অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্ণসংকৰ ধানৰ সফলতাই উৎসাহিত কৰি তুলিছে গোৱালপাৰা জিলাৰ সহস্ৰাধিক কৃষকক

বৰ্ণসংকৰ ধানৰ সফলতাই উৎসাহিত কৰি তুলিছে গোৱালপাৰা জিলাৰ সহস্ৰাধিক কৃষকক

গোৱালপাৰা জিলাত বৰ্ণ সংকৰ ধান খেতিৰ সফলতাই জিলা খনৰ কৃষকক এই খেতিৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছে। অলপতে জিলা খনৰ দলগোমা বডুচৰ গাঁৱৰ চিদলী পথাৰত চিদলী পথাৰ পৰিচালনা সমিতি আৰু সুন্দৰপুৰ পথাৰ পৰিচালনা সামিতিৰ ২৫০ গৰাকী কৃষকে ২০০ হেক্টৰ কৃষি ভূমিত কৰা বৰ্ণসংকৰ ধান খেতিৰ সফলতাই এই বাৰ্তাকেই বহন কৰা বুলি প্ৰকাশ কৰিছে চিদলী পথাৰ পৰিচালনা সমিতিৰ সম্পাদক, প্ৰগতিশীল কৃষক শ্ৰী যোগেশ দাসে। প্ৰতি বিঘাত প্ৰায় ৩২ মোনকৈ বৰ্ণসংকৰ ধান উৎপাদন কৰিবলৈ সক্ষম হোৱা এই গৰাকী কৃষকে পৰৱৰ্তী সময় চোৱাতো বৰ্ণসংকৰ ধান খেতি কৰিবলৈ আগ্ৰহী বুলি মন্তব্য কৰে। ২০১২-১৩ বৰ্ষৰ গোৱালপাৰা জিলাৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰা আদৰ্শ কৃষক শ্ৰী শৰৎ নাথে বৰ্ণসংকৰ ধানৰ খেতিয়ে কৃষকৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাত সহায় কৰা বুলি প্ৰকাশ কৰাৰ লগতে বৰ্ণসংকৰ ধান খেতিক জনপ্ৰিয় কৰি তুলিবলৈ কৃষি বিভাগে লোৱা প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা  কৰিছে। জিলা খনৰ জলেশ্বৰ, লক্ষিমপুৰ, খৰমাজা (বৰডামাল) আৰু মাটিয়া কৃষি চক্ৰৰ কৃষক সকলে নিয়মীয়া ভাৱেবছৰত দুটা বা তিনিটা খেতি কৰি আহিছে। এই অঞ্চল সমূহৰ শস্য নিবিড়তাৰ হাৰ ৩০০ শতাংশ। বছৰটোৰ বাবে যুগুতোৱা তেওঁলোকৰ শস্য ক্ৰমত এইবাৰ জিলা খনৰ কৃষি বিভাগে অন্তৰ্ভূক্ত কৰিছিল বৰ্ণসংকৰ ধানৰ খেতি। এই অঞ্চল সমূহত বৰ্ণসংকৰ ধান খেতিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত জিলা উপায়োক্ত শ্ৰী প্ৰীতম শইকীয়াই লৈছিল গুৰুত্ব পূৰ্ণ পদক্ষেপ। জিলা খনৰ বৰ্ণসংকৰ ধান খেতি কৰা বিভিন্ন পথাৰ পৰিচালনা সমিতি সমূহৰ পথাৰ সমূহ পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে কৃষক সকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক উৎসাহিত কৰি তোলা বুলিও কৃষক সকলে প্ৰকাশ কৰিছে।

গোৱালপাৰা জিলাৰ কৃষি বিষয়া ড° ভূমিধৰ কলিতাই ‘কৃষি দাপোণ’ৰ প্ৰতিবেদকক জনোৱা মতে ২০১২-১৩ বৰ্ষত জিলা খনৰ ২৭,৯০০ হেক্টৰ কৃষি ভূমিত গ্ৰীষ্মকালীন ধানৰ খেতি কৰা হৈছিল আৰু ইয়াৰে ভিতৰত মুঠ ৫০৯৬.৩৩ হেক্টৰ কৃষি ভূমি বৰ্ণসংকৰ ধানৰ খেতিৰে সামৰি লোৱা হৈছিল। বিভিন্ন আচঁনিৰ জৰিয়তে জিলা খনৰ মুঠ ১০৩০০ জন হিতাধিকৰীলৈ বিভাগীয় ভাবে বৰ্ণসংকৰ ধানৰ বীজকে ধৰি ৰাসায়নিক সাৰ আৰু অইন কৃষি সামগ্ৰী যোগান ধৰা হৈছিল বুলিও তেওঁ প্ৰকাশ কৰে।

উৎস: কৃষি দাপোণ।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate