অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্মৃতি শক্তিৰ বাবে জটিল ব্যায়াম

স্মৃতি শক্তিৰ বাবে জটিল ব্যায়াম

জটিল আসনসমূহ অভ্যাস কৰোতে সাৱধানে কৰিব। এনে আসনসমূহ বিশেষকৈ উচ্চ ৰক্তচাপ, হাপানী, হৃদৰোগ, হাৰ্নিয়া, শাৰীৰিক দুৰ্বলতা, জটিল ৰোগ আৰু অস্ত্ৰোপচাৰ, মাহেকীয়া সমস্যা আদিৰ সমস্যা থাকিলে অভ্যাস কৰিব নালাগে। প্ৰ্তিটো জটিল আসন কৰাৰ পিছত নিম্নতম ৩০ ছেকেণ্ডকৈ শৰীৰক বিশ্ৰাম দিহে পৰৱৰ্তী আসনৰ অভ্যাস কৰিব লাগে।

শাৰীৰিক আৰু মানসিক শক্তি বিকাশ সাধন কৰি স্মৃতি শক্তিৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱা কেইটামান জটিল ব্যায়াম হ’ল- শীৰ্ষাসন, সৰ্বাংগাসন, বিপৰীত কৰণী মুদ্ৰা, চক্ৰাসন, হলাসন, সেতুবন্ধাসন, মৎস্যাসন, পশ্চিমোত্তোসন, পদহস্তাসন আদি। এই ব্যায়মসমূহৰ ভিতৰত তলত গুৰুত্বপূৰ্ন আসনৰ বিষয়ে বৰ্ণনা কৰা হ’ল।

পদ্ধতি

প্ৰথমে পদ্মাসনৰ বহি লওঁক। এতিয়া দুয়োখন হাতৰ কিলাকুটিত ভাজঁ কৰি মাটিত ভেজা দি পাছফালে লাহে লাহে হালি যাওক আৰু চিৎ হৈ শুই পৰক। দুয়োখন হাতেৰে বিপৰীত ভৰিৰ বুঢ়া আঙুলি ধৰি লৈ ডিঙি,পিঠি আৰু বুকু যিমান পাৰে ওপৰলৈ তোলক। এই অৱস্থানত উশাহ-নিশাহ স্বাভাৱিকভাৱে ল’ব। আসনটোত ১-৩ মিনিট থাকিবলৈ চেষ্ঠা কৰক।

উপকাৰ

মেৰুদণ্ড পোন হয়, হাওঁফাও আৰু হৃদযন্ত্ৰ সবল হয়, ডিঙিৰ থাইৰয়ড গ্ৰন্থি সবল আৰু সক্ৰিয় হয় শৰীৰ আৰু মন শুদ্ধ হয়।

হলাসন

পদ্ধতি

প্ৰথমে চিৎ হৈ শুই লওকঁ। উশাহ লৈ দুয়োখন ভৰি মাটিৰপৰা ওপৰলৈ তোলক যাতে মাটিৰ সৈতে লম্বভাৱে থাকে। এতিয়া নিশাহ এৰি ককাঁল আৰু ভৰি মূৰৰ ওপৰলৈ আনক। নিশাহ সম্পূনকৈ এৰি ভৰিৰ আঙুলিবোৰ মাটিত লগাই দিয়ক। এই অৱস্থানত ককালৰ পৰা ভৰিৰ আঙুলিলৈ এই অংশটো পোন হৈ থাকিব। হাত দুখন পাছফালে তলমুৱাকৈ পোন কৰি ৰাখিব। এই সময়ত উশাহ নিশাহ স্বাভাৱিক ৰাখি ১-২ মিনিট থাকিবলৈ অভ্যাস কৰক।

উপকাৰ

আমাৰ শৰীৰৰ থাইৰয়ড, থাইমাছ আৰু যৌন গ্ৰন্থীসমূহ সক্ৰিয় হয়, হৃদযন্ত্ৰৰপৰা মুৰলৈ তেজ সৰবৰাহ বৃদ্ধি পায়। যকৃত মূৰলৈ তেজ সৰবৰাহ বৃদ্ধি পায়। যকৃত মূৰলৈ তেজ সৰবৰাহ বৃদ্ধি পায়। যকৃত বৃক্ক, অগ্ন্যাশয়, অন্ত্ৰ আদি উদৰ গহ্বৰত থকা অংগবোৰ সবল আৰু সু স্বাস্থ্য সম্পন্ন হয়। হলাসন ডায়েবেটিছৰ বাবে এটা ভাল ব্যায়ম।

চক্ৰাসন

পদ্ধতি

প্ৰথমে চিৎ হৈ শোৱক। এতিয়া ভৰি দুখন আঠুত ভাঁজ কৰি নিতম্বৰ কাষলৈ আনক। হাত দুখন তলুৱা দুই কান্ধৰ কাষত মজিয়াত ৰাখক। হাত আৰু ভৰি দুখনৰ মাজত সমানকৈ ফাঁক ৰাখক। হাত আৰু ভৰিৰ ওপৰত ভৰ দি উশাহ লৈ ককাঁল, পিঠি আৰু মূৰ অংশ যিমান পাৰে ওপৰলৈ তোলক যাতে শৰীৰটো এটা অৰ্দ্ধ বৃত্ত বা বৃত্তৰ দৰে দেখা যায়। এই অৱস্থানত উশাহ-নিশাহ স্বাভাৱিক ৰাখি ১৫-৬০ ছেকেণ্ড পৰ্যন্ত আসনটো অভ্যাস কৰিব। পুনৰ নিশাহ এৰি দি শৰীৰটো লাহে লাহে তললৈ নমাই আনক।

উপকাৰ

মেৰুদণ্ড সবল নমনীয় আৰু প্ৰ্সাৰিত হয়। বুকুৰ গঠন ভাল হয়। ককাল আৰু পিঠিৰ বিষ কমে। শৰীৰ-মন-সতেজ হয়।

ৰ্ংমন ৰ্ংদৈ

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate