অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক দ্ৰবৰ পৰা শক্তি উৎপাদন

জৈৱিক দ্ৰবৰ পৰা শক্তি উৎপাদন

জৈৱ দ্ৰব্য সম্বন্ধীয় শক্তি উৎপাদন

ভাৰতত কৃষি, কৃষি- উদ্যোগ আৰু অৰণ্য অঞ্চল আদিৰ পৰা অধিক পৰিমাণৰ জৈৱ সামগ্ৰী উৎপন্ন হয়৷ এক আনুমানিক হিচাপৰ মতে, প্ৰত্যেক বছৰে ৫০০ মিলিয়ন টন কৃষি, কৃষি- উদ্যোগৰ অৱশিষ্ট এনে পৰি থাকে৷

  • এই পৰিমাণ, তাপৰ পৰিমাণ নিহিত হৈ থকা ক্ষেত্ৰত, প্ৰায় ১৭৫ মিলিয়ন টন তেলৰ সমান৷
  • এই পদাৰ্থসমূহৰ এটা অংশ গ্ৰাম্য অথৰ্নীতিত জীৱজন্তুৰ খাদ্য আৰু  ইন্ধন হিচাপে  ব্যৱহাৰ হয়৷ অৱশ্যে, অধ্যয়নে এইটো নিৰ্দেশ কৰে যে, কমেও ১৫০-২০০ মিলিয়ন টন এইধৰণৰ জৈৱ পদাৰ্থ কোনো ধৰণৰ উৎপাদনমুখী কামত ব্যৱহাৰ হোৱা দেখা নাযায় আৰু ইয়াক এক অতি সামান্য খৰচৰ দ্বাৰা বিকল্পিত উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পৰা যায়৷
  • এই পদাৰ্থসমূহৰ ভিতৰত বিভিন্ন ধৰণৰ তুঁহ আৰু খেৰ থাকে৷ এই প্ৰকাৰৰ জৈৱ পদাৰ্থসমূহ ১৫০০০-২৫০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবৰ বাবে যথেষ্ট৷
  • অতিৰিক্তভাৱে, জলাহ অঞ্চল, ৰাস্তা, আৰু ৰেল ট্ৰেক আদিৰ কাষত কৰা কৃষিৰ জৈৱ পদাৰ্থসমূহৰ পৰাও বিদ্যুৎ উৎপাদন কৰিব পাৰি৷ এনেধৰণৰ জৈৱিক পদাৰ্থসমূহৰ পৰা  উৎপাদন কৰিব পৰা পৰিমিত সংখ্যক বিদ্যুতৰ এক আনুমানিক হিচাপ উৰ্দ্ধতম ৭০০০০ মেগাৱাটলৈকে কৰা হৈছে৷
  • সেইদৰে, জৈৱ সামগ্ৰীসমূহৰ পৰা উৎপাদন কৰিব পৰা  সাম্ভাব্য সংখ্যা প্ৰায় ১০০০০০ মেগাৱাটলৈকে কৰিব পৰা যায় ৷
  • কাৰিকৰী কৌশল

    এই জৈৱ পদাৰ্থসমূহৰ পৰা বিদ্যুত উৎপাদন কৰাৰ কাৰিকৰী কৌশল কয়লা চালিত তাপ শক্তি উৎপাদন প্ৰক্ৰিয়াৰ সৈতে একে৷ জৈৱ পদাৰ্থসমূহ তাপ উৎপন্ন হ’বলৈ ডাঙৰ পাত্ৰত জ্বলাই দিয়া হয় যি বিদ্যুৎ উৎপাদনৰ বাবে এটা বিদ্যুৎ প্ৰত্যাৱৰ্তক শক্তি হিচাপে কাম কৰে৷

    সুবিধাসমূহ

    এই পদ্ধতিৰ বাবে ব্যৱহৃত সৰঞ্জামসমূহ কয়লা চালিত তাপ শক্তি উৎপাদন পদ্ধতিৰ সৈতে একে  আৰু সেয়ে, কোনো নতুন কাৰিকৰী কৌশল উন্নত কৰাৰ প্ৰয়োজন নাই৷
    পিচপৰা অঞ্চলসমূহত এই সামগ্ৰীসমূহ সহজলভ্য হোৱা হেতুকে, সেই অঞ্চলসমূহত বিদ্যুত যোগান উন্নত কৰিবৰ বাবে এই পদ্ধতি উত্তম৷
    কাম-কাজৰ অৱস্থা চাই বিভিন্ন প্ৰকাৰৰ জৈৱ পদাৰ্থ এই একে পদ্ধতিত ব্যৱহাৰ কৰিব পাৰি৷

    ব্যয়

    জৈৱ পদাৰ্থৰ ব্যয়ৰ সাধাৰণ মূলধনৰ পৰিসৰ ৩ কৌটি টকা/মেগাৱাট ৰ পৰা ৪ কৌটি টকা/মেগাৱাট৷ উৎপাদনৰ ব্যয় জৈৱিক পদাৰ্থৰ ব্যয়, পদ্ধতিটোৰ ক্ষমতা আৰু ৰূপান্তৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে৷

    তাপ আৰু বিদ্যুৎ প্ৰয়োগত জৈৱ পদাৰ্থৰ বাস্পীভৱন

    জৈৱ পদাৰ্থৰ বাস্পীভৱন কি ?

    সম্পূৰ্ণ প্ৰজ্বলনৰ বাবে আৱশ্যক হোৱা  বাস্তবিক প্ৰয়োগতৰ বায়ুতকৈ নিম্ন মাপৰ বায়ু  যোগানৰ দ্বাৰা এক আংশিক প্ৰজ্বলনৰ যোগেদি গোটা পদাৰ্থসমূহ জ্বলাব পৰা গেছ মিশ্ৰণলৈ(উত্পাদিত গেছ) ৰুপান্তৰ কৰা এক তাপ  ৰাসায়নিক প্ৰক্ৰিয়াই হ’ল জৈৱ পদাৰ্থৰ বাস্পীভৱন৷ উত্পাদিত গেছৰ সাধাৰণ উপাদান তলত উল্লেখ কৰা হ’ল৷

    • কাৰ্বন মন’অক্সাইড - 18%–20%
    • হাইড্ৰজেন- 15%–20%
    • মিথেন  - 1%–5%
    • কাৰ্বন ডাইঅক্সাইড - 9%–12%
    • নাইট্ৰ’জেন - 45%–55%
    • কেলৰী মূল্য  - 1000–1200 কি.কেl/মি3

    জৈৱ পদাৰ্থসমূহ কিয় বাস্পীভূত কৰা হয় ?

    • সুপৰিকল্পিতভাৱে নিৰ্মাণ/উপস্থাপিত কৰা আভ্যন্তৰিণ প্ৰজ্বলিত (আইচি) ইঞ্জিনসমূহত জেনেৰেটৰৰ সৈতে বিদ্যুত উত্পাদনৰ বাবে  ডিজেলৰ পৰিবৰ্তে ইন্ধন হিচাপে উত্পাদিত গেছ ব্যৱহাৰ কৰিব পাৰি৷
    • উদ্যোগত তাপ ব্যৱহাৰ কৰি কৰা বহুতো কাম-কাজত উত্পাদিত গেছ তেল আদিৰ দৰে গতানুগতিক শক্তিসমূহৰ লগত সলনি কৰিব পাৰি৷
    • পৰিবেশ ব্যৱস্থা তুলনামূলকভাৱে পৰিস্কাৰ আৰু গ্ৰহণযোগ্য কৰি ৰাখিবৰ কাৰণেই বাস্পীভৱন প্ৰক্ৰিয়া ব্যৱহাৰ কৰা যোগ্য বুলি ক’ব পৰা যায৷
    • ডিজেল জেনেৰেটৰ (ডিজি) চেটৰ যোগেদি  আংশিক পৰিমানৰ ডিজেল ৰাহি কৰিও  বৃহত পৰিমানৰ ধন লাভ কৰিব পাৰি৷

    কেনেকুৱা প্ৰকাৰৰ জৈৱ পদাৰ্থ বাস্পীভূত কৰিব পাৰি ?

    অতি সাধাৰণভাৱে উপলব্ধ কাঠ/ কাঠৰ পৰা ওলোৱা জৈৱ পদাৰ্থসমূহ বাস্পীভূতকৰণৰ বাবে ব্যৱহাৰ কৰা হয় ; কিছুমানে ধানৰ খেৰো তেনেদৰে ব্যৱহাৰ কৰে৷ যদিও বাস্পীভূতকৰণ পদ্ধতি এই সামগ্ৰীসমূহ মানি চলাৰ বাবে আৰু জৈৱ পদাৰ্থসমূহ বহুতো কামত লগাবৰ বাবে বিশেষভাৱে নিৰ্দ্ধাৰণ কৰি থোৱা হয়, তথাপিও কাঠৰ সামগ্ৰীৰ বাহিৰেও আন বহুতো জৈৱ পদাৰ্থ বাস্পীভূত কৰিব পৰা যায়৷

    বাস্পীভৱন পদ্ধতিয়ে কেনেকৈ কাম কৰে ?

    বাস্পীভূত পদ্ধতিসমূহ ‘আপড্ৰাফট’ অথবা ‘ডাউনড্ৰাফট' হ’ব পাৰে৷ ডাউনড্ৰাফট প্ৰকাৰত, ইন্ধন আৰু বায়ু ক’কাৰেন্ট ভাৱে গতি কৰে৷ আপড্ৰাফট প্ৰকাৰত, ইন্ধন আৰু বায়ু কাউন্টাৰ-কাৰেন্ট ভাৱে গতি কৰে৷ অৱশ্যে প্ৰধান সংঘটন অঞ্চল একে অৱস্থাত তকে৷
    ৰিয়েক্টৰত ইন্ধন ওপৰৰ পৰা যোগ হয়৷ ইন্ধন তললৈ গতি কৰাৰ লগে লগে, ই শুকাবলৈ ধৰে আৰু ইয়াৰ ৰাসায়নিক পৰিবৰ্তন আৰম্ভ হয়৷ অক্সিজেন জ’নত থকা ৰিয়েক্টৰত বায়ু প্ৰবেশ কৰোৱা হয় আৰু আংশিক প্ৰজ্বলনৰ দ্বাৰা পদাৰ্থসমূহৰ আৰু গোটা সামগ্ৰীসমূহৰ ৰাসায়নিক প্ৰক্ৰিয়া ঘটোৱা হয়, ইয়াৰ উঞ্চতা 1100 ° চে.লৈ বৃদ্ধি পায়৷ ই গধূৰ হাইড্ৰকাৰ্বন আৰু উৰ্ধ পাতন সামগ্ৰীসমূহ ভঙাত সহায় কৰে৷ এই সামগ্ৰীসমূহ তললৈ অহাৰ লগে লগে, সেইবিলাক ৰিডাকচন জ’নত প্ৰবেশ কৰে য’ত ৰঙা-উত্তপ্ত কাঠকয়লাত কাৰ্বন-ডাইঅক্সাইড আৰু পানীৰ ভাপৰ প্ৰতিক্ৰিয়াৰ বাবে উত্পাদিত গেছ তৈয়াৰ হয়৷ এই উত্তপ্ত অৰু লেতেৰা গেছ শীতলীকৰণ,পৰিস্কাৰকৰণ যন্ত্ৰ আৰু ফিল্টাৰৰ মাজেৰে পাৰ হৈ অহাৰ পিচতহে ইঞ্জিনলৈ আহে৷

    উত্পাদিত গেছৰ সৈতে কি কৰা হয়?

    পৰিস্কাৰ উত্পাদিত গেছ বিদ্যুত শক্তি উত্পাদনৰ কাৰণে ডুৱেল-ফুৱেলৰ আইচি ইঞ্জিন (য’ত ডিজেল 60%-80% লৈকে বচাব পৰা যায়)ৰ জড়িয়তে ,নতুবা 100% গেছ-ফায়াৰড স্পাৰ্ক ইগনিশ্যন ইঞ্জিনসমূহত ব্যৱহাৰ কৰিব পাৰি৷ সৰু বয়লাৰ, অগ্নিশাল, হট এয়াৰ জেনেৰেটৰ , ড্ৰায়াৰ আদিত উত্তপ্ত কৰিবলৈ গতানুগতিক ভাৱে ব্যৱহাৰ কৰি থকা শক্তিৰ সালসলনি কৰিবলৈও এই উত্পাদিত শক্তি ব্যৱহাৰ কৰিবও পাৰি৷

    সাধাৰণ সক্ষমতা

    জৈৱপদাৰ্থ বাস্পীভূত কৰা পদ্ধতি বিদ্যুতৰ সমকক্ষ কিলোৱাটৰ পৰা মেগাৱাট ক্ষমতাৰ পৰিসৰত তৈয়াৰ কৰা হয়৷ উত্তাপিত কৰা পদ্ধতিসমূহত, কাৰেন্টৰ উচ্চ সীমা তেল ব্যৱহাৰৰ 200- 300কেজি/ঘন্টাৰ সমান৷

    ব্যয়

    সাধাৰণ জৈৱপদাৰ্থ বাস্পীভৱন সম্বন্ধীয় বিদ্যুত উত্পাদন পদ্ধতিৰ ব্যয়ৰ পৰিসৰ 4 কৌটি টকা/মেগাৱাট ৰ পৰা 4.5 কৌটি টকা/মেগাৱাট৷ জৈৱ পদাৰ্থ, পদ্ধতিটোত ব্যৱহাৰ কৰা সামগ্ৰী আদিত মূল্যৰ ওপৰত শক্তি উত্পাদনৰ ব্যয় নিৰ্ভৰ কৰে , আৰু ইয়াক 2.50/ কিলোৱাট আৰু 3.50/কিলোৱাটৰ মাজত অনুমান কৰিব পৰা যায়৷ তাপ প্ৰয়োগৰ ক্ষেত্ৰত, 1 মিলিয়ন কিলোকেলৰিত মূল ব্যয় প্ৰায় 0.5-0.7 কৌটি টকাৰ ভিতৰত অনুমান কৰা হয়৷

    জাবৰ–জোথৰ সম্বন্ধীয় সহ উৎপাদন

    কাৰিকৰী কৌশল

    সাধাৰণ অথৰ্ত, একক ইন্ধন ব্যৱহাৰ কৰি এটাতকৈ অধিক শক্তি শৃংখলত উত্পাদন কৰা পদ্ধতিয়েই হ’ল সহ-উত্পাদন৷ উত্পাদনক্ষম উদ্যোগসমূহত ইন্ধন ব্যৱহাৰ কৰাৰ সকলো দক্ষতা তাপ আৰু বিদ্যুতৰ সহ উত্পাদনেৰে লক্ষণীয়ভাৱে বৃদ্ধি কৰিব পাৰি৷ এক নিৰ্ভৰযোগ্য অনুপাতত অবিৰত তাপ আৰু বিদ্যুতেই হ’ল সহ উত্পাদনৰ বাবে এটা নুন্যতম আৱশ্যকীয়তা যাক চেনীৰ উদ্যোগ সমূহত সম্পূৰ্ণৰুপে কামত লগোৱা হৈছে৷ বিদ্যুত উত্পাদনৰ সময়ত, এটা নিম্ন তাপমাত্ৰাৰ চৌব্বাচ্চালৈ বহু পৰিমানৰ তাপ এৰি দিয়া হয়৷ সাধাৰণ বিদ্যুত উত্পাদন পদ্ধতিত, এই তাপ এৰি দিয়া ক্ৰিয়া কণ্ডেনচাৰত সংঘটিত হয়,য’ত 70% তাপ বায়ুমণ্ডললৈ এৰি দিয়া হয়৷ সহ উত্পাদন অৱস্থাত, এই তাপৰ অপব্যয় নহয়, ইয়াৰ পৰিবৰ্তে পদ্ধতিটো উত্তাপিত হোৱাত প্ৰয়োজন হয়৷

    সৰঞ্জাম

    এই পদ্ধতিটোত ব্যৱহাৰ হোৱা মূল সৰঞ্জাম হ’ল উচ্চ তাপত জাৱৰ-জোথৰ জ্বলোৱাৰ পাত্ৰ, তাপ প্ৰবাহ যন্ত্ৰ, আৰু ভিতৰৰ জালিকা সদৃশ পদ্ধতি৷ এই সকলোবোৰ সৰঞ্জাম স্থানীয় ভাৱে নিৰ্মাণ কৰা হয়৷
    ইন্ধন ব্যৱহাৰ কৰাৰ মুঠ ক্ষমতা এইদৰে 60% লৈকে অথবা কিছুমান ক্ষেত্ৰত ইয়াতকৈও অধিক পৰিমাণে বৃদ্ধি কৰিব পৰা যায়৷ এশ কিলোৱাটতকৈ কম তাপৰ পৰা (কিলোৱাট তাপ) বহু পৰিমাণৰ মেগাৱাট (মেগাৱাট তাপ) তাপ অবিৰত ভাৱে উত্পাদন হোৱাৰ সমভাৱে,  সহ উত্পাদন পদ্ধতিৰ দক্ষতাও অতি কম কিলোৱাটৰ পৰা বেছি কিলোৱাট পৰিমাণলৈ উঠা নমা কৰিব পাৰে।

    ব্যয়

    চেনীৰ উদ্যোগত স্থাপন কৰা জাৱৰ-জোথৰ সমন্ধীয় তাপ উত্পাদন কৰা পদ্ধতিত ব্যয় হোৱা ধনৰ পৰিসৰ 3 কৌটি টকা/মেগাৱাটৰ পৰা 4 কৌটি টকা /মেগাৱাট বুলি জনা যায়৷ সাধাৰণ চেনীৰ উদ্যোগত এইটো দেখা যায় যে, গড়ে ১৬০ দিনৰ ভংগনৰ বাবে, সহ উত্পাদনৰ দ্বাৰা কৰা অতিৰিক্ত শক্তি উত্পাদনে দীৰ্ঘ সময়ৰ বাবে লাভাম্বিত কৰে৷

    সাম্ভাব্যতা

    ৰাষ্ট্ৰত বতৰ্মান থকা চেনীৰ উদ্যোগসমূহত সহ উত্পাদনৰ প্ৰজেক্টৰ পৰা হোৱা অতিৰিক্ত শক্তি উৎপাদনৰ অনুমানিকতা হ’ল 3500 মেগাৱাট৷

    উৎস: আইএনডিজি দল

    শেহতীয়া উন্নীতকৰণ: : 3/12/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate