অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ অন এ আৰ এম প্ৰচেছৰ নিৰ্মাণ

উইণ্ড’জ অন এ আৰ এম প্ৰচেছৰ নিৰ্মাণ

মাইক্ৰ’ছফট উইণ্ড’জৰ এক উল্লেখনীয় দিশ হৈছে নমনীয়তা আৰু নিৰ্মাণ পদ্ধতিৰ সলনিয়ে দেখুৱাইছে প্ৰযুক্তিৰ পৰিৱৰ্তন আৰু সময়ৰ লগে লগে গ্ৰাহকৰ সংখ্যাও বাঢ়ি আহিছে। আমাৰ কিছুমান ডিভাইছ ড্ৰাইভাৰ, যেনে— ইউ এছ বি হোষ্ট কণ্ট্ৰ’লাৰ বা কীব’ৰ্ড ড্ৰাইভাৰ এবাৰ নিৰ্মাণ কৰা হয় আৰু তথাপি ই শক্তি ব্যৱস্থাপনাৰ প্ৰদান কৰে এছ অ’ চি ভিত্তিক কম্পিউটাৰৰ পৰা ডেটাচেণ্টাৰ ছাৰ্ভাৰলৈ।

উইণ্ড’জ ৮ৰ দলে উইণ্ড’জক চিপছেটৰ পৰা ব্যৱহাৰলৈ সকলো দিশতে গুৰুত্ব আৰোপ কৰিছে আৰু এই নতুন দৃষ্টিভংগীৰে উইণ্ড’জক লৈ গৈছে এ আৰ এম প্ৰচেছৰ গাঁথনিলৈ, যি এই উদ্ভাৱনৰ গুৰুত্বপূৰ্ণ অংশ।

উইণ্ড’জ অন এ আৰ এম অথবা ডব্লিউ অ’ এ হৈছে উইণ্ড’জ পৰিয়ালৰ নতুন সদস্য। ডব্লিউ অ’ এ নিৰ্মাণ কৰা হয় উইণ্ড’জৰ ভেটিত, যাৰ আছে অতি উন্নত মানৰ কমনেলিটী আৰু অতিশয় উল্লেখনীয় শ্বেয়াৰ্ড কোড।  উইণ্ড’জ ৮ শক্তিশালী আৰু  x86/64 প্ৰচেছৰত কাম কৰে আৰু নতুন কম শক্তিসম্পন্ন প্ৰচেছৰতো কাম কৰে। ডব্লিউ অ’ এ কম্পিউটাৰ  NVIDIA, Qualcomm আৰু Texas Instrumentsৰ অদ্বিতীয় আৰু সৃজনীশীল হাৰ্ডৱেৰত নিৰ্মাণ কৰিব পাৰি, এক সাধাৰণ উইণ্ড’জ এন এ আৰ এম অ’পাৰেটিং ছিষ্টেমৰ ভেটিত—সকলো একে উইণ্ড’জ অ’পাৰেটিং ছিষ্টেমৰ বাইনেৰীত চলে। ডেভেলপাৰসকলৰ এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ডব্লিঅ’ অ’ এ আৰু তেওঁলোকে WinRTৰ (মেট্ৰ’ ষ্টাইল এপ্লিকেশ্বন নিৰ্মাণৰ বাবে উইণ্ড’জৰ API) কাৰণে  নতুন ভিজুৱেল ষ্টুডিঅ’ ১১ টুলছ ব্যৱহাৰ কৰি এপলিকেশ্বন লিখিবলৈ আৰম্ভ কৰিছে, য’ত সামৰি লোৱা হৈছে  C#/VB/XAML আৰু Jscript/ HTML5। WinRTৰ কোড  C আৰু C++তো ব্যৱহাৰ কৰিব পাৰি।

ডব্লিউ অ’ এ সকলো মেট্ৰো ষ্টাইল এপ্লিকেশ্বনৰ বাবে প্ৰযোজ্য। ইয়াত সামৰি লোৱা হয় মেইল, কেলেণ্ডাৰ, ঠিকনা, ফটো আৰু ষ্ট’ৰেজৰ বাবে মাইক্ৰ’ছফটৰ এপলিকেশ্বনসমূহ।  ডব্লিউ অ’ এত সামৰি লোৱা হৈছে HTML5 আৰু ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ও।

ডব্লিউ অ’ এত সামৰি লোৱা হৈছে নতুন মাইক্ৰ’ছফট ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট আৰু ওৱাননোটৰ ডেস্কটপ সংস্কৰণ, একেলগে এই সংগ্ৰহটোৰ নাম দিয়া হৈছে ‘Office 15’, লক্ষ্যণীয়ভাৱে ইয়াক নিৰ্মাণ কৰা হৈছে স্পৰ্শ ব্যৱস্থা আৰু শক্তি/সমলৰ ব্যয় হ্ৰাসকৰণৰ বাবে, য’ত ব্যৱহাৰকাৰীৰ বাবে আছে সকলো সুবিধা আৰু যিয়ে প্ৰদান কৰে সম্পূৰ্ণ সংসংগত তথ্য।

ডব্লিউ অ’ এ নিৰ্মাণ হৈছে এক চলন্ত অভিযন্ত্ৰণৰ প্ৰচেষ্টা, য’ত জড়িত হৈ আছে মাইক্ৰ’ছফট, এ আৰ এম অনুজ্ঞাপত্ৰ প্ৰাপক, কম্পিউটাৰ নিৰ্মাতা আৰু উপাদান তথা আহিলাৰ ডেভেলপাৰসকল, যিয়ে হাৰ্ডৱেৰ, ফাৰ্মৱেৰ আৰু উইণ্ড’জ অন এ আৰ এম ছফটৱেৰ সামৰি ডব্লিউ অ’ এ কম্পিউটাৰক এক অখণ্ড, সম্পূৰ্ণ সামগ্ৰী হিচাপে প্ৰস্তুত কৰে।

ইউ ই এফ আই ফাৰ্মৱেৰ হৈছে ডব্লিউ অ’ এ প্ৰণালীৰ ক্ষুদ্ৰতম পৰ্যায় আৰু ই অ’পাৰেটিং ছিষ্টেম আৰম্ভ কৰাৰ নিৰৱিচ্ছিন্নভাৱে সেৱা আগবঢ়ায়। বিশ্বাসযোগ্য বুট আৰু ষ্ট’ৰেজ এনক্ৰিপশ্বনৰ বাবে ডব্লিউ অ’ এ প্ৰণালীত ফাৰ্মৱেৰভিত্তিক টিএমপিও থাকে।

এ চি পি আই ফাৰ্মৱেৰ ব্যৱহাৰ কৰা হয় বুটৰ সময়ত যন্ত্ৰসমূহৰ প্লাগ এণ্ড প্লেৰ তালিকাকৰণ কৰা আৰু ই এছ অ’ চিৰ বাহিৰৰ যন্ত্ৰৰ শক্তি ব্যৱস্থাপনাৰ বাবেও দায়বদ্ধ।  এছ অ’ চি অন্তৰ্ভুক্ত নমুনাত, ‘ট্ৰী’ৰ ব্যৱস্থা নাথাকে আৰু এছ অ’ চিত কি সংযোগ কৰা হৈছে অথবা কেনেদৰে সংযুক্ত হৈ আছে সেয়াও গম পোৱা নাযায়। উইণ্ড’জ ৮ৰ বাবে এক তালিকাৰ দ্বাৰা নতুন মান সংজ্ঞায়িত কৰা হৈছে তন্ত্ৰটোৰ গাঁথনি নিৰ্ণয় কৰিবলৈ, যাকে ছফটৱেৰে সহজতে তালিকাখন পঢ়ি তন্দ্ৰটো গঠন কৰিব পাৰে।

উইণ্ড’জ হাৰ্ডৱেৰ এবষ্ট্ৰাকচন লেয়াৰ, চমুকৈ এইচ এ এল-এ  তন্ত্ৰৰ ভিতৰৰ কিছুমান সমল, যেনে—টাইমাৰ, ডি এম এ, ইণ্টাৰাপট কণ্ট্ৰ’লাৰ আদিক  সহায় কৰে। আৰম্ভণিৰে পৰা উইণ্ড’জৰ নমুনা প্ৰস্তুত কৰা হৈছে মাল্টিপল ইন্সট্ৰাকশ্বন ছেট আৰ্কিটেক্সাৰ (আই এছ এ)ক সহায় কৰিবলৈ, আৰু এইচ এ এল  হৈছে বিভিন্ন প্ৰণালীৰ গাঁথনি গ্ৰহণ কৰা কাবিকাঠি যি প্ৰায়বোৰ নতুন আই এছ এৰ সৈতে আহে। হাৰ্ডৱেৰ পৰ্যায়বোৰ পৃথকীকৰণত, অ’পাৰেটিং ছিষ্টেমটোৱে নিজেই অভ্যন্তৰিণ তন্ত্ৰৰ সমলৰ বাবে এক নতুন এছ অ’চিৰ সুবিধাৰ বাবে পৰিৱৰ্তনৰ প্ৰয়োজন নহয়। এ আৰ এম প্লেটফৰ্মৰ ভিন্নতা অতি উল্লেখনীয় যে আমি নিৰ্মাণ কৰিছো এইচ এ এল  এক নতুন পৰ্যায়ৰ পৃথকীকৰণৰ সামৰ্থৰ বাবে। উইণ্ড’জ ৮ৰ বাবে নতুন এইচ এ এল হৈছে প্ৰতিটো আভ্যন্তৰিণ তন্ত্ৰৰ সামৰ্থ্য, যি সংযুক্ত কৰা হয় এইচ এ এলৰ এক প্ৰসাৰণৰ দ্বাৰা, যি এক ইণ্টাৰাপট কণ্ট্ৰ’লাৰ ড্ৰাইভাৰ সদৃশ।

যন্ত্ৰৰ ড্ৰাইভাৰ ল’ড কৰি উইণ্ড’জ বুট চলাই নিবলৈ নতুন প্ৰকাৰৰ কম শক্তিগ্ৰহী বাছ আৰু যন্ত্ৰৰ ড্ৰাইভাৰৰ বাবে আমাৰ  বহু নতুন ড্ৰাইভাৰ নিৰ্মাণৰ প্ৰয়োজন আছিল, যিবোৰ এই বাছবোৰৰ সৈতে সংযোগক সুযোগ দিয়ে।

এসময়ত এই ফাৰ্মৱেৰ, এইচ এ এল, বুট সেৱা, বুট যন্ত্ৰ আৰু বাছবোৰ চলিছিল, আমি তন্ত্ৰৰ বাকীবোৰ আৰু আৰম্ভণি কৰিবলৈ আৰু ডেস্কটপ লাখ কৰিবলৈ উত্থান ঘটোৱা।

আটাইবোৰ ডব্লিউ অ’ এ লক্ষ্যৰ বাবে এ আৰ এম সহযোগীয়ে প্ৰস্তুত কৰিছে এক ডি এক্স-যোগ্যতাৰ গ্ৰাফিক্স ড্ৰাইভাৰ। এই পৰ্যন্ত গ্ৰাফিক্স ড্ৰাইভাৰ নথকা এই নতুন এছ অ’ চিসমূহত উইণ্ড’জ ৮ স্থাপন কৰিবলৈ হ’লে, যিহেতু এ আৰ এম এছ অ’ চিসমূহত উদ্যোগৰ মানসম্পন্ন ভি জি এ উপতন্ত্ৰও নাথাকে সেইবাবে মাইক্ৰ’ছফটে লিখি উলিয়াইছে এক ছফট জি পি ইউ ড্ৰাইভাৰ, যিয়ে হাৰ্ডৱেৰ ফ্ৰেম বাফাৰৰ পৰা পোনপটীয়াভাৱে কাম কৰিব পাৰে। উন্নয়ন সম্ভৱ কৰি তোলাৰ উপৰি, ছফট জি পি ইউ ড্ৰাইভাৰ ব্যৱহাৰেৰে ই সম্ভৱ কৰি তুলিছে উইণ্ড’জৰ নৱচিন্তন। ডব্লিউ অ’ এ কম্পিউটাৰত হাৰ্ডৱেৰ সহায় গ্ৰহণ কৰা হয় মূল প্ৰচেছৰৰ পৰা সংহত হাৰ্ডৱেৰউপবিভাগলৈ বিশেষ অফল’ডিং কামত। ই দক্ষতা আৰু বেটাৰীৰ সময়সীমা উন্নত কৰে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate