অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৰসিংহৰ বিশেষ গুণাগুণ

নৰসিংহৰ বিশেষ গুণাগুণ


  • নৰসিংহৰ পাতে পাচনতন্ৰ সুস্থ কৰি ৰাখে । ই ডাইৰিয়া, পাইলচ, ডিচেন্ট্ৰি,মন্দাগ্নি আৰু মধুমেহ ৰোগত বিশেষ লাভজনক।
  • নৰসিংহৰ পাত চুলিৰ বাবে এক মহৌষধ । নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি। লগতে এই নিয়ম চুলিত ওকণি হোৱাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিলে ভাল ।
  • নৰসিংহৰ পাতত এণ্টি অক্সিডেণ্ট পোৱা যায় যি আমাৰ বৃদ্ধাৱস্থা দূৰ কৰিব পাৰে আৰু কেঞ্চাৰৰ কোষবিলাক বাঢ়িবলৈ নিদিয়ে ।
  • জুইয়ে পোৰা,কটা ছিঙা দাগ আদিত নৰসিংহৰ পাত পিহি লগালে লাভ হয়। তদুপৰি কোনো কীট পতংগই কামুৰিলে নৰসিংহৰ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে আৰাম পোৱা যায়।
  • নৰসিংহৰ পাত চকুৰ কাৰণেও উপকাৰী । ইয়াত মজুত থকা এণ্টি অক্সিডেণ্টে চকুৰ কেটেৰেক্ট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি বঢ়াই তোলে ।
  • নৰসিংহৰ পাতে শৰীৰৰ বৰ্ধিত কেলৰি হ্ৰাস কৰে আৰু শৰীৰক যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে। শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ  প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত খোৱা উচিত ।

লিখক: ৰিদীপ বঞ্জন চেতিয়া

শেহতীয়া উন্নীতকৰণ: : 7/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate