অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিচিত্ৰ গুণৰ সমাৱেশ গাজৰ

বিচিত্ৰ গুণৰ সমাৱেশ গাজৰ

গাজৰ সঁচাকৈ এবিধ আচৰিত ধৰণৰ পাচলি। কাৰণ ইয়াক বিভিন্ন ধৰণে ৰান্ধি খোৱাৰ উপৰি কেঁচায়ো খাব পাৰি তথা ইয়াৰে বিভিন্ন ধৰণৰ মিঠা খাদ্য সম্ভাৰো প্ৰস্তুত কৰি খাব পাৰি। গ্ৰীক আৰু ৰোমানসকলৰ মাজত প্ৰাচীনকালৰে পৰা জনাজাত ই এবিধ দ্বিবৰ্ষজীৱী উদ্ভিদ। ইউৰোপ, এচিয়া আৰু উত্তৰ আমেৰিকাত বনৰীয়া গাজৰক Daucus carota variety carota বুলি আৰু খেতি কৰা জাতটোক Daucus carota variety sativa  বুলি শ্ৰেণীকৰণ কৰা হৈছিল। মুঠতে সুন্দৰ গাঢ় কমলা ৰঙৰ পাচলি হিচাপে ব্যৱহৃত গাজৰৰ বৈজ্ঞানিক নাম হ’ল Daucus carota। উত্পত্তি স্থান বুলি গণ্য কৰা এছিয়া আৰু ইউৰোপত বনৰীয়া অৱস্থাত পোৱা গাজৰক হেনো আগেয়ে এবিধ অতি যন্ত্ৰণাদায়ক অপতৃণ হিচাপেহে পোৱা গৈছিল। পিছত বৰ্তমানৰ খেতি কৰা জাতৰ গাজৰবিধ সেই বনৰীয়া জাতটোৰ পৰাই উদ্ভৱ হয়। গাজৰ এবিধ দ্বিবৰ্ষজীৱী শাকবন জাতীয় উদ্ভিদ-যাৰ মুখ্য মূলডাল উদ্ভিদজোপাৰ খাদ্য সঞ্চয়ৰ বাবে ৰুপান্তৰিত হয় আৰু তাকেই আমি পাচলি হিচাপে ব্যৱহাৰ কৰো।

গাজৰৰ খাদ্য মূল্য যথেষ্ট। ইয়াত যথেষ্ট পৰিমানৰ কেৰ’টিন থাকে যিয়ে-ভিটামিন সৃষ্টিত অৰিহণা যোগায়। উত্পাদনৰ সময়, মাটিৰ গুণাগুণ, জাত আদিৰ বিশেষে গাজৰৰ ৰঙৰো সামান্য হ’লেও ভিন্নতা দেখা যায়। যেনে-পাতল হালধীয়া, গাঢ় হালধীয়া, সুমথিৰা ৰ্ং আনকি ৰঙা ধৰণৰো হ’ব পাৰে। সাধাৰণতে বেছি গাঢ় ৰঙৰ গাজৰত কেৰ’টিনৰ পৰিমাণ বেছি থাকে। সেয়ে এনেবোৰ গাজৰৰ চাহিদা বৰ বেছি।

গাজৰৰ প্ৰতি এশ গ্ৰামত থকা বিভিন্ন উপাদানবোৰ হ’ল- পানী(৮৬ গ্ৰা), প্ৰ’টিন(০.৯ গ্ৰাম), চৰ্বি(০.2), খনিজ দ্ৰব্য(১.১ গ্ৰাম), আঁহ(১.২ গ্ৰাম), কাৰ্বহাইড্ৰেট(১০.৬ গ্ৰা:), কেল’ৰি(৪৭), কেলছিয়াম(৮০ মি:গ্ৰা), মেগনেছিয়াম(১৪ মি:গ্ৰা:), অক্সেলিক এচিড(৫ মি:গ্ৰা:), ফছফৰাছ(৩০ মি:গ্ৰা:), আয়ৰণ(২.২ মি:গ্ৰা:), ছডিয়াম(৩৫.৬ মি:গ্ৰা:), পটাছিয়াম(১০৮মি:গ্ৰা:), কপাৰ(০.১৩ মি:গ্ৰা:), ছালফাৰ(২৭ মি:গ্ৰা:), ভিটামিন এ(৩.১৫০ আই ইউ), থায়মিন (০.০৪ মি: গ্ৰা:), ৰাইব’ফ্লেভিন(০.০২ মি:গ্ৰা:), নিক’টিনিক এচিড(০.৬ মি:গ্ৰা:), ভিটামিন চি(৩ মি:গ্ৰা:) ইত্যাদি। গতিকে ইমানবোৰ উপাদানেৰে পৰিপূৰ্ণ পাচলি গাজৰৰ চাহিদা সমগ্ৰ বিশ্বজুৰি। পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতে কম-বেছি পৰিমাণে গাজৰৰ খেতি কৰা হয়। গাজৰৰ পুষ্টি মূল্য যথেষ্ট তথা ইয়াৰ ব্যৱহাৰ আৰু গুণাগুণো বিচিত্ৰ। মুঠতে ই দেহৰ পুষ্টি সাধন কৰাৰ উপৰি আচৰিত গুণাগুণ বহন কৰে।

গাজৰত যথেষ্ট পৰিমাণৰ ভিটামিন ‘এ’ থাকে। যিয়ে চকুৰ দৃষ্টি শক্তি অটুট ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তদুপৰি ইয়াত থকা বিটা কেৰ’টিনে গ্লুক’মা বা বয়সৰ বাবে চকুত ছানিপৰা আদি কিছুপৰিমাণে ৰোধ কৰি ৰাখিব পাৰে। গতিকে সৰু ল’ৰা-ছোৱালীৰেপৰা আদি কৰি সকলো ব্যক্তিয়ে দৃষ্টিশক্তি শক্তিশালী কৰি ৰাখিবৰ বাবে গাজৰক পাৰিলে নিয়মীয়াকৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত জৰুৰী কথা।

গাজৰত বিটাকেৰ’টিন, আলফা কেৰ’টিন আৰু লিউটেইন আদি এণ্টি অক্সিডেণ্ট থাকে। এইবোৰে কলেষ্টেৰলৰ লগত যুঁজ দি তাৰ পৰিমাণ কমাই ৰাখিব পাৰে। সেয়ে হৃদৰোগী তথা উচ্চ ৰক্তচাপত ভোগা ব্যক্তিৰ বাবে গাজৰ বৰ উপকাৰী। এইদৰে গাজৰৰ বিভিন্ন উপাদানে তেজৰ শিৰা তথা ধমনীবোৰৰ ৰক্ত সঞ্চালনত ধনাত্মক প্ৰভাৱ পেলায় বাবে হৃদ-ধমনীয় তন্ত্ৰটোৰ ওপৰত পৰা হেঁচা অথবা সহজ-সৰল ভাষাত তন্ত্ৰটোৰ ওপৰত পৰা অত্যাচাৰ হ্ৰাস পায়। সেয়ে ‘হাৰ্টএটেক’ৰ দৰে ভয়াৱহ শাৰীৰিক সমস্যাকো ই নেওচিব পাৰে। গাজৰত যথেষ্ট পৰিমাণে থকা ভিটামিন ‘এ’য়ে দেহৰ বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰ উলিয়াই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এইদৰে গাজৰে মানৱ দেহৰ আটাইতকৈ বৃহত গ্ৰন্থি যকৃত টোক এনে মাৰাত্মক পদাৰ্থবোৰৰ পৰা সুৰক্ষা দি ৰাখিব পাৰে। তদুপৰি ই যকৃতত চৰ্বি জমা হোৱাতো হেনো বাধা প্ৰদান কৰিব পাৰে-যিটো বৰ্তমান সময়ৰ মেদবহুল ব্যক্তিৰ এটি ডাঙৰ সমস্যা। তদুপৰি ইয়াত থকা অতিৰিক্ত আঁহ জাতীয় পদাৰ্থই যকৃত বা অন্ত্ৰ আদিৰপৰা বৰ্জিত পদাৰ্থ নিস্কাষনত যথেষ্ট সহায় কৰে তথা সম্পূৰ্ণ পাচন তন্ত্ৰটোক সুৰক্ষা প্ৰদান কৰিব পাৰে। নিয়মীয়াকৈ গাজৰ বা তেনে আঁহজাতীয় পাচলি খাই থাকিলে শৌচ নিয়মীয়া হয় তথা কোষ্ঠকাঠিন্য, অম্লশূল অথবা ক্ষুদ্ৰান্ত-বৃহদান্ত্ৰৰ বিভিন্ন বিচ্যুতিবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

হাভাৰ্ড বিশ্ববিদ্যালয়ৰ এটি গৱেষণা মতে, যিসকল ব্যক্তিয়ে নিয়মীয়াকৈ গাজৰ ভক্ষণ কৰে তেওঁলোকতকৈ একেবাৰে কমকৈ অথবা গাজৰ নোখোৱা ব্যক্তিৰ ক্ষেত্ৰত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা প্ৰায় ৬৮ শতাংশই বেছি। ইয়াৰ কাৰণ হ’ল গাজৰৰ বিভিন্ন উপাদানৰ লগতে যথেষ্ট পৰিমাণে থকা বিটাকেৰ’টিন।

গাজৰত থকা কেৰ’টিনয়ত আদি এণ্টি অক্সিডেণ্টবোৰে দেহত সৃষ্টি হোৱা অপকাৰী মুক্তমূলকৰ পৰিমাণ কমাই ৰাখে সেয়ে কৰ্কট ৰোগৰ দৰে ভয়াৱহ বেমাৰৰ প্ৰতিৰোধত ইয়ে কিছু পৰিমাণে হ’লেও অৰিহণা যোগোৱাৰ সম্ভৱনা একেবাৰে নুই কৰিব নোৱাৰি। গাজৰে দেহৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা তন্ত্ৰটোক বিভিন্ন ধৰণৰ বেমাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

গাজৰ কেঁচাই চোবাই খালে দাঁতত চামনি পৰা বা দাঁতৰ চেপা-কোণা তথা দাঁতৰ আলুক পৰিস্কাৰ কৰি ৰাখিব পাৰে। এইদৰে মুখগহ্বৰৰ সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰে। ইয়াত থকা ভিটামিন ‘এ’ তথা আন আন এণ্টি অক্সিডেণ্টবোৰ থকা হেতুকে ই ছালৰ বাবেও বৰ উপকাৰী। ইয়ে ছালক মসৃণ, সতেজ, উজ্বল কৰি ৰখাত সহায় কৰে।

সাধাৰণতে মাটিৰ তালত হয় বুলি তথা মিঠা গুণসম্পন্ন হোৱা বাবে সাধাৰণতে ডায়েবেটিছত ভোগা ব্যক্তিয়ে গাজৰ খোৱাৰ পৰা একেবাৰে বিৰত থাকে।কিন্তু গাজৰত থকা চেনিৰ গ্লাইছেমিক সূচক ৪৭ হে। এই গ্লাইছেমিক সূচক হ’ল এটি স্ংখ্যা-যিটো স্ংখ্যাই বিশেষ এবিধ খাদ্যই ব্যক্তি এজনৰ তেজৰ গ্লুক’জৰ পৰিমাণৰ ওপৰত কৰা প্ৰভাৱক বুজায় অৰ্থাৎ খাদ্যবিধে তেজত কিমান গ্লুকজৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিব। য’ত শুদ্ধ গ্লুকজৰ গ্লাইছেমিক সূচক ১০০ বুলি কোৱা হৈছে। গতিকে গাজৰৰ গ্লাইছেমিক সূচক ৪৭ হোৱা হেতুকে এনে ৰোগীয়ে কিছু পৰিমাণে গাজৰ খাব পাৰে বুলি জনা গৈছে। আনহাতে, ইয়াত থকা কেৰ’টিনয়ডে তেজৰ গ্লুকজৰ পৰিমাণ হেনো কমাবহে পাৰে।

গাজৰ হ’ল এবিধ অতি পুষ্টিকৰ অতি দৰকাৰী পাচলি-যিয়ে মনুহৰ বয়সৰ লক্ষণবোৰ কমাই ৰখাত সহায় কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল তাত থকা বিটা কেৰ’টিন-যিয়ে দেহৰ কোষৰ ধ্বংস বা বিনষ্টকৰণত কিছু ঋণাত্মক প্ৰভাৱ পেলায়। এইদৰে বিচিত্ৰ গুণৰ সমাৱেশ আমি গাজৰ নমৰ পাচলিবিধত দেখিবলৈ পাওঁ। সেয়ে আমি ইয়াক নিয়মীয়াকৈ গ্ৰহণ কৰাৰ ব্যৱস্থা লওঁ আহক।

নমিতা নাথ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate