অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থলুৱা ধানৰ বীজ বেংক

থলুৱা ধানৰ বীজ বেংক

ৰঞ্জীত, বাহাদুৰ আদিৰ দৰে উচ্চ উৎপাদনক্ষম ধানৰ খেতি কৰা লখিমপুৰ জিলাৰ চমুৱা গাঁৱৰ কৃষক দীপ কুমাৰ নেওগে উৎপাদন কম হ’লেও সুৱাগমণি, শ’লপোনা, চকোৱা, খৰ্গৰা শালি আদিৰ দৰে স্থানীয় প্ৰজাতিৰ ধানৰ খেতিও কৰে। কিছুদিন পূৰ্বে তেওঁলোকৰ গাঁৱলৈ যাওতে ঘৰতে লগ পাইছিলো লেওগক। নেওগে কৈছিল, ‘মোৰ ওচৰত কেইবাবিধো স্থানীয় প্ৰজাতিৰ ধানৰ সঁচ আছে। উৎপাদন কিছু কম যদিও স্থানীয় প্ৰজাতিৰ ধানৰ সোৱাদ অতি উত্তম। শ’লপোনাৰ দৰে কেইবাবিধ ধানে খৰাং সদৃশ পৰিস্থিতিও সহিব পাৰে’। বৰ্ণ সংকৰ আৰু উচ্চ উৎপাদনক্ষম ধানৰ খেতিয়েই আজিকালি ৰাজ্যৰ প্ৰায়বোৰ কৃষকে কৰে। ৰাজ্যৰ কৃষি বিভাগেও তেনে বীজৰ খেতি কৰিবলৈকে উৎসাহ দিয়ে। ফলত হেৰাই যাবলৈ ধৰিছে থলুৱা ধানৰ সঁচ। অসমৰ বহু গাঁৱত এতিয়া থলুৱা প্ৰজাতিৰ ধান পাবলৈ নোহোৱাৰ দৰে হৈছে। এনে পৰিস্থিতিত ব্যতিক্ৰমৰ পৰিচয় দিছে লখিমপুৰ জিলাৰ এই ক্ষুদ্ৰ গাঁওখনে। গাঁওখনত আৰম্ভ হোৱা নিক্‌ৰা প্ৰকল্পৰ অধীনত গাঁওখনত স্থাপন কৰা হৈছে উচ্চ উৎপাদনক্ষম ধানৰ লগতে থলুৱা ধানৰ বীজ বেংক। কৃষকৰ ওচৰত থকা বিভিন্ন প্ৰজাতিৰ ধানৰ সঁচ প্ৰয়োজন অন্য কোনোবাই ল’ব পাৰে।

কৃষক নেওগে বাম মাটিত উচ্চ উৎপাদনক্ষম ধানৰ প্ৰজাতিৰ খেতি কৰে। আনহাতে, দ মাটিত দীৰ্ঘদিনীয়া থলুৱা প্ৰজাতিৰ ধানৰ খেতি কৰে। নেওগে জনালে-‘আমাৰ গাঁৱৰপৰা সুৱাগমণি ধান নোহোৱাৰ দৰেই হৈছিল। থোক চুটি চুটি হৈছিল। ধাননিৰ মাজে মাজে কোনো বেমাৰ লাগি ধান মৰি গৈছিল। সেয়ে কৃষকে এইবিধ ধান নকৰা হৈছিল যদিও আমি পুনৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। যোৱাবাৰ নেওগে ১ বিঘা মটিত সুৱাগমণি ধানৰ খেতি কৰিছিল। তেওঁ ১ বিঘাত কোমল চাউল, জলপানৰ বাবে প্ৰয়োজন হোৱা চকোৱা, ৬ বিঘাত মধ্যমীয়া উচ্চতাৰ মাটিত মিহি চউলৰ শ’লপোনা ধানৰ খেতি কৰিছিল। নেওগে কয়, ‘থলুৱা প্ৰজাতিৰ ধানৰ সোৱাদৰ অন্য ধানৰ প্ৰজাতিৰ সৈতে তুলনা নহয়। থলুৱা প্ৰজাতিৰ ধানৰ অন্য পৰিৱশ অনুকূল গুণো আছে। গাঁওখনত কেইবাজনো কৃষকৰ  ওচৰত কণ জহা, ক’লা জহা, গোবিন্দ তুলসী জহা, বোকা বৰা, ৰঙা বৰা, জেং বৰা, তিল বৰা, নানিয়া, আমপাখি, শ’লপোনা, চকোৱা, বংশী শালি, আহোম শালি, লক্ষণ শালি, খাগৰা শালি, বৰ জাহিঙা, মুকুতা, চহা চম্পা, সুৱাগমণি, মাণিক, লাইতা শালি আদি স্থানীয় জাতৰ ধানৰ সঁচ আছে। এনে প্ৰজাতিৰ ধান বিঘাই প্ৰতি প্ৰকাৰভেদে ৫ মোনৰপৰা ১২ মোন পৰ্যন্ত উৎপাদন হয়।

