অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আকস্মিক দুৰ্ঘটনা

আকস্মিক দুৰ্ঘটনা

জুয়ে পুৰিলে

জুয়ে পুৰিলে চূণৰ পানী আৰু নাৰিকলৰ তেল মিহলাই (সমান পৰিমাণত) পোৰা ঠাইত প্ৰলেপ দিয়ক। লগে লগে পোৰাৰ জ্বালা-যন্ত্ৰণা কমি যাব আৰু ঢৌ নুফুটে। দিনে ২-৩ বাৰ দিয়ক।

গ্লিচাৰিন লগালেও ঢৌ নুফুটে আৰু যন্ত্ৰণা দূৰ হয়। ছাল ৰঙাও নপৰে।

নিজৰ প্ৰস্ৰাৱত কাপোৰ ভিজাই পোৰা ঠাইত পটি বান্ধি দিলে জ্বালা-যন্ত্ৰণা শান্ত হৈ যায়, ৪-৫ দিনৰ ভিতৰতে ছাল স্বাভাৱিক হৈ পৰে। আনকি পোৰা দাগো নাথাকে, মিলি যায়।

আলু পাতলকৈ চকলিয়াই লগালে যন্ত্ৰণা কমে।

কটা ঠাইৰ পৰা তেজ ওলালে

তৰোৱাল, দা, কটাৰী এইবোৰে মানুহক কেতিয়াবা কাটে। বহু সময়ত ব্লেডেও কাটে আৰু কটা ঠাইৰে তেজ ওলায়।

খাটি তাৰপিন তেল কটা ঘাত লগাওক। অলপ তুলাত ভিজাই লগাই দিয়ক, তেজ ওলোৱা লগে লগে বন্ধ হ’ব।

কটা ঠাইত নিজৰ প্ৰস্ৰাৱ লগাই দিলে তেজ ওলোৱা বন্ধ হয়। এটুকুৰা কাপোৰত প্ৰস্ৰাৱ কৰি লগাব পাৰি বা বাটে-ঘাটে কৰবাত তেনেকৈ কাটি তেজ ওলালে, ৰুমালত প্ৰস্ৰাৱ কৰি লগাই দিয়ক, তেজ ওলোৱা বন্ধ হ’ব। তাৰ পাছতে সেই কটা ঠাইত প্ৰস্ৰাৱৰ পটি লগাই থাকিলে ঘা সোনকালে শুকাই আহিব। ঘাত পূজ হ’ব নোৱাৰে। তেনেকৈ হুল, কাঁইট আদি ফুটি তেজ ওলালেই স্বমূত্ৰৰে পটি বান্ধি দিলে বিষ-বেদনা নোহোৱা হয়। ঘা সোনকালে শুকাই যায়।

মানিমুনি এমুঠি খুন্দি কটা ঠাইত লগালেও তেজ পৰা বন্ধ হয় আৰু ঘা সহজে শুকায়।

৫ গ্ৰাম বন্ধাকবিৰ ৰসত সামান্য পানী মিহলাই দিনে ৩-৪ বাৰকৈ খালে কটা বা অন্য ঘাও শুকাই যায়।

লিংগত ঘা হ’লে আধা গ্ৰাম হালধি বটি পানীৰ লগত মিহলি কৰি দিনে ৩ বাৰকৈ খালে ঘা শুকাই আহিব।

যিকোনো ঘাতে কেইটামান পচতীয়াৰ পাত খুন্দি প্ৰলেপ দিলেও ঘা শুকায়।

দা, কুঠাৰ, কোৰ আদিয়ে অলপ বেছিকৈ কাটিলে (চিলাইৰ আৱশ্যক নহ’লে) ৪-৫ পাত মান পাণ খুন্দি লৈ তাত অলপ বিশুদ্ধ মিঠাতেল মিহলাই ঘা ডোখৰত ভালদৰে টিপি ধৰি জুইৰ অঙঠাত মামৰ নধৰা পৰিষ্কাৰ কাচি এখন গৰম কৰি ঘাৰ ওপৰত ৰখা পাণৰ ওপৰত অলপ সময় সহিব পৰালৈ, ধৰি থাকিব লাগে। এনে কৰাৰ পাছত লগে লগে তেজ বন্ধ হ’ব। বিষ-বেদনা একেবাৰে নোহোৱা হ’ব আৰু যিমান ডাঙৰ ঘা নহওক লাগে কটা ঘা এসপ্তাহৰ ভিতৰত শুকাই যাব। বেছি কাটিলে চিলাইৰ আৱশ্যক হ’লে চিকিত্সালয়লৈ লগে লগে লৈ যাব।

জোকে কামুৰিলে

কেঁচা হালধিৰ ৰস সানিলে জোক সৰি পৰে, তেজ ওলোৱা বন্ধ হয়, ঘাও সোনকালে শুকায়।

কটা, পোৰা দাগ কোনোকৈ গুচাব

চন্দন ঘঁহি কটা বা পোৰা দাগত লগালে দাগ নোহোৱা হয়।

ৰাতি শোৱাৰ আগতে দাগৰ ঠাইত নেমুটেঙাৰ ৰস ঘঁহক। ৰস দি দি ঘঁহক। ১-২ সপ্তাহতে দাগ নোহোৱা হ’ব।

যিকোনো দাগ গুচাবলৈ পকা বিলাহীৰ সৈতে নেমুটেঙাৰ ৰস মিহলাই দাগৰ ঠাইত ৰাতিপুৱা আৰু গধূলি ঘঁহক আৰু অলপ পাছত পানীৰে ধুই পেলাওক। কেইদিনমান এই ধৰণে দাগত বিলাহীৰ ৰস লগালে দাগ উঠি যায়। মুখ মণ্ডলত ঘঁহিলেও মুখৰ সৌন্দৰ্য বাঢ়ে।

শৰীৰৰ যিকোনো ঠাইত আঘাত লাগি বিষ-বেদনা হ’লে

য’তেই নহওক আঘাত লাগি বিষালে বা ফুলি উঠিলে হালধিৰ গুড়ি আৰু চূণ মিহলাই লগাই দিয়ক। লগে লগে বিষ-যন্ত্ৰণা কমি যাব।

শৰীৰৰ ভিতৰৰ কোনো অংশত তেনে আঘাতৰ বাবে বিষ-বেদনা হ’লে ২০০ মিলিলিটাৰ গাখীৰ উতলাই উতলি থকা অৱস্থাত ২-৩ চামুচ হালধিৰ গুড়ি পেলাই দি ২-৩ বাৰ উতলি উতলি উঠিব দিয়ক, তাৰ পাছত জুইৰ পৰা নমাই খাব পৰা গৰম থাকোঁতে খাবলৈ দিয়ক। আঘাতৰ পৰা হোৱা বিষ-বেদনা, ফুলি উঠা সকলো নোহোৱা হ’ব।

গাৰ বিষ আদি হ’লেও এই ভাৱে বনাই লোৱা হালধি-গাখীৰ খালে গাৰ বিষ নোহোৱা হ’ব। আৱশ্যক হ’লে ৰাতিপুৱা আৰু আবেলি দিনে দুবাৰ, ২-৩ দিন খাব পাৰে, গা সুস্থ হৈ উঠিব।

আঘাত লাগি গাৰ কোনো ঠাই ফুলি উঠিলে সৈন্ধৱ লোণ গুড়ি কৰি কাপোৰেৰে টোপোলা বান্ধি লগালেও আৰোগ্য হয়। লগোৱাৰ আগতে লেম্ বা গেছ বা ষ্ট’ভৰ ওপৰত ধৰি সামান্য গৰম কৰি লগাই বান্ধি দিব লাগে। ফুলা, টনটনকৈ বিষাই থকা সকলো তল পৰি যাব।

ল’ৰা-ছোৱালীৰ ভৰিত কাঁইট সোমালে

ল’ৰা-ছোৱালীৰ ভৰিত যদি কাঁইট সোমায় আৰু যদি উলিয়াব নোৱাৰি, এই ঠাইত গুৰ গৰম কৰি, যনী অলপ বটি মিহলাই অলপ গৰমে গৰমে লগাই বান্ধি দিয়ক। ভিতৰৰ কাঁইট আপোনা-আপুনি বাহিৰ ওলাই আহিব।

পেটলৈ চুলি, কাঁইট বা আয়না গ’লে

আনাৰসৰ টুকুৰাত জালুক আৰু সৈন্ধৱ লোণ সানি খাবলৈ দিয়ক। খালে পেটলৈ যোৱা চুলি বা কাঁইট বা আয়না যিয়ে নহওক গলি যাব।

পচা, গলি যোৱা বা পুৰণি যিকোনো ঘা নুশুকালে

মহানিমৰ পাত ৫০ গ্ৰাম, ৫০০ গ্ৰাম গৰুৰ ঘিউত উতলাওক। নিমৰ পাতবিলাক যেতিয়া ক’লা হৈ যাব তেতিয়া জুইৰ পৰা নমাওক। চেঁচা হ’লে হাতেৰে মোহাৰি মোহাৰি ঘিউ আৰু নিমপাত মলমৰ দৰে কৰক। যিকোনো ঘাৰ বাবে অতি উত্কৃষ্ট মলম। বহু পৰীক্ষিত। ঘা শুকাই যাব। প্ৰতিদিনে ২ বাৰকৈ দিব লাগে।

বিষাক্ত ফল খালে

নেমুৰ ৰস ১০ চামুচ খাবলৈ দিয়ক, উপকাৰ হ’ব।

নহৰুৰ ৰস ৩ চামুচ খালেও ভাল ফল দিয়ে।

বিষ খালে তুলসীৰ ৰস ১০ চামুচ খুৱালে মৃত্যুৰ মুখৰ পৰাও বাচিব।

দেহৰ ভিতৰত কেনেবাকৈ দুখ পালে

২ গ্ৰাম ফিটকিৰি ৫০০ মিলিলিটাৰ গৰুৰ গাখীৰৰ লগত খুৱালে ভাল হয়।

হাড় ভাঙিলে বা জোৰা লৰিলে

হাড় ঠিকমতে বহুৱাই অৰ্জুন গছৰ ছাল আৰু নহৰু খুন্দি (সমমাত্ৰাত) বান্ধি দিলে হাড় জোৰা লাগে।

হাড়জোৰা লতা (এবিধ লতা গছ) ৮-১০ ইঞ্চিমান আনি খুন্দি হাড় ভঙা ঠাইত বান্ধি দিলে হাড় জোৰা লাগে।

ভেদাইলতাৰ পাত খুন্দি প্ৰলেপ বান্ধি দিব লাগে আৰু ভেদাইলতাৰ ৰস ১০ চামুচকৈ দিনে খাব লাগে। উপকাৰ হয়।

হাড়ৰ কোনো জোৰা লৰিলে বি, কমাবৰ কাৰণে কেঁচা হালধি খুন্দি সেই ঠাইত ২৪ ঘণ্টা বান্ধি থ’ব লাগে। বিষ কমি যাব।

শামুকৰ ৰস, কেঁঞাবনৰ গুটি আৰু মদাৰ গছৰ শিপা বান্ধি ৰাখিব লাগে। হাড় জোৰা লাগে।

চকুত কুটা পৰিলে

চকুত কুটা পৰিলে সোনকালে চাফ কৰি দিব লাগে। এবাল্টি ঠাণ্ডা পানীত (বাল্টি ভৰাই লৈ) চকুটো সোমাই দিয়ক আৰু চকু কে’বাবাৰো মেলা-মুদা কৰক, হাতেৰে বাল্টিৰ পানী লৰাই দিয়ক।

চকুত চূণ পৰিলে অতি সোনকালে চাফ কৰিব লাগে। নহ’লে চকুৰ ক্ষতি হ’ব পাৰে। আগতে কোৱাৰ দৰে পানীৰে ভৰা বাল্টিত চকু ধুই চাওক। যদি জ্বালা-যন্ত্ৰণা কমি আহে আৰাম পাব, যদি নাহে লগে লগে চকু বিশেষজ্ঞৰ ওচৰলৈ যাওক।

মূৰত খুন্দা লাগি তেজ ওলালেঃ

আহত হোৱা ঠাইত টিনচাৰ আয়’ডিনত ভিজোৱা এখন পাতল কাপোৰ লগাওক আৰু তাৰ ওপৰত এখন কাপোৰ কেইবাবাৰো ভাঁজ কৰি, কটা অংশৰ ওপৰত ৰাখি অলপ জোৰেৰে হেঁচা দি ধৰি ৰাখক। মূৰত খুন্দা খালে আৰ্নিকা ২০০ হোমিঅ’ ঔষধ এক ড’জ খালে উপকাৰ হয়। ক্ষতি ৰহিত হ’ব।

বৈদ্যুতিক আঘাত

আজিকালি বিজুলীৰ সংযোগ গাঁৱে-ভূঁঞে সকলোতে হৈছে আৰু বিজুলীৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। ফলত বহু সময় বিজুলী প্ৰৱাহিত হৈ থকা তাৰঁ আদিত মানুহ আঘাতপ্ৰাপ্ত হয়। খালী হাতেৰে তেনে সোযোগৰ তাঁৰ ধৰিলে বা পৰি থকা তাঁৰ গাত লাগিলে মানুহৰ শৰীৰতো বিজুলী প্ৰবাহিত হয় আৰু মানুহ মৃত্যুৰ মুখত পৰা দেখা যায়।

বিদ্যুত্ শক্তি প্ৰবাহিত মানুহক কেনেকৈ বচাবঃ

বিদ্যুত্ প্ৰবাহিত হৈ থকা মানুহক হাতেৰে ধৰি উদ্ধাৰ কৰিব গ’লে উদ্ধাৰ কৰিব যোৱাজনো বিদ্যুত্ সংযোজিত হৈ পৰে আৰু দুয়োজনেই মৃত্যুমুখত পৰে। বিদ্যু প্ৰবাহিত মানুহৰ গাৰে ধোঁৱা ওলাই থাকিব পাৰে, গাৰ কাপোৰ জ্বলিবও পাৰে। গতিকে অতি সাৱধানে এই কামত অগ্ৰসৰ হ’ব লাগে। থাকিলে ৰবৰৰ জোতা আৰু হাতমোজা পিন্ধি লওক। নাথাকিলে শুকান কাঠ বা কাঠৰ তক্তা বা বাতৰি কাগজ বেছিকৈ বা কে’বাখনো কিতাপ পাৰি তাতে উঠক আৰু এডাল শুকান মাৰিৰে বিজুলীৰ তাঁৰডাল মানুহজনৰ গাৰ পৰা ঠেলি আঁতৰ কৰি দিয়ক। অজ্ঞান হৈ থকা মানুহজনক  হাত-ভৰিৰে নুচুব। বিজুলী প্ৰবাহিত হ’লে লগে লগেই অজ্ঞান হৈ পৰে। কিন্তু লগাৰ মুহূৰ্ততে আশ্ৰয় বিচাৰি হাত মেলিলে হাত আগবঢ়াই নিদিব। মাৰি এডাল, বা কাগজ এনুৰা বা কিতাপ এখনি যিহকে পায় টানকৈ ধৰি আগবঢ়াই দিয়ক। যদি তেওঁৰ ধৰাৰ শক্তি আছে এই বস্তুবিধৰ সহায়েৰে টানি আনক।

তাঁৰৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত (মানুহজনৰ জ্ঞান প্ৰায়ে নাথাকে) গাৰ কাপোৰ-কানিবোৰ ঢিলা কৰি দিয়ক। মুখখন মেলি জিভাখন বাহিৰলৈ টানি আনিব। যদি উশাহ বন্ধ হৈ গৈছে পাৰিলে কৃত্ৰিম উপায়েৰে শ্বাস-প্ৰশ্বাস কৰাব লাগে। নোৱাৰিলে তুৰন্তে চিকিত্সালয়লৈ লৈ যাওক। কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ বাবে তলত দিয়া ধৰণে আগবাঢ়ক।

ৰোগীৰ গাৰ কাপোৰ পাৰ্যমানে কমাওক। মুখত এটুকুৰা কাঠ বা কিবা বস্তু সোমাই দিয়ক যাতে মুখখন মেল খাই থাকে। ৰোগীক তললৈ মুখ কৰি শুৱাই দিয়ক আৰু বুকুৰ তলেদি হাত সুমুৱাই ৰোগীৰ শৰীৰৰ মাজ ভাগত কাপোৰ-কানিৰে টোপোলা এটা সোমাই দিয়ক। তাৰ পাছত আপোনাৰ দুয়োখন হাত ৰোগীৰ পিঠিৰ ওপৰত থৈ জোৰেৰে হেঁচি দিয়ক আৰু হেঁচাটো এৰি দিয়ক। প্ৰতি মিনিটত এনেকৈ ১২ বাৰ হেঁচিব। পিঠিৰ ওপৰত এনেকৈ হেঁচিলে হাঁওফাঁওলৈ বতাহ সোমায়। দুয়ো হাতেৰে এবাৰ হেঁচিব আকৌ এৰি দিব, আকৌ হেঁচিব আৰু এৰি দিব, তেনেকৈ মিনিটত ১২ বাৰ কৰক। যদি ৰোগীৰ এনেকৈ থাকোঁতে জীয়াই থকাৰ কোনো সংকেত দেখা পায় এই কৃত্ৰিম শ্বাস-প্ৰশ্বাস এঘণ্টা বা তাতোকৈ বেছি চলাই থাকক। তাৰ পাছত স্বাস্থ্যকেন্দ্ৰ বা চিকিত্সালয়লৈ লৈ যাওক। ডাক্তৰে পৰীক্ষা কৰি উচিত ব্যৱস্থা ল’ব।

আহত লোকৰ শৰীৰ নীলা বা একেবাৰে বিবৰ্ণ হ’ব পাৰে। হাতৰ নাড়ীৰ স্পন্দন বৰ ক্ষীণ হ’ব পাৰে বা নাথাকিবও পাৰে। গাত পোৰাৰ চিন থাকিবও পাৰে। গোটেই শৰীৰ টান হৈ যায়। মানুহৰ গাত বজ্ৰপাত পৰিলেও এনেকুৱা হয়।

বৈদ্যুতিক দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিব পাৰিঃ

(১)ওলমি থকা তাঁৰ কেতিয়াও হাতেৰে নুচুব। এনেকুৱা তাঁৰ বৈদ্যুতিক শক্তি প্ৰবাহিত হৈ থকা তাঁৰৰ লগত সংযুক্ত হৈ থাকিব পাৰে।

(২)ব্যৱহাৰ কৰা ইলেক্ট্ৰিক যন্ত্ৰ-পাতি কিনোঁতে সস্তীয়া বস্তু বা ফাকি-ফুকা কোম্পানীৰ বস্তু নিকিনিব।

মূৰ্চ্ছা যোৱা

মস্তিষ্কলৈ নিয়াৰিকৈ ৰক্তসঞ্চালন হৈ থাকিলে শৰীৰ সুস্থ আৰু সবল হৈ থাকে। শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগইও সুচাৰুৰূপে কাম কৰি থাকে। কাৰণ শৰীৰৰ অংগসঞ্চালন মস্তিষ্কৰ নিৰ্দেশতে হয়। কিন্তু মস্তিষ্কলৈ ৰক্তসঞ্চালন নহ’লে শৰীৰ সঞ্চালনৰ সকলো ক্ৰিয়াও ব্যাহত হয়। তেনেকৈ মস্তিষ্কলৈ তেজ চলাচল অলপ কমি গ’লেই মানুহ মূৰ্চ্ছা যায়। অকল তেজ চলাচল অলপ কমি গ’লেই মূৰ্চ্ছা নাযায়। কিন্তু ঠিক তেনে অৱস্থাৰ মানুহৰ যদি কোনো বিশেষ, পৰিস্থিতিৰ উদ্ভৱ হয় যাৰ ফলত মস্তিষ্কত চাপ পৰে, তেতিয়াই মানুহ মূৰ্চ্ছা যায়।

মানুহ অনাহাৰে থাকিলে, বন্ধ কোঠাৰ ভিতৰত থাকিলে, বেছিকৈ ভাগৰ লাগিলে, বেছিকৈ তেজ ওলোৱা, বেছি বিষ হ’লে, কোনো ধৰণৰ সাংঘাটিক মানসিক আঘাত পালে আৰু এনেধৰণৰ অন্যান্য যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’লে মানুহ মূৰ্চ্ছা যাব পাৰে, জ্ঞান হেৰাব পাৰে। অজ্ঞান হোৱাৰ সময়ত মানুহৰ মুখ বিবৰ্ণ হয়। কপাল আৰু শৰীৰৰ আন আন অংশতো ঘাম ওলায়। শৰীৰ চেঁচা পৰি যায়। মূৰ ঘুৰিবলৈ আৰম্ভ কৰে আৰু চকুৰে ধোঁৱা ধোঁৱা দেখে। তাৰ পাছত অজ্ঞান হৈ পৰে আৰু মাটিত বাগৰি পৰে। নাড়ী (হাতৰ) খুব ঘনাই মাৰে, উশাহ একেবাৰে পাতল হৈ যায়।

চিকিত্সাৰ প্ৰধান লক্ষ্য হৈছে ৰক্তসঞ্চালন স্বাভাৱিক কৰা। মূৰ্চ্ছা যোৱা মানুহজনক ওপৰলৈ মুখ কৰি শুৱাই দিব লাগে। ভৰিৰ ভাগ মূৰতকৈ অলপ ওপৰত থাকিলে ভাল, তেতিয়া মূৰলৈ তেজ চলাচল হোৱাত সুবিধা হয় আৰু মূৰলৈ তেজৰ যোগান বাঢ়ে।

মূৰ্চ্ছা যোৱা মানুহক নিৰ্মল বায়ুৰ আৱশ্যক, গতিকে মানুহে হেঁচি ধৰিব নালাগে। ৰোগী থকা ঠাইলৈ মুকলি বতাহ চলাচল কৰাৰ সুবিধা দিব লাগে। ৰোগীয়ে যদি গিলিব পৰা অৱস্থাত থাকে তেনেহ’লে উত্তেজক বস্তু এৰ’মেটিক স্পিৰিট অব এমোনিয়াৰ এচামুচ আধা গিলাচ পানীত মিহলাই অলপ অলপকৈ খুৱাই দিব লাগে। তেজৰ চলাচল সোনকালে স্বাভাৱিক কৰিবলৈ স্মেলিং ছল্ট বা এৰ’মেটিক স্পিৰিট অব এমোনিয়া ৰুমালত লৈ নাকৰ ওচৰত ধৰিব লাগে।

জোৰেৰে বিচনীৰ বা দিলে, মুখমণ্ডলত ঠাণ্ডা পানী ছটিয়াই দিলে বা ঠাণ্ডা পানীত ভিজোৱা গামোছা এখনেৰে মুখত লাহে লাহে ঘঁহি দিলেও উপকাৰ হয়।

যদি মূৰ্চ্ছা যাওঁ যাওঁ অৱস্থা হয়, কিন্তু মূৰ্চ্ছা যোৱা নাই তেনেহ’লে তত্ক্ষাণাত্ শুই পৰিব বা তেনে পৰিৱেশত নাথাকিলে বহি পৰিব আৰু দুই আঁঠুৰ মাজত মূৰটো সোমাই ৰাখিব। আন মানুহ ওচৰত থাকিলে মূৰত বতাহ লগাকৈ কিতাপ কাগজ বা যি পায় তাৰে বিচি দিব, লাহে লাহে আৰাম পাব।

গাৰ কাপোৰত জুই লাগিলে

গাৰ কাপোৰত জুই লাগিলে ৰোগীক কম্বল এখনেৰে মেৰাই মাটিত শুৱাই দিয়ক। নহ’লে জুই মূৰৰ ফালে লাগিলে উশাহ বন্ধ হৈ মৃত্যুৰ মুখত পৰিব পাৰে। জুই নুমাই যাব। যদি শৰীৰৰ বহু অংশত জুয়ে পোৰে তেনেহ’লে পিন্ধি থকা কাপোৰ-কানিবোৰ সোলোকাই দিয়ক। পেনিচিলিন বা পোৰা ঠাইত দিব পৰা মলম পোৰা অংশত লগাই এখন চাফা কাপোৰেৰে বেণ্ডেজ কৰি দিয়ক। তাৰ পাছত প্ৰতিদিনে বেণ্ডেজটো সলাই দিব লাগে। মলম লগালে ঘাত বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে, ঘা সোনকালে শুকায়। যদি শৰীৰৰ বহু অংশত পোৰে ৰোগীক হাস্পতাললৈ নি ভৰ্ত্তি কৰাব।

উতলা গৰম পানী বা গৰম তেল আদি গাত লাগিলেও একেধৰণৰ ব্যৱস্থা ল’ব পাৰি।

বিষ খালে

আৰ্ছেনিক বা এন্দুৰ মৰা বিষ আদি খালে বমি কৰাবৰ বাবে চেষ্টা কৰাব লাগে। জিভাৰ গুৰিত আঙুলিৰে সুৰসুৰাই দিলে বমি হয়। তাৰোপৰি ৪-৫ টা কেঁচা কণী ভাঙি নিমখ আৰু পানী মিহলাই খুৱাই দিলেও বমি হয়। বমি কৰাই পাকস্থলী খালী কৰাৰ পাছত মেগনেছিয়াম ছালফেট বা ছ’ডিয়াম ছালফেট অলপ খুৱাই দিব লাগে। যদি ৰোগীৰ অৱস্থা সংকটজনক যেন দেখে হাস্পতাললৈ পঠাব লাগে।

যিকোনো বিষ খালে স্বমূত্ৰ ২৫০ মিলিলিটাৰ খুৱাওক। আৱশ্যক হ’লে আধা ঘণ্টা পাছত আৰু ১২৫ মিলিলিটাৰ খুৱাওক। সুফল পাব।

বিছাই ডাকিলেঃ

বিছাই ডাকিলে দমলা বান্ধি উঠে আৰু বিষায়। কিন্তু পৰিণাম সাংঘাটিক নহয়। ঠাণ্ডা পানীৰে সঘনে তিয়াই থাকিলে সোনকালে আৰাম পোৱা যায়। যদি বেছি বিষ হয় তেতিয়া বিষ কমোৱা ঔষধ ব্যৱহাৰ কৰিব। গুমুনি লতা ৪ ইঞ্চিমান খুন্দি বিছাই ডকা ঠাইত তিনি ঘণ্টামান প্ৰলেপ দি থ’ব পাৰে। পনৌনৌৱাৰ পাত খুন্দি লগাই ৫ চামুচমান ৰস খালে উপকাৰ হয়।

মৌ বা বৰলে কামুৰিলেঃ

প্ৰথমে শুং থাকিলে উলিয়াই পেলাওক। তাৰ পাছত আদাৰ ৰস বা পিঁয়াজৰ ৰস লগাব লাগে। তাৰপিন তেল লগালেও বিষ কমে। কেৰাচিন তেল আৰু লোণ লগালেও আৰাম পাব।

শিঙি মাছে বিন্ধিলেঃ

জলকীয়া বটি লগাব লাগে।

এন্দুৰে কামুৰিলেঃ

পনৌনৌৱাৰ পাত খুন্দি লগাব লাগে আৰু ২৫ মিলিলিটাৰ (৫ চামুচ) ৰস খালে উপকাৰ হ’ব। টেঙা আৰু জলকীয়া খাব নালাগে। পদিনাৰ পাত বটি ঘাত লগাওক। খালেও উপকাৰ হয়।

চিকাই কামুৰিলেঃ

ক’লা তুলসীৰ পাত খুন্দি আফুগুটিৰ ৰস মিহলাই প্ৰলেপ দিলে বিষ কমে। টেঙেচি টেঙাৰ ৰস খালেও ভাল হয়।

ভেকুলীয়ে কামুৰিলেঃ

তুলসীৰ পাত, সৰিয়হ আৰু সিজু বটি গাখীৰৰ সৈতে মিহলাই লগাব লাগে।

বাঘে কামুৰিলেঃ

সৰল কাঠৰ চন্দন আৰু ঢেঁকীয়া লতাৰ আগ ভালকৈ খুন্দি মিঠাতেলৰ লগত মিহলাই কামোৰা ঠাইত লগাব লাগে। বিষ কমে।

কুমজেলেকুৱাই কামুৰিলেঃ

সোলোং টেঙাৰ ৰস ১০ টোপমান খাব লাগে।

মেকুৰীয়ে কামুৰিলেঃ

আকণৰ আঠা এটোপত তিনি টোপ পানী মিহলাই তিনি দিন (এবাৰকৈ), খাব লাগে। পদিনাৰ পাট বটি ঘাত লগাওক। পদিনা খালেও উপকাৰ হয়।

জেঠীৰ বিষঃ

সাধাৰণতে জেঠীয়ে কামোৰা শুনা নাযায়। কিন্তু জেঠীৰ মূত আৰু পায়খানাৰ সৈতে খাদ্যবস্তুৰ সংযোগ হোৱাৰ সম্ভাৱনা থাকে আৰু খাদ্যবস্তু বিষাক্ত হৈ মানুহৰ ক্ষতি কৰে।

ময়ূৰৰ পাখী এটা পুৰি তাৰ ছাইৰ লগত মৌ মিহলাই ৪১ দিন খালে জেঠীৰ বিষ নিৰ্গত হয় বুলি কোৱা হয়।

সৰ্পদংশনঃ

সৰ্পদংশনৰ ফলত আমাৰ দেশত বহু হাজাৰ লোকৰ মৃত্যু হয়। সাপে দংশন কৰিলে বিষ ঢালি দিয়ে আৰু সেই বিষ শৰীৰৰ প্ৰবাহিত তেজত মিলি তত্ক্ষাণাত্ শৰীৰত বিয়পি পৰে আৰু মানুহজনৰ মৃত্যু হয়।

সাপে সাধাৰণতে ভৰিত, ভৰিৰ আঙুলিত বা হাতৰ আঙুলিত খোটে। গতিকে যিকোনো ৰচিৰে বা গাৰ কাপোৰ ফালি হ’লেও সাপে খোটা ঠাইৰ ৪-৫ আঙুলৰ ওপৰত এটা বা দুটা টানকৈ বান্ধ দিব লাগে যাতে সেই ঠাইলৈ তেজৰ সোঁত বা চলাচল বন্ধ হৈ যায়। তাৰ পাছত প্ৰস্ৰাৱ কৰি দিব লাগে সাপে খোটা ঘাৰ ঠাইত। নিজৰ প্ৰস্ৰাৱ ২৫০ মিলিলিটাৰ খুৱাই দিব লাগে। সাপে খোটা ঠাইত দাঁতৰ (সাপৰ) চিন থাকে। সেই ঠাইতে এখন ছুৰী বা ব্লেডেৰে ফালি তেজ বাহিৰলৈ ওলাই যাব পৰাকৈ দিব লাগে। যিমান বেছিকৈ শৰীৰৰ তেজ ওলাই যায় সিমানেই ভাল, জীৱন ৰক্ষাৰ সম্ভাৱনা বাঢ়িব। কাৰণ সাপৰ বিষাক্ত পদাৰ্থবোৰ এই তেজৰ লগত ওলাই যায়। লগতে ১৫ মিনিটৰ বা আধা ঘণ্টাৰ মূৰে মূৰে স্বমূত্ৰ বা মূত্ৰ (নিজৰ ল’ৰা-ছোৱালী, ভাই-ভনীৰ) ১২৫ মিলিলিটাৰ মাত্ৰাত ২-৩ বাৰ খুৱাব লাগে। স্বাস্থ্যৱান ১১-১২ বছৰীয়া ল’ৰা-ছোৱালীৰ প্ৰস্ৰাৱ বেছি ভাল। সাপে খোটা ঘাৰে ফালি তেজ বাহিৰ কৰাৰ পাছতে প্ৰস্ৰাৱত ভিজোৱা কাপোৰ ঘাৰ মুখত ৰাখি বেলেগ কাপোৰেৰে পুলটিচ বান্ধ দিব লাগে। ইয়াতে মানুহজনৰ জীৱন ৰক্ষাৰ আশা বাঢ়ি যায়। বহুতে প্ৰস্ৰাৱ খাবলৈ ঘৃণা দেখুৱাব পাৰে কিন্তু এটি জীৱনতকৈ ঘৃণাৰ গুৰুত্ব বেছি বুলি ভাবিব নালাগে।

বৰ্তমান সময়ত প্ৰস্ৰাৱৰ পৰাই এল’পেথিক ইঞ্জেকছন ‘ইউৰোকিনেছ’ আৱিষ্কাৰ হৈছে আৰু সাপে খোটা মানুহক এই ইঞ্জেকছন দি বচোৱা হয়। ৰোগীজনকো ডাঙৰ হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ সকলো চিকিত্সালয়ত এই ইঞ্জেকছন নাথাকিব পাৰে আৰু হাস্পতাল বিচাৰি, ঔষধ বিচাৰি ফুৰাৰো সময় নাথাকে। সাপে খোটা ঘাৰ ওপৰত যিটো বান্ধ দিয়া আছে সেই বান্ধ এক ঘণ্টাৰ বেছি ৰাখিব নোৱাৰি, অন্য বিপদ আহি যাব পাৰে। ৰোগীক বহাই ৰাখিব লাগে।

হাস্পতালৰ সুবিধা নাপালে সাপে খোটা জৰা বৈদ্য থাকিলে তেওঁৰ সহায় ল’ব লাগে।

সাপে কামোৰা ৰোগীক অন্ততঃ ১২ ঘণ্টা শুবলৈ দিব নালাগে। আৱশ্যক হ’লে চকুত পানী মাৰিও তেওঁৰ টোপনি ভাঙিব লাগে। ৰোগীক এমোনিয়া শুঙিবলৈ বা হুইস্কি খাব দিবলৈ বহুতে পৰামৰ্শ দিয়ে কিন্তু কোনো আৱশ্যক নাই। এইবোৰৰ একো কাম নাই। ৰোগী সম্পূৰ্ণ নিৰাপদ বুলি জানিলেহে খাদ্য দিব পাৰি।

এই ক্ষেত্ৰত লক্ষ্য কৰিব লগা অন্য এটা দিশ হ’ল যে সাপ নানা ধৰণৰ আছে আৰু সকলো সাপেই বিষাক্ত নহয়। যেনে ধৰক পানীত মাছ, ভেকুলী বিচাৰি ফুৰা ঢোৰা সাপ, তাৰ বিষ নাই। অন্য কীট-পোকৰ দৰে সামান্য বিষাব পাৰে, কিন্তু মানুহ নমৰে। সাপৰ আকাৰটোৱে ভয় লগা আৰু ইয়াৰ ভয়ৰ প্ৰচাৰ ইমান বেছি যে মানুহে সাপে খুটিলে মৃত্যুৰ কথাই চিন্তা কৰে আৰু বহু মানুহ হাৰ্টফেইল হৈ মৰে।

সাপৰ বিষ আছে নে নাই চোৱাৰ দুটামান ঘৰুৱা, বৈদ্যৰ মুখে মুখে চলি অহা পৰীক্ষা আছে।

সাপে খুটিলে মানুহজনক কচুগছ গছকিব দিব লাগে। বিষাল সাপ হ’লে কচুগছ চেপেটা নহয়। দ্বিতীয় পৰীক্ষা হ’ল মানুহজনক নিমখ খাব দিব লাগে। নিমখ তেওঁৰ মুখত তিতা তিতা লাগিব। যদি বিষাক্ত নহয় তেনেহ’লে সকলো কথাই স্বাভাৱিক হৈ থাকিব। ৰঙীন, বাকলি বহল আৰু যি সাপে কামুৰিলে দাঁতৰ চিন বহে সেই সাপ বিষাক্ত।

কুকুৰে কামুৰিলেঃ

কুকুৰে বা আন জন্তুৱে কামুৰিলে ততালিকে কামোৰা ঠাই চাফা পানী আৰু চাবোনেৰে ধুই পেলাব লাগে। পগলা কুকুৰে কামুৰিলে ৰেবিজ ৰোগ হয় আৰু মানুহৰ মৃত্যুৱে হয়। ৰেবিজ বা জলাতংক ৰোগ এবিধ ভাইৰাছৰ পৰা হয়। এই বীজাণু গ্ৰহণ কৰি থকা কুকুৰে কামুৰিলে ১০ দিন বা এবছৰৰ ভিতৰত ৰোগৰ লক্ষণে দেখা দিয়ে আৰু মানুহ পগলা হয়। পানীলৈ বৰ ভয় হয়, পানী দেখিলে বা পানীৰ শব্দ শুনিলেই পলাবলৈ হুলস্থূল লগায়।

আজিকালি ইয়াৰ উত্কৃষ্ট এল’পেথিক বেজি ওলাইছে। ডাক্তৰৰ সহায় লৈ ৰোগ হোৱাটো বন্ধ কৰিব পাৰে।

পগলা হৈ নুফুৰা কুকুৰৰ গাতো এই ৰোগৰ বীজাণু থাকিব পাৰে। হয়তো কুকুৰটো এই ইনকুবেছন পিৰিয়ড ১০ দিন বা এবছৰৰ ভিতৰতো থাকিব পাৰে। সাধাৰণতে ১০ দিন বা এবছৰৰ বিচাৰ কৰা হয়। কুকুৰটো ১০ দিনৰ ওপৰত গুৰুত্ব সহকাৰে বিচাৰ কৰা হয়। যদি কুকুৰটো ১০ দিনৰ ভিতৰত মৰে, মানুহজনৰো সম্পূৰ্ণ শংকা থাকিব। কিন্তু বাটত ঘূৰি ফুৰা কুকুৰ হ’লে এই ধৰণে লক্ষ্য কৰা টান হৈ পৰে। গতিকে কুকুৰে কামুৰিলে এই বেজি লোৱাৰ দৰকাৰ আৰু হাস্পতালৰ সাহায্য ল’ব লাগে। শিয়ালৰো জলাতংক ৰোগ হয় আৰু শিয়ালে কামুৰিলেও একেধৰণৰ ব্যৱস্থা ল’ব লাগে।

পগলা নহ’লেও কুকুৰৰ মুখত বিষাক্ত লালটি থাকে আৰু তাৰ পৰাও অনিষ্ট হয়। গতিকে চিকিত্সা লোৱা আৱশ্যক আৰু ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।

ঘৰুৱা চিকিত্সাঃ প্ৰকৃত চিকিত্সা লোৱাৰ আগতে কিছু চিকিত্সা সম্পৰ্কীয় যত্ন লোৱা আৱশ্যক। কুকুৰে কামোৰাৰ লগে লগে সেই ঠাইত শুকান জলকীয়া বটি আঠাৰ দৰে কৰি লগাই দিয়ক। ইয়াৰ ফলত বিষ পুৰি যায়, ঘা নপকে আৰু সোনকলে ঠিক হৈ যায়।

পিঁয়াজ বটি মৌ মিহলাই কুকুৰে কামোৰা ঠাইত লগালে লগে লগে বিষ নামি যায়।

কিন্তু এইবোৰৰ ফল নিশ্চিত নহয়। ভাল কৰিবলৈ সক্ষম হ’বও পাৰে নহ’বও পাৰে।

মকৰাই কামুৰিলেঃ

আমৰ শুঁঠি চন্দনৰ দৰে বটি মকৰাই কামোৰা বা শুং ফুটুৱা ঠাইত লগাই দিলে ভাল হয়। দিনে ৩ বাৰ লগালেই মকৰাৰ বিষ নষ্ট হৈ যাব। এই আমৰ শুঁঠিত কিন্তু লোণ থাকিব নালাগে। কিছুমান মকৰা বিষাক্ত থাকে। গাত লাগিলে য’তে লাগে ত’তে জ্বালা কৰিব পাৰে, খজুৱায়, ৰঙা পৰে আৰু উদ্ভেদ ওলাবও পাৰে। গতিকে য’ত মকৰাই মুখ দিছে তাৰ চাৰিওফালে গৰুৰ ঘিউ লগাই দিব লাগে। বিষ বিয়পিব নোৱাৰে।

ক’লা পিপৰা, ৰঙা পিপৰা, মাখি আদিয়ে কামুৰিলেঃ

বিষাক্ত কোনো মাখি বা ক’লা পিপৰা, ৰঙা পিপৰা আদিয়ে কামুৰিলে, পিঁয়াজ বা নেমুটেঙা বা তুলসী পাতৰ ৰস লগাই ঘঁহিলে বিষ নষ্ট হ’ব। জ্বালা-যন্ত্ৰণা থাকিলে বিনাশ হ’ব।

ক’লা পিপৰাই কামুৰিলে বা বিষাক্ত মাখিয়ে কামুৰিলে নহৰু কোঁহ ভাঙি ঘঁহি দিব পাৰি, লগে লগে আৰাম পোৱা যায় আৰু যদি অন্য পিপৰা, লাল পিপৰাই কামোৰে লগে লগে লোণ লগাই ধুই দিলেও আৰাম পোৱা যায়।

যিকোনো পোক-পিপৰাই কামুৰিলে তুলসীৰ পাত মোহাৰি তাৰ ৰস লগাই দিব পাৰি।

যদি পোক-পিপৰাই কামোৰা ঠাইখিনি খজুৱায় বা কোনো জ্বালা কৰে তেনেহ’লে তাত কেৰাচিন লগালেও আৰাম পায়।

মানুহ পানীত ডুবিলেঃ

পানীত পৰা মানুহক পানীৰ পৰা তুলি আনিয়ে মুখ আৰু নাক চাফ কৰি দিব লাগে। বোকা পানী থাকিব পাৰে, আঁতৰ কৰি দিব লাগে। পিন্ধি থকা কাপোৰ-কানিবিলাক খুলি পেলাব লাগে। মুখখন মেলি লৈ দুয়োপাৰি দাঁতৰ মাজত কিবা বস্তু, মাৰি এটুকুৰা সুমুৱাই দিব লাগে যাতে মুখখন মেল খাই থাকে। ৰোগীক তললৈ মুখ কৰি শুৱাই দিব লাগে আৰু ৰোগীৰ বুকুৰ তলেদি হাত দুয়োখন সুমুৱাই ৰোগীৰ শৰীৰৰ মাজ ভাগটো দাঙি দিব লাগে। তেতিয়া হাঁওফাঁওৰ পৰা নাকেদি আৰু মুখেদি পানী ওলাই আহিব। আৰু পানী ওলোৱা বন্ধ হ’লেই ৰোগীৰ পেটৰ তলেৰে কাপোৰৰ নুৰা এটা সুমুৱাই দিব লাগে। তাৰ পাছত আপোনাৰ দুয়োখন হাতেৰে পিঠিৰ ওপৰত জোৰেৰে হেঁচি দিব আৰু এৰি দিব। তেনেকৈ প্ৰতি মিনিটত ১২ বাৰ কৰিব লাগে। পিঠিৰ ওপৰত এবাৰ হেঁচা দি আকৌ এৰি দি, আকৌ হেঁচা দি থাকিলে ৰোগীৰ হাঁওফাঁওলৈ বতাহ সোমায় আৰু কৃত্ৰিম উপায়েৰে ৰোগীৰ শ্বাস-প্ৰশ্বাস আনিবলৈ চেষ্টা কৰা হয়। তেনেকৈ থকাত যদি ৰোগীৰ জীৱন থকাৰ কোনো চিন দেখা পায় তেনেহ’লে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ প্ৰক্ৰিয়া এঘণ্টা বা তাতোকৈ বেছি সময় চলাই থাকিব লাগে। লগতে ৰোগীৰ গাৰ বোকা পানী আঁতৰাই গাৰ ছাল শুকান কাপোৰেৰে টুকি গাটো শুকাই দিব লাগে আৰু ৰোগীক চিকিত্সাৰ বাবে হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। হট ৱাটাৰ বেগ আদি কাষত ৰাখি ৰোগীৰ গা গৰম কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগে।

নিচা নিবাৰক চিকিত্সাঃ

মদৰ নিচাঃ

মদৰ নিচা এৰাবলৈ একাপ পানীত ১ টা নেমুটেঙাৰ ৰস লৈ কে’বাবাৰো খুৱাওক। অথবা দুটা আপেলৰ ৰস একাপ পানীত মিহলাই কে’বাবাৰো খুৱাওক। মদৰ নিচা এৰি দিব। আপেল যিমান বেছি খায়, সিমান সোনকালেই নিচা এৰা দিব।

মূৰত চেঁচা পানী ঢালিলেও মদৰ নিচা এৰা দিয়ে। ধনিয়া গুড়ি কৰি চেনি বা মিছিৰিৰ লগত খুৱালেও মদৰ নিচা যায়। মদ খাই জীৱন বিপন্ন হ’লে ২৫ গ্ৰাম ঘিউৰ লগত ২৫ গ্ৰাম চেনি বা মিছিৰি মিহলাই খুৱাওক।

আফিঙৰ নিচাঃ

আফিং খাই নিচা হ’লে আধাৰ পৰা এক গ্ৰাম বা যিমান আফিং খাইছে সিমান হিং অলপ গৰম পানীত লৈ খাবলৈ দিয়ক। ২-৩ বাৰ খালে নিচা এৰা দিব। পানীৰ পৰিৱৰ্তে ঘোলত লৈও খাব দিব পাৰে।

যদি আফিং খোৱাৰ বেছি পলম হোৱা নাই তেনেহ’লে বমি কৰাওক। ২৫ গ্ৰাম ঘিউ খাবলৈ দিয়ক বা ২ চামুচ লোণ বা ৬০ মিলিলিটাৰ পানীত ১ চামুচ বগা সৰিয়হ বটি খাবলৈ দিয়ক বমি হ’ব। অথবা গললৈ আঙুলি সুমুৱাই দিলেও বমি হ’ব। বমি কৰাৰ পাছত ৰোগীক কোনো মতে শুবলৈ নিদিব। ১০-১৫ মিনিট পাছে পাছে কঢ়া চাহ বা কফি খাবলৈ দিয়ক।

তিলৰ তেল মিহলাই আফিং খালে বচোৱাই টান হৈ পৰে। এনে অৱস্থাত ৪ গ্ৰাম ফিটকিৰি গুড়ি কৰি পানীত মিহলাই খাবলৈ দিয়ক। নিচা এৰা দিব।

সিদ্ধিৰ নিচাঃ

ভাঙৰ দৰে ৰাগি লগা এবিধ জোপোহা গছ। সিদ্ধিৰ নিচা হ’লে ২৫০ মিলিলিটাৰ পানীত ৩০ গ্ৰাম পকা তেঁতেলি সানি আৰু ৩০ গ্ৰাম গুৰ মিহলাই খাবলৈ দিয়ক। নিচা এৰা দিব।

ঘোল খালে, নেমু চুহিলে, সিদ্ধিৰ নিচা যায়। ৰোগী যদি অজ্ঞান হৈ পৰে সৰিয়হৰ তেল সামান্য গৰম কৰি ৰোগীৰ কাণত টোপ টোপকৈ কেইবাৰমান পেলাই দিয়ক। দুয়োখন কাণত দিব। জ্ঞান ঘূৰি আহিব। জাম গছৰ কোমল পাত বটি খুৱালেও জ্ঞান ফিৰে।

গাঁজা বা ভাঙৰ নিচাঃ

ভাঙৰ নিচা এৰাবলৈ পদিনা পাতৰ ৰস খাবলৈ দিয়ক অথবা কেইটামান পদিনাৰ পাতকে চোবাই খাবলৈ দিয়ক বা যিমান পাৰে গৰুৰ ঘিউ খাবলৈ দিয়ক, গাঁজাৰ নিচা এৰা দিব। অথবা তেঁতেলিৰ পানী খাবলৈ দিয়ক, নিচা যাব। ২৫০ মিলিলিটাৰ পানীত ৩০ গ্ৰাম পকা তেঁতেলি মিহলালে তেঁতেলিৰ পানী তৈয়াৰ হ’ব। এই তেঁতেলিৰ পানী খালে ধঁতুৰাৰ নিচা আৰু সিদ্ধিৰ নিচাও দূৰ হয়।

যিকোনো ধৰণৰ নিচাৰ চিকিত্সাঃ

সিদ্ধি, গাঁজা, ধতুৰা বা যিকোনো বস্তু খাই যদি বেছি নিচা হৈ থাকে, ৬০ গ্ৰাম আঙুৰ বটি পানীত মিহলাই ছেকি লৈ তাত অলপ জালুক, জীৰা, লোণ দি খাবলৈ দিয়ক। সোনকালে নিচা এৰা দিব।

যিকোনো নিচাত যদি প্ৰায় অজ্ঞান হৈ যায় তেনেহ’লে ২০০ বা ২৫০ মিলিলিটাৰ পিঁয়াজৰ ৰস খুৱাই দিয়ক। নিচা এৰা দিব বা সম্পূৰ্ণ এৰা নিদিলেও ৰোগী বহুত সুস্থ হৈ উঠিব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা

2.90625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top