মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মাঘ বিহু আৰু মেজিৰ তাৎপৰ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাঘ বিহু আৰু মেজিৰ তাৎপৰ্য

মাঘ বিহু আৰু মেজিৰ তাৎপৰ্য

বিহু হৈছে অসমীয়াৰ প্ৰাণ। পৰম্পৰা ৰক্ষা কৰি অসমৰ লগতে সমগ্ৰ বিশ্বৰে অসমীয়াসকলে ধৰ্মাৰু বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে বিহু উৎসৱ পালন কৰি আহিছে। মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু এই তিনি প্ৰকাৰৰ বিহুৰে অসমীয়া সমাজত এক বিশেষ বৈশিষ্ট্য আছে যদিও মাঘ মাহত অনুষ্ঠিত হোৱা মাঘবিহুৰ কথাই সকীয়া।

কিছুমান পণ্ডিতৰ মতে অসমীয়া ‘বিহু’ শব্দটো স্ংস্কৃত ‘বিষুবং’ শব্দৰ পৰা আহিছে। যাৰ ইংৰাজী অৰ্থ হৈছে ‘EQUINOX’। ঐত্ৰেয় ব্ৰাহ্মণতো এই শব্দৰ উল্লেখ পোৱা যায়। ‘বিষুবং’ শব্দৰ অৰ্থ হৈছে দিন আৰু ৰাতি দুয়ো সমান হোৱা কাল। কাল্পনিকভাৱে সূৰ্যই পৃথিৱীৰ মধ্যৰেখা পাৰ হোৱা কাল। এই স্ংক্ৰমণকালকে ‘সংক্ৰান্তি’বোলা হয়। বিহুৰ লগত ‘সংক্ৰান্তি’ শব্দটো জড়িত হৈ আছে। কাৰণ এই বিহু উৎসৱ সংক্ৰান্তিৰ দিনা আৰম্ভ হয়। সাধাৰণতে কোনো এটা মাহৰ শেষৰ দিনটোকে ‘সংক্ৰান্তি’ বোলা হয়। আমাৰ অসমীয়া সমাজত ‘দোমাহী’ (দোমাহৰ জোৰা) শব্দটো সংক্ৰান্তি অৰ্থত ব্যৱহাৰ কৰা হয়।

