অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বন্ধাকবি

বন্ধাকবি

বন্ধাকবি জাৰকালিৰ এবিধ অতি গুৰুত্বপূৰ্ণ পাচলি। প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলে ব্যৱহাৰ কৰা বন্ধাকবি আটাইতকৈ পুৰণি খেতি কৰা পাচলি। দক্ষিণ ইউৰোপত বন্ধাকবিৰ উত্পত্তিস্থল বুলি ঠাৱৰ কৰা হৈছে। এই উদ্ভিদজোপা আন আন উদ্ভিদতকৈ গঠনত কিছু পৃথক, য’ত উদ্ভিদজোপা শাখাবিহীন, মূল ঠাৰিডালত পাতবোৰ জাপ খাই খাই সৃষ্টি হ’ব পাৰে, পিছত যথেষ্ট থেপা থেপি হৈ টান ধৰণৰ প্ৰায় গোলাকাৰ পাচলি হিচাপে ব্যৱহৃত বন্ধাকবিটোৰ সৃষ্টি হয়।

বন্ধাকবিৰ খাদ্য মূল্য যথেষ্ট। ইয়াৰ প্ৰতি ১০০ গ্ৰামত থকা বিভিন্ন উপাদানবোৰ হ’ল- পানী ৯১.৯ গ্ৰা:, প্ৰ’টিন ১.৮ গ্ৰা:, চৰ্বি ০.১ গ্ৰা:, খনিজ দ্ৰব্য ০.৬ গ্ৰা:, আঁহ ১.০ গ্ৰা:, কাৰ্বহাইড্ৰেট ৪.৬ গ্ৰা:, কেলৰি ২৭-৩৩, কেলছিয়াম ৩৯ মি:গ্ৰা:, মেগনেছিয়াম ১০ মি:গ্ৰা:, অক্সেলিক এচিড ৩ মি:গ্ৰা:, ফছফৰাছ ৪৪ মি:গ্ৰা:, আয়ৰণ ০.৮ মি:গ্ৰা:, ছডিয়াম ৪১.১ মি:গ্ৰা:, পটাছিয়াম ১১৪ মি:গ্ৰা:, কপাৰ ০.০৮ মি:গ্ৰা:, ছালফাৰ ৬৭ মি:গ্ৰা:, ভিটামিন-এ ২০০০ আই ইউ, থায়মিন ০.০৬ মি: গ্ৰা:, ৰাইব’ফ্লেভিন ০.০৩ মি:গ্ৰা:, নিকোটিনিক এচিড ০.৪ মি:গ্ৰা:,ভিটামিন চি ১২৪ মি:গ্ৰা: ইত্যাদি।

বন্ধাকবি সৰিয়হ গোত্ৰৰ অন্তৰ্গত আৰু ইয়াৰ বৈজ্ঞানিক নাম হ’ল Brassica oleracea var. capitata. পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতে ইয়াৰ খেতি কৰা পৰিলক্ষিত হয়। বিভিন্ন জাতৰ ভিতৰত Pride of India, Pusa Mukta, Golden Acre, Pusa drum head আদি খেতি কৰা দেখা যায়। অৱশ্যে এই জাতবোৰৰ মাজতো কিছু বিভিন্নতা দেখা যায়। বন্ধাকবি বিভিন্ন ধৰণে খাব পাৰি। ইয়াক কেঁচাই চালাড হিচাপে, সিজাই চুপ হিচাপে, ভাজি, বিভিন্ন প্ৰকাৰৰ আঞ্জা প্ৰস্তুত কৰি আনকি বেচন বা দাইল পিহি মিহি মিহিকৈ কুটি বৰ প্ৰস্তুত কৰি অথবা আন বিভিন্ন প্ৰকাৰে ইয়াক জুতি লগাই খাব পৰা যায়। জাৰকালিৰ মিশ্ৰিত তৰকাৰীখনত বন্ধাকবি ব্যৱহাৰ নকৰিলে যেন তাৰ জুতিয়েই নুঠে। বন্ধাকবিৰ উপকাৰিতা বহুত। বন্ধাকবিত lupeol, sinigrin, diindolmethane, indol-3 carbino আৰু Sulphoraphane আদি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰা উপাদান থাকে, যিবিলাকে দেহক সুৰক্ষা দিব পৰা উৎসেচকবোৰক সক্ৰিয় কৰে আৰু টিউমাৰ আদিৰ সৃষ্টিত বাধা জন্মাব পাৰে।

বিভিন্ন অধ্যয়ণৰ পৰা এই কথা পোহৰলৈ আহিছে যে বন্ধাকবি জাতীয় পাচলিবোৰে (যেনে-ফুলকবি, ব্ৰ’কলি, ওলকবি আদি) স্তন কৰ্কট ৰোধ কৰাত ধনাত্মক ভূমিকা গ্ৰহণ কৰে।

ষ্টেনফ’ৰ্ড ইউনিভাৰ্ছিটি স্কুল অব্‌ মেডিচিনে কৰা এটি পৰীক্ষাৰ পৰা এই সিদ্ধান্তত আহিব পাৰিছিল যে বন্ধাকবিৰ সতেজ ৰসে পেপেটিক আলচাৰ অথবা পাকস্থলীৰ ঘাঁ ৰোধ কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

বন্ধাকবি হ’ল গ্লুটামাইন নামৰ এবিধ এমিন’ এচিডৰ উত্কৃষ্ট উৎস(প্ৰ’টিনবোৰ এমিন’ এচিডৰে গঠিত) যিয়ে দেহৰ যিকোনো ধৰণৰ জ্বলা-পোৰা বা অসহ্যতা দমাই ৰাখিব পাৰে। যথেষ্ট পৰিমাণৰ ভিটামিন-চি থকা বাবে বন্ধাকবিয়ে দেহৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা তন্ত্ৰটোক শক্তিশালী কৰি তোলে আৰু দেহক মুক্তমূলকৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হয়। একাপ বন্ধাকবিৰ মাত্ৰ ২৭-৩৩ কেল’ৰিহে থাকে তথা ওজন কমাব বিচৰা ব্যক্তিৰ বাবে ই এবিধ উত্তম খাদ্য। ইয়াৰে চুপ প্ৰস্তুত কৰি খাবও পাৰে যিয়ে ব্যক্তিজনৰ ওজন কমায় অথচ স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। বন্ধাকবিত থকা এণ্টিঅক্সিডেণ্টবোৰে দেহৰ ছালক মুক্তমূলকৰ পৰা ৰক্ষা কৰি ৰাখি ছালখনক সতেজ-মসৃণ কৰি ৰাখিব পাৰে।

অতি উচ্চস্তৰীয় গৱেষণাৰ পৰা ৰঙা বন্ধাকবিয়ে আলঝেইমাৰৰ দৰে বেমাৰ প্ৰতিৰোধ কৰি ৰখাৰ ক্ষমতা বহন কৰাৰ উমান পোৱা গৈছে। ৰঙা বন্ধাকবিত থকা ভিটামিন-কে তথা এন্থ’ছায়েনিন (এবিধ এণ্টিঅক্সিডেণ্ট) যিবোৰে মগজুক প্ৰতিৰক্ষা দি ৰাখে তথা স্মৃতি শক্তিজড়িত এনেবোৰ বেমাৰৰ পৰা প্ৰতিহত কৰি ৰাখে।

ড: নমিতা নাথ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate