মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / ডিগ্ৰী লো‌ৱাৰ পাছত কি কৰিম ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিগ্ৰী লো‌ৱাৰ পাছত কি কৰিম ?

ডিগ্ৰী লো‌ৱাৰ পাছত কি কৰিম ?

“তুমি এতিয়া কি কৰিম বুলি ভা‌ৱিছা ?” –এই প্ৰশ্নটো‌ৱেই হৈছে অসম তথা ভাৰতৰ প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়েই বৰ্তমান সময়ত এটা ডিগ্ৰী লো‌ৱাৰ পাছতে সন্মুখীন হ’বলগীয়া হো‌ৱা আটাইতকৈ আহুকলীয়া আৰু অশান্তিকৰ প্ৰশ্ন । প্ৰশ্নকৰ্তাজনে নিশ্চয় এইটো নাজানে যে ইয়াৰ উত্তৰ কে‌ৱল সেই ল’ৰাটো বা ছো‌ৱালীজনীৰ হাততেই নাথাকে । বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে সেই সিদ্ধান্ত ল’ব পৰা যায় । পৰিয়ালৰ আৰ্থিক-স্বচ্চলতা, ঘৰু‌ৱা পৰি‌ৱেশ, শিক্ষাৰ্থীগৰাকীৰ ইচ্ছা-অনিচ্ছা, শুভাকাংক্ষী বা সমাজৰ বৰমূৰীয়াসকলৰ মন্তব্য, দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ, সংযোগ-ব্য‌ৱস্থা আদি এই সকলোবোৰ কাৰকে আমাৰ বহু শিক্ষাৰ্থীৰ ক্ষেত্ৰত সেই এটা মাত্ৰ সিদ্ধান্ত লো‌ৱাত অৰিহণা যোগায় – যিয়ে তেওঁৰ জী‌ৱন সলাই দিয়াৰ চাবি-কাঠি হ’ব পাৰে । ইয়াৰ মাজতো, এজন ছাত্ৰ বা ছাত্ৰীয়ে সকলো দিশ চালি-জাৰি চাই এটা সঠিক পথ বাচি লো‌ৱাটো অত্যন্তই প্ৰয়োজনীয় । কাৰণ সেইখিনিয়েই হৈছে জী‌ৱন গঢ়াৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়, যাক পুণৰাই ঘুৰাই পো‌ৱা অসম্ভ‌ৱ।

খুব বাস্ত‌ৱিকভা‌ৱে চাবলৈ গ’লে এজন শিক্ষাৰ্থীয়ে স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত দুটাই ৰাস্তা খোলা থাকে - এক) উচ্চশিক্ষাৰ বাবে নামভৰ্তি কৰা আৰু দুই) কৰ্মসংস্থানৰ অন্বেষণ কৰা । এই দুই মূল সুঁতিৰ ওপৰিও আন দুই-এক ৰাস্তা সদায়েই খোলা থাকে, যি হৈছে কিছু ব্যতিক্ৰমী; কিন্তু সুৰুচীপূ্ৰ্ণ এটি জী‌ৱন বাচি লো‌ৱাৰ পৰিপন্থী । তেনে পথৰ উদাহৰণ হৈছে নিজৰ প্ৰতিভাৰ বিকাশৰ অৰ্থে মনোনি‌ৱেশ কৰা বা সমাজ-সে‌ৱাৰ নামত নি:স্বাৰ্থভা‌ৱে জী‌ৱন উচৰ্গিত কৰা । এইধৰণৰ পথেৰে বাট বুলিব খোজা ডেকা ল’ৰা বা ডেকেৰী ছো‌ৱালী যিহেতু আমাৰ সমাজত প্ৰায় নায়েই বুলিব পাৰি,গতিকে আমি এই বিষয়টো বাদ দি ওপৰোক্ত দুটি মূল সুঁতিৰ বিষয়েই এই লেখাটোত থুলমূলকৈ কিছু আলচ কৰিবলৈ যত্ন কৰিম ।

‘উচ্চ শিক্ষা’ বুলি ক’লেই আমাৰ বহুতো অভিভা‌ৱক বা ছাত্ৰ-ছাত্ৰীয়ে কে‌ৱল স্নাতকোত্তৰ ডিগ্ৰীৰ কথাই মূলত: বুজি পায় । স্নাতকোত্তৰ পাঠ্যক্ৰম এটা নি:সন্দেহে উচ্চ শিক্ষাৰ বাবে আধাৰস্বৰূপ । কিন্তু স্নাতকোত্তৰ ডিগ্ৰী লাভ মানেই উচ্চ শিক্ষা শেষ হো‌ৱাটো কেতিয়াও হ’ব নো‌ৱাৰে । ‘উচ্চ শিক্ষা’ৰ অৰ্থ কি বুলি সুধিলে কিন্তু উত্তৰটো অলপ বেলেগ ধৰণেহে পো‌ৱা যায় । এজন শিক্ষাৰ্থীয়ে এটা সুনিৰ্দিষ্ট বিষয়ত , প্ৰাথমিক ধ্যান-ধাৰণাসমূহৰ আওঁভাওঁ সম্পূৰ্ণকৈ বুজি পো‌ৱাৰ পাছত, বৰ্তমানলৈকে সেই বিষয়টোৰ ওপৰত পৃথি‌ৱীৰ সকলো গ‌ৱেষক,বিজ্ঞানী বা অধ্যাপকসকলে যি যি তত্ত্ব উদ্ধাৰ কৰিছে, তাৰ যথোচিত অধ্যয়ন কৰা আৰু সেই সমল জ্ঞানৰ ওপৰত ভিত্তি কৰি নিজে তাৰ পৰীক্ষা-নিৰীক্ষা কৰা তথা গভীৰতৰ অধ্যয়ন আৰু গ‌ৱেষণা কৰাই হৈছে প্ৰকৃত ‘উচ্চ শিক্ষা’ । সেই হিচাপত উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইচ্ছুক সকলে, যদিও আমাৰ দেশত গ‌ৱেষণাৰ বাবে প্ৰাপ্ত চৰকাৰী সা-সুবিধা অতি সীমিত, তথাপি ডক্টৰেট বা পি.এইচ্ছ.ডি. ডিগ্ৰীৰ বাবে নামভৰ্তি কৰাই যুগুত । গ‌ৱেষণাৰ বাবে ন-প্ৰজন্মৰ অনীহাই হৈছে এটা অন্যতম মুখ্য কাৰণ; যাৰ বাবে কৌটিল্য,আৰ্যভট্ট, ৰামানুজম, চি.ভি.ৰমনৰ দৰে বিশ্বখ্যাত বিজ্ঞানীৰ দেশত বৰ্তমানে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত যুগান্তকাৰী কোনো আৱিষ্কাৰ হো‌ৱা নাই বা অভূতপূৰ্ব কোনো অ‌ৱদান আমাৰ দেশে আগবঢ়াবলৈ সক্ষম হো‌ৱা নাই । বৰ্তমানে অ‌ৱশ্যে কেন্দ্ৰীয় চৰকাৰে গ‌ৱেষকসকলক উৎসাহিত কৰিবৰ বাবে প্ৰায় প্ৰতিটো বিভাগতেই বিভিন্ন ধৰণৰ জলপানিৰ ব্য‌ৱস্থা কৰিছে । এই জলপানিসমূহ লাভ কৰিলে এজন গ‌ৱেষক-শিক্ষাৰ্থীয়ে কোনোধৰণৰ আৰ্থিক অসুবিধাৰ সমুখীন নোহো‌ৱাকৈয়ে নিজৰ গ‌ৱেষণা চলাই যাব পাৰে । আজিকালি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ যিকোনো বিশ্ববিদ্যালয়তে জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বীপ লাভ কৰা এজন শিক্ষাৰ্থীয়ে থকাৰ সুবিধা পো‌ৱাৰ লগতে প্ৰতিমাহে ২৫ হাজাৰকৈ টকা ,চিনিয়ৰ ৰিচাৰ্চ ফেল’সকলে ২৮ হাজাৰ টকা,আৰু ৰিচাৰ্চ এশ্বচিয়েট এজনে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিমাহে ৪০ হাজাৰলৈকে জলপানি প‌ো‌ৱাৰ বন্দো‌ৱস্ত কৰা হৈছে । সাধাৰণ দৃষ্টিৰে চাবলৈ গ’লে ক’ব পাৰি যে গ‌ৱেষণাৰ সময়তেই এটা চাকৰি কৰাৰ দৰে উপাৰ্জন কৰাৰ ব্য‌ৱস্থাটোও চৰকাৰে কৰি দিছে ।

তাৰোপৰি আজিকালি যিহেতু প্ৰতিযোগিতাৰ যুগ,গতিকে আমাৰ ল’ৰা-ছো‌ৱালীয়ে ৰাষ্ট্ৰীয় মানৰ অথবা আন্ত:ৰাষ্ট্ৰীয় মানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাত অধিক গুৰুত্ব দিয়া উচিত । বৰ্তমানে ভাৰত চৰকাৰে কেইবাটাও বিভাগৰ যুটীয়া পাঠ্যক্ৰমত অনুমোদন প্ৰদান  কৰিছে । এনে যুটীয়া পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীজনে একেকোবেই দুটা ডিগ্ৰী লাভ কৰে । ইয়াত যদিও শৈক্ষিক বছৰৰ কোনো ৰাহি নহয়, তথাপি দ্বিতীয় পৰ্যায়ৰ পাঠ্যক্ৰমটোৰ নামভৰ্তিৰ বাবে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে উপযুক্ত শিক্ষানুষ্ঠান বিচাৰি হাবাথুৰি খাবলগীয়া নহয় । স্নাতকোত্তৰৰ লগতে পি.এইচ্ছ.ডি. , বি.টেক.ৰ লগতে এম.টেক., স্নাতকৰ লগতে স্নাতকোত্তৰ, বি.এ.ৰ লগত বি.এড. ইত্যাদি এনেধৰণৰ পাঠ্যক্ৰম আমাৰ নিচেই কাষতে থকা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো উপলব্ধ । ভাৰতৰ বাহিৰতো উচ্চ-শিক্ষা গ্ৰহণৰ বাবে আমাৰ চৰকাৰে অন্য বিদেশী দেশসমূহৰ সহযোগত প্ৰতিভা‌ৱান শিক্ষাৰ্থীসকলক সমুদায় পাঠ্যক্ৰমৰ খৰছ-পাতি দিয়া আঁচনিও ইতিমধ্যে উপলব্ধ হৈছে। আমাৰ ল’ৰা-ছো‌ৱালীয়ে উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম পঢ়ি থকাৰ সময়ৰে পৰাই এইধৰণৰ খবৰবোৰ অৰ্থাৎ কোন বিষয়ত কি কি পাঠ্যক্ৰম ক’ত ক’ত পঢ়িব পাৰি,পাঠ্যক্ৰমত চৰকাৰী অনুমোদন আছে নে নাই, জলপানীৰ ব্য‌ৱস্থা ক’ত ক’ত আছে, কি কি সৰ্বভাৰতীয় পৰীক্ষাই কেনেধৰণৰ সুবিধা পো‌ৱাৰ বাট মোকলাব পাৰে –এই সকলো বিষয়েৰে ওপৰত চৰ্চা কৰা উচিত । হাতত থকা মোবাইল-ফোনটোৰে যে কে‌ৱল ফেচবুক আৰু হো‌ৱাচ্ছাপেই নহয়, এনেধৰণৰ প্ৰয়োজনীয় তথ্যও আহৰণ কৰিব পাৰি ; সেই কথা উপলব্ধি কৰাটো অতিকেই প্ৰয়োজনীয় ।

আমাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে স্নাতকোত্তৰ পাঠ্যক্ৰম উত্তীৰ্ণ হো‌ৱাৰ পাছত চাকৰি নাই বুলি হা-হুমুনিয়াহ কাঢ়ি থকা দেখা যায । তেওঁলোকৰ এনে হতাশা প্ৰকৃতাৰ্থত অমূলক । কিয়ণো, আমি কওঁ যে, প্ৰতিটো বিষয়তে চাকৰি আছে । মাথো তেওঁ হয়তো বিচাৰিব জনা নাই নতুবা প্ৰয়োজনীয় যোগ্যতাখিনি অৰ্জন কৰিব পৰা নাই । আমাৰ অসমীয়া ডেকা-ডেকেৰীয়ে চাকৰি বুলিলেই কে‌ৱল অসম চৰকাৰৰ চাকৰিহে চিনি পায় । সেইটো ভুল । আমি এই বুলি আন্দোলন বা প্ৰতিবাদ কৰো যে থলু‌ৱা লোকক নিযুক্তি দিয়া হো‌ৱা নাই ; অথচ দেশৰ অন্য ঠাইৰ মানুহে আহি আমাৰ ঘৰৰ ওচৰতে চাকৰি কৰি আছেহি । কিন্তু কেতিয়াবা আমি নিজে ভাৰতৰ অন্য ঠাইৰ চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে আৱেদন কৰি পাইছো নে ? এইটো জানি থো‌ৱা ভাল হ’ব যে, ভাৰত চৰকাৰৰ অধীনস্থ যি কোনো সংস্থা (Public Sector Undertaking) বা সম্পূৰ্ণ চৰকাৰী পদ এটাৰ বাবে ভাৰতবৰ্ষৰ যিকোনো ঠাইৰে এজন নাগৰিকে আৱেদন কৰিব পাৰে । অৰ্থাৎ যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত হ’লে কেন্দ্ৰীয় চৰকাৰৰ বা অন্য ৰাজ্য চৰকাৰৰ যিকোনো পদতে আমাৰ এজন অসমীয়া ল’ৰা বা ছো‌ৱালীয়েও ভাৰতৰ যিকোনো ঠাইতে চাকৰি কৰাৰ অধিকাৰ আছে । গতিকে আমাৰ ডেকা-ডেকেৰীয়েও সমগ্ৰ দেশজুৰি খালী হো‌ৱা পদসমূহৰ বিজ্ঞাপনৰ ওপৰত চকু ৰাখিব লাগে আৰু অৰ্হতা থকা প্ৰতিটো চাকৰিৰ বাবে অন্ত:ত আৱেদন কৰিব লাগে । তদুপৰি সৰ্বভাৰতীয় পৰ্যায়ত হো‌ৱা বাছনি পৰীক্ষা সমূহত উত্তীৰ্ণ হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰা উচিত । আমাৰ বহু স্নাতক বা এনেকি স্নাতকোত্তৰ যু‌ৱক-যু‌ৱতীয়েও ইংৰাজী ভাষাত এখন আৱেদন-পত্ৰ লিখিব নাজানে । ই অতি পৰিতাপৰ কথা । সৰ্ভভাৰতীয় পৰ্যায়ৰ প্ৰতীযোগিতাত অ‌ৱতীৰ্ণ হ’বৰ বাবে ইংৰাজী ভাষাৰ জ্ঞান পৰ্যাপ্ত হো‌ৱা প্ৰয়োজন । আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়েও বন্ধুবৰ্গৰ সতে ইংৰাজীত কথা পাতি বা শ্ৰেণীকোঠাত অন্ত:ত এঘন্টা সময় ইংৰাজী বিষয়ৰ চৰ্চা কৰিলে এইক্ষেত্ৰত লাভ‌ৱান হ’ব পাৰিব । তাৰোপৰি সাধাৰণ জ্ঞান (General Knowledge),সাধাৰণ সজাগতা(General Awareness), সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability), বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoning) ইত্যাদি বিষয়সমূহৰ অনুশীলন আমাৰ ল’ৰা-ছো‌ৱালীয়ে স্কুলীয়া দিনৰেপৰাই আৰম্ভ কৰাটো অতিকেই জৰুৰী । অন্যহাতে আমাৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে নাজানে যে NET/SLET পৰীক্ষাত উত্তীৰ্ণ হ’ব নো‌ৱাৰিলে আজিকালি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব নো‌ৱাৰি । গতিকে এনে পৰীক্ষাৰ বাবে স্নাতক চূড়ান্ত বছৰৰ পৰাই চেষ্টা চলো‌ৱাটো অতি উত্তম । সেইদৰে বিজ্ঞান বা অভিযান্ত্ৰিক বিষয় অধ্যয়ন কৰাসকলৰ উচ্চ শিক্ষাৰ বাবে GATE নামৰ সৰ্বভাৰতীয় পৰীক্ষাটোত উচ্চ নম্বৰ অৰ্জন কৰাটো বৰ্তমানে এক বাধ্যতামূলক অৰ্হতা হৈ পৰিছে । এই GATE পৰীক্ষাৰ নম্বৰৰ ভিত্তিতে আজিকালি বহু নামী-দামী অনুষ্ঠান প্ৰতিষ্ঠান তথা সংস্থাই বহু ঈৰ্ষনীয় পাৰিতোষিকেৰে উপযুক্ত যু‌ৱক-যু‌ৱতীক চাকৰিত মকৰল কৰে । গতিকে এনে পৰীক্ষাসমূহৰ বাবে পাঠ্যপুথিৰ উপৰিও অন্য কেনেধৰণৰ প্ৰাসংগিক সমল গ্ৰন্থ অধ্যয়ন কৰিব লাগিব,সেয়া আমাৰ শিক্ষাৰ্থীসকলে বিচাৰ-বিবেচনা কৰি আগবঢ়াটো খুবেই ভাল কথা ।

এইটো ঠিক যে উপযুক্ত অৰ্হতা থাকিলে, এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে এটা চাকৰি যোগাৰ কৰাটো সিমান এটা ডাঙৰ কথা নহয় । গতিকে আমাৰ শিক্ষাৰ্থীস‌ৱে বয়স থাকোতেই যিমান পাৰি সিমান নিজকে উপযুক্ত কৰি তুলিবৰ বাবে প্ৰয়োজনীয় সকলোখিনি অৰ্হতা অৰ্জন কৰিবলৈ উঠি-পৰি লগা উচিত । নিজকে উপযুক্ত প্ৰাৰ্থী বুলি গণ্য কৰাৰ পাছত তেওঁলোকৰ কৰ্তব্য হ’ল ইন্টাৰনেটৰ জৰিয়তে বা অন্য নিয়োগ বা-বাতৰিৰ জৰিয়তে নিজা বিষয়টোৰ সম্বন্ধীয় নিয়োগ-বিজ্ঞাপনৰ বিচাৰ লো‌ৱা । ইন্টাৰনেটত উপলব্ধ অনেক উদাহৰণৰ মাজত ইয়াত মই মাত্ৰ দুটামান ‌ৱেবচাইটৰ কথা উল্লেখ কৰিছো, যিকেইটাৰ যোগেদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন নিয়োগ বিজ্ঞাপনসমূহ পাব পাৰি ; সেয়া হ’ল –ক) www.sarkarinaukriblog.com খ)  www.sakori.org গ) www.e-sinaki.blogspot.in ঘ)  www.employmentnews.gov.in আদি ।

 

কৰ্মসংস্থাপনৰ বাবে কৰা অন্বেষণক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। প্ৰথমটো হৈছে উচ্চশিক্ষিত সকলৰ আৰু দ্বিতীয়টো হৈছে মধ্য-শিক্ষিত সকলৰ অন্বেষণ । মধ্যশিক্ষিত বুলি কওঁতে ইয়াত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হো‌ৱা আৰু বিভিন্ন বিভাগৰ স্নাতক ডিগ্ৰীধাৰীসকলৰ কথাই কো‌ৱা হৈছে । বিভিন্ন কাৰকৰ প্ৰভা‌ৱত পৰি আমাৰ অসমীয়া বেছিভাগ ল’ৰা-ছো‌ৱালীয়েই খুব বেছি স্নাতক পৰ্যায়লৈকেহে শিক্ষাগ্ৰহণ কৰিবলৈ সক্ষম হয় । এইসকল যু‌ৱক-যু‌ৱতীয়েই অসমীয়া নিবনু‌ৱাৰ সংখ্যাটোক উচ্চ কৰি ৰখাত প্ৰধান ভূমিকা লৈ আছে । এওঁলোকক উপযুক্ত  কৰ্মসংস্থাপন দিয়াটো চৰকাৰৰ যিদৰে এটা মূল দ্বায়িত্ব ,সেইদৰে নিজৰ বাবে কৰ্মসংস্থাপন বিচাৰি লো‌ৱাটোও একোজন শিক্ষিত নিবনু‌ৱাৰ এক প্ৰাৰম্ভিক কৰ্তব্য । আজিৰ দিনত আঁঠুৰ মূৰত সোণ বিচাৰিলে কোনেও নাপায়। গতিকে চকু-কাণ মেলি সদা-সষ্টম হৈ প্ৰতিটো বিজ্ঞাপন প্ৰকাশ পো‌ৱাৰ লগে লগেই উচ্চ পদবীৰেই বা নিম্ন পদবীৰে হওঁক, ভাৰতৰ যি ঠাইৰে নহওঁক কিয়, আৱেদন কৰাটো প্ৰতিজন নিবনু‌ৱাৰ এটা অপৰিহাৰ্য কৰ্ম হো‌ৱা উচিত। আমি ভা‌ৱোঁ, প্ৰতিজন মানুহৰে বাবে ভাল দিন কপালত লিখা থাকে । মাথো তাৰ বাবে লাগিব কেতিয়াও হাৰ নমনা এটা মনোভা‌ৱ, যৎপৰোনাস্তি চেষ্টা, আৰু ধৈৰ্য। কোন দিনা মানুহৰ ভাগ্যৰ দু‌ৱাৰ খোল খাই যাব পাৰে, সেয়া কোনেও নাজানে।

আমাৰ অসমত দেখা যায় যে , বয়স ভাটি দিয়ালৈকে এজন শিক্ষিত যু‌ৱকে কোনো এটা কামতে ভালদৰে মনোনি‌ৱেশ নিদিয়ে। বাইকত উঠি ঘুৰি ফুৰা,পাৰ্টী কৰা,তাচ/কেৰম খেলা,চাৰিআলিত ছো‌ৱালী জোকো‌ৱা আৰু নিজকে নিবনু‌ৱা বুলি হা-হুমুনিয়াহ কঢ়াৰ বাদ দি আমাৰ ডেকা ল’ৰাচামে কেতিয়াও ভা‌ৱিয়েই নাচায় যে চৰকাৰী চাকৰিক বাদ দি অন্য কিবা উপায়েৰেও আমাৰ জী‌ৱন সুন্দৰকৈ গঢ়ি তুলিব পাৰি। ব্যক্তিগত কোম্পানীৰ চাকৰি প্ৰতিদিনেই প্ৰতিখন বাতৰি কাকতত প্ৰকাশ হয়। তাৰ যোগেদিও বহুতেই ইতিমধ্যেই স্বচ্চল জী‌ৱন কটাবলৈ সক্ষম হৈছে। কোম্পানীৰ চাকৰিত কষ্ট বেছি হয় বুলিয়েই আকৌ আমাৰ বহু এলেহু‌ৱা ডেকাই মন কোঁচায়। এইটোও চাব লাগিব যে কষ্ট যিদৰে বেছি,সেইদৰে কিন্তু সা-সুবিধা,দৰমহা-পাতিও বেছি হয়। উল্লেখ কৰিব পাৰি যে , এজন মেডিকেল ৰিপ্ৰেজেন্টেটিভেই যদি ভালদৰে পাঁচবছৰ কাম কৰিব পাৰে , তেন্তে তেওঁ চল্লিছ-পঞ্চাছ হাজাৰ মাহেকীয়া দৰমহাৰে এজন ৰিজিঅ’নেল মেনেজাৰ হ’ব পাৰে। ঠিক সেইদৰে, ইঞ্চিউ‌ৰেঞ্চ এজেন্ট এজনেই ছয়-সাত বছৰ কাম কৰাৰ পিছত অন্য ব্যক্তিগত কোম্পানী বা বেংকৰ মেনেজাৰ পদ শু‌ৱনি কৰিব পাৰে। আনকি সাধাৰণ স্নাতক এজনেও যদি সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত দুবছৰ ধৰি ক্ষেত্ৰীয়-অভিজ্ঞতা গোটাব পাৰে,তেন্তে তেওঁক কোম্পানীসমূহে MBA ডিগ্ৰীধাৰী এজনৰ সমকক্ষ বুলি গণ্য কৰে। কোনো এজন এই বিষয়ত অভিজ্ঞ লোকক সুধিলেই কথাবোৰৰ প্ৰমাণ আপোনালোকে হাতে হাতে পাব।

আৰু এটা কথা ক’ব পাৰি যে, কে‌ৱল চাকৰি কৰাটো‌ৱেই আমাৰ জী‌ৱনৰ উদ্দেশ্য হো‌ৱা উচিত নহয়।  উপাৰ্জন আৰু স্বা‌ৱলম্বিতাৰ ফালৰ পৰা হিচাপ কৰিলে কিন্তু ব্য‌ৱসায় কৰাটো চাকৰিতকৈ বেছি লাভজনক! চাকৰি মানেই হেনো “চাকৰ+ই”। অৰ্থাৎ চাকৰি কৰা এজন মানুহ সদায়েই উচ্চতৰ কৰ্তৃপক্ষৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগে, কিন্তু নিজাকৈ ব্য‌ৱসায় কৰাজনৰ তেনে কোনো দায়বদ্ধতা নাথাকে । সুবিধা মতে নিজৰ কাম-কাজ কৰিব পাৰে বা পৰিয়ালৰ প্ৰতি সময় উলিয়াব পাৰে। কিন্তু আচৰিত লাগে যে আমাৰ অসমীয়া ডেকাৰ ব্য‌ৱসায়ৰ প্ৰতি একেবাৰেই অনীহাহে দেখা পো‌ৱা যায় । অসমীয়া সকলে আমাৰ বোধেৰে মাৰো‌ৱাৰী আৰু বাঙ্গালী জাতিৰ উদাহৰণ এইক্ষেত্ৰত ল’ব পাৰে। তেওঁলোকৰ বহুতেই চৈধ্য পুৰুষ ধৰি বংশানুক্ৰমে ব্য‌ৱসায়েই কৰি আহিছে । এজন মাৰো‌ৱাৰী সম্প্ৰদায়ৰ ল’ৰাই এবাৰ কো‌ৱা মনত আছে, তেওঁলোকে বোলে পঢ়া-শুনা ভালদৰে কৰে এইকাৰণেই যাতে ডাঙৰ ব্য‌ৱসায়ৰ হিচাপ-নিকাচ কৰিবৰ বাবে সুবিধা হয়।

ভাৰত চৰকাৰৰ সুক্ষ্ম, লঘু আৰু মধ্যম উদ্যোগ মন্ত্ৰণালয়ৰ গু‌ৱাহাটীস্থ শাখাটো‌ৱেও বছৰৰ প্ৰায় সকলো সময়তে বিভিন্ন স্ব-নিয়োজন আঁচনিৰ প্ৰশিক্ষণ দি থাকে । তেনে দুই এটা পাঠ্যক্ৰম হ’ল – হাঁহ-কুকুৰা পালন,ইলেক্ট্ৰিকেল ‌ৱাইৰিং,ইলেক্ট্ৰনিক সৰঞ্জামৰ মেৰামতি , চিলাই, এমব্ৰইডাৰী, জাম-জেলী-আচাৰ প্ৰস্ত্তুতকৰণ, কাঠফুলা খেতি, কম্পিউটাৰ-হাৰ্ড‌ৱেৰ ইত্যাদি । এই প্ৰশিক্ষণবোৰ সম্পূৰ্ণ বিনামূলীয়া বা অতি কম খৰছী আৰু ইয়াত যোগদান কৰাসকলক চৰকাৰে জলপানিও প্ৰদান কৰে । তাৰোপৰি স্ব-নিয়োজনৰ সঠিক দিহা পৰামৰ্শ দিয়ে । ঠিক সেইদৰে অসম কৃষি বিশ্ববিদ্যালয়েও বিভিন্ন ধৰণৰ ন ন কৃষি পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ তথা বীজ প্ৰদান কৰে । এনে চৰকাৰী বিনামূলীয়া প্ৰশিক্ষণসমূহৰ সুবিধা ভালদৰে ল’ব জানিলে আমাৰ বহু যু‌ৱক-যু‌ৱতীয়ে নিজৰ ভৰিত নিজে থিয় দিয়াৰ লগতে আন দহোজনকো উৎসাহিত কৰিব পাৰিব ।

সেইদৰে কিছুমান ভাল ব্য‌ৱসায় যেনে ব্ৰেণ্ডেড কোম্পানীৰ শ্ব’ৰুম খোলা, মোবাইল নেট‌ৱৰ্ক দিয়া কোম্পানীবোৰৰ ডিলাৰ হো‌ৱা, গেছ এজেন্সী বা তেলডিপো খোলা, শ্বপিং কমপ্লেক্স সাজি ভাড়ালৈ দিয়া, যাত্ৰীবাহি গাড়ীৰ ব্য‌ৱসায় কৰা, পাইকাৰী দোকান দিয়া, দৰ‌ৱৰ বিতৰণকাৰী হো‌ৱা , নিবিদাৰ যোগেদি ডাঙৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ বস্তু যোগান ধৰা, তেল-শোধনাগাৰত গাড়ী ভাড়ালৈ দিয়া, চাহ-বাগিছা কৰা,ব্য‌ৱসায়ভিত্তিক মীনপালন কৰা ইত্যাদি নানাধৰণৰ লাভজনক ব্য‌ৱসায়ত আমাৰ ল’ৰাই হাত উজান দিব পাৰে।

আমি অসমীয়াই সহজতে যিকোনো কামতে সিদ্ধি লাভ নকৰাৰ মূল কাৰণটো হৈছে যে আমি ‘মই কি ভা‌ৱিছো’ কথাটোতকৈ “আনে কি বুলি ভা‌ৱিব” কথাটোতহে বেছি গুৰুত্ব দিওঁ । এনে ভা‌ৱাদৰ্শৰ মানুহে কোনো কাৰ্যতে সফল হ’ব নো‌ৱাৰে, কাৰণ এওঁলোকৰ মনত অনবৰত এটা পিছ-হোঁহকা ভা‌ৱে ক্ৰিয়া কৰি থাকে আৰু মনটো তাৰ পৰা ক্ৰমান্বয়ে এৰাইহে আহিব খোজে । আচলতে টকা ঘটাতকৈ আমি বেছি মনোযোগ দিবলগীয়া কথাটো হৈছে আমাৰ কি কাম কৰি ভাল লাগে আৰু সেই কামত আমি কেনেকৈ এজন অভিজ্ঞ বা পাকৈত কৰ্মী হ’ব পাৰে , তাৰহে ভা‌ৱনা-চিন্তা তথা অনুশীলন কৰা । যদিহে নিয়াৰি আৰু নিষ্ঠাসহকাৰে কৰা হয়, তেন্তে সেই কামেই এদিনআমাক সুখ-শান্তিৰে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সমলখিনি দিবলৈ সক্ষম হ’ব । এটা সৰু উদাহৰণেৰে এই লেখাটো সামৰিছোঁ। অসমৰ এজন ল’ৰাই বাংগালোৰৰ সুপ্ৰতিষ্ঠিত এখন বিশ্ববিদ্যালয়ৰ পৰা MBA ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত এটা নামী-দামী শ্বপিং-মলৰ ফ্লোৰ-মেনেজাৰ হিচাপে কাম কৰিছিল । তাত কেৰিয়াৰ গঢ়িবপৰা সকলোখিনি সুবিধাই তেওঁ পাইছিল । কিন্তু নিজাববীয়া কামৰ প্ৰতি থকা ধাউতিৰ বাবেই তেওঁ সেই লোভনীয় চাকৰি এৰি আজি দুবছৰৰ পৰা নিজৰ ঠাইতে এখনি দোকানেৰে নিজা ব্য‌ৱসায়ৰ পাতনি মেলিছে । সৰুপথাৰলৈ গ’লে ৰাইজে ‘মেজেংকৰী’ নামৰ এই দোকানখনত এজন হাঁহিমুখীয়া ল’ৰাক দেখা পাব, যাৰ নাম নেপোলিয়ন বৰা । এনে উদ্যমী ডেকাই আমাৰ বাবে আশাৰ বতৰা।

অৰুণজ্যোতি দাস

3.06382978723
তাজনুৰ Jul 19, 2019 03:17 PM

এনেধৰনৰ লিখনীৰ পৰা অামাৰ অসমৰ ছাত্ৰ ছাত্ী সকলৰ মনলৈ অনুপ্ৰেৰণা জগা উচিত,

Niranjan pegu May 25, 2019 10:39 PM

আপোনাৰ লেখাখিনি পঢ়ি বহুত ভাল লাগিল আৰু মই আপোনাৰ পৰা বহু নজনা কথা জানিলো আৰু কিছুমান ভাৱি নোৱাৰা ভাব শিকিব পাৰিলোঁ । আৰু আপোনাৰ লেকাখিনি পঢ়ি বহু উপকৃত হলোঁ ধন্যবাদ..sir

Kalyani Kalita Aug 14, 2018 03:41 PM

Kotha khinir pora olp mn perona plu. Vl lgil 😊

বিচিত্র মিলি Sep 09, 2017 09:16 PM

বহুত ভাল লাগিল।

দিগন্ত Mar 21, 2017 03:06 PM

ভাল লাগিল .....আপোনাৰ লেখাটিয়ে প্ৰেৰণা দিছে ...।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top