অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাৰোসকল

গাৰোসকল

উত্তৰ-পূব ভাৰতত বসবাস কৰা সৰহভাগ জনজাতিয়েই মংগোলীয় গোষ্ঠীৰ। অসমৰ ২৩ টা অনুসূচিত জনজাতিৰ ভিতৰৰ গাৰোসকলো অন্যতম। মেঘালয়ৰ গাৰোপাহাৰ জিলা, ত্ৰিপুৰা আৰু বাংলাদেশৰ মৈমনসিং জিলাৰ উপৰি কামৰূপৰ একাংশৰ লগতে ওদালগুৰি জিলাৰ বননগুৰি, মাজবাট আৰু দৰঙৰ কৌপাতী অঞ্চলত বসবাস কৰা এই গাৰো জনজাতিৰ লোকসকলৰ স্বকীয় আচাৰ-নীতিয়ে সমাজ জীৱনত সুকীয়া বৈশিষ্ট্যৰ পৰিচয় দাঙি ধৰি আহিছে। নৃতত্ত্ববিদসকলৰ মতে, তিব্বত-বৰ্মী গোষ্ঠীৰ এইসকল মংগোলীয় গোষ্ঠীৰ লোক উত্তৰ-পূব কোনেদি অসমত সোমায় যদিও জীৱন আৰু জীৱিকাৰ সন্ধানত মেঘালয়ৰ পশ্চিম দিশৰ আওহতীয়া পৰ্বতীয়া এলেকাত সৰহীয়াকৈ বসবাস কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পাহাৰীয়া এলেকাটি গাৰো পাহাৰ হিচাপে স্বীকৃত হয়। মেঘালয়ত বসবাস কৰা মাতৃপ্ৰধান জনজাতি খাচীসকলৰ পিছতে গাৰোসকলৰ স্থান। বিশ্বতে মাতৃপ্ৰধান জাতি-জনজাতিৰ সংখ্যা তেনেই আঙুলিমূৰত লেখিব পৰা। ইণ্ডোনেছিয়া আৰু আফ্ৰিকাৰ একাংশ জনজাতিৰ মাজত এনে মাতৃপ্ৰাধান্যতা পৰিলক্ষিত হয়। মাতৃপ্ৰধান গোষ্ঠীবোৰৰ মাজত বিয়াৰ পিছত কইনাৰ ঘৰলৈ দৰা বিয়া কৰাই লৈ যোৱাতো নিয়ম যদিও ঘৰৰ একাধিক কন্যাৰ বাবে ঘৰ জোঁৱাই ৰখাৰ পৰিৱৰ্তে নুমলীয়া কন্যাৰ বাবে দৰাই ঘৰ জোঁৱাই হৈ থকাটোহে নিয়ম। গাৰো সমাজত এনে জী-জোঁৱাইহালক ‘নোকৰম’ নামে জনা যায়। এই ‘নোৰকম’ এ পৰৱৰ্তী সময়ত অৰ্থাৎ ছোৱালীৰ মাক-বাপেকৰ মৃত্যুৰ পিছত ঘৰৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। বিভিন্ন ঠাইত বসবাস কৰা গাৰোসকলৰ কেইবাটাও ঠাল আছে। এইবোৰৰ ভিতৰত-ভৈয়ামত বসবাস কৰাসকলক আখাৱে, গাৰো পাহাৰৰ মধ্য-পূৱ অঞ্চলত বসবাস কৰাসকলক চিচাক, পশ্চিম অঞ্চলত বসবাস কৰাসকলক মাৎচি, দক্ষিণসকলক আমৱেং আৰু পাৰ্বত্য অঞ্চলত বসবাস কৰাসকলক গাৰা-গানছিং বোলে। একেদৰে চিমচাং নদীৰ উপত্যকা অঞ্চলত বসবাস কৰাসকলক আটং আৰু গাৰো পাহাৰৰ সীমান্ত অৰ্থাৎ খাছিয়া পাহাৰৰ সমীপৱৰ্তী অঞ্চলত বসবাস কৰা গাৰোসকলক মেগাম বোলে। গাৰোসকলক মূল গোত্ৰ প্ৰধানকৈ দুটা- এটা ঠালক চাংমা আৰু আনটো ঠালক মাৰাক নামে জনা যায়। জনজাতিটোৰ মাজত সগোত্ৰীয় বিবাহ নিষিদ্ধ, আনহাতে, মাতৃৰ ফালৰ পৰা বংশ গণনা হয়। বাহ্যিক দৃষ্টিৰ মাতৃ প্ৰাধান্য থাকিলেও পুৰুষে ঘৰ-সংসাৰৰ সকলো কাম কাজ সম্ভালে। মহিলাই কৃষিকাৰ্য্যত পুৰুষক কাম বন কৰি সহায় কৰি দিয়ে। মাতৃ প্ৰধান হ’লেও পুৰুষে নিজৰ স্ত্ৰীক শাস্তি দিয়াৰ অধিকাৰো নথকা নহয়। উত্তৰ-পূবৰ অন্যান্য কেতবোৰ জনজাতিৰ লেখীয়াকৈ গাৰো জনগোষ্ঠীৰ মাজতো ডেকাচাঙৰ ব্যৱস্থা আছে। গাৰো ভাষাত নোকপান্থে নামে জনাজাত এই ডেকাচাংবোৰত ডেকাসকল সন্ধিয়া উৎসৱৰ দিনত লাওপানী খাই নাচ-গান কৰাৰ লগতে নিশা ডেকাচাঙতে কটায়। অৱশ্যে আধুনিকতাৰ বতাহে ডেকাচাংবোৰ নাইকিয়া কৰি আনিছে। পাহাৰৰ ওপৰত গাঁওপাতি বসবাস কৰা গাৰোসকলে চাংঘৰ সাজি থকাৰ উপৰি গাঁওবোৰ পৰিষ্কাৰকৈ ৰাখে। পিঠা-পনা, মচলা আৰু চাউল উলিয়াবলৈ উৰাল ব্যৱহাৰ কৰে। আলহীক লাওপানী আৰু বিবিধ পিঠা-পনাৰে আপ্যায়ন কৰি ভালপোৱা গাৰোসকল প্ৰকৃততে অত্যন্ত সৰল আৰু অমায়িক। সাধাৰণতে কৃষিকাৰ্য্যত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা গাৰোসকলে ঝুম প্ৰণালীৰে খেতি-বাতি কৰে। পাহাৰৰ এঢলীয়া মাটিত শিমলু আলু (মা-বোলচু), কপাহ (খিল), কচু (খা-পা), বেঙেনা (বাৰিং), জলকীয়া (ঝালিক), কোমোৰা (আখাৰু), লাউ (ৰাউ)ৰ উপৰি বিবিধ শাক-পাচলি আৰু কণীধান (মিচি), পাহাৰীয়া চাপৰ জাতৰ ধান (মি-মা)ৰ খেতি কৰে। অৱশ্যে ভৈয়ামত বসবাস কৰা গাৰোসকলে ধান, মৰাপাট, সৰিয়হ আদিৰ খেতিও অন্যান্য জনগোষ্ঠীৰ মানুহৰ দৰে কৰে।


গাৰো জনজাতিৰ লোকসকলে পূজা-পাতল বিশ্বাস কৰাৰ লগতে জনজাতিটোৰ মাজত দেৱতাক সন্তুষ্ট কৰিবলৈ বলি বিধান দিয়াৰ ব্যৱস্থাও আছে। বলিৰ শিতানত সাধাৰণতে গাহৰি, ছাগলী, কুকুৰ, হাঁহ-কুকুৰা আদি জীৱ-জন্তু দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা হয়। কুকুৰা মাৰি মঙলচোৱা আৰু ভূত প্ৰেত বিশ্বাস কৰা প্ৰথা অদ্যাপি জনগোষ্ঠীটোৰ মাজত প্ৰচলন হৈ আছে। গাৰোসকলৰ সৰহভাগ উৎসৱ পাৰ্বণেই কৃষিভিত্তিক। খেতি-বাতি চপোৱাৰ পিছত উৎসৱৰ পাতনি মেলে। জনগোষ্ঠীটোৰ প্ৰধান উৎসৱ ওৱানগালা। অৱশ্যে সময়ৰ পৰিৱৰ্তনত খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হোৱা গাৰোসকলৰ সৰহসংখ্যকে বৰদিন, শুভ শুক্ৰবাৰ আদিও জাকজমকীয়াকৈ উদ্‌যাপন কৰে। ওৱানগালা উৎসৱত আমোদ-প্ৰমোদৰ পয়োভৰ বেছি। লাওপানী আৰু মাংসৰ ব্যৱহাৰ এই উৎসৱ সৰ্বাধিক। ডেকা-গাভৰুসকলে ওৰে ৰাতি গীত পদ গাই আনন্দত মতলীয়া হৈ পৰে। স্বকীয় ভাষাত ডেকা গাভৰুৱে গায়-‘ৰে আংগেন চিয়ান চিয়ান আংজাংগি ৰে পাংগেন পাৰামো বাল জাংগি বাল জাংগি বালাও। নিকখেন ফাফিৰাং নৰকখো-হিম। দু:খ অংবে আখো বাত খোজানা আন আৰিখো-গাদাং স্তেপাম গামা দাংওন। আং চেফাংওন চালোন। ৰেং আংগেন চিয়ান চিয়ান পাং ভাংগি-ৰে পাংগেন পাৰামো বিউলালেন। বিউলালেন গেত ৰাংমো’ অৰ্থাৎ মৰাৰ দিনলৈ জীৱনটো লৈ গৈ থাকিম। মেঘৰ ওপৰত বতাহৰ দৰে গৈ থাকিম। পানীবিলাকে নৰক দেখিব দুখৰ সীমনাটো পাৰ নোহোৱা পৰ্য্যন্ত। ওপৰ গাদাওটো পাৰ হৈ যোৱাত সিদিনা মৰাৰ দিনলৈ জীৱনটো লৈ গৈ থাকিম’। আকৌ খ্ৰীষ্টধৰ্মী গাৰোসকলে বৰদিন অথবা যীশুৰ জন্ম সম্পৰ্কীয় অন্যান্য অনুষ্ঠানত এনেদৰে গায়-‘আগষ্ট কৈচৰাজন বিমোং চেয়া ও আতছি আহা গিতেল যীশু বেথেলহেম চাংজিন যাওঁ। গবেও জং আদাৰং-মা-পা নো আবিৰাং। ৰেবা থকবো ডালো ঘুচি অংনা, মান্দেন মিখা বিমাং ৰাত্ৰমেথ্ৰা মৰিয়ম। আত ছিয়াহা গিতেল যীশু মাতচুনি, গোহালো, মিকখাং ভাজক গ্ৰাব্ৰেল চাগ্ৰে নিৰক গি পৰাংনো। খেনাবা এমিং গিতিলাহো গ্ৰাব্ৰেল চাগ্ৰে নিৰক গি পৰাংনো। খেনবা এমিং গিতিলাহো থেং চুলা পা-আনা-দাখোনাল আকানাহা চাগ্ৰে উমাৰেনা। আং আ নাচিমাংনা নামা খাথাবো আমনা। দা-আ চালো নাচিমাংনো দায়ুত চংজিত মাও। জকাত গিপা আতচি য়াহা মেথ্ৰা মৰিয়নো। অৰ্থাৎ আগষ্ট কৈচ ৰজাৰ নাম লিখাৰ সময়ত বেথেলহেম নগৰত জন্ম হ’ল যীশুৰ। অ’ মোৰ ভাই-ককাইবিলাক আৰু মা-ভনীবিলাক আহক আজি খুচি হ’বলৈ। মানুহৰূপ ধাৰণ কৰি জন্ম হ’ল-কুমাৰী মৰিয়মৰ গৰ্ভত। জন্ম হ’ল যীশুৰ গোহালি ঘৰত। দেখা দিলে স্বৰ্গৰ গ্ৰাবিয়েল দূতে। কৈচ ৰজাক ৰাখি থকা সকলো বাগৰি পৰিল এই পোহৰৰ ৰশ্মিতে। ভয় নকৰিবা বুলি কৈছে ধৰ্মদূতবিলাকে সিহঁতক। মই তোমালোকক শুভ সংবাদ জনাম। আজিৰ দিনত তোমালোকৰ বাবে দায়েতৰ নগৰত মুক্তিদাতা জন্ম হ’ল কুমাৰী মৰিয়মৰ গৰ্ভত।

গাৰোসকলৰ আনটো উৎসৱ মাংগোনা প্ৰকৃতাৰ্থত মৃতজনৰ আত্মাৰ পৰম শান্তিৰ বাবে কৰা উৎসৱ। সমূহীয়াভাৱে পালন কৰা এই উৎসৱৰ লক্ষণীয় দিশটো হ’ল-গাঁৱত মানুহ মৰিলে অস্থি-ভস্মখিনি সযতনে মাংগোনা উৎসৱৰ দিনটোলৈ সাঁচি ৰখাটো। মাংগোনাৰ দিনটোত এই অস্থি-ভস্মবোৰ বাহিৰলৈ উলিয়াই আনি পুৰি পেলোৱাটো নিয়ম। সমাজ জীৱনত সংঘটিত হাই-কাজিয়াৰ বিচাৰৰ ভাৰ গাঁৱৰ বুঢ়া-মেথাৰ ওপৰতে নিৰ্ভৰশীল। একেদৰে অপৰাধ অনুযায়ী  দ্বন্দ আৰু জৰিমনা প্ৰদানৰো ব্যৱস্থা আছে। ভাষাৰ ক্ষেত্ৰতো গাৰো জনগোষ্ঠীৰ ভিন্নতা পৰিলক্ষিত হৈছে। যাৰ ফলত লোকজীৱন তথা সমাজ-সংস্কৃতিত কিছু ঘুণে নধৰা নহয়। তথাপি গাৰো জনজাতিৰ স্বকীয় সংস্কৃতিয়ে জনজাতীয় সংস্কৃতিৰ বিনিময়েৰে অসমৰ বৰ্ণাঢ্য সংস্কৃতি জীপাল কৰি ৰাখিছে।

লিখক: চন্দ্ৰ চহৰীয়া।

3.11627906977
দিলীপ কুমাৰ ৰাভা Apr 19, 2018 06:54 PM

পঢ়ি ভাল পালোঁ ৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top