মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / লোক-বিশ্বাসত তামোল-পাণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক-বিশ্বাসত তামোল-পাণ

লোক-বিশ্বাসত তামোল-পাণ

তামোল-পাণৰ অসমত বিশেষ প্ৰচলন। ভোজন বিলাসৰ বস্তু হিচাপে প্ৰয়োজন হোৱাৰ বাহিৰেও বিভিন্ন ধৰ্মানুষ্ঠান আৰু ক্ৰিয়া-কাণ্ডতো তামোলৰ প্ৰয়োজন হয়। হিন্দু-সংস্কৃতিত তামোল-পাণৰ ব্যৱহাৰ আৰ্যেতৰ সকলৰ প্ৰভাৱত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। সংস্কৃত ভাষাত তাম্বুল শব্দটোৰ ব্যৱহাৰ আছে যদিও, ই অৰ্বাচীন। এই প্ৰসংগত তামোল বুজাবলৈ প্ৰয়োগ হোৱা নাগাবল্লী পুগফলম, গুৱাক আদি শব্দও তাৎপৰ্যপূৰ্ণ। এই শব্দসমূহ সম্ভবত: আৰ্যেতৰ ভাষাভাষীসকলৰ পৰা আহিছে। জ্যঁ পুছিলুস্কিয়ে(Jean Przyluski) মন্‌খেমৰ বুলি ধাতুৰ লগত তম উপসৰ্গ সংযোগ হৈ তাম্বুল শব্দ নিষ্পন্ন হোৱা বুলি মত প্ৰকাশ কৰিছে। পুছিলুস্কিৰ মতে তামোল-পাণৰ লগত জড়িত পোণ, গণ্ডা, কৰি, বিড়া আদি শব্দৰো উৎপত্তি অষ্ট্ৰোএছিয়াটিক মন্‌খেমৰ ভাষাৰপৰা। পেন্‌জাৰে তেওঁৰ The Romance of Betel-Chewing নামৰ সুদীৰ্ঘ প্ৰবন্ধত তামোল খোৱা প্ৰথা ভাৰতবৰ্ষ, দক্ষিণ তিব্বত, দক্ষিণ চীন, শ্যাম, ইন্দোচীন, মালয়, ইষ্ট-ইণ্ডিয়ান আৰ্কিপেলেণ্ড, মাইক্ৰনেছিয়া আৰু নিউগিনিৰ মাজত সীমাবদ্ধ কৰিছে। লেব্ৰুনাই Journal of Oriental Reasearch Madras অত প্ৰকাশিত প্ৰবন্ধত এই সীমাৰেখা কিছু বহলাই ধৰিছে। তেওঁ কৈছে,’ মাদাগাস্কাৰ আৰু জাঞ্জিবাৰৰপৰা এডাল ৰেখা সিন্ধুনদীৰ ওচৰেদি এছিয়া ছুই যোৱাকৈ টনা হওঁক। তাৰপৰা ৰেখাডাল ইয়াংচি নদীৰ ফালে বঢ়াই দি ফৰ্মোছা আৰু ফিলিপাইনৰ মাজেদি লৈ যোৱা হওঁক। এই পৰিধিৰ ভিতৰত ব্ৰহ্মদেশ, শ্যাম আৰু ইণ্ডোচীনকো সামৰি লোৱা হওঁক। এতিয়া এই দীঘলীয়া সীমাৰ ভিতৰত যিটো অঞ্চল পৰিব, তামোল-পাণ খোৱা লোকৰ অঞ্চল বুলি সম্ভৱত: তাক ধৰিব পাৰি। এই সীমা আৰু বঢ়াই দিব পৰা হয়। মলুকাচ, মেৰিয়ানা দ্বীপপুঞ্জ, কেৰোলিনাচ, চলোমান দ্বীপপুঞ্জ, দিজি, বিছমাক উপদ্বীপ, নিউগিনি আৰু ৰি-ইউনিয়ন দ্বীপপুঞ্জক বৃত্তাকাৰে লৈ ৰেখাটো ভাৰত মহাসাগৰৰ ফালে নি তাৰপৰা টোৰেচ প্ৰণালীৰ মাজেদি টাইমোৰলৈ বঢ়াই দিয়া হওক। তাৰপৰা সুন্দ দ্বীপপুঞ্জৰ দক্ষিণ সীমালৈকে – এই যিটো অঞ্চল হ’ব – তাৰ ল’ৰা-বুঢ়া, পুৰুষ-স্ত্ৰী, ৰজা-প্ৰজা নিৰ্বিশেষে সকলো জাতি আৰু ধৰ্মৰ মানুহৰ মাজতে তামোল খোৱা অভ্যাসটো ব্যাপকভাবে প্ৰচলিত। কোনো কোনোৰ মতে তামোল খোৱা প্ৰথাটো দ্ৰাবিড়ীয় প্ৰথা। কাৰণ Betel (তামোল) শব্দটোৱেই মালায়ালম্‌ ভাষাৰ ‘ৱেটিল্লা’ শব্দৰপৰা অহা। পশ্চিম উপকূললৈ অহা পৰ্তুগীজ ব্যৱসায়ীসকলে এই দ্ৰাবিড়ীয় শব্দটো সৰ্বত্ৰ প্ৰচাৰ কৰে। Areca (তামোল) শব্দটোৰো উৎপত্তি দাক্ষিণাত্যতে। কানাড়ী ‘অড়িকে’  শব্দৰপৰা এই শব্দটো আহিছে। মহামহোপাধ্যায় কানেৰ মতে দক্ষিণ ভাৰতত তামোলৰ প্ৰৱৰ্তন সম্ভবত: খ্ৰীষ্টীয় শতিকা আৰম্ভ হোৱাৰ কিছুদিনৰ পূৰ্বে। ইয়াৰ পিছতহে এই প্ৰথা উত্তৰ-ভাৰতলৈ বিয়পে। ঋগ্বেদকে ধৰি প্ৰাচীন সংস্কৃত সাহিত্যৰ ক’তো তামোল খোৱা প্ৰথাৰ বা তাম্বুল শব্দটোৰ উল্লেখ নাই। তামোল খোৱা প্ৰথাৰ উল্লেখ সৰ্বপ্ৰথম পালি সাহিত্যতেই পোৱা যায়। জাতকৰ এটা আখ্যানত বুদ্ধই তামোল খাবলৈ অমান্তি হোৱাৰ উল্লেখ আছে; অৱশ্যে অৱদানশতকে বুদ্ধই তামোল খোৱাৰ ইংগিত দিয়ে। ভোজনৰ পিছত তামোল খোৱাৰ প্ৰথাৰ বিধান স্মৃতিশাস্ত্ৰত আছে। বাৎসায়নৰ কামশাস্ত্ৰত দাঁত ঘঁহি মুখ ধোৱাৰ পিছত তামোল খাই মুখৰ নিশ্বাস সুগন্ধি কৰাৰ নিৰ্দেশ আছে। প্ৰেম-নিবেদনৰ সময়ত প্ৰেমিক-প্ৰেমিকাই পৰস্পৰে পৰস্পৰৰ গাত পাণ আৰু চন্দনৰ প্ৰলেপ ছটিয়াই ইজনৰ মুখৰ তামোল সিজনৰ মুখত দিব লাগে বুলি উপদেশ দিয়া হৈছে (বদনেন তাম্বুনম্‌)। চৰক, সুশ্ৰুত আদি নিদানকাৰসকলে ঔষধত তামোলৰ গুণাগুণ নিৰ্ণয় কৰি লিখিছে। বৰাহমিহিৰে বৃহৎ-সংহিতাৰ তামোলৰ বিভিন্ন গুণৰ কথাৰ উল্লেখ কৰাৰ উপৰিও মালা অঞ্চলত অৰ্থাৎ মালাৱাৰ উপকূলত ইয়াৰ প্ৰাচুৰ্যৰ বৰ্ণনা কৰিছে। পূজা-উপচাৰৰ অন্যতম উপকৰণস্বৰূপে দশম শতিকাত ৰচিত কালিকা পুৰাণেই সৰ্বপ্ৰথম তামোলক গণ্য কৰিছে (তাম্বুল দক্ষিণা)। অসমৰ তামোল-পাণৰ বাৰীৰ সুখ্যাতি পুৰণি তাম্ৰলিপিতো কৰা হৈছে। বলবৰ্মাৰ শাসনত প্ৰাগজ্যোতিষ নগৰৰ তামোলৰ গছ পাণেৰে বেষ্টিত আৰু কৃষ্ণ অগৰু গছক ইলাচি লতাই মেৰাই ধৰিছিল বুলি বৰ্ণনা আছে (তাম্বুলবল্লীপৰিণদূ পূগং কৃষ্ণাগুৰুস্কন্ধ নিৱেশিতৈলং)। সপ্তম শতিকাৰ আদিত্যসেনৰ অপসদলিপিত লৌহিত্যপাৰৰ ৰমণীয় তামোল-পাণৰ বাৰীৰ ছাঁত সিদ্ধসকলে শয়ন কৰা বুলি উল্লেখ আছে। গুৱাক শব্দৰ পৰাই গুৱাহাটীৰ উৎপত্তি বুলি সাধাৰণ বিশ্বাস। তামোল শব্দৰপৰাও অসমৰ ভালেমান ঠাইৰ নাম হৈছে, যেনে- তামোলবাৰী, তামুলীছিগা। অসমৰ তামোল খোৱা প্ৰথাৰ ব্যাপক প্ৰচলনৰ বিষয়ে যোগিনীতন্ত্ৰৰ শ্লোক এটাৰ পৰাই বুজিব পাৰি। শ্লোকটোত অসমীয়া তিৰোতাই সকলো সময়তে তামোল চোবোৱাৰ উল্লেখ কৰা হৈছে (তাম্বুলাসা সদা ভৱেৎ)। অসমীয়া পুৰুষ-স্ত্ৰী, ডেকা-বুঢ়া কাৰো কাৰণে তামোল খোৱাত সামাজিক বাধা নিষেধ নাই। আনকি, দাঁত নোহোৱা বুঢ়ায়ো খুন্দনাত খুন্দি তমোল খায়। আহোম ৰজাৰ দিনত ৰজা আৰু ডা-ডাঙৰীয়া সকলক তামোল-পাণ যতনাবলৈ তামুলী বিষয়া আছিল। সত্ৰসমূহতো গুৱাকটা বাব আছে। মোমাই তামুলীৰ বৰবৰুৱা পদোন্নতিৰ ঘটনাৰপৰা আহোম ৰজাসকলে তামোল-পাণৰ বাৰী পতাত কিমান গুৰুত্ব আৰু উৎসাহ দিছিল বুজিব পাৰি। বাৰীত তামোল-পাণ ৰোৱা অসমীয়া গাঁৱলীয়া মানুহৰ ধৰা-বন্ধা ৰীতি। অসমীয়া মানুহৰ প্ৰিয় কথা এফাঁকি মন কৰিবলগীয়া, ‘আগফাল শুৱনি কাকিনী তামোল, পাছফাল শুৱনি পাণ’। তামোল ৰোৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাক পুৰুষৰ অলেখ অমূল্য বচন আছে। আমাৰ ধৰ্মানুষ্ঠান আৰু সামাজিক উৎসৱত তামোল-পাণ বা গুৱা –পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। পূজাৰ নৈবেদ্যত তামোল-পাণ অপৰিহাৰ্য উপচাৰ। গুৰু-গোসাঁইলৈ বা ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়। উৎসৱ-অনুষ্ঠানত অথবা অপায়-অমংগলৰ সময়ত গুৰুঘৰলৈ, নামঘৰলৈ, দেৱতা বা অপদেৱতালৈ গুৱা-পাণ আগবঢ়োৱা হয়। আলহী-অতিথিক সৰ্বপ্ৰথম তামোল-পাণ দি অভ্যৰ্থনা কৰা হয়। তামোলখনৰ যোগেই গুৰুৰ আশীৰ্বাদ লাভ কৰা হয়; তামোলৰ আদান-প্ৰদানত বন্ধুত্ব স্থাপনো হয়। ৰাজহুৱা দায়-জগৰত পাৰিলেও তামোল-পাণৰ দণ্ড এভাগ দি দোষ খণ্ডন কৰিব পাৰি। ডেকা-গাভৰুৰ প্ৰেম-নিৱেদন, বিবাহ আৰু বিবাহ-বিচ্ছেদৰ ক্ষেত্ৰতো তামোলৰ বৈচিত্ৰপূৰ্ণ ভূমিকা আছে। ডেকা-গাভৰুৱে তামোলৰ বিনিময়েৰে ইজনে সিজনক প্ৰেম নিবেদন কৰাৰ ৰীতি এতিয়াও গাঁৱত আছে। বিহু- গীতত এনে প্ৰেম-প্ৰীতিৰ আৱেগময় চিত্ৰ আছে।

কিনো তামোলখনি      দিলা মোৰ মইনা

অতি চেনেহৰে খালো।

সেই নো তামোলখনি        খাবৰেপৰা

তোমাৰ লগত চিনাকি হ’লো।।

বিবাহৰ নিমন্ত্ৰণ কাৰ্যতো তামোল-পাণৰ প্ৰয়োজন। তামোল-পাণ থুৰিওৱা আদি কাৰ্যৰ মাজেদি তিৰোতাৰ কলাসুলভ মনৰ পৰিচয় পোৱা যায়। বিয়াৰ ভালেমান ক্ৰিয়াকাৰ্যত তামোলৰ ব্যৱহাৰ মন কৰিবলগীয়া। বিয়াৰ কেইদিনা দৰা-কন্যাই এযোৰ পাণ-তামোল আৰু এখন কটাৰী লগত ৰাখিব লাগে। বিবাহ অনুষ্ঠান শেষ হ’লে দৰা-কন্যাই এই তামোল-কটাৰী সলনা-সলনি কৰে। দৈয়ন দিওঁতেও পাণৰ প্ৰয়োজন। বিয়াৰ দিনা পুৱা ছোৱালীক শোৱা-কোঠাৰ দুৱাৰদলিত পিৰা এখন পাৰি বহুওৱা হয়। কন্যাৰ মাক বা আন কোনো সম্বন্ধীয় তিৰোতাই দুখন হাতত দুখন পাণ লৈ কন্যাৰ সমুখত আঁঠু কাঢ়ে; পাণ দুখন দৈ-গাখীৰত জুবুৰিয়াই কন্যাৰ গাল, বাহু, ভৰিত সানি দিয়ে। কোনো কোনো অঞ্চলত বিবাহৰ সপ্তপদী গমনত দৰা-কন্যাই সাতখিলা পাণ গচকাৰ বিধি। অসমৰ কোনো কোনো অঞ্চলত ‘পাণ-ছিঙা’ প্ৰথাৰে বিবাহ-বিচ্ছেদ হয়। আহোমৰ চকলং বিবাহ-পদ্ধতিতো তামোল-পাণৰ প্ৰয়োজনৰ বিষয়ে বুৰঞ্জীত আছে – ‘সোণৰ বাটি এটা ভৰাই দৈ, আঁৱা গাখীৰ, মৌ, চেনী, ঘিউ মিহলোৱা পঞ্চামৃত এবাটি আনি ৰজাৰ ওচৰত দিব। তাৰেপৰা আংগুলি লগাই আনি মুখলৈ টোঁৱাই সুংগি পেলাই খৰিকা লৈ মুখে পানী লৈ তামোল চোবাব। এইদৰে পুন: পুন: একৈশ বেলি পঞ্চামৃত সুংগি ২১ ডাল খৰিকা, ২১ চলু পানী, ২১ খন থুৰীয়া তামোল চোবাই পেলাব পায়’। (দেওধাই অসম বুৰঞ্জী, ১৩৫)। অসমৰ দৰেই প্ৰেম-নিৱেদন আৰু বৈবাহিক অনুষ্ঠানত তামোলৰ ব্যৱহাৰ দক্ষিণ-পূৱ এছিয়াৰ বহু দেশত আছে। চিলিবিচ দ্বীপত প্ৰচলিত এই প্ৰথাৰ বিষয়ে Hicksonএ লিখিছে : The areca-nut plays an important part in courtship in Minahassa, as it does all over the Archipelago. When the young Minahassa falls in love with a young woman he ends her prepared areca-nut. If he accepts it, it is taken as a sign of encouragement, and the young man sends an emissary asking her to send him one. If he refuses to do this or sends him one which is not prepared for chewing, then it is a sign that he is rejected, but if she wishes to become his wife she sends him a well-grown nut, with the necessary ingredients, and the lover knows that he is accepted.

তেওঁলোকৰ প্ৰেম-গীতত আছে :

He : Weeping, cut the areca-nut in two, weep no more, for I will truly take you to me.

She : A young areca-nut I will cut in two, for you, my young love. The young areca-nut will I cut in two, for I love you.

He : Place one half of the young areca-nut in my mouth, and my feelings will be ever with you.

( তুলনীয় : একেখন তামোলক দুখন কৰি খালো

তেও তোৰ নেপালো আস। )

তামোল-পাণে সামাজিক প্ৰাধান্যও নিৰ্ণয় কৰে। উচ্চকুলৰ লোকে জাত যোৱাৰ ভয়ত নীহকুলীয়া লোকৰ হাতৰ কটা তামোল নাখায়।

বিহু নামত আছে :

তোমাৰ কটা তামোল         নেখাওঁ ঐ লাহৰী

আমাৰে মৰিব কুল।

তামোল খোৱা নোখোৱা বিধি-নিষেধক কেন্দ্ৰ কৰি তামোল-নোখোৱা বৈষ্ণৱ সম্প্ৰদায় এটাৰো উদ্ভৱ হৈছে।তামোল-পাণ গাঁৱলীয়া দৰৱ-জাতিৰ অন্যতম উপাদান। অসমীয়া নিদান মতে তামোল খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়। গৰু-ম’হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়। তামোল-পাণৰ অলৌকিক শক্তিত বিশ্বাস কৰি ইয়াক মন্ত্ৰত ব্যৱহাৰ কৰা হয়। কামৰত্ন: তন্ত্ৰত তামোল-পাণ সম্পৰ্কীয় বহু মন্ত্ৰ আছে; তাৰে কেইটিমান নিদৰ্শনস্বৰূপে উদ্ধৃত কৰা হ’ল :

(১)“ কলীয়া অপৰাজিতা মূল তাম্বুলে সহিতে চাৰি-অক্ষৰীয়া মন্ত্ৰ জপি যেই নাৰীক খুৱায় সেই নাৰী বশ হয়”।

(২)“চামুণ্ডা মন্ত্ৰক তাম্বুলত সাতবাৰ জপি যি নাৰীক খুৱায় সেয়ে বশ হয়”।

(৩) “ৰক্ত-চন্দনৰ গুটি এলক্ষীৰ গুটি সম কৰি বটি তাম্বুলৰ লগত মন্ত্ৰিত কৰি খুৱাব, বালকুল মোহ হয়”।

(৪) “কালিকা-মন্ত্ৰ তাম্বুলত জপি খাব। চোবাৰ গুৰি জম্প দি বাৰীত পেলালে নিদ্ৰা ভাংগে”।

(৫) “জল, মধু মিহলাই তামোল খুৱালে সদায় ৰাৱ কাঢ়ি থাকে”।

অসমৰ দৰে ভাৰতৰ অন্য প্ৰদেশত কোমল তামোল অথবা পনিয়লী-তামোল অথবা কেঁচা তামোল খোৱাৰ প্ৰথা নাই। তামোল গাঁতত পুতি ভৱিষ্যতলৈ সঁচাৰ নিয়মটোও অসমীয়াৰ নিজা। অসমত কোমল তামোলৰ প্ৰচলনৰ বিষয়ে ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ হৰিৎ বৰ্ণৰ কেঁচা তামোলৰ ঠোক উপহাৰ দিয়া কথাৰ পৰাই বুজিব পাৰি (পৰিণত পাটল-পটোলত্বিংষি চ তৰুণহাৰীত- হৰিংতি ক্ষীৰক্ষাৰীণি চ পূগানাং পল্লৱলম্বীনি সৰনানি ফলানি)। গুৰু-ঘৰলৈ ঠোক-তামোল আগবঢ়োৱা প্ৰথা আজিও আমাৰ দেশত প্ৰচলিত। মুছলমান ঐতিহাসিকেও অসমীয়া মানুহে কেঁচা তামোল খোৱা প্ৰথালৈ লক্ষ্য কৰি গৈছে। কেঁচা তামোল খোৱা প্ৰথা শ্যামী আৰু ভিয়েটনামীসকলৰ মাজতো আছে :

“ The natives of Stam much prefer the nut in a fresh state, before it is fully ripe. For this purpose, they first divide the entire fruit, with its hull, into longitudinal quarters and then cleave each quarter of the nut from its covering by means of a slender knife, cutting (native fashion) outward from the thumb and fingers which hold it – very dexterously managing to leave a small bit of the inner and lower part of the hull on each quarter to serve as a delicate handle, by which it can be the more gratefully put into the mouth.

3.02564102564
সমীৰণ গগৈ Jun 26, 2016 03:26 AM

লগত ছবি এখন গাঁঠি দিয়াৰ ব্যৱস্হা কৰিব নোৱাৰেনে

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top