অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক কীট নাশক আৰু কৃষি কাৰ্য্যত ইয়াৰ প্রয়োগ

I) ট্রাইক'দাৰমা জাতীয়

ট্রাইক'দাৰমা জাতীয় জৈৱিক কীট নাশক অথবা বেমাৰৰ বীজাণু নাশক বোৰ যেনে ট্রাইক'দাৰমা ভিৰিদি (Trichoderma viride) ট্রাইক'দাৰমা হাৰজিয়েনাম (Trichoderma harzianum) , ট্রাইক'দাৰমা কণীনজি (Trichoderma koningii) ,ট্রাইক'দাৰমা হামাটাম (Trichoderma hamatum)আদি । এইবোৰ জৈৱিক কীট নাশক বজাৰত ইয়াক বিভিন্ন ব্যৱসায়িক / বাণিজ্যিক নামৰে পোৱা যায় । এইবোৰ শস্যৰ বিভিন্ন বেমাৰ যেনে : শস্যৰ বিভিন্ন অংশ পঁচি যোৱা বেমাৰ, পুলি পঁচা বেমাৰ গছ লেৰেলি যোৱা বেমাৰ, ব্লাইট বেমাৰ , পাতত দাগ পৰা বেমাৰ , পাত /গছত বগা পাউদাৰ জাতীয় বেমাৰ বাবে অতি উপযোগী ।

প্রয়োগৰ বিধি বিধান

(ক) বীজ শোধন :

ঔষধৰ পৰিমাণ : প্রতি কিঃগ্রাম বীজত ৫ গ্রাম ঔষধ নতুবা পেকেটত উল্লেখ কৰাৰ ধৰণে ।

শোধন পদ্ধতি: ১০-২০ মিঃলিঃ পানী অথবা ভাতৰ মাৰৰ লগত ৫ গ্রাম ঔষধ মিহলায় পেষ্ট কৰি লব । এই পেষ্টৰ ওপৰত ১ কিঃ গ্রাম বীজ ভালদৰে মিহলাব যাতে সকলোবোৰ বীজত ঔষধটো লাগে । তাৰ পিচত বীজখিনি ছাঁত ২০ ৰ পৰা ৩০ মিনিটমান শুকাবলৈ দিব লাগে।

(খ) গছৰ আলু অথবা শিপাৰ শোধন:

ঔষধৰ পৰিমাণ :অনুমোদিত পৰিমাণ শোধন পদ্ধতি : ১ লিটাৰ পানীত ১০ গ্রাম ঔষধ মিহলায় তাত গছৰ আলু অথবা শিপাখিনি ৰোৱাৰ আগেয়ে ১৫ মিনিটমান এই মিশ্রণত তিয়াই লব লাগে ।

(গ) গছৰ পুলিৰ শোধন:

ঔষধৰ পৰিমাণ : ১ বিঘা মাটিত ৰোব পৰাকৈ যিমান পুলিৰ প্রয়োজন সিমান পৰিমাণৰ পুলি ৩০০ গ্রাম ঔষধৰ প্রয়োজন হব ।

শোধন পদ্ধতি : প্রতি লিটাৰ পানীত ৫ - ১০ গ্রাম ঔষধ মিহলায় ১৫ মিনিট সময় পুলিবোৰ মিশ্রণত ৰাখিব লাগে আৰু ইয়াৰ পিচত মিশ্রণৰ পৰা ওলিয়াই ১৫ মিনিট সময় ছাঁ ঠাইত পুলিবোৰ শুকাবলৈ দিব লাগে।

(ঘ) পুলিবাৰী শোধন :

ঔষধৰ পৰিমাণ : ৪০০ বৰ্গমিটাৰ পুলিবাৰীৰ বাবে ২৫০ গ্রাম পৰিমাণ ঔষধৰ প্রয়োজন।

শোধন পদ্ধতি : (১) ৫০ লিটাৰ পানীত ২৫০ গ্রাম ঔষধ মিহলায় পুলিবাৰীখনত প্রয়োগ কৰিব লাগে। (২) ২ কিঃ গ্রাম গোবৰ/ পচন সাৰত ২৫০ গ্রাম ঔষধ মিহলায় ৪০০বৰ্গমিটাৰমান পুলিবাৰীত সিঁচি পাতলিয়াকৈ জলসিঞ্চন কৰিব লাগে।

(ঙ) মাটি শোধন :

(১) পোনপতিয়াকৈ সিঁচি দিয়া : ঔষধৰ পৰিমাণ : ৩০০ গ্রাম ঔষধ প্রতি বিঘা মাটিত শোধন পদ্ধতি : ৬ কিঃ গ্রাম পচন সাৰত ৩০০ গ্রাম ঔষধ মিহলায় ১ বিঘা মাটিত সিঁচি পাতলিয়াকৈ জলসিঞ্চন কৰিব লাগে নতুবা মিশ্রণটো তৈয়াৰ কৰি পাত্রটো পলিথিনেৰে মুখখন বন্ধ কৰি ৭ -১৫ দিনমান ৰাখি পথাৰত প্রয়োগ কৰিব লাগে ।

(২) গাঁতত প্রয়োগ পদ্ধতি : ৬ কিঃগ্রাম পচনসাৰত ৩০০ গ্রাম ঔষধ মিহলায় গছত মাটিচপোৱাৰ সময়ত অথবা গছপুলি ৰোৱাৰ ৩০ দিন মানৰ পিচত গাঁতবোৰত প্রয়োগ কৰিব লাগে ।

2) বেচিলাচ থুৰিণজেনচিচ্

 

 

বেচিলাচ থুৰিণজেনচিচ্ ৰদ্বাৰা তৈয়াৰি যিকোনো ঔষধ কৰি হোৱা ডায়মণ্ড বেক পখিলা (Diamond back moth), আৰ্মি ওৰ্ৱম (Army Worm) অথবা খোৰপোক আৰু চেমিলুপাৰ (Semilooper) জাতীয় পোক , বুটমাহৰ মজাখোৱা পোক , বিলাহীৰ ফলৰ মজাখোৱা পোক , বেঙনাৰ গছ আৰু ফলৰ মজাখোৱা পোক ,বাদামতহে আক্রমণ কৰা ৰেড্ হেয়াৰী বিছা (Red hairy catrpillar)আৰু নেমুৰ অনিষ্টকৰা পখিলাৰ বাবে অত্যন্ত উপকাৰী ।

ব্যৱহাৰৰ পদ্ধতি :

ঔষধৰ পৰিমাণ :

(১) পথাৰ শস্যৰবাবে বিঘাই প্রতি ১০০-১৫০ গ্রাম ঔষধ

(২) উদ্যান শস্যৰ বাবে বিঘাই প্রতি ১৫০-২০০ গ্রাম ঔষধ প্রয়োগ পদ্ধতি : ঔষধটো প্রথমে অলপ পানীত মিহলায় এটা মিশ্রণ তৈয়াৰ কৰি লব লাগে । তাৰ পিচত মিশ্রণটো সঠিক পৰিমাণৰ পানীত মিহলায় পথাৰত প্রয়োগ কৰিব লাগে ।

বিঃদ্রঃ :- যদি গছৰ পাতত ঔষধ স্প্রে কৰিব লগা হয় তেতিয়া ঔষধৰ লগত আঠাজাতীয় পদাৰ্থ মিহলায় স্প্রে কৰিলে গছৰ পাতত আঠাৰ লগতে ঔষধো পাতত লাগি ধৰিব আৰু ঔষধৰ গুণো বাঢ়িব ।

3) বুভেৰীয়া বেচিয়ানা

এই বিধ ঔষধ এবিধ কীট - পতঙ্গঁ আক্রমণকাৰী বেকটেৰীয়াৰ পৰা প্রস্তুত । এনেবিধ ঔষধ সাধাৰণতে পখীলাজাতীয় কীট পতঙ্গঁৰ যিবোৰ পলুৰ দ্বাৰা শাক - পাচলি অথবা ফলমূল গছত আক্রমণ কৰে তেনেবোৰ কীট পতঙ্গঁৰ নিয়ন্ত্রণৰ বাবে অতিকৈ উপকাৰী । বুভেৰীয়া বেচিয়ানাৰ বিভিন্ন প্রকাৰৰ ব্যৱহাৰ:

(ক) পাতত অথবা গছৰ ওপৰ ভাগত প্রয়োগ (Foliare spray) ঔষধৰ পৰিমাণ :

বিঘাই প্রতি ৪০০-৫০০ গ্রাম ঔষধ প্রয়োগ পদ্ধতি

প্রতি লিটাৰ পানীত ৫ গ্রাম ঔষধ মিহলায় গছৰ পাতত স্প্রে কৰিব । মাটিত পানীৰ লগত মিহলি কৰি প্রয়োগ (Soil dreuch) ঔষধৰ পৰিমাণ :প্রতি তিনিবিঘা মাটিৰ বাবে ২৫০-৫০০ গ্রাম ঔষধ পানীৰ লগত মিহলায় মাটিত প্রয়োগ কৰিব পাৰে ।

4) নিমৰ পৰা তৈয়াৰী কৰা ঔষধ

নিমৰ গছৰ বিভিন্ন অংশৰ পৰা তৈয়াৰী বিভিন্ন ঔষধ বহুসংখ্যাক কীট - পতঙ্গঁ নিয়ন্ত্রণৰ বাবে বৰ উপকাৰী । ঔষধৰ পৰিমাণ : হেক্টৰে প্রতি ১ লিটাৰ প্রয়োগ পদ্ধতি : প্রতি লিটাৰ পানীত ৩-৫ মিঃলিঃ ঔষধ মিহলায় কীট-পতঙ্গঁই কণী পৰা আৰু কণীৰ পৰা পলুবাচি ওলোৱাৰ ঠিক পিছতেই প্রয়োগ কৰিব । (খ) কীট- পতঙ্গঁৰ সংখ্যা লক্ষ্যকৰি ১৫ দিন মানৰ পিচত আকৈ স্প্রে কৰিব ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate