অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভৌগোলিক পৰিৱেশ

ভৌগোলিক পৰিৱেশ

বিভিন্ন অঞ্চলৰ মানুহৰ দেহৰ গঠন, সাজপাৰ, আচাৰ-ব্যৱহাৰ, চিন্তাধাৰাৰ বহুল পাৰ্থক্য, তেওঁলোকৰ আহাৰ সুকীয়া, ঘৰ-দুৱাৰ সজাৰ আহিলা-পাতিও বেলেগ, আমোদ-প্ৰমোদ, ক্ৰীড়া-অনুষ্ঠান সমূহো ভিন ধৰণৰ। এই পাৰ্থক্য অৱশ্যে প্ৰকাশ পায় জীৱিকা অৰ্জনৰ ব্যৱস্থাসমূহত। এইবোৰৰ বাহিৰেও জাতি, ভাষা আৰু ধৰ্মমূলক বৈষম্যও ভৌগোলিক পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে। এই পাৰ্থক্যৰ ফলস্বৰূপেই বিভিন্ন আঞ্চলিক সংস্কৃতিৰ সৃষ্টি। দেশৰ অৱস্থান, নদ-নদী, পাহাৰ-পৰ্বত, উদ্ভিদ আৰু প্ৰাণী জগতৰ লগত ভৌগোলিক পৰিবেশৰ ঘাই সম্বন্ধ। এই উপাদানসমূহেই এক অঞ্চলৰ সংস্কৃতিক অন্য সংস্কৃতিৰপৰা পৃথক কৰে। এক স্বতন্ত্ৰ সংস্কৃতি গঠনত ভাৰতবৰ্ষৰ মানচিত্ৰত অসমৰ ভৌগোলিক স্থিতি গুৰুত্বপূৰ্ণ। অসমৰ স্ংস্কৃতি যে মূলতে ভাৰতীয়, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু অসমৰ সংস্কৃতিত মংগোলীয় আৰু খেমৰ সংস্কৃতিৰ প্ৰভাৱো কম নহয়। এই বিষয়ে অধ্যাপক ড° সুনীতিকুমাৰ চট্টোপাধ্যায়ে লিখিছে – “ The Tantric form of later Hinduism, which, however, is not divorced from its bases in yoga in Pauranic faith and ritual seems to have taken its final colouring from the character of Mongoloid cults, which it replaced. Among the Mongoloid tribes woman had far greater freedom in marriage, divorce and other matters than we find in orthodox Hindu society. Certain aspects of Vamacara Tantricism have their bases evidently in this side of Indo-Mongoloid life and ways. In fact, the worship of the great Mother in some of Her various shrines of Assam and East Bengal, particularly in Kamakhya near Gauhati, is looked upon as being originally Kirata or Tibeto-Burman.” (The Cultural Heritage of India, Volume I). ভুগোলৰ লগত জলবায়ুৰ সম্বন্ধ আছে। যিকোনো অঞ্চলৰ মানুহৰ চৰিত্ৰ আৰু জীৱন-পদ্ধতিৰ গঠনত জলবায়ুৰ প্ৰভাব মন কৰিবলগীয়া। অসমৰ জলবায়ু অত্যধিক শীত অথবা গৰমো নহয়। সেই কাৰণে, জলবায়ুয়ে অসমৰ অধিবাসীক এলেহুৱা আৰু অত্যধিক পৰিশ্ৰম বিমুখ কৰিছে। আৰু এটা কথা অসমৰ প্ৰধান ঋতু দুটা – বৰ্ষা আৰু বসন্ত। কৃষিপ্ৰধান অসমৰ বৰ্ষা ঋতু গুৰুত্বপূৰ্ণ, ই সৰু-বৰ নদীসমূহক পানী যোগায়, কোনো কোনো বছৰ বানপানীৰ প্লাৱনত গাঁও-ভুঁই বিধ্বস্ত কৰে, লগে লগে পথাৰত পলস পেলাই অধিক শস্য উত্‌পাদনৰ উপযোগীও কৰে। অসমৰ মানুহৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত বসন্তকালে অনুপ্ৰেৰনা জগায়। বসন্ত, আনন্দ আৰু আমোদ-প্ৰমোদৰ ঋতু। অসমৰ প্ৰকৃতিয়ে এই ঋতুত অভিনৱ ৰূপ গ্ৰহণ কৰি অসমীয়া ডেকা-গাভৰুৰ মনত উদ্দীপনাৰ সৃষ্টি কৰে। অসমৰ প্ৰধান জাতীয় উৎসৱ ব’হাগ বিহু এই ঋতুতেই অনুষ্ঠিত হয়। অসমীয়া মানুহৰ বিয়া-বাৰুও সৰহকৈ এই ঋতুতে পতা হয়। অসমীয়া লোক সাহিত্যৰ প্ৰধান অংগ বিহুগীতবোৰো বসন্ত ঋতুৰে দান। বিহুৰ লগত জড়িত বিহু নাচ, হুঁচৰি আদি বিভিন্ন নৃত্যৰ চৰ্চাও এই সময়তে হয়। বসন্ত কালতেই তাঁতশালৰ যোগে অসমীয়া তিৰোতাৰ চাৰুশিল্প চৰ্চাতো ধাউতি বাঢ়ে, কণী যুঁজোৱা, কুকুৰা যুঁজোৱা, কড়ি খেল আদি আমোদ-প্ৰমোদৰ ঋতু এইটোৱেই। অসমৰ সামাজিক জীৱনৰ মূল ভেটি হ’ল গাঁও। এই গাঁওৰ স্থিতি আৰু গঠনো ভূগোলৰ ওপৰত নিৰ্ভৰশীল। অসমীয়া গাঁও সাধাৰণতে নদীৰ কাষত অথবা উপত্যকা অঞ্চলত পতা হয়। ধান খেতি কৰিবলৈ ফলমূলৰ বাৰী পাতিবলৈ এনে ঠাইতে সূচল। পূব-এছিয়াৰ দেশসমূহৰ দৰে অসমৰ সংস্কৃতি ধান খেতিৰ লগত ওতপ্ৰোতভাবে সাঙোৰ খাই আছে। অসমীয়া গাঁওত আজিও ধানৰ ভঁৰালৰ সংখ্যাৰ ওপৰতে ধনী বিবেচিত হয়। চহকী শব্দৰ অৰ্থও ধান খেতিৰ ওপৰতে গঢ়ি উঠিছে। ধান-চাউল অসমীয়াৰ মানত অতি পৱিত্ৰ; ধান চাউলৰ ওপৰত ভৰিৰ খোজ পৰাও অপৰাধ। ধান লক্ষ্মীস্বৰূপা। সকলো ধাৰ্মিক সামাজিক অনুষ্ঠানত ধানৰ ব্যৱহাৰ আছে। সেই কাৰণে, নানা উত্‌সৱেৰে ধানক পথাৰৰপৰা গোটাই ভঁৰালত সামৰা হয়। আহাৰ আৰু বাসস্থান(ঘৰ) মানুহৰ দুটা অত্যন্ত মৌলিক প্ৰয়োজন। চব্বিছ ঘণ্টাৰ ভিতৰত মানুহ ক্ষন্তেক নুশুই নোৱাৰে। শোৱাৰ সময়তো মানুহৰ শত্ৰুৰ অন্ত নাই। কেৱল বনৰীয়া জন্তুৰ পৰাই নহয়, চুবুৰীয়া মানুহৰ পৰাও ভয়। কিন্তু টোপনি নোযোৱাকৈ লক্ষ্মণৰ দৰে কম মানুহেহে উজাগৰে থাকিব পাৰে। সেই কাৰণেই, প্ৰকৃতিৰ বিপদ-বিঘিনি আৰু শত্ৰুৰপৰা ৰক্ষা পাবলৈ মানুহে ঘৰ বা বাসস্থান সাজিব লাগে। গৃহ শব্দৰ অৰ্থ হ’ল সুখ-শান্তিৰে আহাৰ, শয়ন গ্ৰহণ কৰিব পৰা স্থান। অসমৰ মানুহৰ ঘৰ আৰু ঘৰ নিৰ্মাণত ভৌগোলিক পৰিবেশৰ প্ৰভাৱ আছে। হাতত পোৱা লাগতিয়াল সামগ্ৰীৰেই মানুহে ঘৰ-দুৱাৰ সাজে- ই সঁচা। কিন্তু এই কাৰ্যত মাটি আৰু জলবায়ুৰ প্ৰভাৱ একেবাৰে উলাই কৰিব নোৱাৰি। ঘৰ সজাত শিল, ইটা, কাঠ, বাঁহ, খেৰ, বেত, ইকৰা – কোন সামগ্ৰীৰ প্ৰয়োজন, তাক নিৰ্ণয় কৰে জলবায়ুয়ে। এই সঁজুলিবোৰৰ প্ৰত্যেকৰে দিন টিকিব পৰা আৰু বতাহ, ধুমুহা, বৰষুণ, শীত, গ্ৰীষ্মৰ পৰা ৰক্ষা কৰিবৰ স্বতন্ত্ৰ গুণ আছে। সহজে আৰু অনায়াসে ব্যৱহাৰত লগাব পৰাও এইবোৰৰ বিশিষ্ট গুণ। অসমত বাঁহ, কাঠ, ইকৰা, খেৰ হাততে পোৱা সামগ্ৰী। কেতবোৰ অসমৰ মাটি, পাহাৰ আৰু নদীৰ দান। বানপানী আৰু ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ হেতুও ঘৰ নিৰ্মাণত অসমীয়া মানুহে এইবোৰ সামগ্ৰী ব্যবহাৰ কৰে। কেৱল সামগ্ৰীৰ ক্ষেত্ৰতেই নহয়, অসমৰ ঘৰৰ চানেকি আৰু ঘৰ সজাৰ কৌশলো অন্য প্ৰদেশৰ লগত নিমিলে। অসমীয়া সংস্কৃতিৰ ইয়ো এটা বিশেষত্ব। চৌহদৰ ভিতৰত সৰু-বৰ কেইবাটাও ঘৰ সাজি লোৱাটো অসমীয়াৰ নিয়ম। প্ৰাচীন প্ৰৱচন মতে ‘ঘন ঘন কৈ সৰু ঘৰ, যিমান লাগে সিমান কৰ’। অসমীয়া মানুহে বাটচ’ৰা, চ’ৰাঘৰ, বৰঘৰ, মাৰলঘৰ, ৰান্ধনি ঘৰ, গোহালি ঘৰ, ভঁৰাল ঘৰ, গোঁসাই ঘৰ আদি বিভিন্ন প্ৰয়োজনৰ কাৰণে সুকীয়া ঘৰ সাজে। একেটা ঘৰতে বহা, শোৱা, ৰন্ধা, খোৱা, গোঁসাই সেৱা আদি নকৰে। প্ৰত্যেকেই প্ৰচুৰ মাটি ভোগ কৰিবলৈ পোৱাৰ হেতু ই সম্ভৱ হৈছিল। এই ব্যৱস্থাই অসমীয়া মানুহক পৰিষ্কাৰ-পৰিচ্ছন্নও কৰিছে। অৱশ্যে জনজাতীয় মানুহৰ মাজত বহু ঘৰ সাজি লোৱা ব্যৱস্থা নাই। তেওঁলোকে এটা দীঘল চাংহৰ সাজে; শত্ৰুৰপৰা ৰক্ষা পাবলৈ একে ঘৰতে পৰিয়ালৰ সকলোৱে বাস কৰে; একে ঘৰতে বিভিন্ন কাৰ্য সাধন কৰে। চাংঘৰৰ তলত গৰু, গাহৰি, কুকুৰা পোহে। কোনো কোনো জনজাতিৰ চাংঘৰৰ চাঙৰ তলেদি বনৰীয়া হাতীয়ে সহজেই অহা-যোৱা কৰিব পাৰে। মিৰিসকলে চাংঘৰৰ কাৰণে বনৰীয়া জন্তুৰ বাহিৰে বানপানীৰ পৰাও বছৰি ৰক্ষা পায়। বনৰীয়া জন্তুৰ পৰা ৰক্ষা পাবাৰ কাৰণে কোনো কোনোৱে গছৰ আগত টঙিঘৰ সাজে। অসমীয়া ঘৰৰ নিৰ্মাণ কৌশলো সুকীয়া। সাধাৰণতে দুচলীয়া ঘৰেই অধিক; বৰষুণৰ পানী শীঘ্ৰে বাগৰিব পৰাকৈ ছাল দুখন সজা হয়। বৰষুণ প্ৰধান অসমত এইটো নিপুণ ব্যৱস্থা। ঘৰৰ চৌহদত তামোল, পাণ, আম, কঁঠাল, কল, বাঁহ আদি ৰুই খেৰ-বাঁহেৰে সজা ঘৰবোৰৰ লগত প্ৰাকৃতিক দৃশ্যৰ সমতা ৰক্ষা কৰা হয়। অসমীয়া মানুহৰ সেউজীয়া প্ৰকৃতি-প্ৰীতি এই ব্যৱস্থাত প্ৰকাশ পায়। অসমীয়া নামঘৰ আৰু মন্দিৰবোৰৰো স্থানীয় বৈচিত্ৰ্য আছে। মন্দিৰৰ কলসী পাহাৰ আৰু গছৰ শিখৰৰ অনুকৰণত সজা হয়। পৰিবেশৰ লগত মানুহৰ নিবিড় যোগাযোগ স্থাপনৰ অন্যান্য উপায়সমূহৰ ভিতৰত প্ৰধান হ’ল খাদ্য সংগ্ৰহ ব্যৱস্থা। পৰিবহণ আৰু বেহা-বেপাৰৰ হেতু সাজপাৰৰ পৰিৱৰ্তন যিমান শীঘ্ৰে আৰু ব্যপকভাবে হয়, খাদ্যৰ ক্ষেত্ৰত তেনে নহয়। আহাৰ সম্বন্ধে মানুহ অতিমাত্ৰাই সংৰক্ষণশীল। এক অঞ্চলৰ খাদ্যৰ লগত ভিন অঞ্চলৰ খাদ্যৰ ভালেখিনি অমিল। এখন সমাজক আন এখন সমাজৰপৰা যিসমূহ কাৰণৰ দ্বাৰা পৃথক কৰিব পাৰি তাৰ ভিতৰত খাদ্যই প্ৰধান। এক অঞ্চলৰ খাদ্য অন্য অঞ্চলৰ বাবে বিষ সদৃশ। এইদৰে আহাৰৰ ক্ষেত্ৰতো দেশৰ ভূগোল আৰু জলবায়ুৰ প্ৰভাৱ পৰিছে। জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিভিন্ন অঞ্চলৰ খাদ্য তালিকা সুকীয়া হয়। ভৌগোলিক প্ৰভাৱত অসমীয়া মানুহৰ খাদ্য তালিকা আৰু ৰন্ধন-প্ৰকৰন সুকীয়া হৈছে। যথেষ্ট বৰষুণৰ হেতু অসম ধান খেতি প্ৰধান; ইয়েই অসমীয়াৰ প্ৰধান খাদ্য। ধান খেতি অসমীয়াৰ জীৱন ধাৰণৰ কেৱল অবলম্বনেই নহয়- এই ধান খেতিৰ ওপৰতেই অসমীয়া মানুহৰ পাৰিবাৰিক আৰু সামাজিক জীৱনৰ ভেটি স্থাপন হৈছে। ধান খেতি সম্ভৱ হয় পৰিয়ালৰ আৰু সমাজৰ সহযোগ আৰু সমবেত চেষ্টাৰ ওপৰত। পথাৰত হাল নমোৱাৰ পৰা ধান দাই অনালৈকে সকলো খিনি কাম পৰিয়ালৰ সহায় আৰু ৰাইজৰ সমিলমিলৰ বা ৰাইজৰ বান্ধৰ ওপৰত সম্পূৰ্ণ হয়। জলসিঞ্চন, আলি বন্ধা, ভুঁই ৰোৱা, জন্তুৰ পৰা শস্য ৰক্ষা কৰা, ধান দোৱা – এই কামবোৰ সমূহীয়া ভাবে কৰিব লাগে। আনকি খেতিৰ সময়খিনিত গঞাই পাল পাতিহে গৰু চৰায়। ধান চপোৱাৰ পিছত ভঁৰালত ডাঙৰি জপা, মৰণা মৰা, ধান জৰা, ধান বনা আদি কামবোৰ পৰিয়ালৰ সকলোৱে মিলি-জুলি কৰিব লাগে। এই খাদ্য সংগ্ৰহ কাৰ্যত ল’ৰা-বুঢ়া, মতা-তিৰোতা পৰিয়ালৰ সকলোৰে বিশিষ্ট স্থান হোৱআৰ হেতু প্ৰত্যেকৰে মনত আত্মসন্তুষ্টিৰ ভাব জন্মে; এই ভাৱে পৰিয়ালক একগোট কৰি ৰখাত বিশেষ সহায় কৰে। ধান খেতিত বছৰৰ কেইমাহমনহে খেতিয়ক ব্যস্ত থাকিব লাগে। আজৰিৰ সময়খিনিয়ে খেতিয়কৰ মাজত সমূহীয়া জীৱন গঢ়ি তোলাত সহায় কৰে; সুকুমাৰ কলাৰ চৰ্চা কৰিবলৈ ৰাইজক সুবিধা দিয়ে। অন্যান্য ফলমূল অথবা শাক-পাচলিৰ দৰে ধান দুদিনতে গেলি-পচি যোৱা বস্তু নহয়। ইয়াক ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰিবও লাগে। এই সঞ্চয়ৰ কাৰণে প্ৰথমেই প্ৰয়োজন ভঁৰাল ঘৰ। অসমীয়া অন্যান্য ঘৰৰ নিৰ্মাণৰ লগত ভঁৰাল ঘৰৰ আৰ্হি নিমিলে। দ্বিতীয়তে, ধান জাৰিব-চালিবলৈ আৰু থ’বলৈ ডলা, কুলা, চালনি, ডুলি, পাচি, খৰাহিৰ প্ৰয়োজন। অসমৰ প্ৰকৃতিয়ে যোগোৱা বাঁহ-বেতৰ সহায়তেই এই সা-সঁজুলিবোৰ সজা হয়। অসমৰ হস্তশিল্প আৰু লোক-কলাৰ বিচিত্ৰ আৰু মনোৰম চানেকি ধানৰ লগত জড়িত এই সঁজুলিবোৰত প্ৰকাশ পাইছে। ধান খেতিৰ লগত নানা ক্ৰিয়াকাণ্ড আৰু উৎসৱ অনুষ্ঠানৰ সম্বন্ধ আছে। ব’হাগ বিহুৰ লগত গৰু বিহু আৰু গো-পূজাও জড়িত। খেতিয়ক নিজৰ পৰিশ্ৰমৰ ওপৰতে ধান খেতিৰ উত্‌স নিৰ্ভৰ কৰে। উপযুক্ত বতৰ আৰু যথাসময়ত বৰষুণ – এই দুটাৰ ধান খেতিত বিশেষ প্ৰয়োজন। সেই কাৰণে, দৈৱবিশ্বাসী হৈ খেতিয়ক সকলে অধিক শস্যৰ কাৰণে আৰু শস্যক বনৰীয়া জন্তু, পোক-পৰুৱা আদিৰপৰা ৰক্ষা কৰিবলৈ বলি-বিধান, পূজা-অনুষ্ঠানৰ ব্যৱস্থা কৰে। ব’হাগ বিহু, কাতি বিহু, মাঘ বিহু আদি প্ৰকৃততে ধান খেতি উৎসৱ। খেতিপথাৰ শত্ৰুৰপৰা ৰক্ষা কৰিবলৈ অসমীয়া ভাষাত ভালেমান মন্ত্ৰ ৰচিত হৈছে। অসমীয়াৰ ভোজন বিলাশৰ ক্ষেত্ৰত ধান-চাউলৰ দান নগণ্য নহয়। অন্ন, পৰমান্ন, বোকা চাউল, চিৰা, আখৈ, মুড়ি, পিঠাগুড়ি, সান্দহৰ বাহিৰেও তৃপ্তিকৰ নানাবিধ পিঠা-পনা চাউলৰ পৰাই কৰা হয়। অসমৰ সাধাৰণ মানুহৰ মাজত ঘিঁউ-মাখনৰ বহুল ব্যৱহাৰ নাই। কোনো কোনো জনজাতিয়ে গাখীৰ খোৱা প্ৰথা ঘিণায়। ঘিঁউৰ সলনি অসমত সৰিয়হ তেলৰ অধিক ব্যৱহাৰ হয়। কিয়নো অসমৰ সৰু-বৰ উৰ্বৰা নৈৰ পাৰত আজিও প্ৰচুৰ পৰিমাণে সৰিয়হৰ খেতি হয়। নদীসমূহেই অসমীয়া মানুহক আমিষ ভোজীও কৰিছে। অসমত নিৰামিষ নিষিদ্ধ- ই শাস্ত্ৰৰ বচনত পৰিণত হৈছে। ইয়াৰ উপৰিও হাবিয়ে অসমৰ মঙহৰ চাহিদা যোগায়। জন্তু, বিশেষকৈ পহু চিকাৰ আমোদী ক্ৰিয়াই নহয়, ইয়াৰ দ্বাৰা খাদ্য সংগ্ৰহো হয়। আজিও ভৈয়াম আৰু পাহাৰৰ মানুহে উৎসৱ অনুষ্ঠানৰ সমূহীয়া ভোজৰ আয়োজনত পহু-গাহৰি চিকাৰ কৰা নিয়ম। মাছ মৰা আৰু চিকাৰ – খাদ্য সংগ্ৰহৰ এই দুই ব্যৱস্থাই অসমীয়াৰ সমূহীয়া বান্ধ আৰু সাহস দৃঢ় কৰিছে। মাছ-মঙহ সংগ্ৰহৰ নিমিত্তে কৌশলী আৰু ধুনীয়া আহিলা-পাতিও আৱিষ্কাৰ হৈছে। নগাযাঠি, খাচীৰ ধনুকাঁড়, গৰোৰ চৰাই ধৰা ফান্দ, কছাৰীৰ মাছ মৰা বিবিধ যন্ত্ৰ – এইবোৰৰ উদ্ভৱ ভৌগোলিক প্ৰভাৱৰ হেতু। কিয়নো বিভিন্ন জন্তু, চৰাই-চিৰিকটি অথবা মাছ-পুঠিৰ কাৰণে বিভিন্ন ধৰণৰ ফান্দৰ আৱশ্যক। অসমৰ বন-জংঘলত হাতী, বাঘ, গঁড় আদি জন্তু থকাৰ হেতু এইবোৰৰ চিকাৰৰ বিবিধ ফন্দি অসমীয়া মানুহে আৱিষ্কাৰ কৰিছে। নদীসমূহে কেৱল একশ্ৰেণীৰ নিপুণ মাছমৰীয়াকে জন্ম দিয়া নাই, তেওঁলোকক সাহিয়াল নাৱৰীয়াও কৰি তুলিছে। অধ্যাপক J.E. Spencer ৰ মতে মাছমৰীয়াসকলেই সৰ্বপ্ৰথম খাদ্য ৰূপে ব্যৱহাৰ কৰিব পৰা গছ-গছনি সংগ্ৰহ কৰে। তেওঁ লিখিছে – “ … the fishing peoples, perhaps will provide with a food supply, began the first specific working with plants and plant products in net and trap making and that they discovered the many gums, poisons and spices that are so frequent in the tropics. Tubbers, roots, gathered both for food and for body paints and other dyes, came within their working patterns and gradually came to be the first specific crop items in a simple agriculture that depended upon vegetative reproduction of live plant materials.” জলবায়ুৰ সুচলৰ হেতু অসমত নানা ধৰণৰ গছ-গছনি, শাক-পাচলি হয়। ইয়াৰে ভালেমান অসমীয়া খাদ্য তালিকাৰ আদৰৰ সামগ্ৰী। খাৰ আৰু টেঙাৰ প্ৰাধান্যই অসমীয়া খাদ্যক অন্যাঞ্চলৰ খাদ্যতকৈ পৃথক কৰিছে। এই দুই প্ৰীতিৰ গুৰিতেও হ’ল পাৰিৱেশিক প্ৰভাৱ। সামুদ্ৰিক অথবা সৈন্ধৱ লোণ দুয়োটাৰ অসমত অভাৱ। গতিকে, অতীজৰে পৰা অসমীয়া মানুহে লোণৰ সলনি কলগছৰপৰা তৈয়াৰ কৰা খাৰণি ব্যৱহাৰ কৰি আহিছে। অসমৰ মাটিত বিভিন্ন ধৰণৰ টেঙা প্ৰচুৰ পৰিমাণে হোৱাৰ হেতু অসমীয়া ৰন্ধন প্ৰকৰণত টেঙা ব্যঞ্জনেই বিশিষ্ট স্থান লৈছে। দেশত জলবায়ুৰ লগত সাজপাৰৰ ঘনিষ্ঠ সম্বন্ধ। অসমীয়া পুৰুষ মহিলাই অতীজৰে পৰা কপাহী আৰু পাট উভয় কাপোৰ ব্যবহাৰ কৰি আহিছে। অসমৰ ভৌগোলিক পৰিবেশ আৰু জলবায়ুৱে পলু পোহাত সুযোগ দিছে। অসমৰ পাটশিল্পৰ প্ৰসিদ্ধি ৰামায়ণ-মহাভাৰতৰ যুগৰপৰা চলি আহিছে। এই খিনিতে আৰু এটা কথা লক্ষ্য কৰিব লগীয়া : অসমৰ ভৌগোলিক অৱস্থিতি ব্ৰহ্ম, তিব্বত, চীনদেশৰ ওচৰত হোৱাত এই দেশসমূহৰ সাংস্কৃতিক জীৱন আৰু চিন্তাধাৰাই অসম দেশৰ লোকৰ ওপৰত যুগ যুগ ধৰি প্ৰভাৱ পেলাই আহিছে। অসমীয়া খাদ্য-তালিকাৰ বোকা চাউল, বাঁহগাজ, বেঁতগাজ, পচলা, লাও-কচু, মাহ(কটাৰী, ডবুৱা, লেছেৰা), বিবিধ টেঙা, কঁঠাল, মাছ, কেঁকোৰা, কুকুৰা, গাহৰি দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ পৰা অহা বুলি অনুমান কৰা হয়। এই প্ৰসংগত Professor J.E. Spencer এ কৈছে – “ China-Tonking contributed most of citrus fruit, most of the bananas, tea, such fruit as lichee and longan, many of the Chinese cabbages, perhaps some of the soyabeans and the mulberries.” সেই একেজন বিশেষজ্ঞই আকৌ লিখিছে, “ There is evidence that both the dog and the pig, as jungle scavengers around sites, were tamed and domesticated very early in South-eastern Asia…There is some evidence that these two animals, as pets useful or secred animals, spread out of South eastern Asia in all directions both with early movements of man, and as animals were passed from group to group. The tabus upon the eating of both do not generally relate to early times in South-eastern Asia, but were later developed else where by people of different cultures… The dog and the pig were eaten by many groups, but the common use of the dogas fod has been kept only by some of the simple peoples … The use of the dog for food by the Chinese was common until recent centuries.” নগা জনজাতিয়ে কুকুৰ খোৱা মংগোলীয় প্ৰথা। অসমীয়াৰ মাজত এই মাংস নিষিদ্ধ সেই কথা ‘কুকুৰৰ মঙহ খুৱাম’, এই গালি আষাৰৰপৰাই উপলব্ধি কৰিব পাৰি। কেতবোৰ গছ-গছনি আৰু শস্যৰ বীজৰ দৰে খেতি-বাতিৰ অন্যতম আহিলা মহো দক্ষিণপূব দেশসমূহৰ পৰা অসমলৈ আহিছে। কোনো কোনোৱে বান্দৰ, জহামাল, কেৰ্কেটুৱা আদি জন্তুও এইবোৰ দেশৰপৰা অসমৰ অৰণ্যৰ মাজেদি ভাৰতবৰ্ষত সোমাইছে বুলি অনুমান কৰে। সাজ-পোছাকতো এই দেশসমূহৰ অৱদান যথেষ্ট। পাট-কাপোৰ আৰু আহোমৰ দিনত বিশেষকৈ প্ৰচলিত কিংখাপ চীনদেশৰপৰা অহা বুলি অনেকে অনুমান কৰে। ৰ’দ-বৰষুণৰপৰা ৰক্ষা পাবলৈ আৰু আভিজাত্যৰ নিদৰ্শনস্বৰূপে ব্যৱহাৰ হোৱা জাপিটো তিব্বত-বৰ্মীৰ দান। অসমীয়াৰ সৌন্দৰ্য অনুভূতিৰ ক্ষেত্ৰতো দুই-এটা চীনীয় উপকৰণৰ উল্লেখ কৰিব পাৰি। অসমীয়া ডেকা-গাভৰুৰ প্ৰেম নিবেদনত কপৌফুলৰ বিশেষ স্থান আছে। প্ৰধান কাৰণ কপৌফুল প্ৰজননৰ প্ৰতীক। চীনদেশতো কপৌফুলৰ বিশেষ সমাদৰ। বিবাহৰ পূৰ্বে চীনদেশতো ডেকা-গাভৰুৱে ইজনে সিজনক কপৌফুল উপহাৰ দিয়ে। চীনা-সংস্কৃতিত কপৌফুলৰ কি মহান তাত্‌পৰ্য সেই কথা ‘Chinese Civilization’ নামৰ প্ৰসিদ্ধ গ্ৰন্থৰপৰা উদ্ধৃত কৰিলো। - “ During the spring festival of the land of Cheng, young man and girls met in a place where scented orchids grew. They plucked them, and weaving them on the waters, they called upon the ancestral souls to come and be reincarnated. The belief they where summoning a soul breath(Hun) which is not distinguishable from the personal name. When the game of rivalry was finished, the girl received a flower(orchid) as a pledge from the boy to whom she was united. The orchid of the Holy place thus served to procure births for all the people of Cheng. It ended by becoming a primary emblem. Duke Wen of Cheng had a wife of the second rank whose name was Yen Ki. She dreamed that a messenger from heaven gave her an orchid (Lan) saying to her : ‘I am to you I am thy ancestor. Make the son of that. Beacause the orchid has a princely perfume, (or alternatively, because the orchid has the perfume of the country) he will recognize to be a prince of Cheng and people will love him’. Thereupon, Duke Wen Come to see her. He gave her an orchid and lay with her. Asking to see his perdon, she said, ‘your servant has no talent. If by your favour I have a son, people will not believe me: dare I take this orchid as a proof?’ The Duke said ‘yes’, she bade him the Duke Mu whose personal name was Lan (orcid)…. When Duke Mu fell ill, he said: when the orchid dies, behold I shall die also, for by it I live (alternatively for it I was born), when they cut orchid, the Duke died.” দেশৰ ধৰ্ম, কিংবদন্তী, পৌৰাণিক কাহিনী, কলা আৰু সভ্যতাৰ অন্যান্য বিষয়ত ভৌগোলিক পৰিবেশৰ প্ৰভাৱ পৰিলক্ষিত হয়। “Outline of Primitive Beliefs” নামৰ পুথিত কীনিয়ে লিখিছে, ‘দেশৰ ভৌগোলিক স্থিতি, যি প্ৰাকৃতিক দৃশ্যৰ মাজত দেশবাসীয়ে জীৱন কটাইছে সেই দৃশ্যসমূহ, আৰু যি যি প্ৰাকৃতিক ঘটনাপুঞ্জৰ মাজত তেওঁলোক ডাঙৰ দীঘল হৈছে সেই সকলোৰে ওপৰত নিৰ্ভৰ কৰি জনসাধাৰণৰ ধৰ্মমত গঢ়ি উঠে। অৰণ্যত বাস কৰা আৰু উন্মুক্ত বিশাল সমভূমিত বাস কৰা মানুহৰ ধৰ্ম একে হ’ব নোৱাৰে। ঠিক সেইদৰে মেঘাচ্ছন্ন আকাশ, ধুমুহা বতাহৰ কেন্দ্ৰ, বানপানী বিধ্বস্ত দেশৰ মানুহৰ ধৰ্মৰ লগত ৰৌদ্ৰস্নাত শান্ত জলবায়ুৰ মানুহৰ ধৰ্মৰ লগত ৰৌদ্ৰস্নাতশান্ত জলবায়ুৰ মানুহৰ ধৰ্মৰ কোনো মিল নাই’। অসমীয়া মানুহৰ পূজা-অৰ্চনাৰ বহু বস্তু ভৌগোলিক পৰিবেশতে জন্ম। শিল, পৰ্বত, গছ-গছনি, জীৱ-জন্তুৰ পূজা অসমত আজিও ব্যাপকভাৱে প্ৰচলিত। ব্ৰহ্মপুত্ৰ, দিখৌ, দৈয়াং, সোৱণশিৰি আদি নদীক অসমীয়া আৰু জনজাতীয় লোকে পবিত্ৰ জ্ঞান কৰি আজিও বিচিত্ৰ অনুষ্ঠানেৰে পূজা কৰে। ৰূপহী ছোৱালী উছৰ্গা কৰি নদীপূজা কৰাৰ প্ৰাচীন প্ৰথাৰ ইংগিত কমলা কুঁৱৰীৰ গীতত আছে। সম্ভৱত: চীন দেশৰ পৰাই অসমলৈ এই প্ৰথাৰ প্ৰৱৰ্তন হৈছিল। ‘Chinese Civilization’ ত আছে – ‘Every year a beautiful girl was chosen. Fed and ador ned like bride, she was laid on a bridal bed. This was launched on the water and brone to a whirpool where it sank. Thus the chosen went to be married to the Count of the River’. ইয়াৰ বাহিৰেও ভূত, পিশাচ, দ’ত, যখ, বুঢ়া ডাঙৰীয়া আদিৰ বিশ্বাস গছ-গছনি নদ-নদীৰপৰাই হৈছে। সাপবহুল কাৰণেই মনসা পূজাৰ জন্ম। অসমৰ ধাৰ্মিক জীৱনত মাছ, কুকুৰা, গাহৰিৰো বিশেষ তাত্‌পৰ্য আছে। বৰষুণৰ কাৰণে ভেকুলি বিয়াৰ যোগে সন্তুষ্টি সাধন কৰা হয়। ধৰ্মই সুকুমাৰ কলাৰো জন্ম দিছে। অতীত কালৰপৰাই চিত্ৰ ভাস্কৰ্য, গীত-উপকথা, নৃত্য-সংগীত ধৰ্মৰ লগত জড়িত। ভৌগোলিক পৰিবেশে জাতিৰ সুকুমাৰ কলা কৃষ্টিত নানাভাবে সমল আৰু প্ৰেৰণা যোগাই আহিছে। পূৰ্বেই উল্লেখ কৰি অহা হৈছে যে অসমীয়া লোক-শিল্প বাঁহ-বেতৰ সা-সঁজুলি আৰু প্ৰভাৱ তাঁত শিল্পত পৰিসফুট। কেৱল শিল্পৰ সামগ্ৰীসমূহতেই যে পৰিবেশৰ প্ৰভাৱ পৰিছে এনে নহয়; চিত্ৰকলাৰ বিষয়বস্তুৰ ওপৰতো পৰিবেশৰ প্ৰভাৱ অসীম। অসমীয়া খেতিয়কে বাঁহ-বেতৰ সঁজুলিত একা-বেঁকা, চক্ৰ-চতুষ্কোণ আদি যিবোৰ জ্যামিতিক চিত্ৰ তোলে, সেইবোৰ নদ-নদীৰ ভংগী, চন্দ্ৰ-সূৰ্যৰ বিভিন্ন ৰূপহে মাথোন। অসমীয়া তিৰোতাই কাপোৰত বছা ছবিৰ চানেকিও প্ৰকৃতিৰ গছ-লতা, ফুল-কলি, চৰাই পখিলাৰ পৰা আহৰণ কৰা। ৰিহা-গামোচাৰ শেলৰ ৰঙা ৰং সূৰ্যৰ, সেইজীয়া বৰণ প্ৰকৃতিৰ আৰু ক’লা সন্ধিয়াৰ অন্ধকাৰৰ। অসমীয়া লোক-সাহিত্য অসমৰ প্ৰকৃতিৰ বন্দনা গীত; অসমীয়া ফকৰা-যোজনা, অসমৰ উদ্ভিদ আৰু জীৱ-জন্তুৰ বিশ্লেষণ। অসমীয়া সাধুকথা আৰু পুৰা-কাহিনীৰো মূল উপকৰণ হ’ল অসমৰ জীৱ-জন্তু আৰু নদ-নদী আদি প্ৰাকৃতিক পদাৰ্থসমূহ। এই কাৰণেই অসমৰ ভূগোল আৰু ভৌগোলিক পৰিবেশৰ লগত পৰিচয় নহ’লে অসমীয়া লোক-সাহিত্যৰ সম্পূৰ্ণ সৌন্দৰ্য উপলব্ধি সম্ভৱ নহয়। জাতিৰ নৃত্য আৰু সংগীততো প্ৰকৃতিৰ প্ৰভাৱ লক্ষ্যণীয়। অসমৰ পৰ্বত-ভৈয়ামৰ বিহু নৃত্য, বতাহৰ গতি, গছ-গছনিৰ সঞ্চালন, জন্তুৰ খোজ-কাটলৰ অনুকৰণত সৃষ্টি হৈছে। নানা বাদ্য-যন্ত্ৰও গঢ়া হৈছে প্ৰকৃতিৰ উপাদানৰপৰাই। ইয়াৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ বাঁহী, লাওৰ টোকাৰী, মহৰ শিঙৰ পেঁপা, গগনা উল্লেখযোগ্য। অসমীয়া ভাষাৰ এক স্বতন্ত্ৰ বৈচিত্ৰ্য ফুটাই তোলাত ভৌগোলিক পৰিবেশৰ ঋণ অস্বীকাৰ কৰিব নোৱাৰি। অসমীয়া মূলতে আৰ্যগোষ্ঠীৰ ভাষা। কিন্তু তিব্বত-বৰ্মী আৰু অষ্ট্ৰিক ভাষা-ভাষী দেশৰ কাষত থকাৰ হেতু অসমীয়া ভাষাই এই ভাষাসমূহৰপৰা ধ্বনি আৰু অলেখ শব্দ দ্বিধাহীনভাৱে ধাৰ কৰিছে। এই হেতু আধুনিক ভাৰতীয় আৰ্যভাষা সমূহৰ মাজত অসমীয়াই অভিনৱ ৰূপ লৈছে। অসম দেশত অন্যান্য ভাষা গোষ্ঠীৰ সংখ্যাৰ আধিক্যৰ মূলতেও ভূগোলেই। অলংঘনীয় পাহাৰে এক পৰ্বতীয়া মানুহক ওচৰৰ অন্য পৰ্বতৰ লগত আহ-যাহ, আদান-প্ৰদানত বাধা জন্মাইছে। তাৰে হেতু নগাপাহাৰ আদি একে অঞ্চলতে অলেখ ভাষাৰ জন্ম হৈছে।

উৎস: অসমৰ লোক-সংস্কৃতি।

3.025
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top