অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইখনমান জনকল্যাণমূলক আঁচনি

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ৯ মে’, ২০১৫ তাৰিখে তিনিখন জনকল্যাণ মূলক আচঁনি ৰাইজৰ সেৱাৰ বাবে মুকলি কৰে। সেইকেইখন আঁচনিৰ এটি চমু আভাস তলত বৰ্ননা কৰা হ’ল

প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আচঁনি

এই আচঁনিৰ অধীনত বীমাভুক্ত যিকোনো ব্যক্তিয়ে দুৰ্ঘটনাজনিত কাৰণত যদি অকালতে মৃত্যুমুখত পৰে বা বিকলাংগ হ’বলগীয়া পৰিস্থিতি হয় তেনেহ’লে সেই ব্যক্তিয়ে তথা তেওঁৰ পৰিয়ালে ২ লাখ টকা পৰ্য্যন্ত বীমা সুৰক্ষা লাভ কৰিব।

সকলো নাগৰিক যাৰ সঞ্চয়কৃত বেংক একাণ্ট আছে তথা বয়স ১৮ বছৰৰ পৰা ৭০ বছৰ বয়সৰ ভিতৰত পৰে তেনে ব্যক্তিয়ে এই বীমা সুৰক্ষা আচঁনিৰ সুবিধা লাভ কৰিব পাৰে। এই আচঁনিত বছৰি কেবল মাথো ১২ টকা প্ৰদান কৰিব লাগিব গ্ৰাহকে যাৰ ফলত তেওঁ এই আচঁনিৰ সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।এই আঁচনি ম্যাদ কেৱল এবছৰলৈ আৰু ই আৰম্ভ হ’ব ১ জুন ২০১৫ ৰ পৰা আৰু ই শেষ হ’ব অহা ৩১ মে’, ২০১৬।

এই আঁচনি সুবিধা লাভ কৰিবলৈ গ্ৰাহকে য’ত তেওঁৰ সঞ্চিত বেংক একাউণ্ট আছে তাত গৈ তেওঁ এখন সাধাৰণ প্ৰ-পত্ৰ পূৰণ কৰিয়েই এই আঁচনিত নিজকে পঞ্জীভূত কৰিব পাৰিব আৰু সকলো সুবিধা লাভ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা

এই আঁচনিৰ অধীনত সকলো ভাৰতীয় নাগৰিকে ১৮ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত এই আচঁনিৰ সুবিধা লাভ কৰিব পাৰিব। এই আচঁনিত বছৰি ৩৩০ টকা বীমা কৰ হিচাপে প্ৰদান কৰিব লাগিব যাৰ দ্বাৰা এই আঁচনিৰ সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। যদি এই আঁচনিত অন্তৰ্গত যিকোনো ব্যক্তিৰ আকষ্মিক মৃত্যু হয় তেনেহ’লে তেওঁৰ পৰিয়ালে ৪ লাখ টকা লাভ কৰিবলৈ সক্ষম হ’ব। যিকোনো ভাৰতীয় নাগৰিকে যাৰ বেংক একান্ট আছে তেওঁ ওচৰৰ বেংকলৈ গৈ এই আচঁনিত নিজকে  পঞ্জীভূত কৰিব পাৰিব আৰু এই আচঁনিৰ সুবিধা লাভ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰী অটল পেন্সন আঁচনি

দেশৰ সকলো নাগৰিকে যাতে বৃদ্ধ বয়সত পেন্সন লাভ কৰিব পাৰে তাৰ সুনিশ্চিত বাবে এই আঁচনি মুকলি কৰা হৈছে। ১৮ বছৰ বয়সৰ পৰা ৪০ বছৰ বয়সৰ সকলো নাগৰিকে এই আঁচনিৰ অধীনত নিজকে অন্তৰ্ভুক্তি কৰিব পাৰিব। এক নিদিষ্ট ধনৰাশি এই আঁচনিৰ উপভোক্তাই বছৰি আদায়  দিব লাগিব য’ত ৫০% চৰকাৰে অৰিহণা যোগাব। ৬০ বছৰ বয়সৰ আৰম্ভণিৰ পৰা এই আঁচনিৰ উপভোক্তা যিকোনো ব্যক্তিয়ে পেন্সন লাভ কৰিবলৈ সক্ষম হ’ব।

উৎস: জন-ধন চে জন সুৰক্ষা

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate