সুস্বাস্থ্য ৰক্ষাত মহৌষধ কমলা
সুস্বাদু ফল কমলাৰ আছে অনেক স্বাস্থ্য উপাকৰী গুণ। যিবোৰক ঔষধি গুণ বুলি ক’লেও ভূল কোৱা নহ’ব। ফলবিধৰ উপকাৰিতা তলত দিয়া ধৰণৰ-
- কমলাত প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘চি’ থাকে, যিয়ে পাকস্থলীৰ কোষসমূহক অধিক কাৰ্যক্ষম কৰি তোলে। ফলস্বৰূপে হজমশক্তি বৃদ্ধি পায়।
- তেজত কেলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে কমলা খোৱাৰ ফলত হৃদৰোগ সম্ভাৱনা বহু পৰিমাণে কমি যায়।
- বিভিন্ন ধৰণৰ পাচক ৰস নিঃসৰণত কাৰ্যকৰী ভূমিকা লোৱাৰ বাবে কোষ্ঠকাঠিন্য দূৰ হয়। গেষ্ট্ৰিক আৰু আলচাৰ ৰোগ নিৰাময় হয়।
- কমলাৰ ৰসে বৃক্কত কেলচিয়াম অক্সালেট অৰ্থাত্ কিডনীৰ পাথৰ হোৱাৰ সম্ভাৱনা দূৰ কৰে। সেয়েহে কমলা বেছি খোৱাটো বৃক্কৰ স্বাস্থ্যৰ বাবে উপকাৰী।
- ছাল সতেজ আৰু নিমজ কৰাতো আছে কমলাৰ গুৰুত্বপূৰ্ণ ভূমিকা।
উৎস: নিয়মীয়া বাৰ্তা।
শেহতীয়া উন্নীতকৰণ: : 3/14/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.