অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ৮ টাচ্চ কীব’ৰ্ডৰ ডিজাইনিং

উইণ্ড’জ ৮ টাচ্চ কীব’ৰ্ডৰ ডিজাইনিং

উইণ্ড’জ ৮, টাচ্চ কীব’ৰ্ড ডিজাইন প্ৰস্তুত কৰাৰ বাবে আমি আৰম্ভ কৰিছো সতেজ আৰু ‘প্ৰথম নীতি’ দৃষ্টিভংগী। উইণ্ড’জ এক্স পি এছ পি ১ৰপৰা, য’ত টেবলেট পিচিৰ সুবিধা প্ৰদান কৰা হৈছিল, সম্প্ৰতি উইণ্ড’জত অন্তৰ্ভুক্ত কৰা হৈছে এক স্পৰ্শযোগ্য অন-স্ক্ৰীণ কীব’ৰ্ড।

উইণ্ড’ত ৮ কম্পিউটাৰত টাচ্চ কী ব্যৱহাৰ কৰিবখোজাসকলে ক্ষিপ্তভাৱে আৰু সাধাৰণ কীব’ৰ্ডৰ দৰে যথোচিত বেগত বৰ্ণ অন্তৰ্ভুক্ত কৰিব পাৰে।

ত্ৰুতি পৰিহাৰ, আৰু অনায়াসে ভুলৰ সুধৰণি কৰিব পাৰি।

দৈহিক ভংগিমা, যন্ত্ৰটোৰ সৈতে পাৰস্পৰিক সহযোগিতা আৰু সামাজিক বিন্যাসৰ ক্ষেত্ৰত অতি স্বাচ্ছন্দ্যৰে বৰ্ণ অন্তৰ্ভুক্তি কৰাটো সম্ভৱ।

উইণ্ড’জে এক গৱেষণা কৰিছিল মানুহে টেবলেটত কাম কৰাৰ ধৰণৰ সন্দৰ্ভত আৰু তিনিটা সাধাৰণ ভংগীমা লাভ কৰিছিল।
প্ৰথমতে এখন হাতেৰে যন্ত্ৰটো ধৰে, এখন হাতেৰে ইউজাৰ্ছ ইণ্টাৰফেচৰ সৈতে সংযোগ স্থাপন কৰে।

দুয়োখন হাতেৰে যন্ত্ৰটো ধৰে আৰু বুঢ়া আঙুলিৰে সংযোগ স্থাপন কৰে।

যন্ত্ৰটো মেজত, কোচত অথবা ষ্টেণ্ডত থয় আৰু তলত ছবিত দেখুওৱাৰ দৰেই দুয়োখন হাতেৰে সংযোগ স্থাপন কৰে।

উইণ্ড’জৰ সাধাৰণ টাচ্চ কীব’ৰ্ড বিন্যাস অনুকুল কৰা হৈছে টেবলেটটো থৈ বহু আঙুলিৰে টাইপ কৰাৰ বাবে, আৰু এখন হাতেৰে টাইপিং কৰাৰ ক্ষেত্ৰতো ই অতি সুচল। আমি আৰম্ভ কৰিছো এক নতুন কীব’ৰ্ড বিন্যাস যাক আমি কওঁ থাম্ব কীব’ৰ্ড ডিজাইন, য’ত দুয়োখন হাতেৰে টেবলেটটো ধৰি বুঢ়া আঙুলিৰে টাইপ কৰিব পাৰি। এই কীব’ডý বিভিন্নজনৰ হাতৰ আকাৰৰ সৈতে মিলাকৈ নিয়ন্ত্ৰণ কৰিব পাৰি।

ইয়াৰ উপৰি দৈহিক ভংগিমা আৰু স্বাচ্ছন্দ্য সম্পৰ্কীয় গৱেষণাই সহায় কৰিছে মানুহে টেবলেটটো কিদৰে ধৰে আৰু সাধাৰণতে কিমান দূৰ পৰ্যন্ত বুঢ়া আঙুলিয়ে ঢুকি পায় সেই সম্পৰ্কে বুজি পোৱাত, যাতে ব্যৱস্থাটো বুঢ়া আঙুলিৰে নিয়ন্ত্ৰণ কৰিবলৈ থাম্ব কীব’ৰ্ড বিন্যাস ডিজাইন কৰিব পাৰি।

এই হীট মেপে দেখুৱাইছে সাধাৰণতে মানুহৰ বুঢ়া আঙুলিয়ে প্ৰসাৰ, এক থাম্ব কীব’ৰ্ড বিন্যাসত। সেউজীয়া হৈছে স্বাচ্ছন্দ্যপূৰ্ণ অৱস্থান, হালধীয়া ৰঙৰ অংশটো স্পৰ্শ কৰিব পাৰি আৰু ৰঙা হৈছে সাধাৰণে অস্বাচ্ছন্দ্যপূৰ্ণ।

আমি বিবেচনা কৰা পৰৱৰ্তী প্ৰত্যাহ্বান আছিল টেবলেটৰ আয়নাৰ ডিছপ্লেত টাইপিং। গৱেষণাই দেখুৱাইছে যে টাচ্চ কীব’ৰ্ডত কাম কৰাৰ সময়ত মানুহ অধিক দক্ষতাৰে কাম কৰে, তেওঁলোকে অধিক সময়ত অন্তৰ্ভুক্তি স্থানত লক্ষ্য কৰে আৰু কীব’ৰ্ডত কম সময়ৰ বাবেহে দৃষ্টি নিক্ষেপ কৰে। গতিকে যেতিয়া ব্যৱহাৰকাৰীয়ে দক্ষতাৰে টাইপ কৰে তেতিয়া প্ৰতিটো বৰ্ণ সঠিকভাৱে পৰিলক্ষিত হয়। এক আই-ট্ৰেকিং অধ্যয়নৰ দ্বাৰা প্ৰাপ্ত এই হীটমেপে ইয়াকেই দেখুৱাইছে।

টাচ্চ মডেলৰ ওপৰত ভিত্তি কৰি, কীব’ৰ্ডে কেতিয়াবা অলক্ষিতে বৰ্ণ শুধৰণি কৰি লয়, ধৰি লোৱা হ’ল কোনোৱাই QWERTY বিন্যাসৰ কীব’ৰ্ডত p টাইপ কৰিব বিচাৰিলে কিন্তু অজানিতে তেওঁৰ আঙুলি গৈ পৰিল o ত, টাইপ কৰোতে এনে ধৰণৰ ঘটনা সাধাৰণতে ঘটে।গতিকে অন্তৰ্ভুক্তিৰ স্থানত সঠিক বৰ্ণই দৃশ্যমান হয়।

গতিকে এনে অৱস্থাত শুধৰণি কৰাৰ কোনো প্ৰয়োজন নহয়। যেতিয়া ই ভালদৰে কাম কৰে, তেতিয়া অনুভৱ কৰা নহয়, গ্লাছত টাইপ কৰিলে আত্মবিশ্বাস বৃদ্ধি হয়। এক টাচ্চ মডেল ডেটাৰপৰা লাভ কৰা প্ৰতিবেদনৰ এই মেপে দেখুৱাইছে যে টাচ্চ কীব’ৰ্ডত কাম কৰাৰ সময়ত বিশেষ কেতবোৰ কীত বøৱহাৰকাৰীয়ে দৃষ্টি নিবদ্ধ কৰে।


নম্বৰবোৰ সুকীয়াকৈ নিউমাৰিক পেদত প্ৰদৰ্শন কৰা হৈছে কিয়নো কেতিয়াবা বøৱহাৰকাৰীয়ে একেবাৰতে কেইবাটাও সংখ্যা টাইপ কৰে। দীঘলীয়া শাৰীত থকাৰ পৰিৱৰ্তে এক সুবিন্যস্ত গোটত থাকিলে বিচাৰি উলিয়াবলৈ সহজ আৰু সংখ্যা কীবোৰ একগোট হৈ থাকিলে মানুহে সংখ্যাবোৰ ক্ষিপ্ৰতাৰে টাইপ কৰিব পাৰে। সংখ্যা আৰু চিহ্ন দৃষ্টিত অন্তৰ্ভুক্ত হৈছে নিউমাৰিক পেড আৰু ই প্ৰতিফলন ঘটাইছে আধুনিক বিন্যাসৰ।


এই ডাউনছীফট ডিজাইন প্ৰস্তুত কৰা হৈছিল চিহ্নৰ ক্ষিপ্ৰ ব্যৱহাৰৰ প্ৰয়াসেৰে, কিন্তু ইয়াৰ ফলত ছীফটৰ ব্যৱহাৰত সম্ভাব্য প্ৰভাৱ পৰিলক্ষিত হয়।


এই ছবিত দেখা গৈছে সম্প্ৰতি উইণ্ড’জ ৮ত মুকলি হোৱা ইংৰাজী QWERTY বিন্যাস।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate