অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছো-মুখা

ছো-মুখা

ভৰতৰ নাট্য শাস্ত্ৰত (একবিংশতি অধ্যায়) অভিনয়ৰ পৰিপুষ্টি সাধক বিভিন্ন পুস্তৰ নামোল্লেখ আছে। ভৰত মুনিৰ ভাষাত, ‘পৰ্বত, যান, বিমান, ঢাল, বৰ্ম, পতাকা, হাতী প্ৰভৃতি যি নাট্যত নিৰ্মিত হয়, সেয়ে পুস্ত’।(২১/৮) সত্ৰীয়া ভাষাত এই পুস্তকে ছো-মুখা কোৱা হয়। চৰিত পুথিত ইয়াৰ বিষয়ে আছে- ‘ভাওনাৰ ছো যত সভাঘৰে নিল/ আঁৰ বস্ত্ৰ দিয়া তাকে তৈত ঢাকি থৈল//’ (ৰামচৰণ) ৰামবিজয় নাটক অভিনয় কৰা সন্দৰ্ভত দৈত্যাৰি ঠাকুৰে লিখিছে – ‘কাহাকো নানান ছো সাজিবাক দিলা// ৰাম যাত্ৰাৰ গীত আপুনি কৰিলা//’(পদ ১২৯৯) মহাপুৰুষে সুন্দৰীৰ ওচৰত ৰভা-খলাত গোপ-গোপী আৰু গা-দামুৰিৰ উপৰি কৃত্ৰিমকৈ গোৱৰ্দ্ধন পৰ্বত সাজি তাতে গোৱৰ্দ্ধন যাত্ৰা কৰাৰ কথা কথা-গুৰুচৰিতত আছে।(পৃ. ৫৪৮) বৰবিষ্ণু আতাৰ অনুৰোধ মৰ্মে মহাপুৰুষে মালচাত নৃসিংহ যাত্ৰা ভাওনা কৰা কালত বৰবিষ্ণু আতাৰ সৈতে নাৰায়ণ দাস ঠাকুৰে লগ লাগি ছো সজাৰ কথাও কথা গুৰু চৰিতেই সদৰি কৰাটো উল্লেখযোগ্য।(পৃ.৩১৪) তুংখুঙীয়া বুৰঞ্জীত আছে- কমলেশ্বৰ সিংহৰ ৰাজসভাত ১৭২৭ শকৰ ১৮ ফাগুনত যি ৰুক্মিণীহৰণ ভাওনা চলিহা বাৰেঘৰ সত্ৰৰ ফালৰপৰা অনুষ্ঠিত হৈছিল, সেই ভাওনাত কালী সাপ এটা, ভালুক এটা আৰু দুটা হাতী দেখুওৱা হৈছিল আৰু আৱশ্যকীয় স্থানত ছোৰ প্ৰয়োগ কৰা হৈছিল (দফা ৩২৯)। মাজে-সময়ে হনুমন্ত জাম্বৱন্তৰ অভিনয়ত সম্পূৰ্ণ ৰূপে গা ঢকা সাজ পিন্ধিছিল। তাত নেজো সাজি দিয়া হৈছিল। ‘জলম’ (চোলা) সজা হৈছিল কাপোৰ আৰু মৰাপাটেৰে। সাধাৰণতে বাঁহ আৰু কাগজেৰে ছো মুখা সজা হয়। কাঠৰ ছো মুখা থাকিলেও ওজন বেছি হোৱা বাবে তাৰ প্ৰচলন কম। বাঁহ আৰু কাগজৰ মুখাই বেছি। বাঁহৰ কাঠি কৰি মূৰ আৰু গাৰ জোখেৰে একোটা সজা সজাই লৈ পূৰ্ণ অৱয়ব ফুটাই তুলিবলৈ সজাটোৰ ওপৰত গোবৰ মাটি বা কুমাৰ মাটি লিপি চকু, মুখ, নাক, কাণ আদি সুন্দৰকৈ গঢ় দিয়া হয়। টুকুৰা কাপোৰত এঠা লগাই মাটিৰ ওপৰত মাৰি দি ৰ’দত শুকুৱাই লৈ সুন্দৰ কৰি তোলা হয়। বাঁহৰ মুখা কিছু গধুৰ হোৱা বাবে কাগজৰ মুখা সজা হয়। তাৰ প্ৰস্তুত প্ৰণালী এনে ধৰণৰ : কেঁচা মাটিৰ টুকুৰা এটাত মুখৰ সাঁচ এটি কৰি লৈ কেন্দু গুটিৰ এঠা উলিয়াই টুকুৰা কাগজত লগাই তাক সাঁচটোত লগাব লাগে। সাঁচটোত তিনি জাপ মান কাগজ মাৰি ৰ’দত শুকুৱাই পিছত মাটিবোৰ উলিয়াই পেলোৱা প্ৰয়োজন। তাৰ পিছত মুখাৰ ওপৰত হেঙুল-হাইতাল, নীল প্ৰভৃতি ৰং দিব লাগে। কাগজেৰে পিছে মানুহৰ শিৰোভাগৰহে মুখা সাজিব পাৰি – আন অংগ-প্ৰত্যংগৰ নোৱাৰি। বাঁহৰ কাঠিৰে সম্পূৰ্ণ মানুহৰ মুখা সাজিব পাৰি। চকুৰ পোনে পোনে ভাওৰীয়াই দেখাকৈ দুটা ফুটা কৰা দৰকাৰ। বিভিন্ন অসুৰ, বিভিন্ন আয়ুধ আৰু জীৱ-জন্তুৰ মুখা সাজিব পাৰি। ভাওনাত ব্যৱহাৰ কৰা ছো মুখাবোৰ সদায় খনিকৰসকলে সাজি উলিয়াইছিল। খনিকৰসকলৰ শিল্প নৈপুণ্যৰ কিছু অংশ ছো মুখাৰ যোগেদি প্ৰকাশ পায়।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top