অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাচপতি

নাচপতি

স্বাস্থ্যৰ বাবে অতি উচ্চ গুণসম্পন্ন ফল হ’ল নাচপতি। গৱেষকৰ মতে, নাচপতি আঁহযুক্ত পদাৰ্থৰ ভঁৰাল আৰু ভিটামিন বি২, চি, ই, কপাৰ আৰু পটাছিয়ামৰ উত্তম উৎস। নাচপতিত পেকটিন থাকে আৰু আপেলৰ তুলনাত নাচপতিত পেকটিন অধিক। নাচপতিত থকা বিভিন্ন গুণসমূহ এনেধৰণৰ-

  • নাচপতিত থকা পেকটিনে দেহৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। লগতে পেটৰ নাড়ী-ভুঁৰি সুস্থ ৰখাত সহায় কৰে।
  • চিকিৎসকৰ মতে, সঘনে এলাৰ্জীত ভুগি থকা ৰোগীয়ে নাচপতি খাব লাগে।
  • শিশুৰ বাবে নাচপতি অতি সুৰক্ষিত ফল।
  • সাধাৰণতে বাকলিসহ নাচপতি খালে দেহে যথেষ্ট পৰিমাণে আঁহযুক্ত খাদ্য লাভ কৰে।
  • গৱেষকৰ মতে, হৃদৰোগীৰ বাবে নাচপতি উত্তম খাদ্য।
  • এই ফলে কেন্সাৰৰ বিৰুদ্ধেও যুঁজ দিব পাৰে।
  • নাচপতিত থকা ভিটামিন চি আৰু ই এ শক্তিশালী এণ্টি অক্সিডেণ্টৰ কাম কৰে।
  • দেহৰ আঘাত আৰু থেতেলা খোৱা অংশ সোনকালে নিৰাময় হোৱাত প্ৰধান ভূমিকা লয়।
  • নাচপতিত উপলব্ধ সকলো ভিটামিনে বহু সংক্ৰামক ৰোগৰ হেঙাৰ হিচাপে দেখা দিয়ে।
  • ইয়াত থকা ভিটামিন চি আৰু কপাৰে ফ্ৰী ৰেডিকেলৰ দ্বাৰা বিনষ্ট হ’ব খোজা কোষসমূহক ৰক্ষণাবেক্ষণ দিয়ে
  • নাচপতিত থকা কেলচিয়ামে মানুহৰ অষ্টিঅ’পৰ’ছিছক বাধা দিয়ে অথবা অষ্টিঅ’পৰ’ছিছ আগমনৰ বাট লেহেম কৰে।
  • গৰমকালি গৰমৰ প্ৰকোপত বহু শিশুৰ উশাহ-নিশাহ লোৱাত কষ্ট হ’লে কেতিয়াবা কফ হয়। তেতিয়া পুৱা আৰু ৰাতি শিশুক নাচপতিৰ ৰস খুৱালে কফ বাহিৰ হয় আৰু শীঘ্ৰে উশাহ-নিশাহৰ কষ্ট লাঘৱ হয়।
  • নাচপতিৰ ৰস সকলো বয়সৰ লোকৰ বাবে উত্তম।
  • নাচপতিৰ ৰসে দেহলৈ সোনকালে শক্তি ঘূৰাই আনে। কাৰণ নাচপতিত যথেষ্ট পৰিমাণে ফ্ৰুকট’জ আৰু গ্লুক’জ থাকে।
  • নাচপতিত উপলব্ধ পেকটিনে মূত্ৰ বৃদ্ধি কৰে আৰু শৌচ অলপ ঢিলা কৰে, ফলত পেট সদায় খোলোচা ৰখাত সহায় কৰে।

ৰাসায়নিক বিশ্লেষণ অনুসৰি ১০০ গ্ৰাম নাচপতিত থকা বিভিন্ন উপাদানসমূহ এনেধৰণৰ-

কেলৰি শক্তি- ২৩৯

কাৰ্ব’হাইড্ৰেট- ১৫-২৩ গ্ৰাম

আঁহজাতীয় পদাৰ্থ- ৩.১০ গ্ৰাম

চৰ্বি- ০.১৪ গ্ৰাম

প্ৰ’টিন- ০.৩৬ গ্ৰাম

ভিটামিনৰ ভিতৰত-

থিয়ামাইন- ০.১২ মি:গ্ৰা:

ৰিব’ফ্লেভিন- ০.০২৬ মি:গ্ৰা:

নিয়াচিন- ০.১৬১ মি:গ্ৰা:

পেণ্টোথেনিক এচিড- ০.০৪৯ মি:গ্ৰা:

ভিটামিন বি৬- ০.০২৯ মি:গ্ৰা:

ভিটামিন চি- ৪.৩ মি:গ্ৰা:

ভিটামিন ই- ০.০২৯ মি:গ্ৰা:

ভিটামিন কে- ৪.৪ মি:গ্ৰা:

খনিজ পদাৰ্থৰ ভিতৰত-

কেলচিয়াম- ৯ মি:গ্ৰা:

মেগনেছিয়াম- ৭ মি:গ্ৰা:

ফছফৰাছ- ১২ মি:গ্ৰা:

মেংগানিজ ০.০৪৮ মি:গ্ৰা:

পটাছিয়াম- ১১৬ মি:গ্ৰা:

আইৰন- ০.১৮ মি:গ্ৰা:

জিংক- ০.১ মি:গ্ৰা:

ছডিয়াম- ১ মি:গ্ৰা:।

ইতিহাস বিচাৰিলেই পোৱা যায় যে নাচপতিৰ খেতি কাস্পিয়ান সাগৰৰ পৰা আটলাণ্টিক মহাসাগৰৰ তীৰত দেখা গৈছিল। ৰোমানসকলে নাচপতিৰ খেতি কৰিছিল আৰু তেওঁলোকে আপেলৰ দৰেই নাচপতি খাইছিল। কেতিয়াবা আকৌ ৰান্ধিও খাইছিল। সম্প্ৰতি বিশ্বৰ প্ৰায় দেশতে নাচপতিৰ খেতি কৰে আৰু প্ৰায় ৩,০০০ জাতৰ নাচপতি আছে বুলি উদ্ভিদ বিজ্ঞানীয়ে কয়। সাধাৰণতে গ্ৰীষ্ম আৰু শৰৎ কালত নাচপতিৰ ফুল আৰু ফল হয়। আন আন ফলৰ দৰে নাচপতিও বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়।

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate