অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমত সাৱধানতা

গৰমত সাৱধানতা

প্ৰখৰ ৰদ আৰু গৰমৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ কিছুমান ঘৰুৱা যতনৰো প্ৰয়োজনীয়তা আছে। পুৰুষসকলে কৰিবলৈ ইচ্ছা নকৰিলেও মহিলাসকলে ঘৰতে থাকি ছালখনৰ যতন লোৱা দেখা যায়।এইক্ষেত্ৰত পুৰুষসকলে যদি ঘৰত লব পৰা সাধাৰন যতনখিনি লয় তেতিয়াহলে তেওঁলোকেও উপকৃত হব পাৰিব। দৈনিক অতিকমেও আঠ গিলাছ পানী খাব লাগে।ডাব নাৰিকলৰ পানী, নেমু, মৌচুমীৰ ৰস, তৰমুজ আদিয়ে শৰীৰ শীতল কৰে।নিতৌ কেইবাৰমান পৰিস্কাৰ পানীৰে মুখখন ধুব লাগে।লেতেৰা আৰু ধুলীময় পৰিবেশৰপৰা আহিলে ভালকৈ হাত-ভৰি আদি ধুই লব লাগে। বাহিৰলৈ ওলাই গলে ছালগ্লাছ পিন্ধা আৰু শৰীৰৰ উন্মুক্ত অংশবোৰত ছানস্ক্ৰিন লগোৱা আদিবোৰ কথা অকল মহিলাই নহয় পুৰুষেও কৰিলে কামত আহে।

এইখিনি সময়ত পৃথিৱীত তাপৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে কোনো কোনো ঠাইত হিটষ্ট্ৰোকত আক্ৰান্ত হৈ মানুহ মৃত্যুমুখত পৰাও দেখা পোৱা যায়। হিটষ্ট্ৰোকট আক্ৰান্ত হোৱা ৰোগীক মুকলি ঠাইত ৰাখিব লাগে।যাতে অক্সিজেন ভালদৰে গ্ৰহন কৰিব পাৰে।সহজে উশাহ-নিশাহ লব পৰাৰ সুব্যৱস্থা কৰা উচিত।শৰীৰৰ উত্তাপ কমাবলৈ পানীত তিওৱা কাপোৰৰে গাটো মচি দিব লাগে আৰু মূৰত ছাল কুৱৰীৰঁ বীজল সানি দিলে শৰীৰৰ উত্তাপ হ্ৰাস পায়।তাৰপিছত চিকিৎসকৰ দ্বাৰা সু-ব্যৱস্থা কৰিব লাগে।।

আমাৰ শৰীৰত অতিপাত গৰমৰ ফলত পানীৰ পৰিমান হ্ৰাস হলে তলত দিয়া লক্ষনসমূহ পৰিলক্ষিত হয়:

১)প্ৰ্স্বাৱৰ ৰ্ং গাঢ় হালধীয়া হয়।

২)ঘনে ঘনে পানী খাবলৈ মন যায়।

৩)ছাল,মুখ,আৰু ওঁঠ শুকান হৈ যায়ঁ।

৪)কোষ্ঠ্য কাঠিন্য হোৱাৰো সম্ভাবনা থাকে।

৫)চুলি ৰুক্ষ আৰু ফাটি যোৱা দেখা যায়।

৬)নানান স্ংক্ৰামক ৰোগত আক্ৰান্ত হোৱাও দেখা যায়।

আগেয়ে উল্লেখ কৰা উপায়ৰ উপৰি বাৰ্লিপানী খোৱাও ভাল।কাৰন ই আমাৰ শৰীৰৰ ভিতৰখন শীতল হোবাত সহায় কৰে।তেনেদৰে দৈক যদি বাটাৰ মিল্ক বা লাচ্ছি বনাই খুবাই পেটৰ বাবে অতি উপকাৰী আইচ টী আৰু বেলৰ চৰবতো খোবা ভাল।

লেখিকা: অপৰাজিতা ভূঞা।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate