মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চলন্ত বাছত উঠিলে দেখা দিয়া সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চলন্ত বাছত উঠিলে দেখা দিয়া সমস্যা

চলন্ত বাছত উঠিলে দেখা দিয়া সমস্যা

চলন্ত বাছত উঠিলে বহুতৰে বমি হয়, কেতিয়াবা গা বেয়া লাগি পেটতো উকট-পাকট কৰি আহে, মূৰ ঘূৰায়, নতুবা বমি বমিভাৱ হয়। এনেবোৰ সমস্যাই বাছত দীঘলীয়া ভ্ৰমণ কৰিবলগীয়া হোৱাসকলক বেছ অশান্তি দিয়ে।

ইয়াৰ বাবে ল’বলগীয়া কেইটামান সাৱধানতা হ’ল

  • পেটত বায়ু জমা হ’ব পৰা ধৰণৰ খাদ্য খাই বাছত নুঠিব।
  • পেট ভৰ্তি কৰি আহাৰ খাই বাছত নুঠিব।
  • টোপনি ক্ষতি হোৱাৰ পিছত বাছত নুঠিব।
  • লেতেৰা তেলত ভজা, জলকীয়া মছলা সৰহকৈ দিয়া খাদ্য, বিজলুৱা বস্তু আদি খাই বাছত নুঠিব।
  • বেছিকৈ মিঠা বস্তুও বাছত উঠাৰ আগতে নাখাব।
  • ঋতুস্ৰাৱ হৈ থকাৰ সময়ত বাছত দীঘলীয়া ভ্ৰমণ নকৰাই উচিত।

বাছত বমি হ’লে বা গা বেয়া লাগিলে

  • আদা এটুকুৰা নিমখৰ লগত চোবাই খাব।
  • মৌৰ লগত শিলিখাৰ গুড়ি মিহলাই খাব।
  • কমলা টেঙাৰ বাকলি আৰু নেমু গছৰ পাত শুঙিব আৰু অকণমান চোবাই দিব।
  • ডাবৰ পানী আৰু বৰফৰ পানী খাব।
  • এখন তামোল নতুবা কমলা, শিলিখা, আমলখি চোবাই খাওঁক।
  • মৌৰ লগত লং গুড়ি খাব পাৰে।
  • হোমিঅ’পেথিক চিকিৎসকৰ লগত পৰামৰ্শ কৰি নাক্সভমিকা, কেল্‌বোৰিয়া ফছ্‌, ইপিকাক, ককিউলাছ, ব্ৰায়’নিয়া আদি ঔষধ স্থায়ী নিৰাময়ৰ বাবে খাব পাৰে।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

2.93548387097
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top