মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / নিমৰ বীজ মূলৰ নিষ্কাশন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিমৰ বীজ মূলৰ নিষ্কাশন

এই শিতানত নিমৰ বীজ নিষ্কাশনৰ প্ৰয়োজনীয় সামগ্ৰী আৰু পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

নিমৰ বীজ মূলৰ নিষ্কাশন (এন.এচ.কে.ই) প্ৰস্তুতি (৫% দ্ৰৱ)

প্ৰয়োজনীয় সামগ্ৰী

১০০ লিটাৰ ৫% NSKE দ্ৰৱৰ প্ৰস্তুতিৰ বাবে

  • নিমৰ বীজ মূল (শুকান) – ৫ কি.গ্ৰাম
  • পানী (যথেষ্ট ভাল মানদণ্ডৰ) – ১০০ লিটাৰ
  • অপমাৰ্জক (Detergent )-২০০ গ্ৰাম
  • চেকিবলৈ মচলিন কাপোৰ

পদ্ধতি

  • প্ৰয়োজনীয় পৰিমানৰ নিমৰ বীজ মূল ( ৫ কি.গ্ৰাম )
  • মূলবিলাক খূন্দি গুড়ি কৰক।
  • ১০ লিটাৰ পানীত এৰাতি তিয়াই থওক।
  • দ্ৰৱটো গাখীৰৰ দৰে বগা হোৱালৈকে কাঠৰ হেতাৰে লৰাই থাকক।
  • দুই তৰপীয়া মছলিন কাপোৰেৰে চেকি লওক আৰু পৰিষ্কাৰ পানী যোগ কৰি ইয়াৰ পৰিমান ১০০ লিটাৰ কৰক।
  • ১% অপমাৰ্জক (detergent)যোগ কৰক (অপমাৰ্জকৰ পেষ্ট বনাই লৈ দ্ৰৱটোত যোগ দিয়ক)
  • দ্ৰৱটো ভালকৈ মিহলাই ব্যৱহাৰ কৰক।

টোকা

  • নিমৰ ফলবিলাক ফল ফলা বতৰত সংগ্ৰহ কৰি ছাঁৰ তলত বতাহত শুকাই লওঁক।
  • আঠমাহৰ ওপৰৰ বীজ ব্যৱহাৰ নকৰিব। এই বয়সৰ ওপৰত মজুত কৰি ৰখা বীজ সমূহে নিজা কাৰ্য্যক্ষমতা হেৰুৱায়, গতিকে এইবোৰ এন.এচ.কে. ই. প্ৰস্তুতিৰ বাবে উপযুক্ত নহয়।
  • সদায় সদ্য প্ৰস্তুত দ্ৰৱ ব্যৱহাৰ কৰক।
  • ভাল ফল পাবৰ বাবে নিষ্কাষনটো আবেলি ৩.৩০ বজাৰ পিচত চটিয়াওক।

উৎস: আইএনডিজি দল

3.01030927835
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top