মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / লাভামাৰা পূজা আৰু বৃহত্তৰ গুৱাহাটীৰ পাতিৰাভাসকল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লাভামাৰা পূজা আৰু বৃহত্তৰ গুৱাহাটীৰ পাতিৰাভাসকল

লাভামাৰা পূজা আৰু বৃহত্তৰ গুৱাহাটীৰ পাতিৰাভাসকল

জেঠ মাহটো সকলো শ্ৰেণীৰ ৰাভাৰ বাবে এটি পৱিত্ৰ মাহ,দেৱ-দেৱীৰ মাহ। এই মাহতে মায়তৰি ৰাভাস কলে ডেকা-গাভৰুৰ জীৱন সংগী বছা ‘বায়খো’,দাহৰি ৰাভাস কলে জুইৰ ওপৰত ন চা ‘খোকচি’ আৰু ‘ৰংদানি’ ৰাভাস কলে ওজাপালিসদৃশ নৃত্য-গীতেৰে হাছং উদ্যাপ্ নকৰে। বৃহত্ত ৰ গুৱাহাটীৰ পাতিৰাভাস কলেও ইয়াৰ ব্যাতিক্ৰম নহয়। বৰ্তমানেও চল্লিশখনৰো অধিক গাঁও বা চুবুৰীত (বৰ্তমান ৱাৰ্ড) বস বাস কৰি থকা অঢ়ৈ হেজাৰৰো অধিক বৃহত্তৰ গুৱাহাটীৰ ৰাভা ৰাইজে তেওঁলোক্ৰ চৌপাশে থকা অৰাভা জনজাতি আৰু বৰ্ণ হিন্দু অসমীয়াস কলৰ লগত এৰা-ধ ৰাৰম নোভাবেৰে উমৈহতীয়াভাৱে থানৰ উপৰি মন্দিৰ সাজি, বালিৰ উপৰি মাহ-প্ৰসাদ দি, পু ৰুষৰ লগতে মহিলাৰ উপস্থিতিৰে এদিনীয়াকৈ ভোজ ভাত খাই লাঙাদেও পুজি আহিছে। বৰ্তমান গুৱাহাটীৰ আশে-পাশে নশন ঠাইত লাঙাদেও পুজি আহিছে। বৰ্তমান গুৱাহাটীৰ আশে পাশে নখ্ ন ঠাইত লা ঙাদেও পুজা অনুষ্ঠিত হয়। সেইকেইখন ঠাই হ’ল- বনগাঁও (বেলতলা),জটিয়া, ওদালবাক্ৰা, ৰুক্মিণীগাঁও, লুতুমা, বিৰুবাৰী, দক্ষিণ শৰণীয়া, অমিয় নগৰ (নৱগ্ৰহ) আৰু সাতগাঁও। ইয়াৰ ভিতৰত ওদালবাক্ৰা,জটিয়া আৰু বন গাঁৱত পূৰ্বাপ ৰ জেঠ মাহৰ যিকোনো শ নি ন তুবা মঙলবাৰে অতি জাকজমক তাৰে বাট ভেটা/ভাটীয়ালী(ভগৱতীৰ আন এটা নাম তুলনীয় ৰাভাঃ ৰাম বাঙা বায়/ৰুং ভাছায়কায়) আৰু লাভাদেও/বুঢ়াদেও(শিৱৰ আন এটা নাম তুলনীয়া ৰাভাঃ লাভাচাৰা/বুদ বো) এই দুজনা প্ৰধান ইষ্ট দেৱ-দেৱীৰ বলি-বাহ নেৰে পূজা দিয়ে। লাভাদেওৰ বাবে বেদী হিচাপে থৈয়ৈ পোতা শিল এটি লোৱা হয়। তাতে ঘৰতে পতা মদ,কুকুৰা বা গাহৰিৰ বলি, চুঙাত সিজোৱা ভোগ (ডিঙোৱা পিঠা তু ৰাভাঃ ফোকচাপ) আগ কৰিব লাগে আৰু পূজাৰীস কলে গোটেই গাত পিঠাগুড়ি ছটিয়াই ল’ব লাগে।আনহাতে বাটভেটা বা ভাটিয়ালীৰ বাবে ফুলেৰে ত মস্কৃতকৈ সজোৱা এটা কলপ টুৱাৰ ডিঙাত জীয়া কুকুৰা বা পাৰ এযুৰি, কণী আদি দি মাহ-প্ৰ্সাদেৰে নদীত উটুৱাই দিয়াৰ নিয়ম। দুয়োটা পূজাতে তেল-সেন্দুৰ, আগ লতি কলপাত, ধূপ-ধূনা,চাকি-বন্তিৰ প্ৰচলন আছে। তাহানিতে অৱশ্যে অন্যান্য পাতিৰাভাস কলৰ দৰে এই অঞ্চলৰ পাতিৰাভাস কলেও লাঙামাৰা থানতে একেলগে ধ নকুবেৰ,ঠাকুৰাণী, দুধকুম ৰ-ফুল কুমৰ,খোকচি বা বায়খো আদি দেৱ-দেৱীক দুই-বাৰ ভাগ ব লি-বিধান দি,ঘৰীত (এবিধ নলীযুক্ত মাটিৰ ঘটি) দুই-বাৰ সোঁত মদ দি, দেওধনী নচুৱাই ঘ ৰে ঘৰে অপায়-অমংগল খেদি (‘হাওৱাল খেদা’ নামে জনাজাত) দিন টোজোৰা বিভিন্ন ৰীতি-প ৰম্পৰাৰে অতিবাহিত কৰি সমাজ পাতি মদ-ভাত খাইছিল। তেতিয়া এনে পূজাত অৰাভা লোক ৰ আৰু বিশেষকৈ তিৰোতাৰ অংশগ্ৰহণ নিষেধ আছিল। এতিয়াও ৰংদানি ৰাভাস কলে পালন ক ৰা লাভামাৰা পূজাত প্ৰতিটো পৰিয়ালৰ মুৰ ব্বীজনৰ বাবে থানখনত একোখ নকৈ শিলৰ আস ন পাৰি থোৱাই থাকে বাবে আলহী-অতিথিয়ে অনুমতিসাপেক্ষেহে পূজাত অংশগ্ৰহ ণকৰিব পাৰে। ব ৰ্ত মান গুৱাহাটীৰ প্ৰায়কেইখন লাঙাদেওৰ ম ন্দিৰ তে বিভিন্ন স ম্প্ৰদায়ৰ আনকি তিৰোতা মানুহৰো পূজাত সমাগম হোৱা দেখা যায়। আনকি এই অনুষ্টানটোত মহিলাৰ আইনাম বৰ্তমানে এৰিব নোৱৰা অংগস্বৰূপ হৈ পৰিছে।

গুৱাহাটীৰ আশে-পাশে অনুষ্টিত হোৱাৰ দৰে সকলো ঠাইতে ৰাভাস কলে অনুষ্ঠিত  কৰা পূজাত সমন্বয়ৰ বা ধৰ্মীয় সহিষ্ণুতাৰ স্বাক্ষৰ বহণ কৰি আহিছে। লাভাদেও আৰু বাটভেটা অৰ্থাৎ আই ভগৱতী (কেঁচাইখাইতী বা ঠাকুৰাণী বা খোকচি) আৰু শিৱগোসাঁই (লাঙা বা মামাছিবু দাৰ মাং)! এই দুই শাক্ত-শৈৱ যুগল উপাস নাৰ ধাৰা ৰাভা সমাজত প্ৰচলিত পৰম্পৰাগত প্ৰ কৃতি-পুৰুষৰ পূজাৰে নামান্ত ৰ বুলিব পাৰি। সেইবাবে ৰাভাস কল বিশুদ্ধ শৈৱ বা শাক্ত কোনোটো পন্থাৰে অনুগামী নহয় বৰঞ্চ তেওঁলোকক জড়োপাস ক(এনিমিষ্ট) বা সনাতন হিন্দু ধৰ্মৰ বাহক বোলাহে উচিত। ৰাভাস কলে তেওঁ লোকৰ পৰম্পৰাগত দেৱ-দেৱীক দুটি প্ৰধান ধাৰাত ভগাই পূজা-পাতাল দি আহিছে। সেই দুটি ধাৰা হ’ল-ৰাভা বায়/দেও (ৰাভাৰ কৌলিক ধৰ্মীয় ৰীতি-নীতিৰে অৰ্থাৎ মদ-গাহৰি-কুকুৰা-পিঠাগুড়ি-টংলতি নৈব দ্য হিচাপে লৈ ৰাভা স্তুতিগীতেৰে আৰাধ নাকৰিব লগীয়া দেৱ-দেৱী) আৰু লেমা বায়/দেও(হিন্দুধ ৰ্মীয় ৰীতি-নীতিৰে অৰ্থাৎ তুলসী, কল, মাহ-প্ৰসাদ-চেনি, পাৰ-ছাগ, হাঁহ, ফুল-নৈবেদ্য হিচাপে লৈ লেমা কাথা অৰ্থাৎ ৰাভামিজ ৰ স্তুতি-গীতেৰে আৰাধনা কৰিব লগীয়া দেৱ-দেৱী)। এই অনুসাৰে লাঙা বা বুঢ়াদেও প্ৰথম শ্ৰেণীৰ আৰু কেঁচাইখাইতি বা আই ঠাকুৰাণী (বাটভেটা/ভাটিয়ালী) দ্বিতীয় শ্ৰেণীত পৰে। ৰাভা সমাজত কিন্ত দুয়োটা শ্ৰণীৰ দেও পূজাত কোনো বামুণ বা অইন বেলেগ জাতিৰ পূজাৰীৰে পূজা দিয়া নহয়। স্বজাতীয় যিকোনো নৈষ্ঠিক পৰিয়ালৰ লোকে উত্তৰাধিকাৰী সূত্ৰে বা বাছ নিসূত্ৰে(স্বপ্ন দ্ৰষ্টা হৈ দেওধ নীৰ জ ৰিয়তে)এনে পূজা পৰিচালনা কৰে। মূল পূজাৰীজনক ৰাভাস কলে দেউৰী, ওজা, বায়ফাং বোলে আৰু তেওঁৰ সহায়কাৰীস কলক পালি, পালিছা, তাক ব্ৰা বোলে। দেউৰী আৰু পালিস কল পূজাৰ দিনা বা তাৰো এস প্তাহ/ এদিন আগৰেপ ৰা শুচি-শুদ্ধাচাৰে নিৰ্দিষ্ট নিয়ম-নীতি, ব্ৰতাচাৰ পালন কৰিবলগীয়া হয়। তেওঁলোক এই সময়ছোৱাত ঘৰ-দুৱাৰ শুচি কৰি নিজ হাতে ৰান্ধি-বাঢ়ি একশয্যা হৈ থাকিব লাগে। পূজাৰ সময়ছোৱাত পূজাৰীসকলে স্নানৰত অৱস্থাতে তিতা বস্ত্ৰ পৰিধান কৰি গাত পিঠাগুড়ি ছটিয়াই ডিঙিত কুশ বন একোছা লৈ পূজা সম্পাদন কৰাটো বিধেয়।

লাঙামাৰা বা লাঙাদেও পূজাৰ পৰম্প ৰা গুৱাহাটীতো সাতামপুৰুষীয়া যদিও অষ্টাদশ শতিকাত মহামাৰীৰ কবলত পৰা গোৱালপাৰা অঞ্চলৰ কেইঘৰ মান ৰাভাই গুৱাহাটীৰ ওদালবাক্ৰা (ওদাল গছ কাটি বাক্ৰা অৰ্থাৎ বক ৰাণি জটিয়া, বিৰুবাৰী,লুতুমা, দক্ষিণ শৰণীয়া, সাতগাঁও, বনগাঁও (বেলতলা) আদি অঞ্চলৰ দৰে এই অঞ্চল টোও জন জাতি প্ৰধান অঞ্চল হিচাপে ৰাভা জন গোষ্ঠীৰো বসবাসৰ প্ৰাচীনতা সম্পৰ্কে তৰ্কৰ অৱকাশ নাই। এই অঞ্চলৰ লালগণেশ ৰ শ্ৰীশ্ৰীতেত্ৰিশ কৌটি দেৱমন্দিৰ আবিৰ্ভাৱ আৰু স্থাপনৰ (১৯৬৩-৬৪) লগতে জড়িত আখ্যান আৰু অন্যান্য মূৰ্তিৰ লগতে দশম-একাদশ শতিকাৰ বুলি অনুমেয় ওদালবাক্ৰাত উদ্বাৰ হোৱা ব্ৰ্ঞ্জ ৰ মহিষাসুৰ (দুৰ্গা) মূৰ্তিৰ (ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত) অৱস্থিতিয়ে এই অঞ্চল যে জন জাতিয় অধিপতিৰ দ্বাৰা শাসিত নহ’লেও শাক্তধৰ্মীয় প্ৰাদুৰ্ভাৱ অঞ্চল আছিল সেইটো নিসন্দেহ। তদ্ৰূপ লালগণেশ, গণেশগুৰি, বশিষ্ঠ প্ৰভৃতিৰ গণেশ মূৰ্তিৰ(গণেশ মন্দিৰ) প্ৰাচুৰ্য্যই এই অঞ্চল যে এসময়ত শাক্ত-গাণপত্য ধাৰাৰে প্লাৱিত আছিল সেইটো প্ৰতীয়মান কৰে।

ৰাভাস কলে লাভামাৰা বা হাছং থানত মূল উপাস্য দেৱতা লাভামাৰা/মামা ছিবু দাৰমাং/বুঢ়াদেউৰ লগতে তেওঁৰ ঘৰণী ভগৱতী/দেশফিৰা ঠাকুৰাণী/খোক চি/কেঁচাইখাইতী আৰু অন্যান্য সহচৰী গৰ নাথ(গণেশ),দেৱনাথ(কাৰ্তিক)আদিকো পূজা কৰে। তদুপৰি পাতিৰাভাস কলৰ টুকুৰীয়া ওজাপালি, মাৰেগানত(তুলনীয়া লাভামাৰা/চম্পাইমাৰী আদি দেৱ-দেৱীৰ সমাৰ্থক মাৰাই পূজাই গীত) লংদেও/লাংমাৰা/বুঢ়া লাঙা আদিৰ সঘন উল্লেখ আছে। টুকুৰীয়া ওজাপালিৰ সমতুল্য বাক্ৰা বা ঝাতুৱাদেও পূজাৰ গীতৰো কেন্দ্ৰীয় চৰিত্ৰ হৈছে লামা। কেঁচাইখাইতি/খোকচি বা দেশফিৰা ঠাকুৰাণীক ৰাভাস কলে দুৰ্গাৰে আন এটা ৰূপ বুলি মানে। হানা-ঘোঁৰা বা জাৰী ঘোঁৰা, জাগাৰ (কালী পূজা) আদিতো কেঁচাইখাইতী/ঘৰ দেউতী/ৰূপকালী/গাংদুৰ্গা আদি দেৱীলৈ পূজাভাগ দিয়া হয়। সেয়েহে এইটো অনুমান কৰিব পাৰি যে ৰাভাৰ ক্ষুদ্ৰ পৰম্পৰা হৈ শিৱ-দুৰ্গা বা শিৱলিংগ-যোনিপীঠ ৰ যুগল উপাস নালৈ উত্তৰণ ঘটিছে।

এই প্ৰক্ৰিয়াটোক ব্ৰাহ্মণ্য যুগ ৰ আৰ্যীকৰণৰ সৈতেও ৰিজাই চাব পাৰি। কিয়নো ৰাভাৰ লাঙামাৰা পূজাত থিয়ৈপোতা শিল টোকে (ৰোংজুমুক) দেৱতাৰ প্ৰতিক হিচাপে লোৱা হয় যাৰ নিহিত অৰ্থ ৰোং (শিল), জু (মাতৃ) আৰু মুক (আদিম-সৰগীয়) অৰ্থাৎ সৰগীয় মাতৃৰূপী শিল, যি যোনিপীঠৰো সমাৰ্থক। পুৰাণ বৰ্ণিত নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ কামাংগ ৰ (যোনি) ধাৰণা হয়তো আদিম ৰাভা জাতিৰ (কিৰাট) ৰোংজুমুকৰে উন্নত সংস্কৰণ (বৃহৎ পৰম্পৰা) আছিল। কিয়নো আদিতে কামাখ্যাতো গাৰো (?) সম্প্ৰদায়ৰ লোকে গাহৰি বলি দি দেৱী পূজা ক ৰিছিল বুলি ড° বাণীকান্ত কাকতিৰ ‘মাডাৰ গডেছ কামাখ্যা’ নাম ৰ গ্ৰন্থখনত উল্লিখিত হৈছে। ৰাভাস কলেও বিশ্বাস কৰে যে ‘কামা’ গোত্ৰৰ লোকে আদিতে নিৰিগিৰি (নীলাপাহাৰ) নামৰ ঠাইত কামাহাছু বায় বা গ্ৰিম বুদা (বন দেৱী তু বনবাসী)ক এতিয়াও ৰংদানি আৰু মায়ত ৰি ৰাভাস কলে লাঙাচাৰা/দাৰমাং/বুদাবা/তুৰা/বায়মাৰা আদি পুৰুষ দেৱতাৰ সমাৰ্থক ৰূপে পূজে। ৰাভাস কলে ছিৰ্গি ৰিছি বা মামাছিবু দাৰ মাং দেৱতাক হিন্দুৰ দেৱাদিদেৱ মহাদেৱৰ স মতুল্য সৃষ্টিকৰ্তা বুলি জ্ঞান কৰে, সকলো মংগলিক অনুষ্ঠান তে স্মৰণ কৰে। ইয়াকে মংগলকাৰী দেৱতা হিচাপে বছৰেক ত একোবাৰ স মজুৱাকৈ লাঙামাৰা বা হাছং পূজাত আৰু অমংগলকাৰী দেৱতা হিচাপে তাৎক্ষণিক ভাৱে বা ব্যক্তিগত ভাৱে/ঝাকুৱা/টুকুৰীয়া পূজাত দেৱ-উৎপ ত্তিমূলক কাহিনী গীত গাই পূজে। এস ময়ত কোনো ৰাভাৰ পূৰ্বপুৰুষে কৰা ব্যক্তিগত ‘বাক্ৰা’ দেওৰ পূজাই (ওদালবাক্ৰা) কালক্ৰমে ৰাজহুৱা হৈ প্ৰথমে ‘লাঙাদেও’লৈ আৰু পৰৱৰ্তী কালত সংস্কাৰ সাধিত কৰি তেত্ৰিশ কোটি দেৱতাৰ মন্দিৰ লৈ আৰু পৰৱৰ্তী কালত সংস্কাৰ সাধিত কৰি তেত্ৰিশ কৌটি দেৱতাৰ মন্দিৰ লৈ উত্তৰণ ঘটা বুলি ভাবিবৰো সেয়ে যথেষ্ট অৱকাশ আছে। ‘জতিয়া’ স্থান নামো মহাদেৱ বা লাঙাৰ আন এটা নাম ‘জটিয়া ভাঙুৰা’ৰ পৰাই উদ্ভৱ হ’ব পাৰে। যদি সেয়ে হয় তেন্তে গুৱাহাটীলৈ ৰাভাসকলৰ প্ৰব্ৰ্জনৰ এটা ইতিহাস পুন ৰ্নিমাণ কৰা যাব। অৱশ্যে তাৰ বাবে আৰু অধিক গৱেষণা আৰু সমলৰ আৱশ্যকতা নুই কৰিব নোৱাৰি।

এইখিনিতে পাতিৰাভামক লৰ মাজত সমাদৃত টুকুৰীয়া ওজাপালিৰ এছোৱা তুলি দিয়া হ’লঃ

‘টিমু টিমু ক ৰি লাঙা

ঢোল খ নি বায়

উত্ত ৰ কুলৰ বুঢ়া লাঙা

দক্ষিণ কুলে যায়।”

(লাঙা দেৱতা ব্ৰহ্মপুত্ৰৰ উত্তৰ পিনৰ পৰা দক্ষিণলৈ প্ৰব্ৰজিত হোৱাৰ ইংগিত বহন কৰিছে।)

“আগে আছিলি কোচৰ ছাৱা

ৰাভাত গিলুংজাতি

এতিয়াহে হৈছং মই

লাভাৰ গিয়াতি।”

(লাভা দেৱতা যে ৰাভাৰ স্বকীয় দেৱতা নহয় বৰঞ্চ নৱাগত তাৰো ধাৰণা স্পষ্ট ৰূপত প্ৰকাশ পাইছে।)

“তেত্ৰিশ কোটিক দিলং ফুল

যাহে আপোনাৰ থানে থানে

যম ৰাজাক দিলং ফুল

হাগা ক টিৰ পাছে।”

(ৰাভাসকলে লাঙাকে ধৰি হিন্দুৰ তেত্ৰিশ কোটি দেৱতাকো পূজে। আনকি যম ৰজাকো পূজে, কিন্তু পিঠি দি বাঁওহাতেৰেহে।)

আলি-আয়ে-লৃগা

পবিত্ৰ কুমাৰ পেগু

সুজলা-সুফ লা শস্যশ্যাম লা অসম। চৌদিশে ঘেৰি আছে সুনীল পাহাৰ মাজত সাৰুৱা ভুমি,উৰৰা উপত্যকা,সহস্ৰজনৰ জীৱন-সংগ্ৰাম ৰ ক্ষেত্ৰ,মিলন-তীৰ্থ।

নদী মাতৃক দেশ অসম। ব্ৰহ্মপুত্ৰ, সোৱণশিৰি,ধন শিৰি,বুৰৈ,ভৰালী,দিচাং,দিখৌ,দিহিং-দিবাং,লোহিত,খেৰকটা, ঘুণাসুঁতিৰ পাৰে পাৰে অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ বসতি।

আলি-আয়ে-লৃগা মিচিংসকলৰ জাতীয় উৎসৱ। কৃষিজীৱী মিচিংস কলে ব সুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰে। আৰু ইয়াতে সৃষ্টি হ’ল কৃষিভিত্তিক বসন্ত উৎসৱ ‘আলি-আয়ে-লৃগাং’।

ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভিণ। কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ। এনে সময়তে লৃগাং বিহু উদা্প নকৰা হয়। আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপ নৰ আৰম্ভণি। ‘আলি’মানে মূল বা কান্দ, ‘আঃ য়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং ৰ অৰ্থ হ’ল সিঁচিব লৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰ্থম দিন। মিচিংসকলৰ প্ৰধান খেতি হৈছে ধান,মাহ,সৰিয়হ, আলু,কচু ইত্যাদি। ফল-মূল বা কঠীয়া প্ৰজনন শক্তিৰ মাটিত ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয়।

বুধবাৰৰ দিনটো মিচিংস কলে মাংগলিক দিন হিচাপে বিশ্বাস কৰি আহিছে। সেই কাৰণে ফাগুন মাহৰ প্ৰথম বুধ বাৰে আলি-আয়ে-লৃগা পতা হয়। অৱশ্যে পূৰ্বে সকলো মিচিংস মাজত একেদিনাই আলি-আয়ে-লৃগাং পতা নাছিল। মিচিং বানে কেবাঙৰ সিদ্ধান্তক্ৰমে ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদযাপ নকৰি আহিছে।

আলি-আয়ে-লৃগাঙৰ প্ৰায় পোন্ধৰ/বিছ দিনৰ আগৰে পৰাই প্ৰস্তুতি আৰম্ভ হয়। আদিতে লৃগাঙৰ বাবে সমূহীয়াকৈ গাঁৱৰ ৰাইজে চিকাৰ কৰিছিল। ‘কিনঃৰুগ’,অৰ্থাৎ চিকাৰ কৰি অনা মাংস শুকুৱাই সেইদিন টোৰ বাবে সংৰক্ষণ কৰি ৰখাৰ নিয়ম।(অৱশ্যে বহুতো কাৰণত এই চিকাৰৰ নিয়ম বৰ্তমান উঠি গৈছে। ঠিক সেইদৰে গাঁৱৰ ৰাইজে মিলি নদী,বিল আদিত মাছ মাৰি শুকান কৰি লয়। লৃগাঙৰ দিনা শুকান মাছ(ঙচান)খোৱাটো মিচিংসকলৰ পৰম্পৰাগত ৰীতি।

