অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকলৰ বৰফি

নাৰিকলৰ বৰফি

উপকৰণ

১) ৰোকা নাৰিকল একাপ

২) চেনি দুকাপ,

৩) কনডেন্সড মিল্ক ৫০ গ্ৰাম,

৪) গাখীৰ একাপ,

৫) চুজি আধা কাপ,

৬) ইলাচিগুড়ি এচামুচ,

৭) কাজু,

৮) কিচমিচ

৯) ঘিউ ৫০ গ্ৰাম,

১০) পেস্তা সজাবৰ বাবে।

প্ৰণালী

প্ৰথমে ঘিউত চুজিখিনি অলপ ভাজি ল’ব, চেনি আৰু নাৰিকল ৰোকাখিনি একেলগে মিলাই লৈ ভজা চুজিখিনিৰ লগত মিলাব। এতিয়া লাহে লাহে কম জুইত ভাজি থাকি ৰঙা হোৱালৈকে ভাজিব, ভালদৰে ভজা হ’লে কনডেন্সড মিল্ক, গাখীৰ আৰু কাজু কিচমিচখিনিও চুজি আৰু নাৰিকল ভজাখিনিৰ লগত মিলাব। ভালদৰে লৰাই থাকি শুকাই আহিলে তাত ইলাচিৰ গুড়ি দি দিব। এতিয়া এখন কাহীত ঘিউ সানি লৈ পেনৰ পৰা মিশ্ৰণখিনি ঢালি ভালদৰে মেলি ল’ব। এতিয়া বৰফৰ আকাৰত কাটি ওপৰত পেস্তা সজাই দিয়ক।

লেখিকা: মীনা বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate