অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক আহাৰ স্বাস্থ্যসন্মত নহয় নেকি?

জৈৱিক আহাৰ স্বাস্থ্যসন্মত নহয় নেকি?

অত্যধিক সাৰ আৰু কীটনাশক দিয়া খাদ্যবস্তুৱে আমাৰ শৰীৰৰ ব্যাপক ক্ষতিসাধন কৰে। কিন্তু বজাৰত পোৱা প্ৰায় সকলোবোৰ শাক-পাচলি বা খাদ্যবস্তুতে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয়। ফলত আমাৰ দেহৰ নানান অসুখ-বিসুখ হ’বলৈ ধৰে। ইয়াৰ বিপৰীতে জৈৱিক আহাৰ অৰ্থাত কোনো ধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক আদি প্ৰয়োগ নকৰাকৈ উপাদন কৰা খাদ্য দ্ৰব্য বা শাক-পাচলি আদি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি এটি ধাৰণা বৰ্তমান জনপ্ৰিয় হৈ উঠিছে। এনেধৰণৰ জৈৱিক খাদ্যবিলাক প্ৰকৃততে স্বাস্থ্যসন্মত হয় নে?

বৰ্তমান জৈৱিক খাদ্যৰ প্ৰতি মনুহৰ আগ্ৰহ বাঢ়িছে। জৈৱিক খদ্যৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই শেহতীয়াকৈ গৱেষকসকলে প্ৰম্পৰাগত ভাৱে ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি উতপদন কৰা খাদ্যবস্তু আৰু জৈৱিক খদ্যবস্তুৰ মাজত বিশেষ প্ৰাৰ্থক্য পোৱা নাই। এই সন্দৰ্ভত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে গৱেষণা চলাইছিল।

উল্লেখ্য যে জৈৱিক গাখীৰ আৰু পৰম্পৰাগতভাৱে উত্পাদিত গাখীৰৰ মাজত প্ৰোটিন আৰু চৰ্বিৰ কোনো প্ৰাৰ্থক্য নাথাকে। একেদৰে জৈৱিক খাদ্যতো ভিটামিন উপাদানৰ পৰিমাণৰ কোনো পাৰ্থক্য নাথাকে। মাথোঁ ফচফৰাচ সামান্য পৰিমাণে বেছি থাকে। ইয়াৰ উপৰি আন এটি উপাকাৰ হৈছে জৈৱিক খাদ্যত কীটনাশক দ্ৰব্য নাথাকে। ‘এনেল্‌ছ অৱ ইটাৰনেল মেডিচিন’ৰ শেহতীয়া জাৰ্ণেলখনত উল্লেখ কৰা হৈছে যে, পৰম্পৰাগত ভাৱে উতপাদিত ফল-মূল আৰু শাক-পাচলিৰ তুলনাত জৈৱিক খাদ্যত ৩০ শতাংশমান কম পেষ্টিচাইড থাকে। একেদৰে উক্ত গৱেষণাত প্ৰমাণিত হ’ল যে জৈওৱিক খাদ্য ১০০ শতাংশই পেষ্টিচাইড মুক্ত নহয়।

ভাৰতত শেহতীয়াকৈ জৈৱিক খাদ্যৰ বজাৰ খন ক্ৰমশ: বৃদ্ধি পাব ধৰিছে। বছৰি ২২ শতাংশকৈ জৈৱিক খাদ্যৰ বজাৰখন বৃদ্ধি পাইছে। ভাৰতে বছৰি ১০০ কোটি টকাৰ জৈৱিক খাদ্য অন দেশলৈ ৰপ্তানি কৰে। উল্লেখ্য যে ভাৰতত বছৰি প্ৰায় ৩.৮৮ নিযুত টন জৈৱিক খাদ্য যেনে বাচমতি চাউল, কফি, চাহ, মচল, তেল আদি উতপাদন কৰে। চৰকাৰী তথ্য অনুসৰি ভাৰতত বৰ্তমান ১.০৮ নিযুত হেক্টৰ মাটিত জৈৱিক খাদ্যবস্তুৰ খেতি কৰা হয়। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে প্ৰমাণ পাইছে যে জৈৱিকভাবে উতপাদিত কুকুৰা আৰু গাহৰিৰ মাংসত বেক্টেৰিয়ৰ স্ংক্ৰমণ কমকৈ হোৱাৰ সম্ভাৱনা থাকে। মেক্স হস্পিতালৰ মুখ্য পুষ্টি পৰামৰ্শদাতা ডা: ৰিতিকা সোমাদ্দাৰে জৈৱিক খাদ্যবস্তুৰ দাম সন্দৰ্ভত মন্তব্য কৰি কৈছে যে জৈৱিক খাদ্যৰ অত্যধিক দামৰ ববেই সাধৰণ মানুহৰ মাজত জনপ্ৰিয় নহয়।

উল্লেখ্য যে পুষ্টিগুণৰ ফালৰ পৰা জৈৱিক খাদ্য অৰু পৰম্পৰাগত ভবে উৎপাদিত খাদ্যৰ মাজত কোনো পাৰ্থক্য নই। কিন্তু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি উৎপাদন কৰা খাদ্যত থকা কীটনাশক দ্ৰব্যি কেন্সাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়ে সাধাৰণভাৱে উৎপাদিত খাদ্যবস্তু খোৱাৰ আগতে ভালকৈ ধুই-পখালি লোৱাৰ পৰামৰ্শ দিছে ডা: সোমদ্দাৰে। জৈৱিক খাদ্যবস্তুক লৈ বৰ্তমনলৈ ২৩৭ টাৰো অধিক গৱেষণা চলোৱা হৈছে। ইয়াৰে ১৭ টা গৱেষণা জৈৱিক আহাৰ খোৱা লোকৰ মাজত আৰু ২২৩ টা গৱেষণা সাধাৰণভাৱে উৎপাদিত খাদ্য খোৱা লোকৰ মাজত চলোৱা হৈছিল। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি উৎপাদন কৰা আৰু জৈৱিক খাদ্যবস্তুৰ মাজত পুষ্টিগুণ, পেষ্টিচইডৰ পৰিমাণ, বেক্টেৰিয়াৰ পৰিমাণ আদি এই গৱেষণাত সূক্ষ্মভাৱে তুলনা কৰা হৈছিল। উল্লেখযোগ্য যে কোনো কোনোৱে জৈৱিক খাদ্য স্বাস্থ্যকৰ বুলি প্ৰচাৰ চলাইছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ডেনা ব্ৰাভাটাই আশ্চৰ্য প্ৰকাশ কৰি কৈছে যে সাধৰণভাৱে উৎপাদিত খাদ্যতকৈ জৈৱিক খাদ্য কোনোগুণে স্বাস্থ্যকৰ নহয়। কিন্তু সোৱাদ আৰু পেষ্টিচাইডৰ বাবে মানুহে জৈৱিক খাদ্য খাবলৈ লৈছে। তেওঁ মন্তব্য কৰিছে, ভাৰতীয় সকলে প্ৰয়োজনীয় ফল-মূল আৰু শাক-পাচলি নাখায়। প্ৰায় ৫১ শতাংশ পুৰুষ আৰু ৪৮ শতাংশ মহিলাই অত্যধিক চৰ্বি থকা আহাৰ গ্ৰহণ কৰে আৰু এইবিলাক কাৰণতে ভাৰতৰ দৰে উন্নয়নশীল দেশবিলাকত স্ংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate