মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / কাৰবি আংলং জিলাৰ ইতিহাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাৰবি আংলং জিলাৰ ইতিহাস

কাৰবি আংলং জিলাৰ ইতিহাস

কাৰবি আংলং জিলা তথা মিকিৰ পাহাৰ জিলা গঠন হৈছে ১৯৫২ চনৰ ২৩ জুন তাৰিখে। কাৰবি আংলং জিলাখনৰ নাম আগতে মিকিৰ পাহাৰ বুলিহে জনা যায়। এই জিলাখনৰ ইতিহাস দাঙি ধৰিবলৈ হ’লে কাৰবিসকলৰ ইতিহাস চমুকৈ হ’লেও উল্লেখ কৰিব লাগিব। কাৰবি জনগোষ্ঠীৰ কোনো লিখিত বুৰঞ্জী নথকাৰ বাবে কাৰবি ইতিহাস ৰচনা কৰাৰ বহুতো সমস্যা দেখা দিয়ে। এনে সমস্যাবোৰ দূৰ কৰাৰ বাবে বিখ্যাত গৱেষকসকলে চীন দেশত আৰকান অঞ্চলত বাস কৰা জনগোষ্ঠীসকলৰ লগত কাৰবি ভাষা সংস্কৃতিৰ সাদৃশ্যৰ ওপৰত গৱেষণা কৰি কিছু তথ্য উদ্ভাৱন কৰিছে। কিন্তু এইখিনিয়ে কাৰবি জনগোষ্ঠীৰ ইতিহাস ৰচনা কৰাৰ বাবে যথেষ্ট সমল নহয়। কিংবদন্তিৰ মতে কাৰবি জনগোষ্ঠীসকলৰ আদি বাসস্থান চীন দেশৰ বুলি কোৱা হয়। কাৰবিসকলৰ পুৰ্বপুৰুষ তথা ৰজা ‘সৎ ৰিচ’য়ে ইংয়াং চিকিয়াৰ অথবা হুৱাংহু নৈৰ পাৰত বাস কৰিছিল। তাৰ পৰা তিব্বত লাচা হৈ কুকি-চীনলৈ আহে আৰু তাৰ মানুহৰ যোগেদি খেতি-বাতিৰ সৈতে পৰিচয় হয়, তাতে বিয়া-বাৰু নীতিসমূহ শিকে, তাৰ পাছত পাটকাই পৰ্বত পাৰ হৈ অসমলৈ প্ৰব্ৰজন কৰে। এসময়ত কাৰবিসকল কছাৰী ৰাজশক্তিৰ আশ্ৰয়ত আছিল। কিন্তু কছাৰী ৰাজশক্তিৰ তলত নিৰাপত্তাৰ অভাৱত তেওঁলোকে জয়ন্তীয়া ৰজাৰ ওচৰত আনুগত্য স্বীকাৰ কৰিছিল। ইয়াতো তেওঁলোকে বিদ্বেষ আৰু নিষ্ঠুৰতাৰ বলি হয়। সেই সময়ত থংনকবে, ৰংফাৰপী ৰংবে আদি বীৰ-বীৰাংগনাসকলৰ ত্যাগ আৰু সাহসৰ বাবে খাচী-জয়ন্তীয়া আৰু আহোম ৰজাসকলৰ অত্যাচাৰৰপৰা মুক্ত হ’ব পাৰিছিল। আৰু তেখেতসকলৰ সাহসৰ বাবে আজিও কাৰবি জনগোষ্ঠী জাতি হিচাপে নিজকে চিনাক্ত কৰিব পাৰিছে। তেখেতসকলৰ বৰঙণিসমূহ চিৰস্মৰণীয় হৈ কাৰবি আংলং জিলা ইতিহাসত সদায় জিলিকি থাকিব। ইয়াৰ পিছত তেওঁলোকে আহোম ৰাজ্যত প্ৰৱেশ কৰিবলৈ বাধ্য হয়। এনে অৱস্থাত ৰহাৰ আহোম সৈন্যই কাৰবিসকলৰ নিশ্চিহ্ন প্ৰায় ৰংখাং ৰজাৰ অধীন কৰি ৰংখাঙৰ(বৰ্তমান হামৰেণ মহকুমা)কাৰবি ৰজাক কৰতলীয়া ৰজা পাতি মিত্ৰতা কৰে। এই মিত্ৰতাৰ পিছতে আহোমসকলে কাৰবিসকলক নগাঁও অঞ্চলত বাস কৰিবলৈ দি কাৰবি জনগোষ্ঠীক ‘লংৰি’ গঠন কৰি দিছিল। ইয়াণ্ডাবু সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যোৱাত অসমৰ ৰাজনৈতিক মানচিত্ৰ সলনি হয়। প্ৰশাসনৰ সুবিধাৰ বাবে জিলাবোৰ গঠন কৰা হ’ল যদিও কাৰবি ‘লংৰি’ক লৈ জিলা গঠন নহ’ল। কেৱল ‘মিকিৰ হিলছ্‌ ট্ৰেক’ বুলি অসমৰ মানচিত্ৰত উল্লেখ থাকিল। এনেবোৰ কাৰণতে কাৰবি লোকসকল বিভিন্ন জিলাত সিঁচৰতি হৈ পৰিল। ইতিমধ্যে ভাৰতবৰ্ষত স্বাধীনতা লাভৰ বাবে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত অহিংস নীতিৰে ভাৰত ত্যাগ আন্দোলন তুংগত উঠিছিল। এনে আন্দোলনে কাৰবি জাতিকো এখন সুকীয়া জিলা গঠনৰ চেতনাৰে উদ্ধুদ্ধ কৰি তুলিছিল। যোৱা শতিকাৰ চল্লিছৰ দশকত কাৰবি জাতিৰ মাজত উল্লিখিত পটভূমিতে জাতীয়তাবাদ গঢ় লৈ উঠিছে। এখোজ-দুখোজকৈ এক অন্যন্য আৱেগে কাৰবি পাহাৰৰ মানুহৰ মনত ঢৌ তুলিবলৈ আৰম্ভ কৰিছিল, লগতে জন্ম হ’বলৈ ধৰিছিল জিলা গঠনৰ সপোন। এই সপোন ক্ৰমাৎ তীব্ৰ হৈ উঠিছিল একাংশ নৱ্য শিক্ষিত যুৱকৰ মাজত। এই সপোনক বাস্তৱ ৰূপ দিবলৈ জন্ম লাভ কৰিছিল কাৰবি জাতিৰ প্ৰথমতো জাতীয় অনুষ্ঠান ‘কাৰবি আদৰাবৰ’। কাৰবি আদৰাবৰৰ মূল উদ্দেশ্য আছিল বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা কাৰবিসকলৰ বাবে এখন সুকীয়া জিলা গঠন কৰা। এনেদৰে কাৰবি আদৰাবৰৰ সদস্যসকলৰ আপ্ৰাণ চেষ্টাত তেওঁলোকৰ সপোন বাস্তৱত পৰিণত হ’বলৈ পালে। তেতিয়াৰে পৰা অসমৰ পাহাৰীয়া অঞ্চলত উত্তৰ কাছাৰক সাঙুৰি মিকিৰ পাহাৰ জিলা বুলি ঘোষণা কৰিবলৈ বাধ্য হয়। এই কাৰ্যত তথা জিলা গঠনৰ বাবে বিশেষ ভূমিকা লোৱা ব্যক্তিসকলৰ ভিতৰত কাৰবি জাতিৰ অন্যতম দুই অবিসম্বাদী নেতা চেমছনছিং ইংতি আৰু খৰছিং তেৰাংদেৱৰ নাম উল্লেখযোগ্য। তেখেতসকলে কাৰবি পাহাৰত ইমূৰৰপৰা সিমূৰলৈকে প্ৰচাৰ কৰিছিল যে আমাৰ জাতিটো আগবাঢ়ি যাবলৈ হ’লে আমি প্ৰথমে একগোট হ’ব লাগিব আৰু আমাৰ এখন সুকীয়া জিলা গঠন হ’ব লাগিব। তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম আৰু আমাৰ স্থায়ী বাসস্থান এটা হ’লে আমাৰ ভৱিষ্যৎ প্ৰজন্মই কাৰবি জাতি বুলি বিশ্বত পৰিচয় দিব পাৰিব বুলি প্ৰচাৰ কৰি ঠায়ে ঠায়ে সভা-সমিতি পাতি সকলোকে একগোট কৰি চৰকাৰৰ লগত আলোচনা-বিলোচনাৰে আমি বাস কৰা জিলাখন গঠন কৰিবলৈ সক্ষম হৈছে। সেয়েহে জিলাখনৰ প্ৰতিষ্ঠাপক হিচাপে কাৰবি জনগোষ্ঠীৰ সেই বৰেণ্য ব্যক্তিসকলক আজিও স্মৰণ কৰি বছৰি জন্ম, মৃত্যু দিৱস উদ্‌যাপন কৰি অহা হৈছে। কাৰবি জনগোষ্ঠীয়ে নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি তেওঁলোকৰ নেতাসকলৰ আপ্ৰাণ চেষ্টাৰ বিনিময়ত কাৰবি আংলং জিলাখন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ১৯৫২ চনৰ ২৩ জুন তাৰিখে। ইয়াৰ পিছত জিলাখনৰ ভৌগোলিক পৰিসীমা তথা বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰিবলৈ ৰাজনৈতিক নেতাসকলে আগবাঢ়ি আহিছে। তেতিয়াৰেপৰা কাৰবি আংলংখন লাহে লাহে সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়িবলৈ ধৰিলে। কাৰবি মানুহৰ মাজতো ভাৱধাৰাবোৰ সলনি হ’বলৈ ধৰিলে। তেওঁলোক শিক্ষাৰ পিনে অগ্ৰসৰ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে। এনেদৰে সাহিত্য, সংস্কৃতি আদি আগবাঢ়ি গৈ আজি বিশ্ব দৰবাৰত কাৰবি আংলং জিলাই নিজৰ নাম উজলাবলৈ সক্ষম হৈছে। ৰাজনৈতিক ক্ষেত্ৰতো বহু পৰিমাণে আগবাঢ়িব পাৰিছে। কাৰবি ৰাজনীতিবিদসকলৰ ভাব-চিন্তাৰ পৰিৱৰ্তনৰ সপক্ষে জিলাখনৰ নাম ‘মিকিৰ পাহাৰ’ৰ পৰিৱৰ্তে কাৰবি আংলং বুলি সংশোধন কৰিব পৰা হৈছে, ১৯৭৬ চনৰ ৪ অক্টোবৰ তাৰিখে। ইয়াৰ লগে লগে মিকিৰ শব্দটো অব্যৱহৃত হৈ পৰিছে। জিলাখনৰ স্কুল-কলেজ, ৰাস্তা-পদূলি অসমৰ অন্য জিলাৰ তুলনাত উন্নত বুলি দাবী কৰিব পাৰি। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ইত্যাদি দিশত কাৰবি আংলং জিলাবাসী তথা কাৰবি লোকসকলে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। এনেকৈয়ে ছেমছন, খছিং দেৱ প্ৰমুখ্যে আন নেতাসকলে প্ৰতিষ্ঠা কৰা সপোনৰ কাৰবি আংলংখন আৰু এখোজ আগুৱাই যাবলৈ সমৰ্থ হৈছে। ৯০ দশকৰ ৰাজনীতিবিদসকলে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট থকা ১৪৪(ক) ধাৰা অনুসৰি কাৰবি আংলং জিলাখন স্বায়ত্ত শাসিত ৰাজ্য হিচাপে প্ৰদান কৰিবলৈ অশেষ চেষ্টা চলাইছিল। সেই সময়ত বহুতো আন্দোলন কৰি শ্বহীদ হ’ব লগাও হৈছিল। সেই সময়ত ৰাজানীতিবিদসকলে নতুনকৈ ৰাজনৈতিক সংগঠন গঠন কৰি চৰকাৰৰ লগত যুঁজি নিজৰ প্ৰাপ্য আদায় কৰা আন্দোলন আৰম্ভ কৰিছিল। দীৰ্ঘদিন ধৰি আন্দোলনৰ ফলত অৱশেষত ১৯৯৫ চনৰ ১ এপ্ৰিল তাৰিখে চৰকাৰে স্বায়ত্ত শাসিত জিলাৰ স্বীকৃতি প্ৰদান কৰিলে। ইয়াৰ পিছত পাহাৰীয়া জিলাখন নিজাববীয়াকৈ শাসন কৰিবলৈ সক্ষম হৈছে। তথাপিও পাহাৰত থকা কাৰবি লোকসকল এতিয়াও জৰাজীৰ্ণ অৱস্থাত থাকিব লগা হৈ আছে। অৱশেষত কাৰবি আন্দোলনকাৰীসকলৰ সপোন সাৰ্থক হোৱা পাৰিছেনে নাই সেইয়া সময়ে ক’ব। কাৰবি আংলং জিলা প্ৰতিষ্ঠা হোৱা আজিৰ পৰা ৬৪ বছৰ সম্পূৰ্ণ হ’ল। সুদীৰ্ঘ ৬৪ বছৰে জিলাবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই সময়ছোৱাত জিলাবাসীয়ে বিভিন্ন উত্থান-পতনৰ সাক্ষী হিচাপে বসবাস কৰাৰ কথা কাৰবি আংলঙৰ ইতিহাসত সদায়ে জিলিকি থাকিব।

লিখক: জাংমিৰ ৰংফাৰপি, ম-ন-কা স্মৃতিগ্ৰন্থ

3.02777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top