মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ

অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ

অসমীয়া মানুহৰ মাছ অতি প্ৰিয় খাদ্য। মাংসৰ ক্ষেত্ৰত ভেদাভেদ থাকিলেও মাছৰ প্ৰতি দুৰ্বলতা প্ৰায় মানুহৰে আছে। অসমীয়া কৃষ্টিৰ লগতো মাছ জড়িত হৈ আছে। উৎসৱ-পাৰ্বণত, ভোজত, বিয়াত মাংস নহ;লেও মাছ এটুকুৰা খোৱাবলৈ সকলোৱে ইচ্ছা কৰে। অসমীয়া ফকৰা-যোজনা, বিয়ানাম, বিহুগীত সকলোতে মাছৰ উল্লেখ আছে।

অসম নদ-নদীৰে পৰিপূৰ্ণ দেশ। এই জলাশয়বোৰ এসময়ত ৰৌ, বাহু, ভাঙন, কুঢ়ি, চিতল, কান্ধুলী, কচ, মাগুৰ, কাৱৈ, গৰৈ, চেঙেলি, চেনিপুঠি, পুঠি, শাল, শ’ল, পাভ, মিৰিকা, বৰালি, ডৰিকণা, মোৱা, চন্দা, শিঙৰা, নাৰ, বচ; বাত, বামী, শিঙি, খলিহনা, গেদগেদী, চেলেকণা, আঁৰি আদি মাছেৰে উভৈনদী আছিল। প্ৰত্যেকৰে ঘৰৰ পাছফালে থকা পুখুৰীত মাছ পুহিছিল। আলহীক ভাত সাঁজ খুৱাবলৈ হ’লে নাইবা নিজৰ প্ৰয়োজনয়ত জাকৈৰ বা জালেৰে মাছ ধৰিছিল। মাঘৰ বিহুৰ উৰুকাৰ ভোজৰ বাবে ৰাইজে একেলগে বিল মৰাৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। ইয়াৰ পৰাই বুজিব পাৰি মাছৰ সম্পৰ্কে অসমীয়াৰ লগত কিদৰে জড়িত হৈ আছে।

ভাত অসমীয়াৰ প্ৰধান আহাৰ। ভাত সাঁজৰ লগত মাছ এটুকুৰা হ’লে জুতি বাঢ়ে। তাহানি মাছেৰে অসমীয়া মানুহে বিবিধ ব্যঞ্জন ৰান্ধি খাইছিল। অকল যে মাছ ভাজি বা আঞ্জা কৰি খাইছিল এনে নহয়। ভাপত দি, পাতত দি, পুৰি মাছৰ সোৱাদ লোৱা হৈছিল। গৰৈ মাছ পোৰাৰে পইঁতা ভাত অতি উপাদেয় খাদ্য আছিল। শ’ল মাছ, পকা তেতেলিৰে বুঢ়া বৰালি, বৰিয়লা মাছেৰে কেঁচা বিলাহী, ধনিয়া পাত দি ৰন্ধা টেঙাৰ আঞ্জাখন, ডাঙৰ কাৱৈ মাছ তেল সৰহ দি ভাজি গৰমে গৰমে খোৱা মোৱা বা ডৰিকণা মাছ পাতত দিয়া, পুঠি বা কৰতি মাছৰ সৰিয়হ দিয়া ডাঠ আঞ্জা নৰসিংহৰে সৰু বিলাহী ধনিয়া পাতেৰে ৰন্ধা আঞ্জা, মাছৰ পেটুৰে বেঙেনা বা ভাতেৰে কৰা খাৰৰ ভাজিখন, মাছৰ মূৰ মগুদালি, অমিতা লাও নাইবা আলুৰে ৰন্ধা মূৰিঘন্টাখন, কচুঠোৰত সৰু মাছেৰে ৰন্ধা জাল ইত্যাদি বিবিধ ব্যঞ্জনে জিভাৰ পানী আনে। বিবিধ টেঙাৰে ৰন্ধা মাছৰ আঞ্জাৰে ভাত দুগৰাহমান বেছিকৈ খাব পাৰি। প্ৰত্যেকবিধ মাছৰ ব্যঞ্জন বেলেগ বেলেগ পাচলিৰে সোৱাদযুক্ত হৈ পৰে। যেনে-পুঠিমাছ খৰিকাত দি নাইবা ভতুৱা শাক, বিলাহী, ধনিয়া পাতেৰে ৰন্ধা সৰু মাছৰ আঞ্জা, বাবৰি শাকেৰে মাছৰ কণী ভাজি ইত্যাদি ব্যঞ্জন আইতা, খুৰী, মা, মাহীৰ হাতৰ পৰশত অমৃত যেন হৈ পৰে।

মাছ যে কেৱল সুস্বাদু ব্যঞ্জন এনে নহয়। ই অতি পুষ্টিকৰ খাদ্য। সৰু-বৰ সকলো মাছৰে খাদ্যগুণ আছে। বিভিন্ন বেমাৰত ভিন ভিন মাছ ব্যৱহাৰ কৰি উপকাৰ পোৱা যায়। অৱশ্যে সতেজ মাছতহে খাদ্যগুণ আৰু ঔষধি গুণ পাব পাৰি। গেলা, বৰফত ৰখা, বেছিকৈ ভজা মাছৰ ঔষধি গুণ প্ৰায় নাথাকে বুলি ক’ব পাৰি। বৰং তেনেধৰণৰ মাছে উপকাৰতকৈ অপকাৰহে কৰে। ডাঙৰ মাছতকৈ সৰু মাছ শৰীৰৰ বাবে উপকাৰী। আজিকালি ব্যৱসায়িক ভিত্তিত মাছৰ পৰা বিবিধ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰা হয়। তদুপৰি মাছৰ পৰা বিবিধ সামগ্ৰী যেনে-মাছৰ বাকলিত থকা গোৱানিয়া নামৰ চিকমিকিয়া আৱৰণখিনি লিপষ্টিকৰ চিকমিকনিত আৰু বিভিন্ন সামগ্ৰীত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়। আকৌ মাছৰ শুকান বায়ু মোনাৰ পৰা আইছিং তৈয়াৰ কৰা হয়। সাগৰত থকা ডাঙৰ ডাঙৰ মাছৰ ছালৰ পৰা বেগ, জোতা, অভাৰকোট আদিও তৈয়াৰ কৰা হয়। গতিকে মাছে আমাক বিভিন্ন প্ৰকাৰে উপকাৰ কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ, তেজপুৰ।

3.03448275862
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top