ভালদৰে টোপনি নহা এটা বিৰক্তিকৰ সমস্যা। আজিকালি বেছিভাগ লোকেই এনে সমস্যাত পৰা দেখা যায়। বহু ক্ষেত্ৰত ৰাতিপুৱা সোনকালে উঠিব লগা হ’লে সোনকালে শুবলৈ চেষ্টা কৰিলেও টোপনি নাহে। আৰু বহু ক্ষেত্ৰত পুৱতি নিশাহে টোপনি অহা দেখা যায়। এনে সমস্যা লাহে লাহে বৃদ্ধি পায় গৈ থাকে আৰু ই ৰোগলৈ পৰিৱৰ্তন হয়। অনিদ্ৰা স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেয়েহে প্ৰথম অৱস্থাৰ পৰাই অনিদ্ৰাৰ সমস্যা আঁতৰাবলৈ চেষ্টা কৰাব লাগে। অকণমান চেষ্টা কৰিলেই প্ৰাকৃতিক ভাৱে এই অনিদ্ৰাৰ সমস্যা সমাধান কৰিব পৰা যায়। কিছুমান খাদ্য সামগ্ৰী আছে যিবোৰে আমাৰ টোপনি সঠিক কৰাত সহায়ক হয়। আহক সেই খাদ্য সম্ভাৰৰ বিষয়ে জানোহক।
পকাকলত প্ৰচুৰ পৰিমাণত মেগনেছিয়াম আৰু পটাছিয়াম থাকে। এই উপাদানে শৰীৰৰ মাংসপেশী উন্নত কৰে। নিশা টোপনি নাহিলে এটা পকাকল খালে টোপনিৰ সমস্যা আঁতৰিব পাৰে।
গাখীৰ আৰু গাখীৰজাত খাদ্য সামগ্ৰী যেনে, দৈ আদিত ট্ৰায়াপেক্টাফান নামৰ এবিধ এমিন’ এচিড থাকে। এই এমিন’ এচিডে মগজুক বিশ্ৰামৰ বাবে সক্ৰিয় কৰি তোলে। সেয়েহে শোৱাৰ আগতে এগিলাচ গৰম গাখীৰ, পায়স বা অলমান দৈ খালে টোপনি ভাল হয়।
বুটত খাদ্যপ্ৰাণ বি৬ থাকে। ইয়াৰ ফলত বুট খালে টোপনিৰ বাবে অতি প্ৰয়োজনীয় মেলাটনিন নামৰ এবিধ হৰমন নি:সৰণ কৰাত সহায়ক হয়। ফলত সোনকালে টোপনি আহে। সেয়েহে টোপনি আনিবলৈ হ’লে সিজোৱা বুট বা পানীত তিয়াই থোৱা কেঁচা বুট খালে সুফল পোৱা যায়।
উটচ হ’ল এবিধ ভাল টোপনি উদ্ৰেককাৰী খাদ্য। ইয়াত প্ৰচুৰ পৰিমাণে ট্ৰায়াপেক্টাফান থাকে। শোৱাৰ আগতে গাখীৰৰ সৈতে উটচ গ্ৰহণ কৰিলে ভাল টোপনি হয়।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 7/15/2020
উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা
অসমৰ খোৱাপানীৰ ফ্ল’ৰাইডৰ সমস্যাটো