অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক সাৰৰ প্ৰস্তুত প্ৰণালী

কৃষিৰ আধুনিকীকৰণৰ নামত ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ অত্যাধিক ব্যৱহাৰ, ৰাসায়নিক সাৰ, কীটনাশক দৰব, বনমৰা দৰব আদিৰ বহুল প্ৰয়োগে উৎপাদন বৃদ্ধি কৰাটো সঁচা কথা; কিন্তু পৰিৱেশৰ ওপৰত ইয়াৰ কু-প্ৰভাৱৰ বিষয়েও ভবাৰ সময় আহিছে। ৰাসায়নিক দ্ৰব্যবোৰৰ অত্যাধিক প্ৰয়োগৰ ফলত মাটিৰ গুণাগুণ নষ্ট কৰিছে, মাটিত থকা উপকাৰী জীৱাণু-বীজাণুৰ লগতে উৰি ফুৰা পোক-পৰুৱা, সাপ, বেং আদি নিশ্চিহ্ন হোৱাৰ পথলৈ আগবাঢ়িছে। এনেবোৰ কাৰণতে জৈৱিক কৃষি পদ্ধতিৰ প্ৰয়োজন হৈ পৰিছে। পৌৰাণিক পদ্ধতিৰ কিছু সাল-সলনি ঘটাই ঠাই বিশেষে বিভিন্ন জৈৱিক পদ্ধতি উদ্ভাৱন কৰি কৃষি। জৈৱ পদ্ধতিত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্যৰ স্থান নাই। জৈৱ পদ্ধতিৰে কৰা ফচল সকলো ফালৰ পৰাই প্ৰদূষণমুক্ত, বিশুদ্ধ আৰু মানৱ স্বাস্থ্যৰ বাবে উপকাৰী। জৈৱিক কৃষি পদ্ধতিৰ মূল আধাৰ হ’ল গৰুৰ মল-মূত্ৰ। বৃক্ষ আয়ুৰ্বেদৰ মতে, গোবৰ আৰু মূত্ৰৰ পৰা ভালেকেইবিধ অতি উৎকৃষ্ট জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি। এইবোৰৰ সংক্ষিপ্ত বিৱৰণ তলত দিয়া হ’ল-

শস্য গব্য

শস্য গব্য প্ৰস্তুত কৰিবৰ বাবে ২০০ লিটাৰ পানী ভৰাব পৰা পাত্ৰ এটাত এক তৃতীয়াংশ গোবৰ এক তৃতীয়াংশ কেঁচা ঘাঁহ-বন আদিৰ টুকুৰা আৰু বাকী এক তৃতীয়াংশ পানীৰে বুৰাই প্ৰায় ১০-১৫ দিন ভালদৰে লৰাই থাকিব লাগে। মিশ্ৰণখিনিৰ পচন আৰম্ভ হোৱাৰ পিছত লোহা জাতীয় চালনিৰে শস্য গব্যখিনি চালি ১০ গুণ পানী মিহলাই ধান, সৰিয়হ, গোমধান, শাক-পাচলি আদিত প্ৰয়োগ কৰাৰ লগতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবৰ বাবে মাটিতো প্ৰয়োগ কৰিব পাৰে।

অমৃত পানী

১০ লিটাৰ পানীৰ লগত ১০ কিলোগ্ৰাম গোবৰ আৰু ২৫০ গ্ৰাম গুৰৰ মিশ্ৰণ ১০০ লিটাৰ পানীৰ লগত মিহলাই অমৃত পানী প্ৰস্তুত কৰিব পাৰি। এই মিশ্ৰণখিনি ভালদৰে ঘোদালি পেলালে ২৪ ঘন্টাটো মাটিত প্ৰয়োগৰ উপযোগী হৈ পৰে।

মিট্টিপানী

৫০ কেজি শুকান মাটিৰ গুড়ি ২৫ লিটাৰ গোমূত্ৰৰ লগত মিহলাই ২৪ ঘন্টাৰ ভিতৰত অতি সহজে মিট্টিপানী প্ৰস্তুত কৰিব পাৰি। এইবিধ দ্ৰব্য শুকান জলবায়ুৰ শুকান মাটিৰ বাবে বিশেষ উপযোগী।

জৈৱিক টিকা

জৈৱিক টিকা প্ৰস্তুত কৰিবলৈ প্ৰথমতে এটা পাত্ৰত ১৮০ লিটাৰ পানী ভৰাই তাৰ লগত ২০ লিটাৰ গো-মূত্ৰ মিহলাই দিব লাগে। ৫০ কিলোগ্ৰাম সদ্যপ্ৰাপ্ত গোবৰ এখন বস্তাত ভালকৈ বান্ধি, মজবুত বাঁহ এডালত ওলোমাই পানী-গোমূত্ৰৰ মিশ্ৰণৰ পচন পূৰ্ণ হয়। বস্তাখন পানীৰ পৰা তুলি চেপি ভিতৰৰ ৰসখিনি উলিয়াই দিয়াৰ পিছতেই জৈৱিক টিকাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ পৰে আৰু ব্যৱহাৰৰ উপযোগী হয়। কঠীয়াতলীত যিকোনো সঁচ সিঁচাৰ আগতে জৈৱিক টিকাত ২ ঘন্টা ডুবাই শুকুৱাই ল’ব লাগে। এনে কৰিলে ভেঁকুৰজাতীয় ৰোগ তথা পোক-পৰুৱাৰ আক্ৰমণৰ পৰা বীজসমূহক ৰক্ষা কৰিব পাৰি।

হৰিৎ পানী

হৰিৎ পানী প্ৰস্তুত কৰিবলৈ ৫০ কিলোগ্ৰাম কেঁচা ঘাঁহ-বন কাটি-কুটি এটা ডাঙৰ পাত্ৰত ভৰাই ৫০০ গ্ৰাম গুৰ, ৫০০ গ্ৰাম তেঁতেলি আৰু ২৫০ গ্ৰাম নিমখ ঘাঁহখিনিৰ লগত মিহলাই ১০০ লিটাৰ পানীত ডুবাই ৰাখিব লাগে। ১৫-২০ দিনৰ পিছত ভালকৈ গেলিব ধৰা এই মিশ্ৰণখিনিক ভালকৈ চেকি শস্য বা মাটিত প্ৰয়োগ কৰি সু-ফল লাভ কৰিব পৰা যায়।

কুনাপাজল

এইবিধ জৈৱিক সাৰ প্ৰস্তুত কৰিবলৈ ২০০ লিটাৰৰ পাত্ৰত ১০০ কিলোগ্ৰাম মাছ-মাংসৰ পেলনীয়া অংশ ভৰাই লৈ উতলাব লাগে। বস্তুখিনি কোমল হোৱাৰ পিছত তাক বেলেগ এটা পাত্ৰলৈ স্থানান্তৰিত কৰি লগত সম পৰিমাণৰ খলিহৈ মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰিব লাগে। এই মিশ্ৰণখিনি এটা পাত্ৰত ওপৰফালে ২-৩ খালী ৰাখি পানীত ডুবাই ৰাখিব লাগে। পাত্ৰটোৰ ঢাকনিখন ভালদৰে ৰচিৰে বন্ধ কৰি মাটিৰ গাঁত খান্দি তাত শুকান ঘাঁহ-বন শুকান পাত আদি ৰাখি পাত্ৰটো ভালদৰে পুতি ৰাখিব লাগে। মিশ্ৰণখিনি সম্পূৰ্ণকৈ গেলি উঠিবলৈ ৪০-৬০ দিনৰ দৰকাৰ। অৱশ্যে গ্ৰীষ্মকালি কম সময়তো গেলি উঠিব পাৰে। এই সাৰ বৰ শক্তিশালী আৰু ডাঠ সাৰ। সেয়ে প্ৰয়োগৰ আগতে এক লিটাৰ মিশ্ৰণ ১০০ লিটাৰ পানীত মিহলাই লোৱা দৰকাৰ।

গোবানা

সদ্যনিৰ্গত গোবৰ আৰু গো-মূত্ৰ শুদ্ধ হাতেৰে ভাল ধৰণেৰে মিহলাই গোবানা প্ৰস্তুত কৰা হয়। এই গোবানা উঁই পোক আৰু ভেঁকুৰজাতীয় বেমাৰ নিৰাময়ৰ বাবে উৎকৃষ্ট ঔষধ।

ভষ্মপানী

ভষ্মপানী প্ৰস্তুত কৰিবৰ বাবে গো-মূত্ৰ আৰু ছাইৰ দৰকাৰ। ১০ লিটাৰ পানীত ৫০ কিলোগ্ৰাম ছাই মিহলাই এই সাৰ প্ৰস্তুত কৰিব পাৰি। মিহলোৱাৰ ২৪ ঘন্টাৰ পিছৰপৰাই এই সাৰ প্ৰয়োগৰ বাবে সাঁজু হৈ উঠে। এক একৰ মাটিৰ বাবে ৬০ লিটাৰ মূত্ৰত মিহলোৱা ৩০০ কিলোগ্ৰাম ভষ্মই যথেষ্ট।

খীৰপানী

এইবিধ সাৰ প্ৰস্তুত কৰিবলৈ প্ৰথমে ২ কিলোগ্ৰাম আটা, ২ কিলোগ্ৰাম মাটি দাইলৰ গুড়ি, ২ কিলোগ্ৰাম খলিহৈ, ২ কিলোগ্ৰাম খলিহৈ, ২ কিলোগ্ৰাম গুৰ, ১০ কিলোগ্ৰাম গোবৰ আৰু ১০ লিটাৰ মূত্ৰৰ এটা পাত্ৰত প্ৰথমে মিলাই তাত ২০০ লিটাৰ পানী ঢালি ১৫-২০ দিন ৰাখিলে খীৰপানীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠে। এইবিধ মিশ্ৰণ শক্তিশালী হোৱা হেতুকে প্ৰতি লিটাৰত ১০ লিটাৰ পানী মিহলাই মাটি বা শস্যত প্ৰয়োগ কৰিব লাগে।

পঞ্চগব্য

পঞ্চগব্য প্ৰস্তুত কৰোতে প্ৰথমে সদ্য নিৰ্গত দেশী গৰুৰ গোবৰ ৫ কিলোগ্ৰাম, দেশী গৰুৰ মূত্ৰ ৩ লিটাৰ, গৰু গাখীৰ ২ লিটাৰ, গৰু গাখীৰৰ দৈ ২ লিটাৰ, গৰু ঘিউ ১ কিলোগ্ৰাম, কুঁহিয়াৰৰ ৰস ৩ লিটাৰ, নাৰিকলৰ পানী ৩ লিটাৰ আৰু কল ১২ টা এটা পাত্ৰত ঘিউৰ বাহিৰে বাকীখিনি সামগ্ৰী ভালদৰে মিহলাই পাত্ৰটোৰ মুখখনত মাখি পৰিব নোৱাৰাকৈ ঢাকি ৰাখিব লাগে। প্ৰতিদিনে দুবাৰকৈ মিশ্ৰণখিনি লৰাব লাগে। এসপ্তাহমানৰ পিছত মিশ্ৰণখিনি গলি প্ৰায় গোট মাৰিলে বেলেগ পাত্ৰলৈ স্থানান্তৰ কৰি তাত ঘিউখিনি মিহলাই পুনৰ প্ৰতিদিনে দুবাৰকৈ লৰাই থাকিলে ১৮ দিনৰ ভিতৰত এই পঞ্চগব্য প্ৰস্তুত হয়। ছটিওৱাৰ বাবে এই মিশ্ৰণ ডাঠ হ’লে তাৰ লগত পানী মিহলাই পনীয়া কৰি ল’ব লাগে। (উদাহৰণ ১০০ লিটাৰ পানীত ৩ লিটাৰ পঞ্চগব্য) এনে মিশ্ৰণ জলসিঞ্চনৰ পানীতো মিহলাই প্ৰতি একৰৰ বাবে ২০ লিটাৰ প্ৰয়োগ কৰি সুফল পাব পাৰে। সঁচ ভৰাঁলত থোৱাৰ পূৰ্বে এনে মিশ্ৰণত ডুবাই ২০ মিনিট ৰাখি শুকাই ল’লে ভৰাঁলত উদ্ভৱ হোৱা পোক-পৰুৱাৰ পৰা ৰক্ষা পাব পাৰি।

লিখক: প্ৰসন্ন কুমাৰ ফুকন, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate