ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) মানে এখন পঞ্জী য’ত দেশৰ সকলো নাগৰিকৰে সবিশেষ তথা সন্নিৱিষ্ট কৰি ৰখা হয়। ১৯৫১ চনৰ লোকপিয়লৰ কাম শেষ হোৱাৰ পিছত সেই লোকপিয়ল গণনাত অন্তৰ্ভূক্ত হোৱা সকলো সবিশেষ তথ্য সন্নিৱিষ্ট কৰি অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীও প্ৰস্তুত কৰা হৈছিল।
নাগৰিকপঞ্জী অদ্যাৱধিকৰণ ১৯৫৫ চনৰ নাগৰিকত্ব আইন আৰু ২০০৩ চনৰ নাগৰিকত্ব বিধিৰ ব্যৱস্থাৱলীৰ আধাৰত কৰা হ’ব। ওপৰোক্ত দুয়োখন আইনৰ নিৰ্দেশনা অনুযায়ী নাগৰিকত্ব নিৰূপণৰ বিষয়টো ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা ১৯৭১ চনৰ ২৪ মাৰ্চৰ (মাজনিশা) আগৰ ভোটাৰ তালিকা উপলব্ধ নহ’লে তলত উল্লেখ কৰা ১৯৭১ চনৰ আগৰ সময়ৰ নথিৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব অৰ্জনৰ বিষয়টো বিবেচিত হ’ব।
১) ভূমিস্বত্বৰ/ৰায়তীস্বত্বৰ নথিপত্ৰ
২) নাগৰিকত্বৰ প্ৰমাণপত্ৰ।
৩) স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ
৪) শৰনাৰ্থী পঞ্জীয়ণ প্ৰমাণপত্ৰ
৫) পাৰপত্ৰ (পাছপোৰ্ট)
৬) ভাৰতীয় জীৱন বীমা নিগমৰ বীমা পলিচি
৭) চৰকাৰৰ দ্বাৰা প্ৰদত্ত অনুজ্ঞাপত্ৰ/প্ৰমাণপত্ৰ
৮) চৰকাৰী চাকৰি/নিযুক্তিৰ প্ৰমাণপত্ৰ (পিআৰচি)
৯) বেংক/ডাকঘৰৰ হিচাবৰ নথিপত্ৰ
১০) জন্মৰ প্ৰমাণপত্ৰ
১১) বোৰ্ড/বিশ্ববিদ্যালয়ৰ শৈক্ষিক প্ৰমাণপত্ৰ
১২) আদালতৰ নথি/আদালতৰ প্ৰক্ৰিয়াজনিত নথি
ওপৰত উল্লেখিত নথিসমূহৰ উপৰিও
১) ৰেচন কাৰ্ড আৰু
২) বিবাহসূত্ৰে আন গাঁৱলৈ স্থানান্তৰিত মহিলাৰ সন্দৰ্ভত গাঁও পঞ্চায়তৰ সচিবৰ দ্বাৰা প্ৰদত্ত আৰু স্থানীয় ৰাজহচক্ৰ বিষয়াৰ দ্বাৰা প্ৰতিস্বাক্ষৰিত প্ৰমাণপত্ৰও সমৰ্থনমূলক নথি হিচাবে গ্ৰাহ্য হ’ব।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিদেশী বা অবৈধ অনুপ্ৰৱেশকাৰী লোকৰ নামমুক্ত হোৱাটো নিশ্চিত কৰিবলৈ শেহতীয়া তথ্য আৰু প্ৰযুক্তি কৌশল অৱলম্বন কৰি এই প্ৰক্ৰিয়াটিক ত্ৰুটিবিহীন কৰা হ’ব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা)বা তাৰ আগেয়ে অসমত বাসস্থান থকাৰ প্ৰণিধানযোগ্য প্ৰামান্য নথি দাখিল কৰাটো অপৰিহাৰ্য্য হ’ব। সকলোবোৰ প্ৰামান্য নথিৰ ছায়াচিত্ৰ যিকোনো সময়ত ৰাজ্যিক, জিলা আৰু চক্ৰ আদি বিভিন্ন পৰ্য্যায়ত উপাযুক্ত, চক্ৰবিষয়াৰ দৰে জ্যেষ্ঠ বিষয়াৰ দ্বাৰা পুনৰ পৰীক্ষণ-নিৰীক্ষণৰ সুবিধাৰ্থে এটা কেন্দ্ৰীয় তথ্য ভৰাঁলত মজুত কৰি ৰখা হ’ব। এই ব্যৱস্থাই ক্ষেত্ৰ পৰ্য্যায়ৰ পৰীক্ষণকাৰী বিষয়া কৰ্মচাৰীৰ কাম-কাজৰ ওপৰত সুদৃঢ় নিয়ন্ত্ৰণ ৰক্ষা কৰাত জ্যেষ্ঠ পৰ্য্যায়ৰ বিষয়াসকলক সহায় কৰিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণৰ উদ্দেশ্যে ব্যৱহৃত অত্যাধুনিক ‘চফট্ওৱেৰে’ পৰিয়ালৰ বংশবৃক্ষ সৃষ্টি কৰিব, যাৰ যোগেদি যোগসূত্ৰ স্থাপনৰ দাবীৰ সন্দৰ্ভত নিশ্চিদ্ৰ নিৰীক্ষণ ব্যৱস্থা কাৰ্য্যকৰী কৰাটো হৈ উঠিব। যোগসূত্ৰ স্থাপনৰ দাবীৰ সন্দৰ্ভত অৱকাশ হ’লে চফট্ওৱেৰে পৰীক্ষণকাৰী দলৰ বাবে স্বয়ংক্ৰিয় সংকেত জাৰি কৰিব।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণৰ বাবে অসমৰ জনগণে জনাই অহা দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি দেশৰ ভিতৰত অসমতেই প্ৰথম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) অদ্যাৱধিকৰণৰ কাম আৰম্ভ কৰা হৈছে। যিহেতু, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনাগত ভৱিষ্যতৰ দিনবোৰৰ বাবে নাগৰিকত্ব প্ৰমাণৰ বিষয়ত এক অৰ্থবহ আৰু গুৰুত্বপূৰ্ণ দলিল হিচাবে গণ্য হ’ব, সেয়েহে অসমৰ সকলো জনগণৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণ কৰা আৰু নিজৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) ত অন্তৰ্ভূক্ত কৰাটো অপৰিহাৰ্য্য দায়িত্ব। আপোনাৰ আন্তৰিক সহযোগিতা হ’লে নাগৰিক পঞ্জী অদ্যাৱধিকৰণৰ এই প্ৰক্ৰিয়া অসমৰ ইতিহাসৰ এক অধ্যায়ৰূপে বাস্তৱায়িত হ’ব।
আপোনাৰ নাগৰিকত্ব অৰ্জনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰসমূহ সোনকালে সংগ্ৰহ কৰক। আহক। আমি ঐক্যবদ্ধভাৱে আমাৰ আৰু আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ হিতাৰ্থে নাগৰিক পঞ্জী অদ্যাৱধিকৰণৰ এই অভিযানক এক চমকপ্ৰদ সাফল্যৰ কীৰ্তিমন্ত কাহিনীলৈ ৰূপান্তৰিত কৰোহ’ক।
বিশদভাৱে জানিবলৈ আৰু সহায়ৰ বাবে অনুগ্ৰহ কৰি তলত উল্লেখ কৰা বিনামূলীয়া (টোল ফ্ৰী) নম্বৰলৈ ফোন কৰিব আৰু আমাৰ ৱেবচাইট চাব পাৰিব।
আমাৰ টোল ফ্ৰী/হেল্পলাইন নম্বৰ ১৫১০৭ (15107)
আমাৰ ৱেবচাইট ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসম
উৎস: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ ৰাজ্যিক সমন্বয়ক, অসমৰ (SCNR) দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন (এনৰেগা)ৰ অধীনস্থ মূল ...
ৰাষ্ট্ৰীয় স্ংহতিত শ্ংকৰদেৱৰ ভক্তি আন্দোলনৰ ভূমিকা
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণ
দুঃসাহসিকতা আৰু স্বদেশপ্ৰেমৰ অন্য এক নাম “ৰাষ্ট্ৰ...