ট্রাইকর্ডামা ভেকুৰৰ পাঁচ বা ছয় গ্রামৰ লগত ১০ মি: লি: পানী মিহলাই তাৰ সৈতে এক কিলো বীজ ভালকৈ মিহলাব লাগে। এই বীজখিনি একঘন্টামান সময় ছাঁত শুকুৱাই লোৱাৰ পাছতহে পথাৰত সিঁচিব লাগে।
'ট্রাইকর্ডামা' ভেকুৰৰ ২০ ৰ পৰা ২৫ গ্রাম একলিটাৰ পানীত ভালকৈ মিহলাব লাগে। এই ভেকুৰ মিশ্রণ পানী পানীখিনিৰ একেকিলো বীজ এঘন্টাৰ বাবে ডুবাই থৈ পুনৰ তাৰ পৰা টুকি লৈ এঘন্টা সময় ছাঁতভালকৈ শুকুৱাই পথাৰত সিঁচিব লাগে। এই ভেঁকুৰ মিশ্রণ পানী খিনিত ওপৰত উল্লেখ কৰাৰ দৰেই পুলি, কাণ্ড বা 'কাটিং' ইত্যাদিও শোধন কৰিব পৰা যায়।
গছৰ গুৰি বা পুলিৰ গুৰিত প্রয়োগ কৰিবলৈ হ'লে 'ট্রাইকর্ডামা' ৰ ২০ ৰ পৰা ২৫ গ্রাম এক লিটাৰ পানীত মিহলাই জিজ্ঞিৰিৰে বা দৰৱ ছটিউৱা যন্ত্রৰে পুলিৰ গুৰিৰ সৈতে চাৰিওফালৰ মাটি ভালকৈ তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 5/16/2020
জৈৱিক কৃষি আৰু কেঁচুসাৰ প্রস্তুত প্রণালী
জৈৱিক আহাৰ স্বাস্থ্যসন্মত নহয় নেকি?
ক্ষুদ্র চাহ উদ্যোগ আৰু জৈৱিক চাহখেতিৰ সম্ভাৱনীয়ত
অসমত জৈৱিক খেতিৰ সম্ভাৱনা