মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / শাকনিবাৰীৰ পৰিকল্পনা আৰু প্ৰস্তুতি / গাজৰ, মূলা, পালেংশাক আৰু ধনীয়া শাকৰ পৰিচৰ্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাজৰ, মূলা, পালেংশাক আৰু ধনীয়া শাকৰ পৰিচৰ্যা

গাজৰ, মূলা, পালেংশাক আৰু ধনীয়া শাকৰ পৰিচৰ্যা

গাজৰৰ খেতি

খেতি আৰু প্ৰণালী

গাজৰৰ বীজ অক্টোবৰ/নবেম্বৰ মাহত সিঁচা হয়৷ গাজৰৰ বীজবোৰ অঙ্কুৰণ হওঁতে পলম হয় বাবে বীজ সিঁচাৰ আগতে ভালদৰে হাতেৰে মোহাৰি পানীত তিয়াই থব লাগে৷ পিছত পানীৰ পৰা টুকি ছাঁত শুকুৱাই অলপ কেপ্টাফ পাউদাৰ (৩ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজৰ লগত) মিহলাই লব লাগে৷ প্ৰটি বিঘা মাটিৰ বাবে ৭৫০-৮০০ গ্ৰাম বীজ প্ৰয়োজন হয়৷ বীজবোৰ সিঁচোতে চাব লাগে যাতে মাটিডৰা একেবাৰে শুকান নহয়৷ যদি মাটিডৰা শুকান হয় তেন্তে বীজ সিঁচাৰ আগতে অলপ পানী ছটিয়াই লব লাগে৷ বীজবোৰ ৩০ চে: মি: শাৰী পাতি ১.৫ চে: মি: দকৈ পাতলীয়াকৈ সিঁচিব লাগে৷ ৮-১০ দিন মানৰ পিচত বীজবোৰ গজিবলৈ আৰম্ভ কৰে ৷ মাটিডৰাত জীপ নাথাকিলে জিঞ্জিৰিৰে পানী ছটিয়াব লাগে৷

পৰিচর্যা

পুলি গজাৰ ১০-১৫ দিনৰ মূৰত দুটা পুলিৰ মাজত ১০ চে: মি: ব্যৱধানত ৰাখি বাকি থকা পুলিবোৰ উভালি পেলাব লাগে যাতে পুলিবোৰৰ শিপাবোৰ ভালকৈ বাঢ়িব পাৰে৷  বীজ সিঁচাৰ এমাহৰ পিচত বাকি থকা নাইট্ৰোজেন সাৰ, শুকান গোবৰ বা পচন সাৰৰ লগত মিহলাই মাটিত প্ৰয়াগ কৰিব লাগে৷ সময়ে সময়ে অলাগতীয়াল বন-বাতবোৰ আঁতৰাই পেলাব লাগে৷

শস্যৰক্ষা

গুৰিকটা পোকে গছডৰা আক্ৰমণ কৰিলে মালাথিয়ন ৫% পাউদাৰ ছটিয়াই দিব লাগে৷ মাটিডৰাত নিমাটোডৰ সমস্যা থাকিলে গুটি সিঁচাৰ আগতে ফুৰাডনৰ দানা ২ গ্ৰাম প্ৰতি বৰ্গ মিটাৰ মাটিত মিহলাই লব লাগে নতুবা মাটি চহাওঁতে নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে৷ গাজৰৰ পাতবোৰ গেলি যোৱা দেখিলে ইনন্দোফিল এম-৪৫ নামৰ ঔষধ আধা লিটাৰ পানীৰ লগত মিহলাই স্প্ৰে কৰিব লাগে৷ জাত অনুসৰি ৯০-১০০ দিনত গাজৰ উভালি খাব পৰা হয়৷

মূলা খেতি

মূলা আন এবিধ শিপা জাতীয় পাচলি৷ এইবিধ পাচলিত ভিটামিন ‘চি’ যথেষ্ট পৰিমাণে পোৱা যায়৷ মূলাখেতি বছৰৰ বিভিন্ন সময়ত কৰিব পাৰি৷ কিন্তু বেলেগ বেলেগ সময়ত কৰিবলৈ বেলেগ বেলেগ জাত আছে৷

গাজৰৰৰ খেতিৰ দৰে মূলা খেতিৰ বাবেও পলসুৱা বালিচঁহীয়া মাটি উপযোগী৷ আগতীয়া সঁচৰ মূলাবোৰ হৈছে পুছা দেচি, পুচা চেত্কী, পুচা হিমানী৷ এই সঁচৰ গুটিবোৰ অক্টোবৰ নৱেম্বৰ মাহত সিঁচিব পাৰি৷

খেতি কৰাৰ প্ৰণালী

মূলা খেতিৰ বাবে বিঘাই প্ৰতি ৮০০ গ্ৰাম মান বীজ আৱশ্যক হয়৷ মূলা সমান মাটিত সিঁচিবলৈ হ’লে ২০ ছে: মি: ব্যৱধানত শাৰী পাতি নতুবা ৪৫ চে: মি: ব্যৱধানত মাটি ঢিপ কৰি সিঁচা হয়৷

পৰিচৰ্যা

মূলাখেতি কৰাৰ আগতে মাটিডৰা ভালদৰে চহাই ল'ব লাগে আৰু নিমাতোডৰ সমস্যা থকা মাটিত গাজৰৰ খেতিত উল্লেখ কৰাৰ দৰে ফুৰাদন নাইবা নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে৷

পুলিবোৰ গজাৰ পিছত দুটা পুলিৰ মাজত ১০ ছে: মি: ব্যৱধান ৰাখি মাজৰ পুলিবোৰ উঠাই দিব লাগে যাতে মূলাবোৰৰ বাঢ়ণ প্ৰক্ৰিয়াত সহায় হয়৷ বীজ সিঁচাৰ এমাহ মানৰ পিচত বাকি থকা ইউৰীয়া খিনি পুলিৰ শাৰীৰ মাজত ছটিয়াই দি কোৰেৰে পাতলীয়াকৈ মিহলাই দিব লাগে৷ কোমল সতেজ মূলা পাবলৈ হ’লে মাটিডৰাত সদাই জীপ থাকিব লাগে৷ মূলা ডৰাৰ পৰা বীজ সিঁচাৰ ২০ দিন মানৰ পিচত বন-বাতবোৰ আঁতৰাই পেলাব লাগে৷ মোৱা পোকে কেতিয়াবা মূলা খেতিত অনিষ্ট কৰা দেখা যায়৷ এই ক্ষেত্ৰত মালাথিয়ন ৫০ ইচি ২ মি: লি: প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে৷

পালেংশাকৰ খেতি

পলেংশাক আমাৰ সকলোৰে প্ৰিয়৷ এই বিধ শাকত যঠেষ্ট পৰিমাণে ভিটামিন ‘এ’ আৰু ‘চি’ পোৱা যায়৷ ওখ, ৰ’দ পৰা, বালিচঁহীয়া সাৰুৱা মাটি এই খেতিৰ বাবে উপযোগী৷ বীজ সিঁচাৰ আগতে মাটিডৰা ভালদৰে চহাই সমান কৰি ল’ব লাগে৷ পলেংশাকৰ উন্নত জাতবোৰৰ ভিতৰত অলগ্ৰনি, পুচাজ্যোতি, বেনাৰ্জী, জায়েন্ত, জবনাৰ গ্ৰীন উল্লেখযোগ্য৷

খেতি কৰা প্ৰণালী

পালেংশাকৰ খেতি কৰিবৰ বাবে বিঘাই প্ৰতি ২.৫-৩ কি: গ্ৰাম বীজৰ প্ৰয়োজন হয়৷ বীজখিনি ভালদৰে অঙ্কুৰণ হ’বলৈ এৰাতি পনীত তিয়াই থৈ পাচদিনা পানীৰ পৰা টুকি ছাঁত শুকুৱাই মাটিত ছটিয়াই দিব লাগে৷ বীজখিনি ছটিওৱাৰ আগতে ৩ গ্ৰাম কেপ্টাফ পাউদাৰ প্ৰতি কে জি বীজৰ অনুপাতত মিহলাই সিঁচি দিব লাগে৷ পালেংশাকৰ বীজ মাটিত ছটিয়াই নতুবা শাৰী-শাৰীকৈ ছটিয়াব লাগে৷ এই ক্ষেত্ৰত দুশাৰীৰ মাজত ৫-৭ চে: মি: দূৰত্ব ৰাখিব লাগে৷ বীজ সিঁচাৰ ১৫-২০ দিন মানৰ পিছত বন-বাতবোৰ মটিডৰাৰ পৰা আঁতৰাই পেলাব লাগে৷

খাবৰ বাবে পালেংশাকৰ গছবোৰ এবাৰতে উভালি নেপেলাই ১৫-২০ দিনৰ মূৰে মূৰে কাষৰ ডাঙৰ পাতবোৰ চোকা কটৰী এখনেৰে কাটি যাব পাৰি৷ এনে কৰিলে এজোপা গছৰ পৰা কমেও ৩-৪ বাৰ পাত চিঙিব পাৰি৷ এই ক্ষেত্ৰত প্ৰতিবাৰ পাত চিঙাৰ পিচত এচামোচ ইউৰীয়া ৫ লিটাৰ পানীত মিহলাই জলসিঞ্চন কৰিলে পাতৰ বাঢ়ন শক্তি বৃদ্ধি পায়৷

ধনীয়াৰ খেতি

ধনীয়া আমাৰ সকলোৰে প্ৰিয় শাক৷ শুকান ধনীয়াৰ গুড়িবোৰ মছলা হিচাপে ব্যৱহাৰ কৰা হয়৷ ধনীয়াৰ কোমল পাতবোৰ ভাজি-তৰকাৰীৰ লগত ব্যৱহাৰ কৰিলে খাবলৈ সোৱাদ হয়৷ ধনীয়াৰ পাতবোৰ চাটনি কৰ খাবলৈকো ভাল৷

ধনীয়া খেতি যিকোনো ধৰণৰ যেনে বালিয়া, আলতীয়া ইত্যাদি মাটিত কৰিব পাৰি ৷ কিন্ত এনে মাটিত যথেষ্ট জৈৱিক পদাৰ্থ থাকিব লাগে, ওখ চানেকিয়া আৰু ৰ’দ পা হোৱাৰ উচিত৷  বীজ সিঁচাৰ আগতে মটিডৰা ভালদৰে চহাই লৈ সমান কৰি লব লাগে ৷ এই পুথিত উল্লেখ কৰা অনুসৰি বীজ সিঁচাৰ ৪-৫ দিন মানৰ আগতে পচন সাৰ নতুবা শুকান গোবৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে৷ অসমত অক্টোবৰ আৰু নৱেম্বৰ মাহত বীজ সিঁচা হয়৷

পৰিচৰ্যা

ধনীয়াৰ বীজবোৰ অঙ্কুৰণ হওঁতে পলম হয়৷ গোটা ধনীয়াৰ বীজবোৰ হাতৰ তলুৱাৰে মোহাৰী দুফাল কৰি কুহুমীয়া পানীত তিয়াই থব লাগে৷ পাতল ওপঙি বীজবোৰ অঙ্কুৰণ নহয়, সেইবাবে এইবোৰ বীজ আঁতৰাই পেলাব লাগে৷ পিচদিনা বীজবোৰ পানীৰ পৰা টুকি কাপোৰ এখনেৰে বান্ধি মাটিৰ তলত ২৪ ঘন্টা মান পুতি থব লাগে৷ পিচত বীজখিনি মাটিৰ পৰা মাটিৰ পৰা উলিয়াই কেপটাফ পাউদাৰে শোধন কৰি মাটিডৰাত চটিয়াই দিয়া হয়৷

বীজবোৰ পোনে পোনে নচটিয়াই শাৰী-শাৰীকৈ ছটিয়াব পাৰি৷ এই ক্ষেত্ৰত শাৰীৰ মাজৰ দূৰত্ব ৫-৭ চে: মি: হোৱাৰ উচিত৷ ধনীয়া খেতিৰ মাজত হোৱা বন বাতবোৰ সময়ে সময়ে আঁতৰাই ৰাখিব লাগে৷ ধনীয়া সিঁচা মাটিডৰাত যথেষ্ট পৰিমাণে জীপ থকা উচিত৷ সেইবাবে মাজে মাজে জলসিঞ্চন কৰিব লাগে৷ ধনীয়াৰ পাতবোৰ মাজে মাজে বগা পাউদাৰ দৰে বেমাৰ হেজাৱা দেখা যায়৷ এনে বেমাৰ হলে ৱেটৱল ছালফাৰ  জাতীয় ঔষধ যেনে হেক্সচুল, থিয়ডেট্ আদি বিঘাই প্ৰতি ২৫০ গ্ৰাম মানকৈ ছটিয়াব লাগে৷

গুটি মছলাৰ বাবে ধনীয়া খেতিত বীজবোৰ পুৰঠ হৈ শুকাবলৈ ধৰোতে গছজোপাৰ সৈতে উভালি আনি শুকাবলৈ দি পিচত গুটিবোৰ পৃথক কৰিব লাগে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top