মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / গোৱালপৰীয়া ভাষা, অসমীয়া ভাষা আদি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গোৱালপৰীয়া ভাষা, অসমীয়া ভাষা আদি

গোৱালপৰীয়া ভাষা, অসমীয়া ভাষা আদি

কোনো এটা অঞ্চলৰ লোক-সংস্কৃতিৰ বিষয়ে অৱগত হ’বলৈ হ’লে সেই অঞ্চলৰ ভাষা সম্পৰ্কে সম্যক জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়, কাৰণ লোক-সংস্কৃতিৰ অন্যতম উপাদান লোক-ভাষাৰ সাম্যক জ্ঞান নাথাকিলে লোক-সংস্কৃতিৰ অধ্যয়ন অসম্ভৱ, সেয়েহে ভাষাৰ গুৰুত্ব অপৰিসীম। এটা সময়ত ভাষাৰ ওপৰত জ্ঞান নথকা বাবে ভুল ধাৰণাৰ বশবৰ্তী হৈ বৃটিছ প্ৰশাসনে অসমীয়া ভাষাক বাংলা ভাষাৰ এক উপভাষা বুলি গণ্য কৰি বাংলাভাষাকেই অসমৰ চৰকাৰী ভাষা কৰি দিছিলে, ঠিক তেনেকৈয়ে গোৱালপৰীয়া ভাষাৰ ক্ষেত্ৰতো ব্যপক চিন্তা গবেষণা নোহোৱা বাবেই এই ভাষাটোকো কিছুমানে আজিও বঙালী ভাষা বুলি ভাবে আৰু কিছু ক্ষেত্ৰত গোৱালপৰীয়া ভাষী সকলোক সততেই উপলুঙাও কৰাও দেখা যায়।

গোৱালপৰীয়া লোক-সংস্কৃতিৰ অন্যতম গবেষক ডo বীৰেন্দ্ৰনাথ দত্তই এই ভাষাক দেশীকথা বা গোৱালপৰীয়া ভাষা বুলি বিভিন্ন ৰচনা ৰাজিত উল্লেখ কৰিছে। ডo বানীকান্ত কাকতি আৰু ডo উপেন্দ্ৰ নাথ গোস্বামীৰ মতে এই ভাষাত ‘ৰাজবংশী’ ভাষাৰ সংমিশ্ৰণ হৈছে । ডo নবীনচন্দ্ৰ শৰ্মাৰ মতে ধুবুৰীৰ পৰা চাপৰ- শালকোচালৈকে এই ভাষাই কোচ-ৰাজবংশী ভাষাৰ প্ৰাচীন চৰিত্ৰৰ এটা পূৰ্ণ প্ৰভাৱ আছে। অম্বিকা চৰণ চৌধুৰীৰ মতে এই ভাষা ৰত্নপীঠৰ নিজস্ব ভাষা। পূৱ গোৱালপাৰাৰ (অবিভক্ত) বিজনী, বঙাইগাঁও, অভয়াপুৰী আদি অঞ্চলত এই ভাষাৰ ওপৰত কামৰূপী উপভাষাৰ প্ৰভাৱ লক্ষ্যণীয়। ব্ৰহ্মপুত্ৰৰ দক্ষিনে লক্ষীপুৰ অঞ্চলৰ পৰা দুধনৈ আৰু ৰংজুলিলৈ গাৰো আৰু ৰাভা জনগোষ্ঠীয় ভাষাৰ কিছু শব্দৰ প্ৰভাৱ গোৱালপৰীয়াত পৰা দেখা যায়।


এটা সময়ত এইখন অসমৰে অঞ্চল বিশেষে নানানটা ভাষাৰ প্ৰচলন আছিলে, বিভিন্ন অঞ্চলত কথিত ভাষাৰ প্ৰচলন নিশ্চিতভাৱে আজিৰ মান্য অসমীয়া ভাষাটো নাছিলে । উনবিংশ শতিকাত খ্ৰীষ্টিয়ান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদই ছপা কৰিছিল সেই ভাষাকেই এটা সময়ত অসমীয়া মান্যভাষা হিচাবে ধৰি লোৱা হৈছিলে আৰু সেই ভাষাই বৰ্তমান অসমৰ চৰকাৰী অসমীয়া ভাষা৷ অসমৰ অসমীয়া পত্ৰ-পত্ৰিকা, স্কুল-কলেজ আদিতো এই ভাষাকেই অসমীয়া ভাষা হিচাবে ব্যৱহাৰ কৰা হয়৷ প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা ৰজাসকলৰ তাম্ৰফলিসমূহত পোৱা প্ৰাচীন অসমীয়া ভাষা বা চৰ্যাপদ আদিত উল্লেখিত অসমীয়া ভাষাৰ লগত আজিৰ আধুনিক অসমীয়া ভাষাৰ যিমান সমিলমিল আছে তাতকৈ বহুগুণে বেছি সেই সময়ৰ অসমীয়া শব্দ গোৱালপৰীয়া ভাষাত আজিও বিদ্যমান আৰু সঘনাই ব্যৱহাৰ হোৱা দেখা যায়। আমেৰিকান বেপ্টিষ্ট মিছনেৰী নাথান ব্ৰাউন চাহাবে যদিহে ধৰ্মপ্ৰচাৰৰ বাবে শিৱসাগৰত অৱস্থান নকৰি গোৱালপাৰা অঞ্চলৰ কৰবাত অৱস্থান কৰিলে হয় হয়তোবা আজিৰ আধুনিক অসমীয়া ভাষাক আমি অন্য ৰূপতহে দেখা পালো হয়। সেই ৰূপ হয়তোবা হ’লে হয় আজিৰ এই গোৱালপৰীয়া ভাষাৰে লেখিয়া কিবা এটা !!!

পুৰণি অসমীয়াৰ লগত গোৱালপৰীয়া ভাষাৰ ৰূপৰ ইমানেই ওচৰ চপা যে এই উপভাষাৰ মাজেৰে ইয়াৰ বিচৰণ কৰাৰ দৰেই হয়গৈ । উদাহৰণ স্বৰুপে মাধৱ কন্দলীৰ ৰামায়নত আছে—-“আইস গলাগলি কৰি থাকো দুয়ো ভাই” (পৃ:৪৫৮), সেই দৰে বৰগীতত আছে “চল আইস যাই বৃন্দাবনে”- গোৱালপৰীয়া ‘আইস’ শব্দৰ মান্য অসমীয়া শব্দ ‘আহা’ । কথা গুৰুচৰিত, কীৰ্ত্তন, ৰামায়ণ আদি গ্ৰন্থত ‘তোমৰা’, ‘আমৰা’ আদি শব্দৰ ব্যাপকভাৱে ব্যৱহাৰ হোৱা দেখা যায়। তাৰে কেইটামান উদাহৰণ:
“তোম্ৰাহে চক্ষুৰ পটল গুচাই দিব্য অঞ্জনা দিলা আজি প্ৰভুৰ মায়াতে ব্ৰহ্মাও বিশ্ৰুতি হৰো লৰে মোৰে মায়া মোকে চাকে” (কথা গুৰুচৰিত- পৃ: ৫৯) ।

“তোমৰা সবে মোৰ অৰ্থে আতি।

এৰিলা বেদ ধৰ্ম যত জাতি ।।”- (কীৰ্ত্তন, পৃ:২৭৪)

গোৱালপৰীয়াত ব্যৱহাৰ হোৱা ‘তোমৰা’ তই শব্দৰ বহুবচন, ইংৰাজীত YOU ব্যৱহাৰ হোৱাৰ দৰে ‘তোমৰা’ শব্দই তহঁত, তোমালোক, আপুনি আৰু আপোনালোকক বুজায় । যেনে: তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধুৰে, ( তুমি গ’লে কি আহিবা মোৰ মাহুত বন্ধু ), তোমৰা কৰ্ম কৰো ফল পাইবেন ( তোমালোকে কৰ্ম কৰা ফল পাবা), তোমৰা আমাৰ গুৰুজন ( আপুনি আমাৰ পূজনীয় ব্যক্তি) ।

তেনেকৈ-

“লক্ষ্মণক আনি ৰামে নিয়োজিলা কাম

আমৰাও কৰো অশ্বমেধ যজ্ঞৰাজ” – (সপ্তকাণ্ড ৰামায়ণ পৃ:৪২৩)

সেই দৰেই পাসৰিল (পাহৰিল), আউল-জাউল (বিশৃঙ্খল), উমাক (তেওঁলোকক), হৌক (হওক), কই (ক’ত), জুৰাইল (ঠাণ্ডা হ’ল) আদি নামঘোষা আৰু কীৰ্ত্তনৰ অসংখ্য শব্দ আজিৰ গোৱালপৰীয়া ভাষাত বহুলভাৱে দেখা যায় । এইবোৰৰ বাহিৰেও শ্ৰীকৃষ্ণ কীৰ্ত্তন আৰু চাৰ্যাপদ আদিত বৰ্তমানলৈ ব্যৱহাৰ হোৱা অসংখ্য শব্দ আছে। উদাহৰণ স্বৰূপে-

গোৱালপৰীয়া/শ্ৰীকৃষ্ণ কীৰ্ত্তন—- মান্য অসমীয়া

  • অংকা—————— এনেকুৱা
  • তেংকা—————— তেনেকুৱা
  • যেংকায়—————– যেনেকৈয়ে হওক
  • তেংকায়—————– তেনেকুৱাই
  • সোন্দায়——————সোমায়
  • খামাকখায়—————নিশ্চয়কৈ
  • মাও বাপ—————-মা দেউতা
  • হনু ———————হলো
  • উল্টিয়া——————ওলোটাই
  • কাঞ্চা——————কেঁচা
  • গুৱাপান————— তামোল পান

“আনোৰে গুৱাপান কাটোৰে খাই
শ্যাম চলিয়া যাই” ( গোৱালপৰীয়া লোকগীত)
“বাপো মাও মোৰ হিয়া ছাৰা
ব্যেচেয়া খাইছে মোক দূৰান্তৰ ৰে” (গোৱালপৰীয়া লোকগীত)
একে দৰেই চাৰ্যাপদ বোৰ আলোচনা কৰিলেও দেখা যায় যে ইয়াৰ ব্যৱহাৰ হোৱা শব্দৰ গঠন, আৰু ৰূপবোৰৰ গোৱালপৰীয়া ভাষাৰ গঠন আৰু ৰূপ লগত একেই আছিলে ।
“বুখেৰ তেন্তেলি কুম্ভীৰে খাঅ”— চাৰ্যা নং-২
“ভোৰে দেখিলুং নদীখানি কুম্ভীৰে আউলায়ৰে পানী”- গোৱালপৰীয়া বাঁহপূজাৰ গীত
“তহি চড়ি নাচে অ ডোম্বী বাপুড়ী”–চাৰ্যা নং-১০
ঘোৰাত চড়ি, গাড়ীত চড়ি (গোৱালপৰীয়া শব্দ)

মোৰ মাতৃভাষা গোৱালপৰীয়া, মই যি ভাষাৰে জীৱনৰ প্ৰথম মাত কথা শিকিছো, মোৰ আইয়ে মই কেঁচুৱা থাকোতে কান্ধিলে যি ভাষাৰে নিচুকনি দিছিলে সেয়াই মোৰ মাতৃভাষা আৰু এয়াই মোৰ বাবে মাতৃভাষাৰ এক সৰল সংজ্ঞা। অসমীয়াই কোৱা ইংৰাজী আৰু তামিলনাডুৰ মানুহ এজনৰ ইংৰাজীত যি কাৰণে উচ্চাৰণগত পাৰ্থক্য আছে সেই একেই কাৰণতে গোৱালপৰীয়া মানুহৰো ব্যক্তি বিশেষে অসমীয়া ভাষা কওঁতে উচ্চাৰণগত পাৰ্থক্য থাকিবই পাৰে, ই তেনেই স্বাভাবিক। ইয়াৰ বাবেই কাৰোবাক হেও প্ৰতিপন্ন কৰাজনহে আচলতে ভাষা সম্পৰ্কে জ্ঞানহীন এক ব্যক্তি যাৰ ভাষাৰ সম্পৰ্কে অধ্যয়নৰ প্ৰয়োজনীয়তা আছে । ভাষা অচলতে মানুহৰ ভাৱ প্ৰকাশৰ এক মাধ্যমহে সেয়েহে বিভিন্ন ভাষাৰ পৰা অহা শব্দবোৰৰ সংমিশ্ৰণে কালক্ৰমে ভাষা এটাক চহকিহে কৰে। উজনি নামনিৰ সংমিশ্ৰিত ভাষাই আচলতে আজিৰ প্ৰকৃত অসমীয়া ভাষা হোৱা উচিত । কেৱল অসমৰ পূৰ্বাঞ্চলৰ প্ৰচলিত ভাষাটোকে বিশুদ্ধ অসমীয়া বুলি জ্ঞান আৰু গোৱালপৰীয়া, কামৰূপী উপভাষাক হেয় কৰাৰ প্ৰৱণতা অসমীয়া জাতিৰ কাৰণেই এক আত্মঘাতী প্ৰৱনতা।

তথ্যউৎস:-

১) গোৱালপৰীয়া লোকসংস্কৃতি – দ্বিজেন নাথ

২) গোৱালপাৰাৰ লোকসংস্কৃতি আৰু অসমীয়া সংস্কৃতিলৈ ইয়াৰ অৱদান- ডo বীৰেন্দ্ৰনাথ দত্ত

৩) গোৱালপৰীয়া ভাষা আৰু প্ৰাচীন অসমীয়া সাহিত্য- কাছেমা খাতুন

৪) অসমীয়া ৱিকিপিডিয়া

লিখক: জয়দ্বীপ চক্ৰ‌ৱৰ্তী।

3.08450704225
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top