বয়ন শিল্পত মিচিং তিৰোতা অতি পাকৈত। এক কথাত ক’ব লৈ গ’লে মিচিং ছোৱালীয়ে খোজ কাঢ়িব লৈ শিকাৰ আগতে নাচিব জানে আৰু কাপোৰ পিন্ধিব জনাৰ আগতে বব জানে। উত্তৰ-পূৰ্বাঞ্চলৰ জন জাতিস ক লৰ ভিত ৰ ত মিচিংস ক লৰ কাপোৰৰ আটাইতকৈ বেছি বিভিন্ন তা থকাটো প ৰিলক্ষিত হৈছে। ইয়াৰ ভিত ৰ ত তিৰোতাই ব্যৱহাৰ কৰা কাপোৰেই বেছি। মিচিং তিৰোতাই ব্যৱহাৰ কৰা পোছাক বোৰ হৈছে:এনে,ৰিঃবি,গাচেঃ,ছ্মীৰ,প তালি বা চেগ্ ৰেগ,চেগ্ বুং, পঃতুব,কেবুঃ,পেঃৰে,পুচুংগাচৰ,নিচেগ, কেগ ৰেগ, মচাঃনাম এগে, ইত্যাদি।

পুৰুষে ব্যৱহাৰ ক ৰা কাপোৰ বোৰ হৈছে: মিবু গালুগ,লুকৰ গালুগ,গনৰ উগন,দুমৌৰ আদি। এইবোৰৰ উপ ৰি মিচিং তিৰোতাই গাদু(মিৰিজম),তাপুম্,গাচৰ আদি মূল্যৱান কাপোৰ তৈয়াৰ ক ৰে।

লৃগাঙত ব্যৱহাৰ হোৱা স ক লো কাপোৰ মিচিং তিৰোতাই আগতীয়াকৈ তৈয়াৰ ক ৰি ল য়। পুৰুষ স ক লে কাপোৰ বোৱা নিষেধ।

লৃগাং প্ৰ্স্তুতিৰ অন্য এটি বিষয় হৈছে ‘আপং’ তৈয়াৰ ক ৰা।লৃগাঙৰ প্ৰায় দহ/পোন্ধ ৰ দিনৰ আগতে মিচিং তিৰোতাই আপং প্ৰস্তুত ক ৰে। লৃগাঙত সাধাৰ ণতে পঃৰ আপং(এবিধ ছাই মদ) ব্যৱহাৰ হয়। মাংগ লিক পৰ্বত ব্যৱহাৰ কৰাৰ উপ ৰি লৃগাঙৰ ভোজত এইবিধ আপং ব্যৱহাৰ হয়।

লৃগাঙৰ দুই-তিনি দিনৰ আগতে কৌ-পাত,তৰাপাত কাটি অনা, খ ৰি আদি সংগ্ৰহ কৰা পৰ্ব চলে। পাত আৰু খৰি মিচিং কলৰ নিত্য ব্যৱহাৰিক সামগ্ৰী বুলিব পাৰি। সেইদৰে লৃগাঙৰ মাংগলিক কাৰ্য্যৰ বাবে পিঃৰ (মেগেলা গছ) সংগ্ৰহ কৰাটো বিশেষ প্ৰস্তুতি বুলি ক’ব পাৰি।

আলি-আয়ে-লৃগাঙৰ দিনা প্ৰথমে পথাৰ তঅথ বা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। প্ৰত্যেক ঘৰৰ মুখিয়ালজনে এই ‘লিগ্ গত’ স ম্পাদন ক ৰে। ইয়াৰ পাছত দিনৰ সময়ছোৱাত ঘৰে ঘৰে ভোজৰ আয়োজন চলে। ডেকা-গাভৰু, বুঢ়া-বুঢ়ীসকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং-আনন্দ কৰে। (পুৰাং হৈছে তৰাপাতেৰে টোপোলা কৰা বৰা চাউলৰ এবিধ ভাত।) দিনৰ ভাগত ঘৰে ঘৰে বিহু মাৰোঁতে ঢোল-তাল আদি ব্যৱহাৰ নকৰে। মুখেৰে ঢোলৰ চেওবোৰ দি ঐনিতম, কাবান আদি গাই ঘৰৰ চাঙৰ ওপৰত বিহু মাৰে। পুৰুষসকলে মিবু গালুগ,গনৰ উগন আৰু মহিলাসকলে লোকে এগে, ৰিঃবি, গাচেং পৰিধান কৰে।

নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুম ৰাগ’ নাচে।গুমৰাগ হৈছে আলি-আয়ে-লৃগাঙৰ বিশেষ নৃত্য। ইয়াত বিশেষকৈ ঢোলৰ চেও আৰু বুশেষ এবিধ গীত গোৱা হয়। ঢোল-তাল, পেঁপা আদিৰ উপৰি লৃগাং বিহুত ‘লৌঃনং মাৰ ৰ্বাং আদি বজোৱা হয়।

ঐনিতম হৈছে মিচিংসকলৰ জনপ্ৰিয় গীত। লৃগাং বিহুত ঐনিত মৰ বিশেষ প্ৰাধান্য আছে। ইয়াত আছে পোৱাৰ উল্লাস আৰু নোপোৱাৰ বেদনা। এক কথাত ক’ব পাৰি মিচিং সমাজত যি আছে ঐনিতমত আছে আৰু ঐনিতমত যি নাই, মিচিং সমাজতো নাই।

লৃগা বিহু ঠায়ে ঠায়ে পাঁচ দিনৰ পৰা সাত দিনলৈ চলে। গুম ৰাগ গাই পোৱা টকাৰে লিঃলেন উৎসৱ পালন কৰে। লিঃলেনৰ দিনা গাঁৱৰ সকলোৱে মিলি মুৰ্ংঘৰত ভোজ পাতে। ইয়াৰ আগ লৈকে (লৃগাং দিনাৰ পৰা লিঃলেনৰ স ম য়লৈকে) গাঁৱত কিছুমান নিয়ম-বান্ধোনত থাকিব লগা হয়। বিশেষকৈ, খোৱা-বোৱা আৰু কাম-কাজত নিষিদ্ধ আৰোপ কৰা থাকে। উদাহৰণস্বৰুপে, বাহিৰ লৈ (আন ঠাইলৈ) যাব নাপায়, তাঁত ব’ব নাপায় আদি। কিন্তু লিঃলেনৰ পাছত সকলো বান্ধোন বা নিষিদ্ধ উঠাই দিয়া হয়।

ভোজৰ পাছত শেষবাৰৰ বাবে আটায়ে (বৃত্তাকাৰে) আকৌ গুম ৰাগ নাচে। গুম ৰাগ চঃমানত ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে ভাগ ল’ব পাৰে।

আলি-আয়ে-লৃগাঙৰ প্ৰত্যেকটো দিশতে তাৎপৰ্যপূৰ্ণ আৰু সৃষ্টিমূলক তথ্য লুকাই আছে। এই উৎসৱৰ লগত মিচিং তথা সমগ্ৰ মানৱ সমাজৰ সাংস্কৃতিক চৰিত্ৰ নিহিত হৈ আছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে লৃগাং উৎসৱৰ মাংগলিক শ্লোকবোৰত সূৰ্য্য, চন্দ্ৰ আৰু পৃথিৱীক উদ্দেশ্য কৰি সমগ্ৰ মানৱ জাতিৰ মংগল কামনা কৰা হয়।

আলি-আয়ে-লৃগাং বছ ৰি আহে আৰু যায়,দি যায় শুকান পৃথিৱীলৈ ব ৰ ষাৰ ন ৱ স ম্ভাৰ। সেয়াহে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আটায়ে মিলি দঃ ঞি-পঃলক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আকুল আহ্বান জনায়।

‘দঃঞি আদলাংকা, পঃল আদলাংকা,

মি-মিমাঙেম পুঃপ-জাৰপ ম লাংকা’

ভাবাৰ্থেঃ সূৰ্য্য শুনিবা, চন্দ্ৰ শুনিবা

আজি আমি শস্যৰ বীজ সিঁচিব লৈ আৰম্ভ কৰিছোঁ। জীৱ-জন্তু, মানৱ সমাজক কুশলে থাকিবলৈ দিবা।

ড° উপেন ৰাভা হাকাচাম

2.92592592593
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top