আমাৰ হিন্দু শাস্ত্ৰমতে বাৰটা ৰাশিচক্ৰ আছে আৰু সূৰ্যই বাৰ মাহত বাৰটা ৰাশি অতিক্ৰম কৰে। সূৰ্যই পৰ্যায়ক্ৰমে যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে (পূৱ মাহৰ শেষৰ দিনটো, তথা ইংৰাজী জানুৱাৰী মাহৰ মাজভাগ) তেতিয়াই অসমীয়া লোকসকলে মাঘ বিহু উদযাপন আৰম্ভ কৰে। পুহ মাহ শেষ হ’লেই মাগজ বিহু আৰম্ভ হয়। মাঘবিহুটো মুখ্যত: তিনিদিন ধৰি চলে। সংক্ৰান্তি বা দোমাহীৰ আগদিনা ৰাতি উৰুকা হয়। উৰুকৰ পিছৰ দিনটো স্ংক্তান্তি অৰ্থাত পুহমাহৰ শেষৰ দিন। তাৰ পিছদিনা অৰ্থাত মাঘ বিহুৰ প্ৰথমদিনা আচল মাঘ বিহু হয়। এই মাঘ বিহুটোক ‘ভোগালী বিহু’ বুলিও কোৱা হয়। কাৰণ এই সময়ত অসমৰ কৃষিজীৱি লোকসকলে অতি কষ্টেৰে কৰা কৃষি কাৰ্য সামৰি পথাৰৰ ধান-শস্য কাটি ভড়ালত ৰাখে। গতিকে কষ্টেৰে কৰা উপাৰ্জনৰ পিছত সকলোৱে লগ হৈ আনন্দ মনেৰে এসাজ তৃপ্তিৰে খাবলৈ হাবিয়াস কৰে। ভোগ কৰে বাবেই এই বিহুক ‘ভোগালী বিহু’ আখ্যা দিয়া হয়।সেয়ে ভোগালী বিহু হৈছে এনে এটি উৎসৱ যাক আমি ভোগৰ উৎসৱ বুলিও ক’ব পাৰো। উৰুকা বা তাৰ আগৰে পৰা অসমীয়া সমাজৰ জীয়ৰী বোৱাৰীসকলে নিজৰ ঘৰতে বা অন্য ঠাইত লগ হৈ বিভিন্ন সুস্বাদ্য খাদ্য সামগ্ৰী যেনে লাৰু, পিঠা, চিৰা, দৈ অদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে। অন্যহাতেদি সমাজৰ পুৰুষসকলে আনন্দ উৎসাহৰ মাজেৰে বাহ, খেৰ, কলগছৰ শুকান পাতেৰে ভেলাঘৰ আৰু মেজি আদি বনোৱত ব্যস্ত হৈ পৰে। উৰুকাৰ ৰাতি ঘৰৰ সকলো সদস্যি একেলেগে মিলি ঘৰতে অথবা ভেলাঘৰৰ ভিতৰত এসাজ আমিষ ভোজনৰ তৃপ্তি লয়। উৰুকাৰ পিছদিনা অৰ্থাত সংক্ৰান্তিৰ দিনা ঘৰৰ সকলো সদস্যই ৰাতিপুৱাই সোনকালে গা-পা ধুই পৰিস্কাৰ কাপোৰ পিন্ধি আগদিনাই বনাই থোৱা মেজি আৰু ভেলাঘৰৰ ওচৰলৈ আহে। ইয়ালৈ সমাজৰ সকলো লোকৰে আগমন হয়-জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে। অনুভৱ হয় প্ৰ্কৃততে মাঘ বিহু যেন সম্প্ৰীতিৰহে উৎসৱ। সাধাৰণতে সমাজৰ বয়োজেষ্ঠ্যজনে মুকলি ঠাইত বনোৱা মেজি বা ভেলাঘৰ জ্বলায়। ভক্তিসহকাৰে অগ্নিদেৱতালৈ নাৰিকল, তামোল, ঘি, তিল, মাহ, চাউল, লাৰু-পিঠা আদি নানান দ্ৰৱ্য অৰ্পণ কৰা হয়। এনেদৰে সকলো দেৱতাৰ প্ৰতিনিধি স্বৰুপে অগ্নিদেৱতাক মানুহে পূজা-অৰ্চনা কৰাৰ প্ৰথা অতীজৰে পৰা চলি আহিছে। মেজি বা ভেলাভৰত অগ্নিস্ংযোগ কৰাৰ সময়ত সকলো লোকে কামনা কৰে যাতে সমাজৰ পৰা অশুভ শক্তিসমূহৰ নাশ হয়। চাৰিবেদৰ (ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ) অন্যতম বেদ অথৰ্ববেদৰ পোষ্টকানি সুক্তসমূহৰ মাজতো এনে অশুভশক্তিৰ নাশৰ উল্ল্লেখ পোৱা যায়। মেজিত জুই লগোৱাৰ সময়ত সমাজৰ পুৰুষ-মহিলাসকলে যি অগ্নি দেৱতাৰ পূজা-অৰ্চনা কৰে তাৰ উল্লেখ প্ৰাচীন বৈদিক যুগতো দেখা যায়। অগ্নিক স্তুতি কৰি বিভিন্ন সামগ্ৰী অৰ্পণ কৰাৰ সময়ত এতিয়াও নিম্নোক্ত মন্ত্ৰ উচ্চাৰণ কৰা হয়-

অগ্নিং প্ৰজ্বলিত্ং বন্দে চাতুৰৰ্ণ্যং হুতশনম্‌।

সুবৰ্ণবৰ্ণমমলং জ্যোতিৰুপায়ে তে নম:।।

অগ্নিক যিহেতু সকলো দেৱতাৰে প্ৰতিনিধি বুলি গণ্য কৰা হয়, সেয়ে অতি প্ৰাচীন কালৰে পৰা সুবৰ্ণময় পবিত্ৰ অগ্নিক ভক্তিসহকাৰে পূজা অৰ্চনা কৰি অহা হৈছে। ঋকবেদৰ মন্ত্ৰসমূহত অগ্নিদেৱতাক প্ৰমুখভাবে স্তুতি কৰা হৈছে। আমাৰ অসমীয়া সমাজত এটা প্ৰচলিত প্ৰথা আছে যে মেজিৰ জুইৰ ছাই খেতিপথাৰত বা বাগিছাৰ গছ-গছনিত ছটিয়াই দিলে পোক-পৰুৱা নাশ হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। এনেধৰণৰ প্ৰথা প্ৰাচীনকালতো প্ৰচলিত আছিল, যাৰ উল্লেখ আমি অথৰ্ববেদৰ পোষ্টিকানি অংশত বিচাৰি পাওঁ।

এইখিনিতে উল্লেখযোগ্য যে অসমীয়া ‘মেজি’ শব্দটো বৈদিক ‘মেধ্য’ শব্দৰ পৰা আহিছে। এই ‘মেধ’ শব্দটোৱে ‘যজ্ঞ’কে প্ৰতিনিধিত্ব কৰে।

প্ৰাচীন বৈদিক যুগত মকৰ সংক্ৰান্তি কালত ‘মহাব্ৰত’ নামৰ এক ডাঙৰ ধৰ্মীয় অনুষ্ঠান হৈছিল। ইয়াৰ উল্লেখ তাণ্ডমহাব্ৰাহ্মণ আৰু তৈত্তিৰীয় ব্ৰাহ্মণতো পোৱা যায়। এই অনুষ্ঠানত সূৰ্যদেৱতাক পূজা-অৰ্চনা কৰা হয় যাতে সূৰ্যই সম্পূৰ্ণ জীৱমণ্ডলকে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিব পাৰে, বেদত অগ্নিদেৱতাক সূৰ্যদেৱুতা বুলি পুজা কৰা হয়। বৈদিক কালত যাগ-যজ্ঞত যেনেদৰে অগ্নিৰ ঘি, সোম আদি বিভিন্ন দ্ৰৱ্য অৰ্পণ কৰি পূজা অৰ্চনা কৰে, ঠিক তেনেদৰে অসমীয়া লোকসকলেও মাঘবিহুত মেজি জ্বলাই অগ্নিক পূজা কৰাৰ সময়তো ঘি, তিল, লাৰু-পিঠা আদি অৰ্পণ কৰে। আকৌ মেজিৰ গঠন মন্দিৰৰ আকৃতিৰ অথবা বৈদিক যজ্ঞৰ যজ্ঞগৃহৰ নিচিনাকৈ তৈয়াৰ কৰা হয়।

বৈদিক যুগত সংক্ৰান্তিৰ দিনা বেদীৰ চাৰিওফালে পুৰোহিতসকলে দুন্দভিবাদ্য (ড্ৰাম) বজায়। একে সময়তে তাত উপস্থিত থকা দৰ্শকসকলে অস্ংস্কৃত আৰু স্ংস্কৃততে কথা-বাৰ্তা পাতে। ইয়াত নিম্নজাতিৰ আঠগৰাকী মহিলাই হাতত পানীৰে পৰিপূৰ্ণ বাচন লৈ বেদীৰ চাৰিওফালে নৃত্য কৰে। আকৌ যজমানৰ পত্নীসকলে বীণাবাদ্য বজাই গীত-মাত অনুষ্ঠিত কৰে। ঠিক তেনেদৰে মাঘবিহুতো মেজি জ্বলোৱাৰ সময়ত তাত উপস্থিত থকা লোকসকলে বিভিন্ন ভক্তিগীত, স্তুতিপাঠ আদি কৰে। আকৌ কিছুমানে মেজিৰ কাষত ঢোল-তাল আদি বাদ্যযন্ত্ৰ বজাই বিহু নৃত্য কৰে।

অসমীয়া সমাজত অনুষ্ঠিত মাঘবিহু উৎসৱ উত্তৰ ভাৰতত ‘মকৰ সংক্ৰান্তি’ উৎসৱ বুলি পালন কৰ হয়। আকৌ দক্ষিণ ভাৰতত ইয়াক পোংগেল বুলি জনা যায়। অকল ভাৰতবৰ্ষতেই কিয় দক্ষিণ-এছিয়াৰ বহুকেইখন দেশতো এই সংক্ৰান্তি উৎসৱ বিভিন্ন নামেৰে পালন কৰা হয়। সেই দেশসমূহ হৈছে- নেপাল, থাইলেণ্ড, লাওচ, ম্যানমাৰ, শ্ৰীলংকা, কম্বোদিয়া ইত্যাদি। এই উৎসৱ পালনৰ জৰিয়তে এইটোৱেই কামনা কৰা হয় যতে সকলোৰে মাজত ভাতৃত্ববোধ তথা সমন্বয় বৰ্তি থাকে।

লেখিকা: ড০ ইন্দ্ৰানী ডেকা, স্বৰ্ণলিপি।

2.84848484848
ড০ জিন্টু শৰ্মা Jan 15, 2019 11:52 AM

অগ্নি প্ৰজ্বলিত্ং বন্দে চতুৰ্বেদং হুতাশনম্‌।।
সুবৰ্ণ বৰ্ণমমলং জ্যোতিৰুপায়তে নম:।।

Vikaspedia Assam Jan 11, 2019 10:24 AM

জ্যোটিচ বড়া -
আপোনাক আমাৰ বিকাশপেডিয়া তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

দেৱশ্ৰী গগৈ Jan 14, 2018 06:50 AM

আহোম সকলে মে-জিক ‘মাইক চোমফাই’ বুলিও কৈছিল ৷ ইয়াৰ অৰ্থ হৈছে- ‘মাই’ মানে কাঠ (খৰি),’ক’ মানে ইডালৰ ওপৰত সিডাল খৰি জাপি ওখকৈ সজা, ‘চোম’ মানে জ্বলোৱা,’ফাই’ মানে জুই৷ অৰ্থাৎ জাপ জাপকৈ ওখ কৰি সজা কাঠখৰিত জুই জ্বলোৱা ৷ মেজি কোনোধৰণৰ যজ্ঞ নহয় |

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top