চজিনা এবিধ প্ৰসিদ্ধ গছ। ইয়াৰ ফলো প্ৰসিদ্ধ আহাৰ। এই গছ সকলো ঠাইতে জন্মে। গছডাল বৰ ডাঙৰ হয় আৰু পাতবোৰ সৰু সৰু। চজিনাৰ ফলবোৰ দীঘল দীঘল হয়। ইয়াৰ ফুল আৰু ফল দুয়োবিধেই মানুহে আঞ্জা হিচাপে খায়। ফুলৰ ৰং ভেদে চজিনাৰ গছ তিনি প্ৰকাৰৰ। বগা ফুলৰ বিধক বগা চজিনা, নীলা ফুলৰ বিধক নীলা চজিনা আৰু ৰঙা ফুলৰ বিধক ৰঙা চজিনা বোলে। তিনিও বিধ চজিনাই দৰৱ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
চজিনাৰ প্ৰায় প্ৰতিটো অংশই দৰৱ উপযোগী। ছালৰ ৰস এক তোলা, শুকোৱা চূৰ্ণ দুই অনা, বীজৰ চূৰ্ণ দুই অনাৰ পৰা চাৰি অনালৈকে ব্যৱহাৰ কৰিব পাৰি। চজিনাৰ ছালৰ কহ কৰি ব্যৱহাৰ কৰিলেও ভাল হয়। অনুপাত কহ দুই তোলা ল’ব লাগিব।
চজিনাৰ ৰসত জলা, মিঠা আৰু তিতা ৰস থাকে। কহ কৰিলে জ্বলা আস্বাদিত হয়। তীক্ষ্ণ, উষ্ণ বীৰ্য, লঘু অগ্নিৰ দীপক, ৰুচিকাৰক, ৰুক্ষ, ক্ষাৰযুক্ত, বিদহী বীৰক, শুক্ৰ বৰ্ধক্ম হৃদয়গ্ৰাহী, ৰক্তপিত্ত প্ৰকোপক আৰু চকুৰ হিতকাৰক। কফ্, বায়ু, বিদ্ৰধি, শোথ, কৃমি, মেদৰোগ, অপচী, বিষ, প্লীহা, গলগণ্ড আৰু ব্ৰণ ৰোগ নাশক। বগা চজিনাৰো একে গুণ। তেনেকৈ ৰঙা চজিনাৰো। চজিনাৰ বাকলি আৰু পাতৰ ৰস বিষক্ৰিয়াৰ বাবে বিশেষ গুণকাৰক। চজিনাৰ গুটি চকুৰ হিতকাৰক, তীক্ষ্ণ, উষ্ণ বীৰ্য, বিষঘ্ন, অবৃয্য, কফ্ আৰু বায়ু বেমাৰৰ কাৰণে হিতকাৰক।
চজিনা এনেকুৱা দ্ৰব্য যে পক্ষাঘাত আৰু পুৰণি বাত বেমাৰত স্থানিক প্ৰযোজ্য। ইয়াৰ গুটিৰ পৰা এবিধ তেল ওলায়। এই তেল বিষৰ স্থানত মালিচ কৰিলে বিষ উপশম হয়। পক্ষাঘাত আৰু অবিৰাম জ্বৰত ইয়াৰ ছালৰ চূৰ্ণ দুই অনা পৰিমাণে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। উদৰী, স্বৰভংগ আৰু গলৰ বেদনাত ইয়াৰ শিপাৰ ছালৰ কহ কৰি মুখ ধোৱালে উপকাৰ হয়। অশ্মৰী, শৰ্কৰা, মূৰ্চ্ছা, অপস্মাৰ আৰু বাত-ব্যাধি আদিত চজিনা বৰ উপকাৰী। ইয়াৰ বীজ কৃমিনাশক।
কেতিয়াবা কাণৰ বিষ হ’লে চজিনাৰ ৰস, তিল তেলৰ লগত মিহলাই কাণত পেলাই দিলে বিষ উপশম হয়। চজিনাৰ আঠাও তেনেকৈ ব্যৱহাৰ কৰিব পাৰি।
চজিনাৰ শিপাৰ ৰস এক তোলা পৰিমাণে মৌৰ লগত সেৱন কৰিলে অন্তবিদ্ৰধি নাশ হয়। ইয়াৰ ছাল বটি বা শুকুৱাই গুড়ি কৰি লেপ দিলে সকলো প্ৰকাৰৰ ফোঁহা বহি যায় বা পকি পূঁজপানী ওলাই যায়। নীলা চজিনাৰ বীজ, সৈন্ধৱ লৱণ, কুড় এইবোৰ ছাগলীৰ মূতত বটি শুকুৱাই নস্য ল’লে তন্দ্ৰা, আলস্য, অপস্মাৰ, মূৰ্চ্চা আদি ৰোগ নাশ হয়।
কুষ্ঠ ৰোগত চজিনাৰ ছালৰ কহৰ লগত তেল পাগ কৰি সেই তেল ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। নীলা চজিনাৰ শিপাৰ নস্য ল’লে সান্নিপাতিক জ্বৰৰ সংজ্ঞা নাশ বা যিকোনো সংজ্ঞা নাশতে উপকাৰ লাভ কৰিব পাৰি। আৰু কিছুমান ৰোগ আছে যিবোৰক চজিনাৰ ঔষধি গুণেৰে নিৰাময় কৰিব পাৰি। যেনে-বাতৰক্ত কুষ্ঠ, দদ্ৰু (খৰ), পামা (বেহুচ) আদি ৰোগত চজিনাৰ ছালৰ ৰস খুৱাব লাগে আৰু ধুৱাবও লাগে। ডিঙিৰ ভিতৰত ঘা হ’লে চজিনাৰ ছালৰ কহেৰে মুখ ধোৱালে উৎকৃষ্ট গুণ পোৱা যায়।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 5/26/2020
আখৰোটৰ ঔষধি গুণ
আঁহত গছৰ ঔষধি গুণ
অপৰাজিতা ফুলৰ ঔষধি গুণ
অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