণত অসমৰ থলুৱা জনসমষ্টি তথা জন সংস্কৃতি গঢ়ি উঠিছে বুলি কোৱা হয়। এনেদৰেই অসমৰ কৃষি-সংস্কৃতিৰ বৰপেৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ ভিন ভিন সভ্যতাৰ উপাদান এটা এটাকৈ ঠাহ খাই পৰিছেহি।

প্ৰাচীন অসমৰ কৃষিক্ষেত্ৰৰ উপাদানসমূহ

এটা নতুন ভূ-খণ্ডলৈ আহোতে একো একোটা জাতি-উপজাতিয়ে লগত তিনিটা প্ৰধান বস্ত্ত কঢ়িয়াই আনে। সেয়া হ’ল তেওঁলোকৰ নিজস্ব ভাষা, খেতি-বাতিৰ সা-সঁজুলি আৰু শস্যৰ বীজ। নতুন ভূ-খণ্ডত এই তিনি বিধ আহিলাই স্থায়ী ভাৱে প্ৰভাৱ বিস্তাৰ কৰে। সলনি কৰি পেলায় একোটা বৃহত্তৰ এলেকাৰ জীৱন আৰু জীৱিকাৰ ধাৰা।

প্ৰাগ-ঐতিহাসিক অসমৰ কৃষি পদ্ধতিৰ বিষয়ে অলোচনা কৰাতো বৰ দুৰুহ। ইয়াৰ কাৰণ প্ৰয়োজনীয় সমলৰ অভাৱ। মাথো পুৰাণত উল্লেখ থকা সেই কালৰ ৰাজন্যবৰ্গৰ খাদ্য তালিকাৰ বৰ্ণনাৰ পৰা অসম দেশত কেনেধৰণৰ কৃষি কাৰ্য কৰা হৈছিল সেই বিষয়ে মাথো অনুমান কৰিব পাৰি। ইয়াৰ বিপৰীতে কালিকা পুৰাণত পৌৰাণিক যুগৰ অসমত প্ৰচলিত কৃষিৰ সম্পৰ্কে কিছু আভাস পোৱা যায়। খ্ৰীষ্টাব্দ সপ্তম-অষ্টম শতিকাত কিৰাট ৰজা মহিৰংগ দানৱৰ পৰাই অসমত ৰাজকীয় শাসন ব্যৱস্থাৰ প্ৰচলন হয়। ইয়াৰ পাছত অসুৰ বংশীয় হটক, সম্বৰ, ৰম্ভ, ঘটক, নৰকাসুৰৰ পাছত মহাভাৰতৰ সময়ৰ ভগদত্ত আৰু বগ্ৰদত্ত ৰজাই সেই সময়ৰ অসম শাসন কৰিছিল। বিশেষ তথ্য নাথাকিলেও সেই সময়ত ৰাজভোগ হিচাপে সুগন্ধি চাউলৰ অন্ন, নানাবিধ ব্যঞ্জন, দুগ্ধান্ন আৰু পায়সম আদিৰ বিষয়ে উল্লেখিত তথ্যক ভৰ দি সেই সময়ৰ খেতি-বাতিৰ ক্ষেত্ৰত থকা ৰাজ আগ্ৰহক প্ৰামাণিক তথ্য হিচাপে থিয় কৰিব পৰা যায়।

মধ্যকালীন যুগত বৰ্মন বংশ (খৃঃপূঃ ৯০০-১১০০) প্ৰধান শাসক আছিল। পৰৱৰ্তী সময়ত শালস্তম্ভ ৰজা সকলৰ দিনত পথাৰত উৎপাদন হোৱা ধানেৰে মাটিৰ পৰিমাণ নিৰ্ণয় কৰা হৈছিল। বুৰঞ্জী পুথি আৰু খনন কাৰ্যযোগে প্ৰাপ্ত তথ্যৰ পৰা এওঁলোকৰ দিনত বাঁহগছ, আম, কঠাল, জামু, শিলিখা, মধুৰীআম, কল, নাৰিকল, ধান, কাঠ, আলু, মোৱা আলু, পাট-মুগা আদিৰ লগতে গাইগৰু, গাহৰি, হাতী, ছাগলী আদিৰ দৰে পশুধনৰ বিৱৰণ পোৱা যায়। তীজপুৰৰ হৰ্জৰা পুখুৰী, বালিপুখুৰী, পদুমপুখুৰী, শিৱসাগৰৰ বৰপুখুৰী, জয়সাগৰ, ৰুদ্ৰসাগৰ, কাজিৰঙাৰ অঁকাদহীয়া পুখুৰী, গুৱাহাটীৰ দীঘলীপুখুৰী আদিয়ে সেই সময়ৰ অসমত মাছ পোহাৰ নিদৰ্শন আৰু বাণিজ্যৰ বিষয়ে প্ৰমাণ কৰে। অগৰু-চন্দনৰ তেল, কৰ্পূৰ, কসূৰীমৃগ, লা আদিৰ দৰে শিল্পজাত পণ্য সামগ্ৰীৰ বাবে চীন দেশৰ ইউনান প্ৰদেশ আৰু উত্তৰৰ ভূটানৰ সৈতে সেই সময়ৰ অসম্ৰ এক সম্পৰ্ক গঢ়ি উঠিওছিল। পশ্চিমৰ পৌন্ধ্ৰবৰ্দ্ধন (উত্তৰ বংগ)ৰ কোচবিহাৰ আছিল বেহা-বেপাৰৰ প্ৰাণকেন্দ্ৰ।

পৰম্পৰাৰ বাহক অসমৰ কৃষিক্ষেত্ৰ

অসমৰ কৃষি ক্ষেত্ৰই বহন কৰিছে এক ঐতিহ্য পূৰ্ণ পৰম্পৰা। আদিৰে পৰাই অসমৰ কৃষি ক্ষেত্ৰৰ ঘনিষ্ঠ সম্পৰ্ক ধানৰ সৈতে। আহু, শালি, বাও আৰু বৰোধান- বছৰটোৰ শস্য কাল ভিত্তিক প্ৰকৰণ এই চাৰিবিধ। সেই সময়ৰ জনজাতীয় লোক সকলে ভিন ভিন জাতৰ আহু খেতি কৰিছিল। বগা আহু, ক’লা আহু, ৰঙা আহু, বেঙেনাগুটীয়া, ৰঙাদৰীয়া, গুণী, বেতগুটি, কৈজাপৰী, লোহাদাং, ৰঙাজিৰা, বগীবৰ আদি বিভিন্ন জাতৰ নামৰ কথা কৈ অন্ত পেলাব নোৱাৰি। আহু খেতিৰ বাবে চ’ত-ব’হাগ মাহত ওখ চানেকীয়া আটিত হাল বাই গুটি চটিয়াই খেতি কৰা প্ৰথা সৌ সিদিনা লৈকে চলি আছিল। আহু ধান সিঁচা সময়ৰ আগে আগে মিচিং সকলে আলি-আয়ে-লৃগাং উৎসৱ পালন কৰে। মিচিং সকলৰ ঘাই শিপা ডাল সোমাই আছে অৰুণাচলৰ আব’টানি নামৰ গোষ্ঠীটোৰ মাজত। পৰৱৰ্তী সময়ত আহোম সকলে শালি ধান খেতিৰ প্ৰচলন কৰে। বোকা মাটিত কঠিয়া পাৰি ৰোৱাতলীত আলি বান্ধি পানী ৰখাই, ভুঁই ৰুই শালি খেতি কৰা পদ্ধতি জনজাতীয় লোক সকলৰ বাবে প্ৰথমতে আচহুৱা আছিল। দৰাচলতে এই নতুন ধাৰাটো আহোম সকলৰ আদি পুৰুষৰ বাসস্থান দক্ষিণ চীনৰ ইউনান, থাইলেণ্ড, মালয় আদিত প্ৰচলিত আছিল আৰু তাৰ পৰাই টাই জনগোষ্ঠী সকলে এই প্ৰথা মনৰ মাজত কঢ়িয়াই আনি অসমত প্ৰচলন কৰিছিল। শালি ধানৰ পুৰণি সঁচ বিলাকৰ ভিতৰত অগ্নিশালি, বিৰৈ, বিৰিয়াভঙা, টিংৰাই, বাও ধানৰ জাত সমূহৰ ভিতৰত এদলীয়া বাও, নেঘেৰী বাও, তৰাবাও, তুলাসীবাও, জলপানৰ ধানৰ ভিতৰত ক’লা জহা, কুনকুনি জহা, কাজলি জহা, পিপৰাচোকোৱা জহা, বকুল বৰা, মইনা বৰা, তুলসী বৰা, জেঙনি বৰা, চিলঠিয়া কোমল আদি অন্যতম। অৰণাচলৰ চিংফৌ জনগোষ্ঠীৰ খাও-লাং, মিয়াও-টং, ৰঙাপিখি, ক’লাপিখি ধান টোপোলা ভাতৰ বাবে উপযুক্ত। মিয়াও-টং তিওৱা পানী প্ৰাকৃতিক চেম্পু হিচাপে চিংফৌ জনগোষ্ঠীয়ে ব্যৱহাৰ কৰি আহিছে। ইফালে টাই সম্প্ৰদায়ৰ মাজত প্ৰচলিত খাও-লাম জাতৰ বৰা ধানৰ পৰা বাঁহৰ চুঙাত তৈয়াৰী ভাত বৰ সুস্বাদু।

আহোম যুগৰ আৰম্ভণিত অসমত ধান তিনি প্ৰকাৰৰ বুলি গণ্য কৰা হৈছিল – শালি (আহাৰ, শাওণ মাহত কঠীয়া ৰুই আঘোণ-পুহ মাহত দাব পৰা খেতি), ব্ৰীহি (ব’হাগ-জেঠ মাহত গুটি সিঁচি আহাৰ-শাওণৰ সময়ত চপাব পৰা খেতি) আৰু স্বস্তিকা (গ্ৰীষ্ম কালত দুমাহত কৰা খেতি)। যুদ্ধ ক্ষেত্ৰত আঘাত প্ৰাপ্ত সৈনিকক পুৰণি শালি ধানৰ পিঠাগুড়িত ঘিউ মিহলাই এঠা যুক্ত লেপনেৰে লেপ দি বিষ-ব্যাধিৰ উপশম ঘটোৱা হৈছিল। স্বস্তিকা ধানৰ গুড়ি গোমূত্ৰ আৰু গৰুৰ গাখীৰৰ সৈতে মিহলাই পুৰণি ৰোগ উপশমৰ বাবে ব্যৱহাৰ কৰা হৈছিল। চকুৰ দৃষ্টি শক্তি অক্ষুণ্ণ ৰখা, নিমজ চাল, কণ্ঠ ভালে ৰখা, শুক্ৰাণু বৃদ্ধিৰ লগতে মূত্ৰ ৰোগ নহ’বলৈ সেই সময়ত ৰক্তচালি বা ৰঙা চাউল ব্যৱহাৰ কৰা হৈছিল। আনহাতে, কৃষ্ণব্ৰীহি বা ক’লা আহু চাউলৰ ব্যৱহাৰ কৰা হৈছিল দেহৰ ভিতৰত উচিত পৰিমাণৰ ৰস নিসৰণৰ বাবে। বাত, কফ আদিৰ দৰে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত স্বস্তিকা চাউল ব্যৱহাৰ কৰা হৈছিল। বৰা ধানৰ ভাত পাণ্ডু ৰোগৰ মহৌষধ আছিল। ভিন ভিন জাতৰ ধানৰ গুণ ভিন ভিন আছিল বাবেই বেলেগ বেলেগ জনগোষ্ঠীয়ে বেলেগ বেলেগ ধানৰ জাতৰ খেতি কৰিছিল। পুৰুষানুক্ৰমে খেতি কৰি অহা বহু প্ৰকাৰৰ ধানৰ জাতৰ গুণ বিলাক সাধাৰণ মানুহে গম নোপোৱাকৈ ৰখা হৈছিল। এই জনগোষ্ঠী সমূহে প্ৰচলন কৰা ধানৰ জাতৰ এই মেটমৰা ভঁৰালটোৰ বাবেই অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ধানৰ জাতৰ বিশাল প্ৰাকৃতিক সংগ্ৰহটো বিশ্বৰ ভিতৰতে সৰ্বাধিক বুলি স্বীকৃত।

আহোম ৰাজত্ব কালত এনেদৰে খেতিৰ উৎকৰ্ষ সাধনত গুৰুত্ব দিয়াৰ ফলত অনাৰ্য বংশীয় সকলে হাবি-জংঘলে কাটি-পুৰি কৰি অহা ঝুম খেতি আওপকীয়াকৈ বন্ধ হ’বলৈ আৰম্ভ কৰিছিল। অসমত প্ৰথম বাৰৰ বাবে স্থিত কৃষিৰ ধাৰণাৰ সৃষ্টি হৈছিল। গাঁৱত ঘৰ-দুৱাৰ সাজি, পুখুৰী খান্দি, পথাৰত খেতি কৰাটো এটা নৈমিত্তিক প্ৰক্ৰিয়াত পৰিণত হৈছিল। মন কৰিব লগীয়া যে এই সময়ত ঘাইকৈ দুটা কৃষি কৰ্মৰ ধাৰা সমন্তৰালভাৱে চলি অহা জনজাতীয় ধাৰা – য’ত উৎপাদনৰ পৰিমাণ আছিল সামান্য আৰু ইয়াৰ বিপৰীতে আনটো হ’ল চ্যুকাফাৰ নেতৃত্বত আহোম সকলে কঢ়িয়াই অনা নব্য কৃষি সংস্কৃতি – যিটো উচ্চ-উৎপাদনমুখী আৰু জনহিতকৰ। স্বাভাৱিকতে পিছৰটোৱে ৰাইঅজক অধিক মাত্ৰাত আকৰ্ষণ কৰিছিল। ইয়াৰ প্ৰমাণ পোৱা যায় স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। উল্লেখ আছে যে, এবাৰ তেওঁ বংগ জয়ৰ লক্ষৰে চাৰি লাখ সেনাৰ এটা ফৌজ গঠন কৰিছিল। এই বিশাল সৈন্য বাহিনীটোৰ খোৱা-বোৱাৰ হেতুকে স্বৰ্গদেউৱে উজনিত কমেও সাত লাখ পুৰা মাটিত (আজিৰ হিচাপেৰে প্ৰায় ১ লাখ ৮৭ সাতাশী হাজাৰ হেক্টৰ কৃষি ভূমি) উন্নত পদ্ধতিৰে শালি ধানৰ খেতি কৰাইছিল।

সেই সময়ত আহোমৰ লগতে কোঁচ, চুতীয়া আদিসম্প্ৰদায়ৰ ৰাজন্য বৰ্গই ব্ৰাহ্মণ, পীৰ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানক ভূমিদান কৰিছিল। শস্য উৎপাদনৰ লগতে সেই সময়ত ভূমিক লাগতিয়াল সম্পত্তি হিচাপে গণ্য কৰাৰ বিষয়ে ইয়াৰ পৰাই অনুমান কৰিব পাৰি। ঘৰৰ আগফালে ফুলনি আৰু পাছফালে পদ্ধতিগত ভাৱে বাৰী স্থাপন কৰা প্ৰথাটোও আহোম সকলৰে অৱদান। মোমাই তামুলী বৰবৰুৱাই এনে বাৰী স্থাপনৰ জৰিয়তে ভিন ভিন জাতৰ বাঁহ গছৰ লগতে শাৰী শাৰীকৈ কল, তামোল, নাৰিকল, আম, কঁঠাল, লিচু, পনিয়ল আদিৰ দৰে ফল-মূল ৰোপণ কৰাটো প্ৰচলন কৰিছিল। এনে পদ্ধতিগত বাৰীৰ ব্যৱস্থাৰ চানেকি দেশৰ ক’তো পোৱা নাযায়। মুঠতে সাম্প্ৰতিক অসমৰ আধুনিক কৃষি ব্যৱস্থাটোৰ মূল ভেটি আহোম ৰাজত্ব কালতেই স্থাপন হোৱা বুলি ক’ব পাৰি। মোগল যুগৰ বুৰঞ্জী লেখক সিহাবুদ বিন তালিশে ১৭ শতিকাতে ব্ৰহ্মপুত্ৰ উপত্যকাত বোকা-মাটিত কঠীয়া ৰুই কৰা শালিধান খেতিয়ে বিদেশী পৰ্যটককো আকৰ্ষণ কৰা বুলি উল্লেখ কৰিছে। কিন্ত ৰাল্‌ফে ফিৎচে ১৫৮৫ চনত কোচবিহাৰ ভ্ৰমণ কৰা কালত নামনি অসমত শালি ধানৰ খেতি নেদেখা বুলি উল্লেখ কৰাটো মন কৰিব লগীয়া। অৱশ্যে তেওঁ পাট-মুগা, বস্ত্ৰ শিল্পকে ধৰি কঁপাহ, বাঁহ, কুঁহিয়াৰ আদিৰ খেতিৰ বিষয়ে উল্লেখ কৰি থৈ গৈছে। কথাগুৰু চৰিততো নামনি অসমত শালিধান খেতি কৰাৰ বিষয়ে উল্লেখ কৰা হোৱা নাই। ব্ৰিটিছ সকলে চলোৱা অধ্যয়ন লব্ধ তথ্য অনুসৰি আহোম ৰাজত্ব কালত অস্ম খন হাবি-জংঘলেৰে ভৰি আছিল আৰু স্বৰ্গদেউ সকলে প্ৰজা সকলৰ জৰিয়তে হাবি ভাঙি বিস্তৰ পৰিমাণৰ ভূমি মোকলাই খেতি কৰিবলৈ উঅদগনি যোগাইছিল। নকৈ হাবি ভাঙি খেতি কৰি খোৱা সকলক ভূমি খাজনা ৰেহাই দিয়াটো বা ন্যূনতমুট্‌পাদন ৰাজঘৰত জমা দিয়া নিয়মটো মন কৰিব লগীয়া, ক’বলৈ গ’লে ব্ৰিটিছৰ আগমনৰ আগতেই এনেদৰেই অসমত কৃষি সম্প্ৰসাৰণৰ দিশটো মুকলি হৈছিল।

প্ৰাচীন অসমৰ ৰেচম শিল্প

সোণালী সূতাৰ দেশ অসম। এড়ি-মুগা-পাট-মেজাংকৰি-টচৰ সূতাৰে মেৰ খাই আছে অসমৰ ৰেচম শিল্পৰ ইতিহাস। যীশুখ্ৰীষ্টৰ জন্মৰ বহু আগৰে পৰা অসমৰ পাট-মুগা-এড়ি সূতাৰে তৈয়াৰী সুন্দৰ অংগ বস্ত্ৰই ৰোম তথা ইজিপ্তৰ ৰাজন্য বৰ্গৰ গাত শোভা পাইছিল। আনকি কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত (৬০০-৬৫০ খৃষ্টাব্দ) কামৰুপৰ পৰা সমসাময়িক উত্তৰ ভাৰতৰ ৰাজ বংশ সমূহে পাট-মুগাৰ বস্ত্ৰ আমদানি কৰিছিল। চীনা পৰিব্ৰাজক হিউৱেন চাঙে উল্লেখ কৰা অনুসৰি আহোম ৰজা স্বৰ্গ নাৰায়ণৰ ৰাজত্ব কালত (১৪৯২-১৫২০ খৃষ্টাব্দ) সুৱৰ্ণ কুচিৰ (শুৱালকুছি) পাট-মুগা শিল্পত ৰাজ পৃষ্ঠ পোষকতা চলিছিল। ব্ৰিটিছ ৰাজত্ব কালত এই শিল্পই চীনৰ ইউনানৰ কুনমিং অঞ্চল সামৰি উত্তৰলৈ গতি কৰিছিল। বড়ো, কচাৰী, ৰাভা, গাৰো, হাজং, তিৱা, লালুং, কাৰ্বি, ডিমাচা, মিচিং, সোনোৱাল, টাই-ফাকে, আহোম, চুতীয়া, মণিপুৰী লোক সকলে চোম, সোৱালু, মেজাংকৰি আদি গছৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানিছিল আৰু সেই সময়ৰ বিশেষ ধৰণৰ প্ৰযুক্তিৰ জৰিয়তে ৰেচম শিল্লৰ বাণিজ্যিক দিশটোকে নতুন মাত্ৰা দিছিল।

এটা বিষয়ত অসম খন বিশ্বৰ ভিতৰতে বিস্ময়কৰ। সুদূৰ ইজিপ্ত, নাইজেৰিয়া, কংগো আদিৰ দৰে আফ্ৰিকীয় দেশ, ইটালী, পৰ্টুগাল আদি দৰে ইউৰোপীয় দেশ, ইৰাণ, ইৰাক, চীন, বাৰ্মা, থাইলেণ্ড আদিৰ দৰে এছীয় দেশ আদিৰ পৰা বিভিন্ন জনগোষ্ঠী আহি অসম ভূমিত সোমালহি – এই ভূ-খণ্ডৰ পৰ্বত-পাহাৰ, নদ-নদী, জান-জুৰি, ছয় ঋতু, স্বাভাৱিক বননিৰ মোহত তেওঁলোক বন্দী হ’ল- কোনেও অসম এৰি যাব নোৱাৰা হ’ল। দিয়া-থোৱা, খোৱা-লোৱা, বিয়া-বাৰুকে ধৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে আদান-প্ৰদান ঘটিল আৰু সময়ত বৃহত্তৰ অসমত অসমীয়া নামেৰে মহাজাতি এটাৰ সৃষ্টি হ’ল। পাৰ হৈ গ’ল হাজাৰটা বছৰ। তাৰ মাজতে প্ৰত্যেক জাতি-উপজাতিয়ে নিজ নিজ কৃষ্টি-সংস্কৃতিৰ লগতে স্বকীয় জীৱন শৈলীৰে শক্তিশালী কৰি তুলিছে অসম আৰি অসমীয়া সামগ্ৰিক জীৱন গাঁথা।

লেখক : ড° পংকজ কুমাৰ দেব চৌধুৰী। নগাঁৱৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্ভিদ প্ৰজনন আৰু বংশতিতত্ব বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী, এগ্ৰি হৰ্টি প্ৰদৰ্শনী।

2.88333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top