সেউজ গৃহ গেছ নিৰ্গমন বৃদ্ধি আৰু জৈৱ-বৈচিত্ৰ্য হেৰুওৱাৰ লগতে বায়ু আৰু জল প্ৰদূষণ বৃদ্ধিয়ে মানৱীয় স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ বাবে উদ্বিগ্ন হৈ পৰিছে বিজ্ঞানী মহল। এনে পৰিপ্ৰেক্ষিততে বিজ্ঞানী আৰু গৱেষকৰ দলে অধ্যয়ন চলাই বায়ু আৰু জল প্ৰদূষণ হ্ৰাস কৰা, সেউজ গৃহ গেছ নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে পৰিৱেশগত কৃষিৰ প্ৰাসংগিকতাক উপলব্ধি কৰিছে। উদ্যোগগত কৃষিৰ পৰা পৰিৱেশ, সামাজিক আৰু মানৱীয় স্বাস্থ্যৰ প্ৰতি আহি পৰা সংকটৰ পৰা উদ্ধাৰ পাবলৈ গৱেষকসকলে পৰিৱেশগত কৃষিক প্ৰাধান্য দিবলৈ বিশ্ববাসীক আহ্বান জনাইছে। মানৱীয় স্বাস্থ্যৰ অৱনতি আৰু পৰিৱেশ দ্ৰুতগতিত হ্ৰাস পাই থকাৰ ভয়ৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কৃষিবিদ, স্বাস্থ্য বিশেষজ্ঞ, পুষ্টিকৰ বিশেষজ্ঞ আৰু সামাজিক বিজ্ঞানীৰ ২২ জনীয়া দল এটিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত গৱেষণা চলাই উদ্যোগগত কৃষিৰ অপকাৰিতাক ধৰা পেলাইছে। মন কৰিবলগীয়া যে উদ্যোগগত কৃষি সাধাৰণতে ৰাসায়নিক সাৰ, পেষ্টিছাইড আৰু এণ্টিবায়’টিকৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ বাবে তেনে কৃষি পদ্ধতিয়ে জৈৱ-বৈচিত্ৰ্য, সামাজিক আৰু মানৱীয় স্বাস্থ্যত আঘাত হানিছে। আজিৰ খাদ্য আৰু কৃষিয়ে পদ্ধতিগতভাৱে নেতিবাচক প্ৰভাৱ পেলাই থকা বুলি দলটোৱে গৱেষণাৰ সময়ত তথ্য লাভ কৰিছে। দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ অনুপাতে খাদ্য-সামগ্ৰী যোগান ধৰাৰ তাগিদাতেই উদ্যোগগত কৃষিক প্ৰাধান্য দি থকা হৈছে। এই সময়তে কৃষি সামগ্ৰী উত্পাদনৰ লক্ষ্যৰে ৰাসায়নিক সাৰকে ধৰি বিভিন্ন কাৰক ব্যৱহাৰ কৰাৰ ফলত ভূমিৰ উৰ্বৰতাও হ্ৰাস পাইছে। আনকি ভূমি প্ৰদূষিত হোৱা বুলিও গৱেষণাত পোহৰলৈ আহিছে। ইতিমধ্যে বিজ্ঞানী দলটোৱে পৰিৱেশগত কৃষি পদ্ধতি প্ৰয়োগ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত কৃষি সামগ্ৰী উত্পাদনত সফলতা লাভ কৰিছে। এই সামগ্ৰী উত্পাদন কোনো গুণে পূৰ্বৰ পদ্ধতিতকৈ কম নহয়। যাৰ বাবে গোলকীয় খাদ্য পদ্ধতি পূৰ্বৰে পৰা যিদৰে যোগান ব্যৱস্থা চলি আহিছে, সেই ধাৰা ব্যাহত হোৱাৰ কোনো সম্ভাৱনা নাই। এই নতুন পৰিৱেশগত পদ্ধতিৰে কৃষিকৰ্ম কৰিলে ভূমিত কাৰ্বন ধৰি ৰখা, জৈৱ-বৈচিত্ৰ্যতাক সমৰ্থন, ভূমিৰ উৰ্বৰতা পুনৰ নিৰ্মাণ আদিকে ধৰি বিভিন্ন কাৰকসমূহত নেতিবাচক প্ৰভাৱ পৰাটো ক্ষীণ হৈ পৰে। তদুপৰি কৃষি জীৱিকা সুৰক্ষাও নিশ্চিত হৈ থাকিব। লক্ষণীয় যে এইধৰণৰ পদ্ধতিৰে কৃষি কৰ্ম কৰিলে খাদ্যৰ মান উন্নত হোৱাৰ লগতে স্বাস্থ্যও উন্নীত হয়। তাত্পৰ্যপূৰ্ণ যে উদ্যোগগত কৃষি পদ্ধতিত কৃষক, ৰাজসাহায্য, বৃহত্ বজাৰ, চৰকাৰ আৰু গ্ৰাহকৰ সম্পৰ্কৰ ক্ষেত্ৰত এটা বিৰাট ব্যৱধান ৰাখি খাদ্য পদ্ধতিটো কেৱল কিছু কোম্পানী আৰু কেইগৰাকীমান ব্যক্তিৰ হাতত সকলো ন্যস্ত হৈ থাকে। তদুপৰি উদ্যোগগত কৃষিয়ে দশক দশক ধৰি বিশেষ স্থান লৈ আহিছে যদিও এটা গ্ৰহণযোগ্য খাদ্য পদ্ধতি তৈয়াৰ কৰাত বিফল হৈ আহিছে। এইক্ষেত্ৰত বিভিন্ন সাক্ষ্য লাভ কৰা বুলি গৱেষকৰ দলটোৱে প্ৰকাশ কৰি কয় যে পূৰ্বৰ পদ্ধতি সলনি কৰি পৰিৱেশগত কৃষি পদ্ধতি গ্ৰহণ কৰিলে নাটকীয়ভাৱে ইয়াৰ ফলাফল উচ্চ হাৰত লাভ কৰিব। পৰিতাপৰ বিষয় যে উদ্যোগগত কৃষিয়ে মানৱীয় স্বাস্থ্যৰ বিৰাট হানি কৰিছে। বিশেষকৈ এলঝেইমাৰ, জন্মগত বিসংগতি, কৰ্কট আৰু বিভিন্ন শাৰীৰিক বিসংগতিৰ বীজাণু প্ৰসাৰিত কৰি আহিছে। মুঠৰ ওপৰত মানৱীয় স্বাস্থ্য আৰু পৰিৱেশক সঠিক কৰি ৰাখিবলৈ হ’লে কৃষিৰ ক্ষেত্ৰতো গৱেষক-বিজ্ঞানীয়ে বিচৰা ধৰণে পৰিৱৰ্তন আনিব লাগিব।
লেখক: প্ৰদ্যুত্ কুমাৰ দাস, নিয়মীয়া বাৰ্তা।
শেহতীয়া উন্নীতকৰণ: : 6/23/2020
খাদ্য সামগ্ৰীৰ ভেজালকৰণ
কৃত্ৰিম মৌল
গাউট ৰোগ
কোৱান্টাম আউল