হৰেন নেওগে যোৱাবাৰ ২ কঠা মাটিত জেং বৰা ধানৰ খেতি কৰিছিল। জুনৰ শেষত কঠীয়া পৰা জেং বৰা নৱেম্বৰত কাটিব পৰা হয়। পিঠা আৰু ভজা চাউল হিচাপে খাবলৈ জেং বৰাৰ খেতি কৰিছিল লেওগে। এনে প্ৰজাতিৰ ধানৰ সঁচ কিদৰে সংৰক্ষণ কৰে কৃষকসকলে? দুয়োজন কৃষকে জনাইছিল-‘অন্য জাতৰ ধান এটাও নথকাকৈ গৰুৰ পৰিৱৰ্তে ভৰিৰ মৰণা মাৰোঁ। জাৰি-চালি চাফা কৰি এদিন ৰ’দত শুকুৱাও। তাৰ পিছত বাঁহৰ টোম কৰি ধান খেৰেৰে মেৰিয়াই মুখ বান্ধি বতাহ চলাচল কৰা, কিছু ৰ’দঘন ঠাইত থৈ দিওঁ। ভঁৰালত থ’লে পোকে ধৰিব পাৰে। সেয়ে খুঁটা পুতি তাত ভালদৰে ওলোমাই থওঁ’। যোৱাবাৰ দীপ নেওগে ১ বিঘা মাটিত সুৱাগমণি ধানৰ খেতি কৰিব।

উল্লেখ্য যে কৃষি বেংকত থকা ধানবোৰ কৃষকৰ নমেৰে পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জনালে নিক্‌ৰা প্ৰকল্পৰ সহ-সমন্বয়ক তথা বিশ্বনাথ কৃষি মহাবিদ্যলয়ৰ সহযোগী অধ্যাপক ড প্ৰশান্ত নেওগে। ড নেওগৰ মতে, এনেদৰে পঞ্জীয়ন কৰাৰ ফলত থলুৱা ধানৰ স্বত্ব নিৰ্দিষ্ট কৃষকজনৰ নামত সংৰক্ষিত হৈ থাকিব। ড নেওগে জনালে- উৎপাদন কিছু কম হ’লেও থলুৱা প্ৰজাতিৰ ধানৰ ভালেমান পৰিবেশ সহনশীল গুণ আছে। এইখিনিতেই উল্লেখ যে দেশৰ প্ৰসিদ্ধ কৃষি বিজ্ঞানী, পৰিবেশবিদ ড বন্দনা শিৱা নেতৃত্বধীন নবদান্য নামৰ অনুস্থানটোৱে প্ৰায় তিনি কুৰিটা থলুৱা ধানৰ বীজ বেংক দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সহযোগত স্থাপন কৰিছে।

লিখক: অৰুপ শাণ্ডিল্য

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate