অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সূৰুয-সূৰুযমুখী ফুল

সূৰুয-সূৰুযমুখী ফুল

মন্দিৰটোৰ কাষৰ পুখুৰীত পুৱাই জোবোৰ এটা মাৰি তিতা শৰীৰটোৱেই পূবলৈ চাই সূৰ্যটোক প্ৰণাম কৰা সদায়েই দেখিছিলো আমাৰ ককাক। যেতিয়াই কোনো বন্ধত দীঘলীয়াকৈ থাকিবলৈ আহিছিলো মামাৰ ঘৰত।  মোৰ ককাক সোধাত সদায় কৈছিল সূর্যৰ প্ৰণামে দিনটোলৈ তেওঁক শক্তি দিয়ে। সূৰ্যশক্তিৰ আধাৰ স্কুলীয়া অৱস্থাত সূর্যই কেনেকৈনো শক্তি দিব সেই বিষয়ে সিমান দকৈ নাভাবিছিলো। কিন্তু এতিয়া চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত জড়িত হৈ পৰাৰ পাচত উপলব্ধি কৰিছো আমাৰ ককা-আইতাহঁতে বা ভাৰতীয় ঋষিমুনিসকলে পালন কৰা বা অভ্যাস কৰা কেতবোৰ নীতি-নিয়মৰ আচলতে স্বাস্থ্যসন্মত ভেটী আছে। পুৱাৰ সূৰুযৰ কিৰণে দেহৰ ছালত পৰাৰ পাচত ছালৰ কোষে সৃষ্টি কৰে আমাৰ শৰীৰৰ হাড়ৰ গাঁথনিৰ বাবে প্ৰয়োজন ভিটামিন-ডি, নৰ্বৈৰ পৰা পঁচানব্বৈ শতাংশই সূৰ্যৰ ৰশ্মিৰ সহায়ত সৃষ্টি হয়।

তিনি অক্ষিৰে তেজাল এক পুৰুষ। চাৰি বাহুযুক্ত এই সুদর্শন পুৰুষজন সাতটা ঘোঁৰাই টানি নিয়া ৰথখনত উপবিষ্ট। তেৱেঁই, পৃথিৱী পোহৰোৱা সূৰুয দেৱতা। সেই সূৰুযৰ কিৰণে মানৱ দেহত সৃষ্টি কৰায় ভিটামিন ডি যি হ’ল শক্তিৰ আধাৰ।

বষ্ট’ন বিশ্ববিদ্যালয়ৰ স্কুল অব্‌ মেডিচিনৰ অধ্যাপক মাইকেল হলিক্‌চে এক গৱেষণা পত্ৰত উল্লেখ কৰিছে যে সূৰ্যৰ কিৰণে মানৱদেহত বিভিন্ন দিশত উপকাৰ কৰে। মনৰ স্মৃতিৰ পৰিসীমাৰ পৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তি প্ৰদান কৰালৈকে। ৰ'দবিহীন গোমা বতৰ এটাই আমাকো যেন দুখী কৰে। পেনপেনীয়াকৈ বৰষুণ দি থকা বতৰবোৰ দীঘলীয়া হ’লে চোতালত বাঢ়নিৰ কাঠি একে উশাহে খুঁচি দি আকাশলৈ চাই প্ৰাৰ্থনা কৰিছিলো সূৰ্য দেৱতাক ভুমুকিয়াবলৈ কিয়েই বা আছে এই ৰশ্মিত! মই ভাবি আচৰিত হৈছিলো স্কুলীয়া কালত। এটা কথা জানিছিলো যে, সূৰ্যৰ ৰশ্মিত উপকাৰী বহুখিনি উপাদান থকাৰ লগতে অতিবেঙুনীয়া ৰশ্মিও সম্পৃক্ত হৈ থাকে যিটো পিচে জীৱৰ প্ৰতি ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিয়ে। মানুহৰ শৰীৰত সুখদায়ক অনুভূতিৰ সৃষ্টি কৰায়। যি ৰাসায়নিক পৰিঘটনাই আমাৰ শৰীৰত ‘চেৰোটনি' নামৰ হৰমনৰ নিঃসৰণ ঘটায় আৰু এই হৰমনেই প্ৰকৃততে এজন ব্যক্তিক উৎফুল্লিত কৰে, সেই হৰমন নিঃসৰণ প্ৰক্ৰিয়াটোৰ ত্বৰান্বিত কৰে সূৰ্যৰ ৰশ্মিয়ে। এই ৰশ্মিয়ে বৃদ্ধি কৰে এনডৰফিন্ নামৰ এটি ৰসায়ন আমাৰ শৰীৰত যিয়েই ব্যক্তিজনৰ সক্ৰিয় কৰাৰ লগতে শক্তিও যোগায়। সেয়েহে শাৰীৰিক ব্যায়াম আদি বা খেলা-ধূলা মুকলি পথাৰত কৰিলে সূৰ্যৰ ৰশ্মিৰ সহায়ত শৰীৰত বৃদ্ধি পোৱা চেৰোটনিন, এনডৰফিন্ আদিয়ে ব্যক্তি এজনক উৎফুল্লিত, প্ৰাণৱন্ত কৰি তোলে। সূৰ্যৰ পোহৰে দিয়া উপকাৰসমূহ-

  • প্ৰতিৰক্ষী ক্ষমতা—আমাৰ শৰীৰৰ প্ৰতিৰক্ষী ক্ষমতা সক্ৰিয় কৰি ৰখাত সহায় কৰে সূৰ্যৰ পোহৰে।
  • বিভিন্ন ছালৰ সমস্যা নিৰাময় হোৱাত সহায় কৰে। চৰিয়াচিচ এক্‌নি বা শালমইনা, একজিমা আদি সমস্যাত নিয়ন্ত্রিত সময়ৰ বাবে সূৰ্যৰ ৰশ্মি শৰীৰত পেলাবলৈ দিলে এনে সমস্যাবোৰ নিয়ন্ত্রণ কৰাত সহায়ক হয়।
  • সূৰ্যৰ ৰশ্মিয়ে আমাৰ শৰীৰত সৃষ্টি কৰা ভিটামিন ডিয়ে আমাক হাড়ৰ গাঁথনি থুনুকা হোৱাৰ পৰা ৰক্ষা কৰে। ডায়বেটিচ ৰোগ, মালটিপল্‌ স্কেল’ৰ'চিচ্‌ ৰোগ আদিৰ পৰাও ৰক্ষা কৰিব পৰা ক্ষমতাও থাকে সূর্যৰ কিৰণত সপ্তাহটোত অন্ততঃ তিনি ঘণ্টাকৈ সূৰ্যৰ পোহৰত-ৰ’দত থিয় হোৱা দৰকাৰ।
  • ৰ’দত খেলা-ধূলা কৰা শিশুৰ দাঁতৰ গাঁথনি মজবুত হোৱা দেখা যায়। আচলতে ৰ'দৰ উত্তাপে, আমাৰ শৰীৰত চেৰোটনিন নামৰ হৰমন নিঃসৰণ কৰা প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰে, যিটো হৰমনে মানুহ এজনক প্রাণৱন্ত কৰি তোলে। ইয়াৰ উপৰি ভিটামিন ডিৰ সৃষ্টিয়ে হাড়, দাঁতৰ গাঁথনি মজবুত কৰে।

উৰ্বৰতাৰ সহায়ক সুৰুযৰ কিৰণ। সুৰ্যৰ ৰশ্মিয়ে সহায় কৰিব পাৰে গৰ্ভধাৰণৰ প্ৰক্ৰিয়াক। মাতা কুন্তী আৰু কৰ্ণৰ জন্ম তাতে আছে সূৰ্য দেৱতাৰ স্থিতি। অধ্যয়নত দেখা গেছে যে সূৰ্যৰ ৰশ্মিয়ে মেলাট’নিন নামৰ এটা ৰসায়নৰ নিঃসৰণ হ্রাস কৰায়। যিটোৱে উৰ্বৰতা হ্রাস কৰোৱায়। সেয়েহে মেলাট’নিন শৰীৰত হ্রাস পালে উৰ্বৰতা বৃদ্ধি হ'বলৈ লয়। গ্ৰীষ্মকালত সেয়েহে গৰ্ভধাৰণৰ শতকৰা বৃদ্ধি পায়।

ৰজোনিবৃত্তিৰ ওপৰতো সূৰ্যৰ ৰশ্মিয়ে প্রভাৱ পেলায়। যি নাৰীয়ে সপ্তাহত এঘন্টাতকৈয়ো কম সময় সূৰ্যৰ পোহৰত থিয় নহয়, সেই নাৰীৰ ক্ষেত্ৰত ৰজোনিবৃত্তি কিছু আগতীয়া হয়।

পুৰুষ হৰমন টেষ্টোষ্টেৰণৰ সক্রিয়তা বৃদ্ধি কৰে সূৰ্যৰ পোহৰে। সেয়েহে হয়তো কৃষক, শ্ৰমিকসকলৰ শৰীৰৰ গঠন আটিল আৰু মজবুত হয়। সূর্যৰ কিৰণৰ যি প্ৰাবল্য আমাৰ শৰীৰত পৰে সেই প্ৰাবল্যই ক্ষুদ্রান্তু বৃহদান্ত্ৰৰ কোষসমূহৰ ওপৰতো ক্ৰিয়া কৰে আৰু সৃষ্টি কৰায় কেতবোৰ সহায়ক মেটাবলিক সমীকৰণ 'ATP', 'KREB CYCLE' আদি শৰীৰৰ জৈৱ ৰাসায়নিক প্রক্ৰিয়াৰ ত্বৰান্বিত স্থিতি। ফলত আমাৰ খাদ্যনলীত হোৱা সমস্যা যেনে ক্ৰনচ্‌ ডিচিজ, ইৰিটেবল বাৱেল চিণ্ড্ৰম্‌ আদি কিছু হ’লেও লাঘৱ হোৱাত সহায়ক হয়। আমাৰ শৰীৰৰ হজম প্রক্ৰিয়াটো নিয়মিত কৰি তোলে। ই যেন এক চক্ৰকাৰ গতি।

সূৰুযমুখী ফুলপাহৰ পোহৰ বিলোৱা হাঁহিয়ে যেন বাগিচাখনক সুন্দৰ কৰি তোলে। হালধীয়া ফুলৰ ওৰণি বতাহত হালে জালে। সেই ফুলৰ পৰা প্ৰস্তুত কৰা তেল আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। সূর্যৰ কিৰণৰ প্ৰভাত এই ফুল উদ্ভাসিত হৈ উঠে। সূর্যটো যি দিশত জিলিকি থাকে সেই দিশলৈ চাই হেনো বেলি ফুল বা সূৰুযমুখী ফুলটো হেলনীয়া হৈ পৰে। সেয়েহে হয়তো এই ফুলৰ পৰা প্ৰস্তুত কৰা তেলে আমাক সুস্বাস্থ্য দিয়াত সহায়ক হ’ব পাৰে।

  • সূৰুযমুখী তেলে আমাৰ হৃদয়ক সুস্থ ৰখাত সহায় কৰে।
  • এই তেলত আছে লিন’লিক এচিড যিটো হ’ল অমে'গা ছিক্স ফেটি এচিড আৰু তেজত কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে।
  • ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাতো এই তেলে সহায় কৰে।
  • ছালৰ সমস্যা দূৰ কৰিব পাৰে। কিয়নো সূৰুযমুখী তেল কিছুমান কস্মেটিক সামগ্ৰীও ব্যৱহাৰ কৰি সুফল পোৱা দেখা গৈছে। ইয়াত সম্পৃক্ত হৈ থকা অলিক এচিড ষ্টেৰিক এচিড, আনকি ভিটামিন ইয়ে শৰীৰৰ লিপিদ্‌ পৰিমাণ নিয়ন্ত্ৰণত ৰখাৰ লগতে এন্টিঅক্সিডেণ্ট মাত্রাও বৃদ্ধি কৰে। যিটো সুস্বাস্থ্যৰ বাবে যথেষ্ট প্ৰয়োজনীয়।
  • কৰ্কট ৰোগ প্ৰতিৰোধতো সহায়ক এই সূৰুযমুখী তেল।
  • সুস্বাস্থ্যৰ বাবেই প্ৰয়োজন সুপৰিমিত আহাৰ প্ৰফুল্লিত মন, শাৰীৰিক ব্যায়াম আৰু শৃংখলাবদ্ধ জীৱনশৈলী। সূৰুয আৰু শৰীৰ উপযোগী ৰশ্মি আমাক লাগে। ভিটামিন ডি সৃষ্টিত যোগোৱা অৰিহণা, মন শৰীৰৰ উৎফুল্লিত কৰিব পৰা হৰমনৰ নিঃসৰণত সূৰুযৰ কিৰণৰ যি প্ৰাসংগিক তাক আমি অনুভৱ কৰিছো বাবেই হয়তো দীঘলীয়াকৈ পেনপেনীয়া বৰষুণ দি থকা দিনবোৰত আমিবোৰে সূৰ্যক ধিয়াই গাওঁ ‘আলি কাটি জালি দিম বৰ পিৰা পাৰি দিম তাতে বহি বহি ৰ'দ দে— ‘সূৰুযমুখী ফুলৰ খেতিপথাৰ ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠা অঞ্চলসমূহ অর্থনৈতিকভাবেও অগ্ৰসৰ হ’বলৈ লৈছে। সূৰুযৰ অতিবেঙুনীয়া ৰশ্মিয়ে ক্ষতি কৰিবলৈ নোৱাৰক তাৰ বাবেই 'U- V RAY' প্রতিৰোধ কৰিব পৰা ব্যৱস্থা লোৱা হৈছে। অজন স্তৰ ক্ষতি নহওক সেয়াই এতিয়া যথেষ্ট গুৰুত্ব লাভ কৰিছে। উপকাৰী সূৰ্যৰ কিৰণেহে আমাক স্পর্শ কৰক সেই বাবেই আমিবোৰ হওঁ সচেতন। পুৱাৰ সূৰ্য নমস্কাৰ হওক আমাৰ নিয়মীয়া অভ্যাস।

লেখিকা: ডাঃ মৌচুমী বৰকটকী, সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate